বৰ্তমান সময়ৰ ব্যতক্ৰমী সংবাদ মাধ্যম || Exceptional media of the present time

        পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ দেশ বিদেশৰ খবৰ অথবা তথ্য সংগ্ৰহ কৰি  দৰ্শকৰ সন্মুখত প্ৰকাশ আৰু প্ৰতিষ্ঠা কৰিব পৰা প্ৰক্ৰিয়াই হৈছে  সাংবাদিকতা । সাংবাদিকতাক অন্যান প্ৰক্ৰিয়া নাইবা আন আন সামগ্ৰীসমূহতকৈ পৃথক ৰূপত প্ৰমাণ কৰিব পৰাকৈ তাৰ কিছু নিজা বৈশিষ্ট্য আছে ।  পূৰ্বতে মাথো কাগজ আৰু কলমৰ সহায়েৰে ছপা আখৰৰ বাতৰি কাকতৰ মাধ্যমেৰে সম্পূৰ্ণ জগতখন পৰিচালনা হৈছিল । পৃথিৱীৰ চুকে কোণে ঘটি থকা  ঘটনা পৰিঘটনা সমূহ , আকস্মিক দুৰ্ঘটনা , ভূগৰ্ভৰ চৌদিশৰ প্ৰাকৃতিক উপাদানসমূহ , ক্ৰীড়া অথবা বোলছবি জগতৰ তাৰকাসকলৰ দৈনন্দিন ৰুচী , ভাৰতবৰ্ষৰ ৰাজনীতি আৰু ৰাজনৈতিক নেতাসকলৰ খবৰ বাতৰি , জাতি- ধৰ্ম - বৰ্ণ নিৰ্বিশেষে জগতত ঘটি থকা সংঘৰ্ষসমূহৰ লগতে অন্যন্য বিভন্ন ধৰণৰ খবৰ বাতৰিৰ বিষয়ে সাংবাদিকসকলে পোনপ্ৰথমে সম্পূৰ্ণ তথ্য  সংগ্ৰহ কৰি স্ব-জাতিৰ ভাষাত  নিজৰ শব্দৰে ছপা সম্পাদনাৰে দৰ্শকৰ আগত প্ৰকাশ কৰে ।  সাংবাদিকসকলে ঘটনাস্থলীলৈ গৈ পৰিস্থিতি সন্দৰ্ভত ক'ত কি কেতিয়া কিয় আৰু কেনেকৈ সংঘটিত হৈছে তাৰ বুজ লৈ   প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰণ কৰি  খবৰটো লিখিবলৈ আৰম্ভ কৰে । আৰু ঘটনা সংঘটিত হোৱাৰ পিছদিনা পুৱাই মানুহে নিৰ্দ্দিষ্ট বাতৰি কাকতখন সংগ্ৰহ কৰি ঘৰতে বহি পৃথিৱীৰ সকলো ধৰণৰ পৰিস্থিতিবোৰৰ বুজ ল'ব পাৰে ।  এই মাধ্যমৰ বাতৰিত ভুল-ভ্ৰান্তি অথবা অশুদ্ধ তথ্য প্ৰচাৰৰ সম্ভাৱনা কম থাকে । 

