ক্ৰীড়া , স্বাস্থ্য আৰু অনাবিল সুখ
ক্ৰীড়া হ'ল শাৰিৰিক আৰু মানসিক সুস্থতা বাহ্যিক ৰূপত প্ৰকাশ কৰাৰ এটি ক্ষুদ্ৰ প্ৰয়াস । ক্ৰীড়া বা খেল-ধেমালিৰ জৰিয়তে মানুহে মনৰ আনন্দ অভিব্যক্ত কৰে । মানৱ শৰীৰৰ বাবে ক্ৰীড়া অথবা খেল- ধেমালি হৈছে এক শাৰিৰিক আৰু সামাজিক ক্ৰিয়া-কলাপ , য'ত খেলুৱৈসকলৰ কিছুমান বিশেষ ৰীতি-নীতি অনুসৰণ কৰাতো বাঞ্চনীয় । খেল-ধেমালিয়ে মানৱ শৰীৰৰ পৰা শাৰিৰিক ও মানসিক অৱসাদ সমূহ দূৰ কৰি জীৱনলৈ সু-স্বাস্থ্য আৰু কুশলতা কঢ়িয়াই আনে । ক্ৰীড়াই হৈছে সমাজৰ বাবে এনে এক মঞ্চ , য'ত খেলুৱৈসকলে নিজ প্ৰতিদ্বন্দ্বিতাৰ জৰিয়তে নিজৰ শাৰিৰিক ক্ষমতা আৰু মানসিক দক্ষতা পৰীক্ষা কৰি পাৰে আৰু ইয়াক নিজৰ অভ্যাসৰ জৰিয়তে অবিৰত ভাৱে অব্যাহত ৰাখি বিকাশ সাধন কৰিব পাৰে ।
খেল-ধেমালিৰ পৰ্য্যাপ্ত অভ্যাসৰ বাবে এজন খেলুৱৈক অফুৰন্ত সময় আৰু উপযুক্ত শক্তিৰ প্ৰয়োজন হয় । যাৰ বাবে প্ৰায়ভাগ অভিভাৱকে ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাত খেল-ধেমালিয়ে প্ৰভাৱ পেলোৱাৰ শংকা অব্যক্ত কৰে । ফলত নিজ সন্তানৰ ক্ষেত্ৰত কিছু অভিভাৱকে খেল-ধেমালিৰ প্ৰতি ল'ৰা-ছোৱালীক আৰ্কষিত কৰিবলৈ সংকোচৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । পিছে ই এক ভুল ধাৰণা । কিয়নো ক্ৰীড়াৰ মূল উদ্দেশ্যই হৈছে স্মৃতি শক্তি বৃদ্ধি কৰা , নিত্য অভ্যাস আৰু নিজৰ লক্ষ্যৰ প্ৰতি আগবঢ়োৱা মনোযোগ । ক্ৰীড়া অথবা খেল-ধেমালিৰে যোগদি ল'ৰা-ছোৱালীয়ে নিজৰ জীৱনৰ এক উপযুক্ত লক্ষ্য নিৰ্ধাৰণ কৰি তাক সু-ফললৈ কঢ়িয়াই নিয়াৰ যি এক দীঘলীয়া যাত্ৰা তাক অতিক্ৰম কৰিবলৈ শিকে । খেল-ধেমালিৰ অভ্যাসে এজন খেলুৱৈক ধূম্ৰপান , মদ্যপান আদিৰ দৰে বদভ্যাস সমূহ বৰ্জন কৰাত সহায় কৰে । বিদ্যাৰ্থীৰ পঢ়া-শুনা , ব্যক্তিৰ জীৱন সংগ্ৰাম , পৰিয়ালৰ দায়িত্ব , ইত্যাদি তাৰণাৰ পৰা পৰিত্ৰাণ পাবলৈ খেল - ধেমালিয়ে সহায় কৰে । ই মানৱ শৰীৰৰ শাৰিৰিক তথা মানসিক সতেজতা বৃদ্ধি কৰি ব্যক্তিগৰাকীক সপ্ৰতিভ কৰি তোলে । খেল - ধেমালিয়ে মগজুৰ বিকাশ সাধনত গুৰুতপূৰ্ণ ভূমিকা গ্ৰহণ কৰে । মানৱ শৰীৰ আৰু