অতীতৰ ল'ৰালিৰ উমলা খেলবোৰ
"টিপি টিপ টাপ
ৰং এটি দেখিছো।
কি ৰং?
ৰঙা ৰং... "
শৈশৱেই শুৱলা আছিল।হাতত বেট-বল লৈ পথাৰলৈ উলাই যোৱা আবেলিৰ পৰা বেলি ডুবাৰ পৰ্যন্ত সমনীয়াৰ লগত ক্রিকেট খেলা,লুকা-ভাকু খেলা ... এইয়াইটো আছিল প্ৰকৃত জীৱন ।
বৰ্তমান যান্ত্রিক পৃথিৱীত হেৰাই যাব খোজা ল'ৰালিৰ সেই সৰু সৰু খেলবোৰৰ মহত্ব আজিৰ ঘৰৰ ভিতৰত আৱদ্ধ মোবাইল ফোনটোত জানো পাই। তেতিয়াৰ উমলা গীতবোৰত পোৱা মাদকতা আজিৰ মোবাইল ফোনত পোৱা গানবজোৱা গেম কেইটাত ও পোৱা নাজায় । ল'ৰালিৰ ধেমেলীয়া খেলবোৰৰ সৈতে মনটোৰ ওতঃপ্ৰোত সম্বন্ধ আছে। য'ত কোনোধৰণৰ কৃত্রিমতা নাই জটিলতা নাই সেই সমূহতেই মানসিক ভাৱে সফল হৈ থকাও পৰিলক্ষিত হোৱা দেখা যায়।
কথাটেই কোৱা হয় যে মন ভালে থাকিলেহে স্বাস্থ্য ভালে থাকে। অতীতৰ টাং গুটি, ক্ৰিকেট, লুডু, পিটৌ গুটি, ঘিলা, লুকা ভাকু আদিৰ জৰিয়তে বৰ্তমানৰ ছাত্ৰ -ছাত্ৰী সমূহ সুস্হ থকা লগতে , মানসিক ভাবেও আগবঢ়া আছিল। ধেমালিতে ধেমালিতে খেলা এই খেলসমূহে ছাত্ৰ-ছাত্ৰীৰ মানসিক বিকাশ হোৱাত যথেষ্ট সহায় কৰে। বৰ্তমানৰ ঘৰৰ ভিতৰত আৱদ্ধ মোবাইলৰ গেমতকৈ বাহিৰৰ পৃথিৱীত ঢুলি মাটি গছকি খেলা শিশুবোৰ বেছি সক্ৰিয় হৈ থকা পৰিলক্ষিত হয়।বৰ্তমানে অন্য এখন নতুন পৃথিৱী আৱদ্ধ হৈ ৰোৱা শিশুবোৰ বন্দী পক্ষীৰ দৰে হৈ পৰে। জন্ম হোৱাৰে পৰা মাক- দেউতাকে বান্ধি দিয়া ৰোটিন খনৰ মতেই যাত্ৰা আৰম্ভ কৰে।
আজিৰ শিশুৱে নিচিনে,
অতীতৰ টাং গুটি কি, ৰচী টনা খেল, টেকেলি ভঙা ইত্যাদিবোৰ। শিশুৰ মানসিক বিকাশত আৰম্ভ হোৱা এই খেলবোৰ আজি বিলুপ্ত হ'বলৈ ধৰা দেখা গৈছে । ঢকুৱা টানি দৌৰি খেলা খেলবোৰ আজি যেন এচাম লোকৰ বাবে বোজা হৈ পৰা পৰিলক্ষিত হয়।
শেষত শিশুৰ এটা নান্দনিক সুন্দৰ ভবিষ্যৎতৰ বাবে প্ৰয়োজন হয় সুস্থতা।সকলো খেল খেলি প্ৰতিটো খেলৰে সুৱাদ ল'বলৈ দিব লাগে। যেন মোবাইলৰ online game আৱদ্ধ নাথাকি হাতত বেট বল লৈ আগুৱাই যাব পাৰে।








No comments:
Post a Comment