অসমত ঈদ উল ফিতৰ || Eid-ul-Fitr in Assam

             অসম হৈছে এনে এখন ৰাজ্য য'ত একেটা অঞ্চলৰে এখন ঘৰত যদি পুৱা গধূলি হৰি নাম জোৰে তেন্তে চুবুৰীয়া ঘৰটোত আকৌ একে সময়তে নামাজো পঢ়ে । অৰ্থাৎ অসম হৈছে এখন ধৰ্ম নিৰপক্ষীয় ৰাজ্য । ইয়াত বিভিন্ন ধৰ্মাৱলম্বীৰ লোকে একেলগে খুবেই মিলাপ্ৰীতিৰ মাজেৰে বসবাস কৰে  ।  অসমত বাস কৰা জনসাধৰণে অসমীয়া তথা হিন্দুসকলে পালন কৰা উৎসৱ পাৰ্বনৰ উপৰিও আন আন ধৰ্মাৱলম্বীৰ লোকসকলৰ ধৰ্মীয় উৎসৱ সমূহকো যথেষ্ট শ্ৰদ্ধা , সন্মান তথা  আনন্দ উল্লাসৰ মাজেৰে  উপভোগ কৰে । অসমীয়াৰ জাতীয় উৎসৱ বিহুৰ লগতে হিন্দু ধৰ্মীয় লোকসকলৰ মূৰ্ত্তি পূজা , খ্ৰীষ্টান সকলৰ খ্ৰীষ্টমাছ , সীখ সকলৰ গুৰুনানক জয়ন্তী আৰু ইছলাম ধৰ্মীয় লোক সকলৰ ঈদ উল ফিতৰৰো অসমৰ প্ৰত্যেকজনেই অতি নিষ্ঠা সহকাৰে আকোৱালি লয় ।

