বোপাইলৈ বাতৰি || News to the son

বোপাইলৈ বাতৰি


মৰমৰ 
   বাপুকণ
তই ভালে আছনে বোপা। 
মই ভালেই আছো, পিতৌ, দেউতা সকলো ভালে আছে।

বোপা, এইকেইদিন তোলৈ বৰকৈ মনত পৰিছে অ, তোৰ দেখুন খবৰ খাতিয়ে নাই , ট ভিটো খুলিলেই নিতৌ সংঘটিত হোৱা ঘটনাবোৰত তোক নেদেখিবলৈ নিতৌ প্ৰাৰ্থনা কৰো। কনা গোসাঁয়ে বচাই ৰাখক শত্ৰুৰ গুলিৰ আঘাতৰ পৰা তোক। বোপা অ তই আহিবি বুলি 
হাঁহ কেইটা থৈ দিছো, চালত চাল কোমাৰাও আছে। কলহৰ ৰস কন বৰ মিঠা হৈছে একদম তই ভালপোৱাৰ দৰেই। পিছে তইহে দেখুন নহা হলি অ বোপা। 

অ বোপা গাঁৱত এই এটা বছৰে বহুত সলনি হ'ল, সলনি হ'ল ৰাস্তা পদুলি আৰু মানুহবোৰ। অহ এইবাৰ সোণগুটি কেইটা ভাল হৈছে, এইবাৰ চাগে কঙালে নাপায়। কাতিৰ ৰাতি ভায়েৰাই তই ভালপোৱাৰ দৰেই ঘৰখন সজাইছিল গধূলিৰ পদুলি সজাওঁতে তোলৈ বৰকৈ মনত পৰিছিল অ বোপা। তোলৈ বাট চাই চাই পুখুৰীৰ মাছ পুখুৰীতে ৰাখিছে, আঠিয়া কল ঠোকো পকিছে গছতে , তই সোনকালে আহিবি দেই বোপা। 
শেৱালি জনীয়েও তোলৈ বাট চাই চাই বৰকৈ উচুপে , তোৰ অপেক্ষাত আজিও ৰৈ আছে, তই আহিলেই বিয়াৰ টোপোলা পেলামগৈ তাইৰ ঘৰত। 

বাৰু আজিলৈ সামৰো দে। 
কণা গোসাইয়ে তোক কুশলে ৰাখক। 

চিঠিখন পালে খবৰ এটা পঠিয়াবি। 
আঘোণৰ আবেলিটোলৈ বাট চাম তই অহালৈ । 


ইতি 
তোৰ আই।



No comments:

Post a Comment