ৰাজনৈতিক
ৰাজনৈতিক ব্যবস্থা এখন ৰাষ্ট্ৰ বা সমাজৰ শাসন কাৰ্যৰ মেৰুদণ্ডী স্বৰূপ। ৰাজনৈতিক মানে সাধাৰণ অৰ্থত এখন ৰাষ্ট্ৰৰ , চৰকাৰ আৰু এখন সমাজৰ ৰাজনীতিৰ লগত জড়িত সম্পর্কৰ কথা জানিব পাৰি। ৰাজনৈতিক শব্দটো কেৱল ৰাজহুৱা জীৱনৰ সৈতে জড়িত বিষয়তহে ব্যৱহাৰ কৰা হয়। এই শব্দটো ব্যক্তিগত লোকৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। এজন লোকে ক্ষেত্ৰত জড়িত হ'বলৈ সামাজিকভাৱে বহু সক্রিয় হৈ থাকিব লাগিব। ৰাজনৈতিক এখন ৰাষ্ট্ৰৰ শাসন ব্যবস্থা তেতিয়াহে সৱল হয়, যেতিয়া ৰাষ্ট্ৰখন ৰাজনৈতিক দিশত অধিক সক্রিয় হৈ থাকে । সমাজ বিজ্ঞান বিভাগৰ ৰাজনীতি বিজ্ঞান বিভাগত ৰাজনৈতিক বিষয়ত অধিক বহল বা গভীৰভাৱে অধ্যয়ন কৰি গৱেষণা কৰা হয়। কোনো এখন দেশৰ শাসন কাৰ্য্য ৰাজনৈতিক নীতিৰ অবিহনে আধৰুৱা হয়। পুৰণি যুগৰপৰা অৰ্থাৎ ৰজা- মহাৰজাসকলৰ দিনৰ পৰাই এখন দেশ বা এখন ৰাজ্যক ৰাজনৈতিক কাম-কাজৰ দ্বাৰাই সুচাৰুৰূপে চলাই অনা হৈছিল। আজিৰ দিনতো তেনেদৰেই ৰাজনৈতিক কাম-কাজবোৰ আগত ৰাখি দেশ এখনৰ শাসন কায্য চলোৱা হয়।
ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰজা আৰু শাসনকর্তাই একলগ হৈ ৰাজনীতি কাৰ্য-কলাপ বিশ্লেষণ কৰে। এটা ৰাজনৈতিক ব্যবস্থা ভালদৰে চম্ভালিবলৈ কিছুমান ৰাজনীতি লগত জড়িত থকা লোকৰ প্ৰয়োজন হয়। এইসকল লোকে একলগ হৈ দল গঠন কৰি ৰাজনৈতিক ব্যবস্থাবোৰ সুকলমে নিয়ন্ত্রণ কৰে। এই দলবিলাকক ৰাজনৈতিক দল বুলি কোৱা হয়। এখন দেশ বা সমাজৰ শাসন ব্যবস্থা এই ৰাজনৈতিক দল নিৰ্ভৰ হৈ থাকে। এখন দেশৰ ৰাজনৈতিক ব্যবস্থাৰ অন্যতম এটা গুৰুত্বপূর্ণ কথা হ'ল দেশখনৰ অধীনত থকা ৰাজ্যবোৰৰ ৰাজনৈতিক ব্যবস্থাৰ পৰিস্থিতি। ৰাষ্ট্ৰখনৰ ৰাজনৈতিক ব্যবস্থা তেতিয়াহে সুস্থ হ'ব যেতিয়া তাৰ অধীনৰ ৰাজ্যবোৰৰ ৰাজনৈতিক ব্যবস্থা সুস্থ হ'ব। ৰাজনৈতিক ব্যবস্থাবোৰৰ ওপৰতে এখন দেশৰ অৰ্থনৈতিক, সামাজিক, আন্তর্জাতিক সম্পর্কবোৰৰ বিষয়বোৰ নিৰ্ভৰ হৈ থাকে।
আজিৰ দিনত ৰাজনৈতিক ব্যবস্থাবোৰত বহুতো অনিয়ম বা দুর্নীতি দেখা পোৱা যায়। যাৰ ফলত এখন দেশৰ শাসন কাৰ্যত বহু প্ৰভাৱ পৰে। ৰাজনৈতিক দিশত এই দুর্নীতিৰ ব্যৱধানবোৰ দূৰ কৰিবলৈ ৰাজনৈতিক দলবিলাকে অধিক গুৰুত্ব দিয়া উচিত।








No comments:
Post a Comment