              অসমতো উদ্‌যাপন কৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ  এটি অন্যতম উৎসৱ হৈছে  ঈদ উল ফিতৰ । পূৰ্বৰে পৰা কথিত তথ্য অনুযায়ী  ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ আৱিৰ্ভাৱ ঘটাৰ আগতে আৰৱত নিৰুজ আৰু মিহিৰজান নামৰ দুটি উৎসৱ পালিত হৈছিল। হজৰত মহম্মদে এই দুটি উৎসৱত কিছু ধৰ্মীয় ৰহণ সানে। তেওঁ তেওঁৰ ভক্ত সকলক দুয়োটা উৎসৱকে ক্ৰমে ঈদ-উল-ফিটৰ আৰু ঈদ-উল- আজহা নামেৰে পালন কৰিবলৈ নিৰ্দেশ দিয়ে। এনেদৰেই ঈদ-উল-ফিটৰৰ আৰম্ভণি হ'ল।  ঈদৰ প্ৰধান লক্ষ্য হৈছে সংযম ৰক্ষা কৰা, পৱিত্ৰতা বজাই ৰখা আৰু ভাতৃত্ববোধ তথা মৰম চেনেহেৰে জীয়াই থকা।আল্লাৰ ওচৰত একান্ত বিশ্বাস স্থাপনৰ বাবেও চেষ্টা কৰা হয়।  ৰমজান মাহৰ অন্তিম দিনটোত মুছলমান ধৰ্মীয় লোকসকলে এই পৱিত্ৰ উৎসৱ ঈদ উল ফিতৰ উদ্‌যাপন কৰে । ৰমজান  হ'ল ইছলামিক বৰ্ষপঞ্জিকা অনুসৰি নৱম মাহ , যি মাহত বিশ্বব্যাপী মুছলিম সকলে ইছলামিক উপবাস  অৰ্থাৎ "ছিয়াম" অথবা "ৰোজা" পালন কৰি থাকে। ৰমজান মাহৰ আৰম্ভণিৰ পৰা শেষলৈ সম্পূৰ্ণ মাহটো মুছলামান ধৰ্মৰ লোক সকলে ৰোজা ৰাখে ।   ৰোজা বা ছিয়াম হ'ল সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈকে সকলো প্ৰকাৰৰ পানাহাৰ  অৰ্থাৎ আহাৰৰ লগতে পানীকে ধৰি যিকোনো ধৰণৰ পানীয় পদাৰ্থ গ্ৰহণ নকৰাকৈ থকা  , পঞ্চইন্দ্ৰিয়ৰ দ্বাৰা কোনো ধৰণৰ পাপ কৰ্ম   আৰু (স্বামী-স্ত্ৰীৰ ক্ষেত্ৰত) যৌনসংগমৰ পৰা বিৰত থকা ।  ৰোজাৰ দুটা তাৎপৰ্য আছে । এটা হ'ল শৰীৰ ধৰ্ম পালন আৰু আনটো হল মনৰ শক্তি বৃদ্ধি কৰা। । ৰোগী তথা ভ্ৰমণকাৰী সকলৰ বাহিৰে মুছলমান ধৰ্মৰ প্ৰায় আটাইবোৰ লোকেই  এই ৰোজাৰ উপবাস পালন কৰে  । সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈ গোটেই দিনটো তেওঁলোকে পানী এটুপিও নোখোৱাকৈ উপবাস কৰে । সূৰ্য অস্ত যোৱাৰ পাছত পানী আৰু ফল-মূলেৰে সৈতে নিতৌ উপবাস ভংগ কৰি নিশাৰ ভাগলৈ ভালদৰে ভাত অথবা ৰুটিৰে পেট ভৰাকৈ দিনটোৰ বাবে আহাৰ গ্ৰহণ কৰে । সেই দিনকেইটাত তেওঁলোকে বিশেষকৈ ধৰ্মীয় পুথি কোৰাণ শ্বৰীফ পঢ়ে । ৰমজান মাহ শেষ হোৱাৰ লগে লগে অমাৱশ্যাৰ পিছত শুক্ল পক্ষৰ আকাশত চন্দ্ৰলৈ চাই আল্লাক উদ্দেশ্যি তচলিম কৰি এমাহ ধৰি ৰোজা মানি অহা লোকসকলে সম্পূৰ্ণ ব্ৰত ভঙ্গ কৰে । পিছদিনা সামূহিকভাৱে ঈদগাহ অথবা মছজিদত ঈদৰ নামাজৰ আয়োজন কৰা হয়। ঈদৰ দিনা ঈদগাহ অথবা মছজিদত আকাশৰ তলত নামাজ পঢ়া হয়।   সেইদিনা মুছলমান সম্প্ৰদায়ৰ ল'ৰা , ডেকা , বুঢ়া সকলো পুৰুষেই একেলগে নতুন কাপোৰ পিন্ধি সমবেত হয় , আৰু নামাজ নাইবা কোৰাণ শ্বৰীফ পঢ়ি আল্লাৰ ওচৰত কৰুণা ভিক্ষা খোজে । ঈদ উপলক্ষে ইজনে আনজনক আলীঙ্গন কৰি প্ৰীতি সম্ভাষণ জনায় । সৰুয়ে ডাঙৰৰ পৰা আশীষ লয় । ঈদৰ সময়ত দুখীয়া- নিছলাক টকা-পইচা দান কৰাৰো   এটা নিয়ম আছে। এই নিয়মমতে অৱস্থাসম্পন্ন মুছলমান সকলে ঈদৰ নামাজ পঢ়াৰ আগত দুখীয়ালোকক এক কেঃজিঃ আটা (ঘেঁহু) বা তাৰ মূল্য দান কৰাটো বাধ্যতামূলক।  ইয়াকে ফিৎৰা বা ফিটৰা বোলে। এই ফিটৰা বা দান কৰি ঈদ বা আনন্দ লাভ কৰা হয় কাৰণে এই ঈদক ঈদ-উল-ফিটৰ বোলা হয় । 
               ঈদৰ দিনা ইছলাম ধৰ্মীয় লোকসকলৰ বাবেঅন্য এটি পালনীয় কৰ্ম হৈছে  জাকাত দিয়া । নিজৰ সম্পত্তিৰ চল্লিশ ভাগৰ এভাগ দুখীয়াসকলক দান দিব লাগে ।  আৰু দুখীয়া শ্ৰেণীৰ লোকসকলে সেই দানেৰে ঈদৰ আনন্দ ল'ব পাৰে। জাকাত দিয়াটো ইছলাম ধৰ্মালম্বী লোকসকলে পৱিত্ৰ কৰ্তব্য় বুলি জ্ঞান কৰে। ইয়াৰ উপৰিও ইছলাম ধৰ্মীয় লোকসকলে ঈদৰ দিনা মৃত ব্যক্তিসকলৰ আত্মাৰ সদ্‌গতিৰ বাবে পৰম ভক্তিৰে তেখেতসকলক মনত পেলায় । তেওঁলোকৰ আত্মাৰ শান্তিৰ কামনাৰে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰে। সিদিনা পুৱাই ঘৰৰ পূৰুষসকলে মৃত ব্যক্তিসকলৰ কবৰলৈ যায় আৰু সেইবোৰ ভালদৰে পৰিষ্কাৰ কৰে। মৃত ব্যক্তিসকলৰ হৈ আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰে যাতে আল্লাই তেওঁলোকৰ সকলো পাপ মৰিষণ কৰি মুক্তিৰ পথ সুগম কৰে।
               ঈদৰ দিনা ইছলাম ধৰ্মৰ লোকসকলে পূৰুষ-নাৰী, ল'ৰাৰ পৰা বুঢ়ালৈকে সকলোৱে আনন্দত মতলীয়া হৈ পৰে। সেই দিনা সকলোৰে ঘৰুৱা পৰিৱেশ আনন্দমুখৰ হয় । আলহী-অতিথিৰ আগমণে ঘৰখন উদুলি-মুদুলি কৰি ৰাখে। বিভিন্ন ধৰণৰ  সুস্বাদু আহাৰেৰে ৰান্ধনীশাল উভৈনদী হৈ পৰে । নিজৰ লগতে আলহী অতিথিকো তৃপ্তিৰে আহাৰ  গ্ৰহণ কৰোৱায় । ওচৰ-চুবুৰীয়া, মিটিৰ-কুটুম্বকো সুস্বাদু আহাৰেৰে আপ্যায়িত কৰে। ঈদৰ আনন্দ কেইবাদিনলৈকে থাকে। এনেদৰেই ঈদৰ দিনা ইছলাম ধৰ্মৰ লোকসকলে দিনটো আৰম্ভ কৰে। 
          মুছলমান লোকসকলৰ প্ৰধান ধৰ্মীয় উৎসৱ যদিও ঈদ উল ফিতৰ উৎসৱ  অথবা আল্লাহৰ প্ৰতি ভক্তি প্ৰদৰ্শন যে' কেৱল মুছলমান ধৰ্মীয় লোক সকলেই কৰিব পাৰে তেনে নহয় । অসম ৰাজ্যত ভগৱান আৰু ভক্তিৰ ক্ষেত্ৰত কোনো ভেদাভেদ নাই । অসমত  যিকোনো ধৰ্মৰ লোকেই কোনো বাধা নোহোৱাকৈ এই উৎসৱ পালন অথবা উপভোগ কৰিব পাৰে । 