         পিছে সময় বাগৰাৰ লগে লগে  পৃথিৱীৰ অন্যন্য পৰিৱৰ্তনৰ লগতে সংবাদ মাধ্যমৰ ক্ষেত্ৰখনতো বিশেষভাৱে উন্নতি সাধন হয় । আৰু  তাৰ পিছতেই পৃথিৱীত ইলেক্ট্ৰনিক্স অৰ্থাৎ অণুবিদ্যূতিক সংবাদ মাধ্যমৰ আৱিষ্কাৰ হয় । সাংবাদিকসকলে কেমেৰা , ভিডিঅ'  ইত্যাদিৰ সহায়েৰে  দেশ বিদেশৰ যিকোনো তথ্য সংগ্ৰহ কৰি  দৰ্শকে নিজৰ দৃষ্টিৰে চাব পৰাকৈ আৰু শুনিব পৰাকৈ তেওঁলোকৰ  মাজত বাতৰি প্ৰকাশ কৰে ।  এখনি পুথি পাঠদান কৰা আৰু এখন বোলছবি উপভোগ কৰাত যেনেদৰে ভিন্নতা আছে ঠিক তেনেদৰে ছপা সংবাদ মাধ্যম আৰু অণুবৈদ্যূতিক অথবা ইলেক্ট্ৰনিক্স মাধ্যমৰ মাজতো এক বৃহৎ প্ৰাৰ্থক্য আছে । মূহুৰ্ত্তৰ খবৰ তৎক্ষণাত লাভ কৰিব পৰাৰ ব্যৱস্থা আছে । যি সুবিধা ছপা মাধ্যমত নাছিল । তাৰোপৰি ছপা মাধ্যমত বাতৰি কাকতৰ সহায়েৰে পাঠকে লেখকৰ শব্দৰ মাজেৰে পৰিকল্পনা কৰি ঘটনাৰ বুজ ল'ব লগা হয় । কিন্তু ইলেক্ট্ৰনিক্স মাধ্যমত স্থানীয় সংবাদাদাতা সকলৰ সহায়ত আমি তেওঁলোকৰ উপৰিও প্ৰত্যক্ষদৰ্শীৰ মন্তব্যৰ লগতে সংবাদদাতাসকলে সংগ্ৰহ কৰা  ঘটনাস্থলীৰ ফটো বা ভিডিঅ'ৰ যোগেদি আমি সম্পূৰ্ণ ঘটনাৰ বুজ লৈ বাতৰি লাভ কৰিব পাৰো । ইলেক্ট্ৰনিক্স মাধ্যমৰ সহায়ত অসম অথবা সমগ্ৰ ভাৰতবৰ্ষৰ পিছপৰা জনসাধাৰণে অন্য দেশৰ সৈতে তুলনামূলকভাৱে খোজত খোজ মিলাই আধুনিকীকৰণৰ দিশে পদক্ষেপ হাতত ল'ব পৰা হৈছে । 
         
