সামাজিক ক্ষেত্ৰত ক্ৰীড়াৰ ভূমিকা || The role of sport in the social sphere

          আজিৰ এই আধুনিকতাৰ  যুগত মানৱ সমাজে ক্ৰীড়াক  স্বাস্থ্য ৰক্ষাৰ উপাদান হিচাপে ব্যৱহাৰ কৰে  । খেল-ধেমালিক মানুহে নিজৰ শৰীৰ  সুৰক্ষিত কৰি ৰখাৰ মাধ্যম হিচাপে আকোঁৱালি লৈছে ।  নিজৰ শাৰিৰিক গঠন ও সৌন্দৰ্য্যতা অব্যাহত ৰাখিবলৈ আৰু  শৰীৰ চৰ্চাক নিজৰ পেচা হিচাপেও ব্যৱহাৰ কৰিবলৈ খেল-ধেমালিৰ বিশেষ অভ্যাস আৰম্ভ কৰিবলৈ ধৰিছে । আনহাতে সমাজৰ কিছু লোকে  নিজৰ অথবা নিজ সন্তানৰ সোণালী ভৱিষ্যত গঢ়ি নিজকে দেশৰ খ্যাতনামা তাৰকাৰ শাৰীত থিয় দিয়াৰ স্বাৰ্থৰে ক্ৰীড়াক ব্যৱহাৰ কৰিছে । " পেটটো অলপ কমক বুলি আজিকালি পুৱা গধূলি বেডমিণ্টনকে খেলিবলৈ লৈছো " বৰ্তমান সময়ত এনেধৰণৰ মন্তব্য আমি সঘনেই বহু লোকৰ মুখেৰে শুনিবলৈ পাওঁ । আজিৰ দিনত কিছুমান অহংকাৰী অভিভাৱকৰো সাধাৰণতে  সমাজত নিজৰ স্থান উচ্চ স্তৰত ৰখাৰ উদ্দেশ্যৰে ডাঙি ধৰা এটি  মতামত - " মোৰ ল'ৰাটোক টেনিছ  আৰু  ফুটবলৰ প্ৰশিক্ষণত নাম লগাই দিছো " ।  এনেধৰণৰ মানসিকতাই মাথো  দুখীয়া শ্ৰেণীৰ মানুহৰ অন্তৰত নিজ সন্তানক এই সুবিধাসমূহ দিবলৈ ব্যৰ্থ হোৱাৰ কষ্ট বাৰে বাৰে অনুভৱ কৰায় ।  ইয়াৰ ফলত ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাহিৰে আন কোনো ধৰণৰ সামাজিক বিকাশ সাধন নহয় । বাস্কেটবল খেলা , টেবুল টেনিছ খেলা , শৰীৰ চৰ্চাৰ প্ৰশিক্ষণ কেন্দ্ৰলৈ যোৱা , নিজ সন্তানক খেল প্ৰশিক্ষণ শিবিৰত নাম লগাই দিয়া ইত্যাদি ধৰণৰ চিন্তাবোৰে ক্ৰীড়াক মনোৰঞ্জনৰ আৰ্হিৰ পৰিৱৰ্তে স্বাৰ্থ পূৰণৰ সজুঁলি হিচাপে প্ৰমাণিত কৰিছে ।  
      এটা সময় আছিল , যেতিয়া গাঁৱে-ভূঞে ল'ৰাজাঁকে খৰালি আৰম্ভ হোৱাৰ লগে লগে হাতত কাঁচি , দা ইত্যাদি লৈ পুৱা ৫ বজাতে শুই উঠি  পথাৰ চাফা কৰা অভিযানত নামি পৰে । খেলপথাৰ পৰিষ্কাৰ হৈ উঠাৰ পিছদিনাৰ পৰাই আকৌ ল'ৰাহঁতে  পুনৰ একেলগে মিলিজুলি খুব হাঁহি স্ফুৰ্টিৰে ক্ৰিকেটৰ পিট্‌চ কাটিবলৈ আৰম্ভ কৰে আৰু তাৰ পিছতেই সিহঁতবোৰৰ নিতৌ ক্ৰিকেট খেলা আৰম্ভ হয় । আজিৰ যুগত বেলেগ চাফা কৰি দিয়া ফিল্ডত , বেলেগ কাটি দিয়া পিট্‌চত সমাজৰ চহকী অভিভাৱকসকলৰ সন্তানে ক্ৰিকেট প্ৰশিক্ষণ শিবিৰত গৈ ক্ৰিকেট খেলৰ অভ্যাস কৰে । যাৰ ফলত আজিৰ ল'ৰা ছোৱালীৰ মনত লগে ভাগে কাম কৰাৰ মানসিকতা নোহোৱা হ'ব ধৰিছে । 
           খেল-ধেমালি অথৱা ক্ৰীড়াৰ উদ্দেশ্যই হৈছে শিশুসকলৰ মন আৰু মগজু উভয়কে প্ৰফুল্লিত তথা শক্তিশালী কৰি  লগে ভাগে কাম কৰাৰ প্ৰেৰণা আৰু মনোৰঞ্জনৰ সুবাস দি তেওঁলোকক এটি সুস্থ , সবল ,  সোণালী শৈশৱ উপহাৰ দিয়া । প্ৰত্যেকবিধ খেলৰ প্ৰতিটো নিয়মৰে  একো একোটা নিজস্ব গুণ আছে যিয়ে খেলুৱৈ সকলৰ অন্তৰত চিৰদিনলৈ সাঁচ বহুৱাই থৈ যায় । ছজন-ছজন ভাগ হৈ খেলি থকা এখন ফুটবল খেলৰ মাজত  হঠাৎ আহি উপস্থিত হোৱা দুগৰাকী খেলুৱৈৰ দুয়োকে এটা এটা দলত আধাতে সুমুৱাই খেলি থাকিব পাৰি । এনেদৰে ২২ জন নোহোৱালৈকে চলাই থাকিব পাৰি । এনেধৰণৰ নিয়মসমূহে খেলুৱৈসকল  বহল অন্তৰৰ গৰাকী হোৱাৰ প্ৰমাণ দিয়ে । সেই বাবেই ক্ৰিকেট আৰু ফুটবলক বহল অন্তৰৰ খেল হিচাপে আখ্যা দিয়া হয় ।  