মগজুক সুস্থ কৰি তোলাৰ উপৰিও ক্ৰীড়াৰ সহায়ত জ্ঞানেন্দ্ৰিয় শক্তি বৃদ্ধি পায় । খেল - ধেমালি জীৱনৰ এনে এক ক্ৰিয়া - কলাপ যাক মানুহে জীয়াই থকা সয়মৰ যিকোনো স্তৰত যেনে - শৈশৱ , বৃদ্ধ অথবা প্ৰাপ্তবয়স্ক কালত আকোঁৱালি ল'ব পাৰে । খেল - ধেমালিয়ে ল'ৰা ছোৱালীৰ অন্যমনস্ক ভাৱ দূৰ কৰাত সহায় কৰে । ই মানৱ শৰীৰৰ খাদ্য হজম শক্তি বৃদ্ধি কৰাৰ লগতে শৰীৰত বেমাৰ - আজাৰসমূহৰ আৱিষ্কাৰৰ পৰিমাণ হ্ৰাস কৰে । ক্ৰীড়াৰ দ্বাৰা ব্যক্তিৰ ধৈৰ্য্য শক্তি বৃদ্ধি পায় । খেল - ধেমালিৰ জড়িয়তে ব্যক্তিৰ জীৱনত বিভিন্ন ধৰণৰ নতুন ধনাত্মক স্বভাৱ আৰু ব্যক্তিত্বই গঢ় লৈ উঠে । ই মানুহৰ জীৱনত প্ৰেৰণা আৰু আত্মবিশ্বাসৰ দৰে অনুভৱৰ পৰিমান বৃদ্ধি কৰে । খেল - ধেমালিৰ জৰিয়তে ব্যক্তিয়ে নিজৰ জীৱন সংগ্ৰামত জয়ী হোৱাৰ হাবিয়াসক অনুভৱ কৰিবলৈ শিকে । ইয়াৰ লগতে খেল - ধেমালিয়ে আমাক পৰাজয়ৰ সৈতে মীমাংসা কৰিবলৈ শিকায় । লগতে কঠোৰ পৰিশ্ৰম কৰি লক্ষ্য প্ৰাপ্তি ভোগ কৰাৰ বিষয়েও শিকায় । খেল - ধেমালিয়ে মানৱ দেহত অনুশাসনবোধ জাগ্ৰত কৰে , যিকোনো কাৰ্য্যসূচীৰ প্ৰতি মানৱ শৰীৰ সপ্ৰতিভ কৰি তোলে , শাৰিৰিকভাৱে শক্তশালী কৰি তোলাৰ উপৰিও মানুহৰ শাৰিৰিক , মানসিক আৰু আৱেগিক পৰিস্থিতি সৱল কৰে । খেল - ধেমালিৰ জড়িয়তে দলীয় একতা আৰু আত্মবিশ্বাসৰ মনোভাৱ বৃদ্ধি পায়। মানৱ জীৱনৰ প্ৰতিটো খোজতেই খেল - ধেমালিৰ এক সুকীয়া ভূমিকা আছে । দৈনন্দিন ক্ৰীড়াৰ অভ্যাসে শৰীৰৰ প্ৰত্যেকটো অংগ -প্ৰত্যংগকে সজাগ কৰি হৃদয়খনক শক্তশালী কৰি তোলে , যাৰ ফলত সেই নিৰ্দ্দিষ্ট ব্যক্তিজন হৃদৰোগত ভূগিব লগীয়া নহয় । বিশেষকৈ খেল - ধেমালিৰ নিতৌ অভাসৰ উপকাৰিতা হৈছে , ই শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখে , সম্পূৰ্ণ শৰীৰত কঢ়িয়াই থকা তেজ পৰিষ্কাৰ কৰি ৰখা তথা বহুমূত্ৰ ৰোগ নিয়ন্ত্ৰণ কৰে । ক্ৰীড়াৰ অভ্যাসে মানুহৰ জীৱনত ব্যক্তিত্বৰ বিকাশ সাধন কৰে আৰু এটি সুস্থ সবল শৰীৰ তথা মগজুৰে এটি মধুৰ জীৱন যাপনত সহায় কৰে । খেল-ধেমালিৰ সৈতে ওত: প্ৰোতভাৱে জড়িত ব্যক্তিসকলে জীৱন বাটত দেখা দিয়া যিকোনো