           আৰু ইলেক্ট্ৰনিক্স মাধ্যমৰ পাছতেই জনসাধাৰণৰ মাজত ডিজেটেল সংবাদ মাধ্যমৰ  ব্যাপক জনপ্ৰিয়তা বৃদ্ধি হয় । মোবাইল , কম্পিউটাৰ , ইণ্টাৰণেট অথবা সামাজিক মাধ্যমৰ সহায়েৰে   এখন ঠাইৰ খবৰ বাতৰি দেশৰ প্ৰতিটো চুকে কোণে বিয়পি পৰে । আজিৰ সময়ত যেনেদৰে প্ৰযুক্তিবিদ্যা আৰু যান্ত্ৰিকতাৰ ওপৰতে নিৰ্ভৰশীল হৈ পৰা এই  পৃথিৱীখনত যন্ত্ৰৰ সৈতে যেনেদৰে মানৱ সমাজৰ   সংযোগ বৃদ্ধি পাইছে ঠিক তেনেদৰেই ডিজিটেল সংবাদ মাধ্যমৰ সৈতেও  মানুহৰ জীৱনৰ সম্বন্ধ বাঢ়িবলৈ ধৰিছে । ডিজেটেল সংবাদ মাধ্যমৰ সহায়েৰে মানুহে যিকোনো এটা অঞ্চলৰ খবৰ মূহুৰ্ত্ততে দৰ্শকে পাব পাৰে । 
            বৰ্তমান সময়ৰ সংবাদ মাধ্যমৰ জগতখনত ডিজিটেল মাধ্যমৰ প্ৰবল প্ৰচলন চলিছে । আৰু আজিৰ সংবাদ মাধ্যমে জগতত চলি থকা সত্যতাক বৰ্জন কৰি তাত বিভিন্ন ধৰণৰ ৰহনেৰে কৃত্ৰিমতা সানি দৰ্শকৰ মাজত প্ৰকাশ কৰে ।  ইয়াৰ উপৰিও পূৰ্বতে প্ৰায়ভাগ মানুহে যিকোনো ধৰণৰ তথ্য অথবা দেশ-বিদেশৰ খবৰ প্ৰত্যেকদিনা ৰাতিপুৱাই প্ৰকাশ পোৱা  স্থানীয় বাতৰি কাকতৰ পৰা লাভ কৰে । আৰু অন্যথা সন্ধিয়া দূৰদৰ্শনত বাতৰিৰ অনুষ্ঠানৰ পৰা সকলো ধৰণৰ  বাতৰি লাভ কৰিব পাৰে ।  পিছে আজিৰ যুগত মূহুৰ্ত্ততে হাতত থকা মোবাইলটোৰ সহায়ত একেটা উৎসৰ জড়িয়তে পৃথিৱীত বৰ্তমানে সংঘটিত হৈ থকা হাজাৰটা খবৰ সংগ্ৰহ কৰিব পাৰে । বাতৰি কাকতৰ প্ৰচলন হয়তো পৃৃথিৱীত আজিও আমাৰ চাৰিওফালে শেষ হয় যোৱা নাই । কিন্তু বাতৰি কাকতত উল্লেখিত তথ্যই  পাঠকৰ মগজুয়ে বিচৰা ধৰণেৰে পৰ্য্যাপ্ত নহয় । সেয়েহে আমি বিচাৰি থকা ধৰণেৰে সকলো তথ্য লাভ কৰিবৰ বাবে এটা সম্পূৰ্ণ ২৪ ঘণ্টীয়া দিন অপেক্ষা কৰাতো দৰ্শকৰ বাবে সম্ভৱ নহয় । সেয়েহে দৰ্শকে প্ৰতি চেকেণ্ডৰ ভিতৰতে পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰৰ খবৰ লাভ কৰিবলৈ দৰ্শকে ডিজেটেল মাধ্যমক অনুসৰণ কৰে । যাৰ ফলত পৃথিৱীত হৈ থকা প্ৰতিটো ঘটনা দূৰ্ঘটনাৰ খবৰ দৰ্শকে পিছদিনা ৰাতিপুৱা লাভ কৰাৰ পৰিৱৰ্তে  প্ৰত্যেকদিনাই প্ৰতিটো মূহুৰ্ত্তৰ খবৰ তৎক্ষণাত লাভ কৰে । 
            বৰ্তমান সময়ৰ সাংবাদিকসকলে সাংবাদিকতাক এক ব্যতক্ৰমী ৰূপ দিবলে আৰম্ভ কৰিছে । ঘটনাৰ সত্যতা বিচাৰত গুৰুত্ব নিদিয়াকৈ আজিৰ সাংবাদিকসকলে কোনে পোনপ্ৰথমে বাতৰিটো প্ৰকাশ কৰিবলৈ সক্ষম হয় তাকহে অধিক প্ৰাধান্য দিয়ে । আৰু এনে ধৰণৰ প্ৰতিযোগিতামূলক পৰিস্থিতিৰ বাবেই বহু সময়ত সাংবাদিকে প্ৰকাশ কৰা বাতৰি কিছুমান তথ্য ভুল বুলি প্ৰমাণিত হয় । 
            আজিকালি সংবাদ মাধ্যমত প্ৰকাশ হ'বলগীয়া উপযুক্ত গম্ভীৰ বিষয়টোয়ে প্ৰাধান্য নাপয় ।  মানহৰ মনোৰঞ্জন কাঢ়িব পৰা অদৰকাৰী বাতৰি এটাই প্ৰচাৰ মাধ্যমত গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰে । অৰ্থাৎ এগৰাকী মহান সাহিত্যিক অথবা সুপ্ৰতিভাবান ৰাজনীতিবিদৰ মৃত্যুৰ বাতৰি এটাতকৈ সংবাদ জগতত অথবা দৰ্শকৰ মাজত এখন বিয়াত দৰাই দিয়া জোৰণৰ সামগ্ৰীত কইনাঘৰীয়াৰ প্ৰতিবাদৰ বাতৰিয়ে অধাক প্ৰাধান্য লাভ কৰে । বৰ্তমান সময়ত ডিজিটেল সংবাদ মাধ্যমৰ জড়িয়তে মানুহৰ জীৱন প্ৰণালী অতি সহজ হৈ পৰিছে । নিজৰ ৰুচি অনুযায়ী মানুহে যিকোনো বাতৰি সংগ্ৰহ কৰিবৰ বাবে দোকানলৈ গৈ বাতৰি কাকত কিনাৰ প্ৰয়োজন নাই । অনালাইন ইণ্টাৰণেট সেৱাৰ মাধ্যমেৰে মোবাইল প্ৰতিটো খবৰ অতি সহজে লাভ কৰিব পাৰিব । 
            