           ইয়াৰোপৰি এখন ক্ৰিকেট খেলত বল দিয়া খেলুৱৈজন যদি বেট ধৰাত অলপ দুৰ্বল হয় ,  তেন্তে মূহুৰ্ত্ততে দলপতিয়ে সিদ্ধান্ত গ্ৰহণ কৰি তেওঁৰ ঠাইত আন এগৰাকী খেলুৱৈক বেট ধৰিবলৈ নিযুক্তি দিয়া আৰু যদি খেল চলি থকাৰ মাজতেই কোনো খেলুৱৈ আঘাটপ্ৰাপ্ত হয় , সেই খেলুৱৈজনৰ ঠাইতো আন  এজন খেলুৱৈক নিযুক্তি দিয়া হয় । এনেধৰণৰ নিয়মসমূহে প্ৰত্যেকজন খেলুৱৈক  সমূহীয়াভাৱে সকলোৰে হকে সিদ্ধান্ত গ্ৰহণ কৰিব পৰা ক্ষমতা প্ৰদান কৰে । লগতে খেলখনত যে' প্ৰত্যেকজন খেলূৱৈৰে নিৰ্দ্দিষ্ট গুৰুতপূৰ্ণ ভূমিকা আছে  তাক প্ৰমাণ কৰে । 
           দলীয়া খেলসমূহত সাধাৰণতে দুয়োটা দলৰ মাজত খকা-খুন্দা লাগি থাকে । দলৰ কোনো এজন খেলুৱৈৰ সৈতে বিপক্ষ দলৰ কোনোৱা এজনৰ সৈতে নিয়ম উলঙ্ঘাৰ দাবীত অথবা মতামত নিমিলিলে তৰ্কৰ সৃষ্টি হোৱা সঘনেই দেখা যায় । পিছে খেল শেষ হোৱাৰ লগে লগেই দুয়োটা দলৰে খেলুৱৈসকলৰ ইজনে আনজনৰ সৈতে আলিঙ্গন কৰি বাৰ্তালাপ কৰাৰ নিয়ম আছে । এই নিয়মৰ জড়িয়তে হাজাৰ সংঘৰ্ষ পাছতো  খেলুৱৈসকলৰ মনত মিলাপ্ৰীতি , একতা আৰু ভাতৃত্ববোধৰ মনোভাৱ জীয়াই থাকে । আৰু ভৱিষ্যতে এনেধৰণৰ মনোভাৱবোৰে সামাজিক ক্ষেতত এজন দুজন মত লোৱাতকৈ সামূহিক মতামত গ্ৰহণৰ মানসিকতা দিয়ে । দলপতিজনৰ দ্বাৰা এঘাৰজনীয়া এটা দল পৰিচালনা কৰাৰ অভিজ্ঞতাই পিছলৈ এখন বৃহৎ সমাজক একত্ৰিত কৰি সুচাৰুৰূপে সমাজখন পৰিচালনা কৰাৰ শক্তি দিয়ে ।  আনহাতে মতামতৰ ভিন্নতা থাকিলেও মনৰ মিলাপ্ৰীতিৰে সমাজখনত বসবাস কৰাৰ মানসিকতাও খেল-ধেমালিয়েই যুগুত কৰে । 
            সামাজিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়োৱা  এনেধৰণৰ মানসিকতাসমূহ পিছে বেডমিণ্টন , টেবুলটেনিছৰ দৰে খেলসমূহ বা শৰীৰ চৰ্চাৰ অভ্যাসে অনুসৰণ নকৰায় ।  এই খেলসমূহেও মাথো   বিশেষকৈ নিজস্ব উৎকৰ্ষ সাধনৰ  মনোভাৱ বৃদ্ধি কৰে  ।  সামাজিক দৃষ্টিভংগী গঠনত এনেধৰণৰ খেলসমূহে কোনোধৰণৰ প্ৰভাৱ নেপেলায় । সামূহিক ক্ৰীড়াই সামাজিক ভেটি গঠনত সহায় কৰে ।  ক্ৰিকেট , ফুটবলৰ  দৰে দলীয় খেলসমূহে সামাজিক দৃষ্টভংগী গঠন কৰাত সহায় কৰে । ইউৰোপৰ দেশসমূহত ফুটবল খেল অতি জনপ্ৰিয়  । সেয়েহে সেই দেশসমূহ উন্নত দেশৰ শাৰীত পৰে । প্ৰত্যেক বছৰে অলিম্পিকৰ পদক তালিকাত উন্নত আৰু  শক্তিশালী ৰাষ্ট্ৰসমূহেই শীৰ্ষত থাকে । 
            মূলত: এখন সুস্থ সবল সমাজ গঢ়ি তুলিবলৈ , সমাজত বাস কৰা প্ৰতিজন নাগৰিকক সমাজখনৰ প্ৰতি সক্ৰিয় ও দায়িত্বশীল সদস্য হিচাপে গঢ়ি তুলিবলৈ , সমাজত সকলোৰে মাজত মিলাপ্ৰীতি , একতা আৰু ভাতৃত্ববোধ বিতৰণ কৰিবলৈ , শ্ৰেণী বিভাজনৰ মনোভাৱ দূৰ কৰিবলৈ খেল-ধেমালি অথবা ক্ৰীড়াৰ উপস্থিতিৰ প্ৰয়োজন হয় । শিশুসকলক কোনো বাধ্য বাধকতা নোহোৱাকৈ বিনা দ্বিধাৰে নিজৰ ইচ্ছা অনুযায়ী খেল-ধেমালিত অংশ গ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰিব লাগে । তেতিয়াহে শিশুৰ শাৰিৰিক , মানসিক আৰু সামাজিক বিকাশৰ লগতে তেওঁলোকৰ মনত প্ৰতিদ্বন্দিতামূলক চিন্তাই স্থান পাব । 

