সমৃদ্ধিশীলী সংস্কৃতিৰে ভৰপূৰ হৈ থকা , সুস্থ সমাজ ব্যবস্থা, ভাষা -সাহিত্য আৰু ধৰ্মীয় ব্যবস্থাৰে ভৰপূৰ হৈ থকা এটা জাতি হ'ল বড়ো জনগোষ্ঠী । উত্তৰ পূৰ্ব ভাৰতৰ ভিতৰত আদিম জনগোষ্ঠীৰ হ'ল বড়ো জনগোষ্ঠী। তেওঁলোকে নিজৰ দোৱান কয়। তেওঁলোকৰ মাতৃভাষা হ'ল বড়ো ভাষা । বড়োসকল মূলত মংগোলীয়গোষ্ঠীৰ অন্তগত। বড়োসকল সংস্কৃতি প্ৰেমিক । বড়োসকলৰ মুঠ জনসংখ্যা হ'ল ১৩,০০,০০০ । তেওঁলোক অসমৰ কোকৰাঝাৰ, চিৰাং, বাক্সা ওদালগুৰি আৰু কাৰ্বি আলং, ডিব্ৰুগড়,তিনিচুকীয়া, লক্ষীমপুৰত বাস কৰা পৰিলক্ষিত হয়। তেওঁলোকৰ মূল ধৰ্ম হ'ল হিন্দু ধৰ্ম আৰু খৃষ্টান ধৰ্ম। তেওঁলোকৰ বড়ো কছাৰী সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী বুলি জনাজাত। বড়ো সকল হৈছে সমগোষ্ঠীয় বিভিন্ন লোকৰ সমষ্টি। অসমৰ বিভিন্ন স্থানত সিঁচৰতি হৈ থকা দেখিবলৈ পোৱা যায়। বড়ো ভাষা হৈছে চিনা তিব্বত বৰ্মীয় ভাষা। পণ্ডিত সকলৰ মতে তিব্বতীয় ভাষাৰ দুটা প্ৰধান ঠাল হ'ল,
১. তিব্বত বৰ্মীয় আৰু
২. টাই চীনা ভাষা।
বডোসকলৰ উৎসৱ বুলিলে মুলত খেৰাই পূজা আৰু বৈশাগু ধৰা হয়। খেৰাই পূজা প্ৰজনন আৰু উৰ্বৰতা প্ৰতীক ৰূপত পালন কৰা দেখা যায়। খেৰাই পূজা মূলত কৃষিভিত্তিক উৎসৱ। খেৰাই পূজা কাতি মাহত পালন কৰা হয়। খেতি চপোৱাৰ ঠিক আগৰ সময়চোৱাত এই উৎসৱ পালন কৰা হয়। এই উৎসৱৰ লগত সংগতি ৰাখি সিজু গছক বাথৌ দেৱতা হিচাপে গণ্য কৰি এই পূজা পালন কৰা হয়। এই পূজাৰ লগত সংগত ৰাখি খেৰাই নৃত্য পালন কৰা হয়। বাথৌ দেৱতাৰ সন্মুখত বিভিন্ন ধৰণৰ উপাচাৰ, বলিৰ জীৱ -জন্ত পশু-পক্ষী থৈ গমাৰী কাঠৰ পিৰাত দেওধানীয়ে পূবফালে মুখ কৰি বহে। ইয়াৰ পিছতেই ওজাই আঠু লৈ মন্ত্র মাতে, ওজাৰ পিছতেই বুঢ়া মেথা সকল বহে আৰু দেউৰীয়ে দেওধানীপ বাওপিনে বহে। পূজা চলি থকাৰ সময়তে খেৰাই নৃত্য পৰিবেশন কৰি থকা হয়। পূজা শেষ হৈ যোৱাৰ পিছতো এই নৃত্য পৰিবেশন কৰি থকা হয় ।
খেৰাই শব্দৰ বুৎপত্তি গত অৰ্থ হ'ল খেৰাই হ'ল 'খাৰ '+ আই অৰ্থাৎ খাৰ মানে দৌৰা বা গতি কৰা আৰু 'আই' মানে গোসানী । আই মাতৃক সন্তষ্ট কৰিবৰ বাবে এই নৃত্য পৰিবেশন কৰা হয়। এই শব্দৰ কোনো নিদির্ষ্ট অৰ্থ নাই যদিও এচাম পণ্ডিতৰ মতে এই অৰ্থ কোৱা হয়।
বৈশাগু নৃত্য বহাগ মাহৰ আশে পাশে পালন কৰা হয়। বৈশাগু উৎসৱ হৈছে বড়োসকলৰ ঋতুকালীন উৎসৱ। এই উৎসৱও কৃষিভিত্তিক পালন কৰা হয়। বৈশাগু শব্দৰ অৰ্থ হ'ল নৱবৰ্ষৰ আৰম্ভণি । ইয়াৰে 'বৈচা' শব্দই নতুন বছৰ আৰু আগু শব্দই আৰম্ভণি বুজায়। এই উৎসৱ চ'ত মাহৰ দোমাহী দিনাৰ পৰা বহাগ মাহৰ ষষ্ঠদিনলৈ চলে। বহাগ বিহুৰ হৈতে বৈশাগুৰ উত্তঃপোত সম্পর্ক থকা দেখা যায়। বৈশাগু উৎসৱ মূলত সাতদিন ধৰি পালন কৰে,প্ৰথম দিনাক, 'মাখাউ 'বা ' মাচাউ ' মানে গৰু, দ্বিতীয় দিনাক 'মানসী' মানে মানুহ। আৰু সেইদিনা দেৱতাৰ অৰ্থাৎ বাথৌ পূজা আৰু পূৰ্বপুৰুষৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তৃতীয় দিনক চাইমা মানে কুকুৰ, চৰ্তুথ দিনক ওমা মানে গাহৰি, পঞ্চম দিনক দাও মানে কুকুৰা আৰু ষষ্ঠ দিনক হাঁহ বা অনন্য চৰাইৰ নামেৰে নামকৰণ কৰা হয়। বৈশাগুৰ সপ্তম দিনটোত আত্মীয় আৰু বন্ধু বৰ্গৰ হৈতে একলগ হৈ উদযাপন কৰে।
বৈশাগু উৎসৱতে বাগুৰুম্বা পৰিবেশন কৰে। ডেকা গাভৰুৱে সমূহীয়াকৈ বৈশাগু নৃত্য পৰিবেশন কৰে। ডেকাৰ চিফুংৰ সুৰত গাভৰু সকলে নাচে। বৈশাগুৰ সজুলি সমূহ হ'ল খাম, চেৰেন্দা, থোৰকা ইত্যাদি।
এই সমূহৰ মাজতে বড়েসকলে উৎসৱ সমূহ পালন কৰে।