Journalism is the process of collecting news or information from one end of the world to the other and presenting it to the audience. Journalism has its own characteristics that distinguish it from other processes or products. In the past, the whole world was run through printed newspapers with only paper and pen. News about events happening around the world , accidents , natural elements around the underground , daily interests of sports or film stars , news about politics and political leaders in India , conflicts happening in the world irrespective of caste- religion - race and other various types of news Journalists first collect complete information and publish it in their own language in their own words. Journalists went to the scene, found out where, when, why and how the incident happened and started writing the news following eyewitness accounts. And the morning after the incident, people can collect the particular newspaper and sit at home and learn about all kinds of situations in the world. The news in this media is less likely to be misrepresented or inaccurate.


          However, over time, the world has changed and the media has improved significantly. And then electronics, or microelectronic media, was invented on Earth. Journalists use cameras , videos, etc. to collect any information from home and abroad and publish news among them so that the audience can see and hear it with their own eyes. Just as there is a difference between teaching a book and enjoying a movie, there is a big difference between print media and microelectronic or electronic media. There is an instant access to the latest news. This facility was not available in the print media. In addition, with the help of newspapers in the print media, the reader has to plan through the words of the author to understand the events. However, with the help of local journalists in electronic media, we can get the full story through eyewitness comments as well as photographs or videos collected by journalists at the scene. With the help of electronic media, the backward people of Assam or the whole of India have been able to take steps towards modernization in line with other countries.
         
            And after electronic media, digital media gained widespread popularity among the public. With the help of mobile , computer , internet or social media, news of a place spreads to every corner of the country. In today's world of technology and mechanics, as human society is increasingly connected with machines, so too is the connection of people's lives with digital media. With the help of digital media, people can get instant news of any region.
             Digital media is a strong influence in the media world today. And today's media ignores the truth that is going on in the world and artificially presents it to the audience with various flavors. In addition, in the past, most people got any kind of information or news from home and abroad from the local newspapers published every morning. And otherwise you can get all kinds of news from news programs on television in the evening. In today's world, however, you can collect thousands of news about what is happening in the world from the same source with the help of your mobile phone. Newspapers may not be the end of the world around us today. However, the information in the newspapers is not enough for the reader's brain. Therefore, it is not possible for the audience to wait a full 24 hours to get all the information in the way we want. Therefore, viewers follow digital media to get news from one end of the world to the other every second. Therefore, instead of receiving the news of every event and accident in the world the next morning, the viewers receive the news of every moment of every day.
             There are many ways in which you can improve your self-confidence. There are many ways in which you can improve your self-confidence. Today's journalists focus on who is able to publish the news first rather than on the truth of the incident. And because of such competitive conditions, some of the information published by journalists often proves to be wrong.
             Nowadays, the serious issue that should be published in the media does not take precedence. An unnecessary news item that can entertain people plays an important role in the media. In other words, the news of the protests of the bride and groom at a wedding gives more prominence in the media or among the audience than the news of the death of a great writer or a talented politician. Digital media has made life much easier for people nowadays. People do not need to go to the shops and buy newspapers to collect any news according to their taste. Online internet services allow you to get every news on your mobile very easily.

No comments:

Post a Comment