         In today's modern era, human society uses sports as a component of health maintenance. People have embraced sports as a means of protecting their bodies. They are starting to practice sports to maintain their physical appearance and beauty and to use physical education as their profession. Some people in the society are using sports to build a golden future for themselves or their children and make themselves among the famous stars of the country. " I'm playing badminton in the mornings and evenings these days to lose a little stomach " We often hear such comments from many people nowadays. Today, some arrogant parents usually express an opinion to keep their position in society - "I have enrolled my son in tennis and football training" Such a mentality only makes the poor feel the pain of failing to provide these facilities to their children again and again. This does not lead to any social development other than the satisfaction of personal interests. Thoughts like playing basketball, playing table tennis, going to a gym, enrolling your children in sports training camps, etc. have proved sports to be a tool for self-interest rather than a form of entertainment.
       There was a time , when the boys in the villages got up at 5 am with scissors , knives etc. in their hands as soon as the dry season started and went on a field cleaning campaign. The next day after the ground was cleaned, the boys started cutting the cricket pitch together again with great joy and then they started playing cricket every day. In today's age, the children of wealthy parents in the society go to cricket training camps and practice playing cricket on different cleaned fields and different cut pitches. Therefore, the mentality of working together is being lost in the minds of today's children.
            The purpose of play or sports is to cheer and strengthen both the minds and brains of children, inspire them to work together and give them a healthy, strong, golden childhood. Every rule of every game has its own qualities that leave a lasting impression on the players. In the middle of a football match played in six groups, two players who suddenly arrive can be put in half of each team. This can be continued until there are 22 people. Such rules prove that the players are broad-minded. That is why cricket and football are called broad-minded sports.