The Boro people are a nation with a rich culture , healthy society, language -literature and religious system. The Boro people are one of the earliest ethnic groups in North East India. They speak their Dawan. Their mother tongue is Boro. The Boros are mainly of the Mongolian ethnic group. The Boros are culture lovers. The total population of the Boros is 1,300,0 They are found living in Kokrajhar, Chirang, Baxa Odalguri and Karbi Anglong, Dibrugarh, Tinsukia, Lakhimpur in Assam. Their main religions are Hinduism and Christianity. They are known as the Boro Kachari affiliated ethnic group. The Boros are a collection of different ethnic groups. They are found scattered in various parts of Assam. Boro is a Sino-Tibetan Burmese language. Scholars believe that the two main dialects of Tibetan are,
1. Tibet Burmese and
2. Tai is the Chinese language.
The festivals of the Bodos are mainly Kherai Puja and Baisagu. Kherai Puja is celebrated as a symbol of fertility and fertility. Kherai Puja is mainly an agricultural festival. Kherai Puja is celebrated in the month of Kati. This festival is celebrated just before the harvest. This festival is celebrated in conjunction with the Siju tree as the Batho deity. Kherai dance is performed in conjunction with this puja. There are many different types of rituals and sacrifices of animals and birds in front of the Batho god. Then the Oja kneels down and chants the mantra, the old heads sit behind the Oja and the Deuri sits on the left side of the Deodhanip. There are many different types of dances performed during the puja. This dance is performed even after the end of the puja.
The word Kherai etymologically means 'Kharai' + 'Ai' meaning 'Khar' means to run or move and 'Ai' means 'Gosani'. This dance is performed to appease the mothers. There is no specific meaning for the word, but some scholars believe that it means it.
The Baishagu dance is celebrated around the month of Bahag. The Baishagu festival is the seasonal festival of the Boros. This festival is also celebrated on an agricultural basis. The word Baishagu means the beginning of the New Year. The word 'Baicha' means the New Year and the word 'Agu' means the beginning. The festival lasts from the second day of the month of Chat to the sixth day of the month of Bahag. There is a close relationship between Bahag Bihu and Baisagu. The festival is celebrated for seven days. On the first day, 'Makhau' or 'Machau' means cow and on the second day, 'Mansi' means man. They also celebrate the day of worship of the gods and tributes to the ancestors. The third day is named after Saima meaning dog, the fourth day Oma meaning pig, the fifth day Dao meaning chicken and the sixth day duck or unique bird. They celebrate the seventh day of Baishagu with relatives and friends.
They perform Bagurumba during the Baishagu festival. There are many different types of Baishagu dances performed by young men and women. The girls dance to the tune of the young man's chifung. The tools of Baishagu are envelopes, serenda, thorka etc.
These are the festivals celebrated by the Bades.









No comments:
Post a Comment