আপুনি বাৰু জানেনে এই বিনন্দীয়া পৃথিৱীখনত থকা পতংগবোৰৰ ভিতৰত সম্ভৱত আটাইতকৈ বেছি ধুনীয়া আপোনাৰ বাগিচাখনত ঘুৰি ফুৰা পখিলাবোৰেই। সিহঁতৰ মনোমোহা সৌন্দৰ্যৰ ওপৰত নিৰ্ভৰ কৰি সিহঁতৰ চাৰিত্ৰিক গুণো সুকীয়া। সিহঁতৰ সৌন্দৰ্য আৰু চাৰিত্ৰিক গুণৰ ওপৰত নিৰ্ভৰ কৰি বিশ্বৰ বিভিন্ন জনগোষ্ঠীৰ মাজত বেলেগ বেলেগ প্ৰবচন বা লোকবিশ্ৱাস আছে। আমাৰ অসমীয়া সমাজতো এক বিশেষ ধৰণৰ লোকবিশ্ৱাস আছে যে যিজনী ছোৱালীৰ গাত পখিলা পৰে সেই ছোৱালীজনীৰ অতি সোনকালে বিয়া ওলায় বা তাইৰ ওচৰলে দৰা আহে। কথাটো বাৰু সঁচা হয়নে?
পখিলাজনীয়ে বাৰু কেনেকৈ গম পালে যে সেই ছোৱালীজনীৰ ওচৰলৈ দৰা আহিবৰ সময় হৈছে, গতিকে দৰা অহাৰ আগতেই পখিলাজনীয়ে তাইক চুমি চাব খুজিছে।
মুঠৰ ওপৰত পখিলা আমাৰ দেহৰ ওপৰত কিয় পৰে? কি ৰহস্য আছে তাত? এই কথাখিনি এই প্ৰবন্ধত আপোনালোকে জানিবলৈ পাব-
আমাৰ গাত পখিলা পৰে কিয়?
বিজ্ঞানৰ মতে আমাৰ গাত পখিলা পাৰিলে কি হয়?
হাতত পখিলা কিয় বহে?
পখিলা আমাৰ গাত কিয় পৰে সেই বিষয়ে বিশেষভাৱে কোৱাৰ আগতে এটা কথা মই আপোনালোকক নিশ্চিতভাৱে কম যে কোনোবা এজনী সদ্য যৌৱনপ্ৰাপ্ত ছোৱালীৰ গাত যদি পখিলা পৰে তেনে তাইৰ ওচৰলৈ অতি সোনকালে দৰা অহাৰো সম্ভাৱনা থাকে। তাৰ অৰ্থটো হ'ল যে আমাৰ অসমীয়া সমাজত প্ৰচলিত প্ৰবচনক আমি উলাই কৰাও উচিত নহয়।
আপুনি হয়তো আৰু এটা কথা মন কৰিছে - পুৰুষ হওক বা মহিলা হওক, বিয়া পতা হওক বা বিয়া নপতা হওক কিছুমান লোকৰ গাত পখিলা বেছিকৈ পৰা দেখা যায়। কিন্তু সদ্য যৌৱনপ্ৰাপ্ত যুৱক বা যুৱতীৰ ওচৰলৈ পখিলা বেছিকৈ অহাটো স্বাভাৱিক। কিন্তু কিয়? পখিলা বিয়াৰ বাতৰি দিবলৈ আহে নে তাৰ কিবা আন কাৰণ আছে?
আমি সকলোৱে জানো যে, পখিলাই ফুলৰ মৌ খাই জীয়াই থাকে। বৈজ্ঞানিক গৱেষণাৰ পৰা জনা যায় যে সেই ফুলৰ মৌত আচলতে পখিলাৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ উপাদানবিলাক থাকে। কিন্তু সেই ফুলৰ মৌত লবন পোৱা নাযায়। যাক অসমীয়াত 'নিমখ' আৰু ইংৰাজীত SALT বুলি কোৱা হয়। কিন্তু পখিলাই ভালকৈ উৰিবলৈ হলে সিহঁতৰ nerve system বা স্নায়ুতন্ত্ৰ ভালকৈ সক্ষম হব লাগিব। আৰু স্নায়ুতন্ত্ৰ সবল হৈ থাকিবৰ বাবে সিহঁতক দৈনিক কিছু পৰিমাণে লবন আৰু উত্তাপৰ প্ৰয়োজন হয়। সেয়েহে পখিলাই বোকা, পানী, মাটি, জন্তুৰ বিষ্ঠা বা আমাৰ শৰীৰৰ পৰা সেই লবন আহৰন কৰিব বিচাৰে। তাৰ মানে পখিলাই আমাৰ দেহৰ পৰা 'নিমখ' বা লবন বিচাৰি আহে। পখিলাৰ সেই আচৰণক কোৱা হয় mud puddle. সেই প্ৰয়োজনীয় লবন আহৰণ কৰিব পাৰে আমাৰ দেহৰ ঘামৰ পৰা। আমাৰ ঘামত সাধাৰণতে ছডিয়াম, প্ৰটিন, ইউৰিয়া, এমোনিয়া ইত্যাদি থাকে। আমাৰ ঘামত থকা সেই ছডিয়ামৰ লোভতহে আচলতে পখিলাজনী আমাৰ দেহত পৰে, যাতে সিহঁতে আমাৰ ঘামৰ পৰা ছডিয়াম লৈ ভালকৈ উৰিব পাৰে।
এতিয়া কথাটো হ'ল ঘাম, ছডিয়াম, পখিলা আৰু সেই সদ্য যৌৱনপ্ৰাপ্ত পখিলা পৰা ছোৱালীজনীৰ বিয়াৰ মাজত সম্পৰ্ক কি? সদ্য যৌৱনপ্ৰাপ্ত এজন যুৱক বা যুৱতীয়ে সৰ্বসাধাৰণ এজন প্ৰাপ্তবয়স্ক লোকতকৈ বেছিকৈ ঘামে। ইয়াৰ কাৰণ হল, সিহঁতে যৌৱনপ্ৰাপ্ত হোৱাৰ লগে লগে সিহঁতৰ reproductive endocrine system যাক অসমীয়াত কোৱা হয় 'প্ৰজনন প্ৰণালী' শ্ৰীবৃদ্ধি হয়। তাৰ ফলত সিহঁতৰ শৰীৰত উৎপন্ন হয় acetylcholine নামৰ এবিধ বিশেষ হৰমোন. সেই হৰমোনে শৰীৰৰ বিভিন্ন ঠাইত যেনে কাষলতি, তলপেট, কপাল, গুপ্তাংগ, ভৰিৰ তলুৱা, হাতৰ তলুৱা আদিত বিভিন্ন ধৰণৰ ঘৰ্মগ্ৰন্থিৰ বিকাশ ঘটায়।গতিকে ঘৰ্মগ্ৰন্থিৰ বিকাশ হোৱাৰ লগে লগে ঘামৰ পৰিমাণো বৃদ্ধি হয় আৰু সেই ঘামৰ পৰা দেহৰ গোন্ধও বৃদ্ধি হয়। সেই গোন্ধ আন এজন যৌৱনপ্ৰাপ্ত লোকৰ বাবে সুগন্ধি হৈ পৰে, গতিকে তেওঁ কাষ চাপি অহাটো স্বাভাৱিক।
দুৰ্গন্ধ হওক বা সুগন্ধই হওক, আমাৰ দেহত থকা সেই ছডিয়াম বিচাৰিহে পখিলাজনী আমাৰ দেহত পৰে। আমাৰ ঘামত থকা সেই ছডিয়ামে পখিলাজনীৰ মগজু, মাংসপেশী, nerve system অৰ্থাৎ 'স্নায়ুতন্ত্ৰ' সক্ৰিয় কৰি তোলে আৰু সবল কৰে। যাৰ ফলত সিহঁতে বেছি দেৰিলৈকে উৰি ফুৰি মৌ খাব পাৰে।
গতিকে আওপকীয়াকৈ নহলেও আমাৰ অসমীয়া সমাজৰ সেই জনবিশ্বাসৰ যথেষ্ট ভিত্তি আছে।