সৰু বৰ বিপদ আপদৰ সমিধান সহজেই বিচাৰি উলিয়াব পাৰে । খেলুৱৈ সকলৰ , জীৱনত যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'ব পৰাকৈ , সকলো সমস্যাৰ সমাধান কৰিব পৰাকৈ সকলো উচিত সিদ্ধান্ত ল'ব পৰা ইত্যাদিৰ দৰে নিজস্ব কিছু বিশেষ ক্ষমতা আছে । যিসকল ব্যক্তিৰ জীৱনত ক্ৰীড়াৰ অভ্যাস তেনেই তাকৰ অথবা খেল - ধেমালিৰ প্ৰতি যিসকল একেবাৰে আগ্ৰহী নহয় , তেওঁলোকৰ শৰীৰত খুব কম বয়সতে বিভিন্ন ধৰণৰ দূৰাৰোগ্য বেমাৰে থিতাপি লোৱাৰ আশংকা থাকে । খেল-ধেমালিৰ জৰিয়তে ল'ৰা- ছোৱালীয়ে সময়ৰ সদ্ ব্যৱহাৰ কৰিবলৈ শিকে । প্ৰত্যেকবিধ খেলৰে নিৰ্দ্দিষ্ট কছুমান নীতি - নিয়ম থাকে , আৰু এজন খেলুৱৈয়ে সেই সকলোবৰকে অনুসৰণ কৰি কৰি জীৱনটোয়ো নিৰ্দ্দিষ্ট ৰীতি-নীতিৰ মাজেৰে জীয়াবলৈ শিকে ।
খেল - ধেমালিৰ জৰিয়তে আজিৰ যুগত খেলুৱৈসকলে ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্য্যায়তো নিজৰ পৰিচয় গঢ়িবলৈ সক্ষম হৈছে । তাৰে ভিতৰত শ্বশীন তেণ্ডুলকাৰ , চানিয়া মিৰ্জা , চাইনা নেহ্ৱাল , মেৰী ক'ম , চৰ্দাৰ সিং এইসকলৰ নাম উল্লেখযোগ্য । বৰ্তমান সময়ত ক্ৰীড়া ক্ষেত্ৰখনত খেলসসমূহ নিয়াৰিকৈ পৰিচালনা কৰাত আৰু ফলাফল নাইবা বিজয়ী খেলুৱৈ নিৰ্ধাৰণৰ বাবে প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা দখল কৰিছে । জয় অথবা পৰাজয় এই দুয়োবিধেই ক্ৰীড়াৰ অৰ্নিবায্য অংশ , সেয়েহে এজন প্ৰকৃত খেলুৱৈৰ বাবে পৰাজয়ৰ হতাশা আৰু জয়ৰ কিৰিলি দুয়োটাই হাঁহি মুখে গ্ৰহণ কৰিব পৰাকৈ পৰ্য্যাপ্ত মনোবল থাকিব লাগে । স্কুলীয়া বিদ্যাৰ্থী অথবা চাকৰিয়াল পুৰুষ- মহিলাসকলৰ ব্যস্ত জীৱন প্ৰণালীৰ বাবে খেল-ধেমালি অতিকৈ গুৰুত্বপূৰ্ণ । ই মানুহৰ ব্যস্ত জীৱনক সৰল কৰি তোলে । ল'ৰা-ছোৱালীসকলৰ জীৱনত খেল-ধেমালিয়ে ধৈৰ্য্যশীলতাৰ দৰে ব্যক্তিত্বৰ বিকাশ সাধন কৰে । বৰ্তমান সময়ত বহুজনে খেল-ধেমালিৰ জড়িয়তে নিজৰ আৰ্থিক দিশো সৱল কৰি তুলিছে । আজিৰ প্ৰজন্মই ক্ৰীড়া ক্ষেত্ৰখনত নিজৰ কঠোৰ পৰিশ্ৰম আৰু নিতৌ অভ্যাসৰ বলত নিজৰ ভৱিষ্যত নিজেই উজলাবলৈ সক্ষম হৈছে ।








No comments:
Post a Comment