Assam is a state where if a house in the same area chants Hari Naam in the morning and evening, the neighboring house prays at the same time. This means that Assam is a secular state. People of different religions live together in harmony. The people of Assam enjoy the religious festivals of other religions besides the festivals celebrated by the Assamese and Hindus with great respect and joy. Along with the national festivals of Assamese, Bihu, idol worship of Hindus, Christmas of Christians, Guru Nanak Jayanti of Sikhs and Eid-ul-Fitr of Muslims, everyone in Assam also embraces it with great devotion.


               Eid-ul-Fitr is one of the festivals celebrated by the Muslims in Assam. According to tradition, two festivals were celebrated in Arabia before the appearance of the Prophet Muhammad, the founder of Islam. The Prophet Muhammad added some religious elements to these two festivals. He ordered his devotees to celebrate both festivals under the names of Eid-ul-Fitr and Eid-ul-Azha respectively. This is how Eid-ul-Fitr began. The main goal of Eid is to observe restraint, purity and live in brotherhood and love. It also tries to establish exclusive faith in Allah. Muslims celebrate the holy festival of Eid-ul-Fitr on the last day of the month of Ramadan. Ramadan is the ninth month of the Islamic calendar, in which Muslims around the world observe the Islamic fast, or "fasting" Muslims fast throughout the month of Ramadan from the beginning to the end. Fasting is the abstinence from all kinds of food and drink from sunrise to sunset, abstinence from any sinful acts by the five senses and (in the case of husband and wife) sexual intercourse. Fasting has two meanings. One is to practice the religion of the body and the other is to increase the strength of the mind. . Almost all Muslims observe this fast except the sick and travellers. They fast all day from sunrise to sunset without drinking a drop of water. After sunset, they break their daily fast with water and fruits and eat a good meal of rice or bread until late at night. During those days, they especially read the religious book, the Qur'an. As soon as the month of Ramadan ends, people who have been fasting for a month break their fast by looking at the moon in the white sky after the new moon. The next day, Eid prayers are held collectively in the Eidgah or mosque. On Eid, prayers are offered under the sky in the Eidgah or mosque. On this day, all the men of the Muslim community, young and old, gather together in new clothes, and pray or recite the Qur'an and ask Allah for mercy. They embrace each other and greet each other on the occasion of Eid. The younger takes blessings from the older. There is also a rule of giving money to the poor during Eid. According to this rule, it is compulsory for able-bodied Muslims to donate one kg of flour (wheat) or its value to the poor before offering Eid prayers. This is called fitrah or fitrah. This Eid is called Eid-ul-Fitr because it is celebrated by giving alms.
                Another obligation for Muslims on Eid is to pay Zakat. One fortieth of one's wealth should be given to the poor. And the poor can enjoy Eid with that donation. Paying Zakat is considered a sacred duty by Muslims. In addition, Muslims remember the dead on Eid with great devotion for the good fortune of their souls. They prayed to Allah for the peace of their souls. That morning, the men of the house go to the graves of the dead and clean them thoroughly. They pray to Allah on behalf of the dead so that Allah will forgive all their sins and pave the way for salvation.
                On the day of Eid, Muslims, men and women, from children to the elderly, rejoice. There is a joyful atmosphere in everyone's homes on that day. The arrival of guests keeps the house bustling. The kitchen is filled with a variety of delicious foods. They feed themselves and their guests with satisfaction. They also treat their neighbors and relatives to delicious food. The joy of Eid lasts for several days. This is how Muslims start their day on Eid.
           Although Eid-ul-Fitr is the main religious festival of Muslims, it is not only Muslims who can celebrate it or show devotion to Allah. There is no distinction between God and devotion in the state of Assam. In Assam, people of any religion can celebrate or enjoy this festival without any restrictions.

No comments:

Post a Comment