Did you know that the most beautiful insects in this beautiful world are probably the butterflies that roam your garden? They also have different characteristics depending on their charming beauty. There are different proverbs or beliefs among different peoples of the world depending on their beauty and characteristics. There is also a special folk belief in our Assamese society that a girl who gets a butterfly on her body gets married very soon or a groom comes to her. Is that true?
How did the butterfly know that it was time for the groom to come to the girl, so she wanted to kiss her before the groom came?
Why do butterflies sits on our bodies? What's the mystery in that? You will learn about this in this article-
What does it mean when a butterfly lands on you?
Why do butterflies land on you scientifically?
What happens when butterfly sits on you?
Why butterfly sitting on hand?
Why butterfly sit on your hand?
Why do butterflies sit on you?
Before I talk specifically about why butterflies sit on us, I can tell you for sure that if a newly puberty girl has butterflies, she is likely to have a groom soon. This means that we should not ignore the proverbs prevalent in our Assamese society.
You may have noticed that some people, whether male or female, married or unmarried, have more butterflies. However, it is normal for butterflies to come to young people who have just puberty. But why? Does the butterfly come to announce the wedding or is there some other reason?
We all know that butterflies live by eating the honey of flowers. Scientific research shows that the honey of the flower actually contains the nutrients needed by butterflies. But the honey of the flower does not contain salt. which is called 'NIMOKH' in Assamese and SALT in English. However, in order for butterflies to fly well, their nervous system must be well equipped. And they need some salt and heat daily to keep their nervous systems strong. Therefore, butterflies want to extract the salt from mud, water, soil, animal droppings or our bodies. This means that butterflies come to our bodies in search of 'salt'. That behavior of butterflies is called a mud puddle. They can extract the necessary salts from our body's sweat. Our sweat usually contains sodium, protein, urea, ammonia, etc. The butterfly actually sits on our bodies because of the sodium in our sweat, so that they can take the sodium from our sweat and fly better.
Now the question is what is the relationship between sweat, sodium, butterflies and the marriage of that recently puberty butterfly girl? A young man or woman who has just puberty sweats more than an ordinary adult. This is because, as they reach puberty, their reproductive endocrine system flourishes which is called 'Projonon Pronali(প্ৰজনন প্ৰণালী)' in Assamese . This causes their bodies to produce a special hormone called acetylcholine. The hormone causes the development of various types of sweat glands in different parts of the body such as the armpits, lower abdomen, forehead, genitals, soles of the feet, palms of the hands, etc. That scent becomes fragrant to another youthful person, so it is only natural that he approaches.
Whether it is smelly or fragrant, the butterfly comes to our bodies in search of the sodium in our bodies. The sodium in our sweat activates and strengthens the butterfly's brain, muscles and nervous system. This allows them to fly around longer and eat honey.
Therefore, if not indirectly, there is a good basis for that popular belief in our Assamese society.
(বি দ্ৰ : bigyajyoti Facebook page ৰ আধাৰত প্ৰবন্ধটোৰ তথ্যসমূহ সংকলিত)








No comments:
Post a Comment