            In addition, if the player who bowled the ball in a cricket match is slightly weak in batting, the captain immediately decides to replace him with another player and if a player is injured during the match, another player is replaced. Such rules give each player the ability to make decisions collectively for everyone. It also proves that every player has a certain important role in the game.
            Team games are usually a fight between the two teams. It is common for a player to argue with someone from the opposing team over a rule violation or disagree. However, as soon as the game is over, the players of both teams have to hug and talk to each other. These rules keep the spirit of harmony , unity and brotherhood alive in the minds of the players despite thousands of conflicts. And in the future, such attitudes will give a mentality of collective opinion rather than individual opinion in social spheres. The experience of the team leader in managing a team of eleven later gave him the strength to unite a large community and manage the community smoothly. Therefore, it is important to understand the importance of sports in the society. Therefore, it is important to understand the importance of sports in the society.
             Such mentality, which plays an important role in social development, is not followed by sports such as badminton, table tennis or physical education. These games also only enhance the spirit of self-improvement. Such games have no impact on the formation of social attitudes. Community sports help build social foundations. Team sports like cricket and football help to shape social attitudes. Football is very popular in European countries. Therefore, those countries fall into the ranks of developed countries. Every year, the best and strongest countries top the Olympic medal table.
             The presence of sports is necessary to build a healthy and strong society, to make every citizen living in the society an active and responsible member of the society, to distribute harmony, unity and brotherhood among all in the society. Children should be given the opportunity to participate in sports of their choice without any obligation. Therefore, it is important to take into consideration the physical , mental and social development of children as well as competitive thoughts in their minds.

No comments:

Post a Comment