অসমীয়া সাহিত্যত নাৰীৰ অৱদান
সৃষ্টিৰ ইতিহাসত , সভ্যতাৰ বিকাশত নাৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যায়। যুগে যুগে নাৰীয়ে নিজৰ শক্তি তথা বিকাশেৰে নিজৰ প্ৰতিভা বিকাশ কৰি অহা দেখা পোৱা গৈছে। ঠিক তেনেকৈ সাহিত্যৰ ক্ষেত্রতো নাৰীৰ অৱদান অতুলনীয়।
সাহিত্যৰ ক্ষেত্রত নাৰীৰ অৱদান চাবলৈ গ'লে বহু ক্ষেত্রৰ অতুলনীয় অৱদান আছে। সাহিত্য জগতখনত নাৰীয়ে বহুখিনি অৱদান দি গৈছে, উপন্যাসেই হওঁক বা কবিতা সকলো ক্ষেত্রতে নাৰীৰ অৱদান অতুলনীয় বুলিব পাৰি।
অসমীয়া সাহিত্য জগতত আশীৰ দশকৰ পৰাহে নাৰীৰ ভূমিকা স্থিতিশীল হৈছিল কিন্তু সেই ভূমিকা এক-দুই গৰাকী নাৰী সাহিত্যিকৰ মাজতে আবদ্ধ হৈ ৰৈছিল।যুগান্তকাৰী তথা যুগস্ৰষ্টা অসমীয়া কবি সকলৰ নাম উল্লেখ কৰিলে হয়টো মহিলা কবিৰ বা লেখিকাৰ নাম খুউব কমেই। মন্যাসবাদ, আধুনিকতা বাদ আদি সকলোতে মহৎ তথা প্ৰভাৱশালী মহিলাৰ উল্লেখ পাবলৈ নাই। নলিনী বালা দেৱী,ড° নিৰ্মলপ্ৰভা বৰদলৈৰ বাহিৰে অসমীয়া সাহিত্য সভাত মহিলা সভাপতি এতিয়ালৈকে আৰু হোৱা নাই।মুঠতে এক কথা সঠিক যে অসমীয়া সাহিত্য জগতত পুৰুষ কবিৰ সংখ্যা গৰিষ্ঠ আৰু মহিলা কবিৰ সংখ্যা নুন্যতম
এতিয়া নীলমণি ফুকন,হীৰেণ ভট্টাচার্য,নৱকান্ত বৰুৱা আদি বিশিষ্ট সাহিত্যিকক আদৰ্শ হিচাপেলৈ আজিৰ সাহিত্যিক মহলে কবিতা তথা উপন্যাস লিখিবলৈ আৰম্ভ কৰিছে।ইয়াৰ মাজতে আকৌ সাহিত্য জগতত চলি থকা তৰ্ক-বিতৰ্ক,সমালোচনাৰ কথাও নোকোৱাকৈ থাকিব নোৱাৰি।কিন্তু সাধাৰণে মহিলা সাহিত্যিকৰ প্ৰতি সমালোচক সকল অলপ হৃদয়বান হোৱা দেখা যায়।ইয়াৰ কাৰণ সমালোচকৰ অধিকাংশ পুৰুষ অথবা নাৰী কবিৰ সংখ্যাসংখ্যালঘিষ্ঠতা হ'ব পাৰে।আধুনিক সময়ত অসমীয়া সাহিত্য জগতত নাৰীয়ে অত্যাধিক ভূমিকা গ্ৰহণ কৰিছে।অসমীয়া সাহিত্যৰ জগতলৈ লাহে লাহে কেইবাগৰাকীও অসমীয়া লেখিকাৰ উদ্ভৱ হৈছিল।তাৰ মাজতে অনুৰাধা শৰ্মা পূজাৰী,অৰ্চনা পূজাৰী,ৰীতা চৌধুৰী আদি অন্যতম।








No comments:
Post a Comment