ভাৰতবৰ্ষৰ ৰাজনীতিৰ এপৃষ্ঠা
একপক্ষীয়ভাৱে ৰাজনীতিৰ পৰিচয় সঠিকভাৱে দিয়াটো সহজ নহয় । তথাপি কিছুমানৰ মতে নিজৰ স্বাৰ্থ অথবা নিজৰ চাহিদা পূৰণৰ উদ্দেশ্যৰে এখন দেশ বা এখন ৰাজ্যৰ শাসনভাৰ অধিকাৰৰ বাবে দুই বা ততোধিক দলৰ মাজৰ প্ৰতিযোগিতামূলক অপচেষ্টাকে ৰাজনীতি বুলি ধৰা হয় । কিছুমানৰ মতে আকৌ ৰাজনীতি হ'ল সামাজিক অশান্তিৰ মূলত থকা এক বিষাদমূলক পদক্ষেপ । ৰাজৈতিক নেতা অথবা ৰাজনীতিৰ সৈতে ওত: প্ৰোতভাৱে জড়িত সদস্য সদস্যাসকলৰ বাবে ৰাজনীতি হ'ল জনসাধাৰণৰ কল্যাণ আৰু উপকাৰ সাধনৰ বাবে আগবঢ়োৱা সেৱা । কাৰোবাৰ মতে ৰাজনীতি হৈছে এক সামূহিক কাৰ্য্যকলাপ য'ত দেশৰ প্ৰত্যেকজন নাগৰিককে সামৰি তেওঁলোকৰ সুবিধা অসুবিধাসমূহ নিৰীক্ষা কৰি কিছু নীতি-নিয়মৰ মাজৰে শাসনকৰ্তাসকলে এখন দেশ নিয়ন্ত্ৰণ কৰে । নিৰ্দ্দিষ্ট সেই শাসনাকৰ্তাৰ দলটিকো বা সেই দলৰ প্ৰতিনিধি গৰাকীকো এক প্ৰতিযোগিতামূলক নিৰ্বাচনৰ মাধ্যমেৰে দেশৰ নাগৰিক সকলেই বাচনি কৰি লয় । নিৰ্বাচন দেশৰ ৰাজনীতিৰ এক অপৰিহাৰ্য্য অংগ । একেখন সমাজৰ একেটি অঞ্চলত বসবাস কৰা লোকসকলৰ মাজতো কেতিয়াবা পাৰিবাৰিক সংঘাট আৰু চুবুৰীয়া এজনৰ আনজনৰ সৈতে মতভেদৰ সৃষ্টি হয় । এখন ৰাজ্যৰ নাগৰিকৰ উচিত জীৱন প্ৰণালী , সামাজিক স্বাৰ্থ পূৰণ , ক্ষমতা , সম্পদ আদিৰ বিভাজন ইত্যাদি দেশৰ জনসাধাৰণৰ কিছু সৰ্বসাধাৰণ সমস্যা । এনেধৰণৰ সমস্যাসমূহৰ উচিত সমাধান অথবা সমূহীয়াকৈ সকলোৰে জনহিতাৰ্থে কেনে সিদ্ধান্ত গৃহিত কৰিলে ৰাইজ উপকৃত হ'ব এই বিষয়ক লৈয়ো সমাজত বহু বিতৰ্কৰ সৃষ্টি হয় । এপে কিছু বিবাদৰ জৰিয়তেই সমাজৰ একাংশ লোকে চৰকাৰৰ সিদ্ধান্তৰ ওপৰত স্বক্ৰিয় ভূমিকা বিস্তাৰৰ চেষ্টা কৰে , এই প্ৰচেষ্টাকে ৰাজনৈতিক প্ৰক্ৰিয়া বুলি কোৱা হয় । সেয়েহে ৰাজনীতিক একধৰণৰ সামাজিক প্ৰক্ৰিয়া বুলিও কোৱা হয় । এখন দেশ আৰু দেশখনৰ চৰকাৰ ব্যৱস্থা , দেশ আৰু চৰকাৰৰ কাৰ্য্যাৱলী , দেশৰ সমস্যা , দেশ আৰু নাগৰিকৰ মাজৰ সম্পৰ্ক আদিৰ বিষয়ে সকলো ধৰণৰ বিশ্লেষণ দেশখনৰ ৰাজনীতিয়ে ডাঙি ধৰে । এখন দেশৰ এজন সক্ৰিয় নাগৰিক হিচাপে নিজকে গঢ়ি তুলিবলৈ নিজৰ দেশৰ ৰাজনীতিৰ ওপৰত অধ্যয়ন কৰাতো বাধ্যতামূলক । অসমৰ ৰাজনৈতিক নীতি নিয়ম অনুযায়ী ৰাজ্যখনৰ ৰাজনীতিৰ মূলমন্ত্ৰ । ভাৰতবৰ্ষৰ সংবিধান অনুযায়ী আমাৰ দেশত প্ৰতি পাঁচ বছৰৰ মূৰত নিৰ্বাচন অনুষ্ঠিত হয় । এই নিৰ্বাচনত দেশৰ ৰাজনৈতিক দলসমূহৰ তৰফৰ পৰা এগৰাকীকৈ নেতা দলটোৰ প্ৰতিনিধিত্বৰে নিৰ্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়ায় । নিৰ্বাচনৰ প্ৰাক্ক্ষণত প্ৰত্যেকটি দলেই সঁচা-মিছা উভয়ৰ প্ৰতিশ্ৰুতিৰে দেশৰ নাগৰিকসকলক আৰ্কষিত কৰাৰ চেষ্টা কৰে । বিভিন্ন প্ৰলোভনেৰে নিজ নিজ দলৰ সদস্যসকলে ৰাইজৰ মন মোহিবলৈ অপাৰ প্ৰচেষ্টা কৰে । এইসকলোবোৰৰ পাছতেই নিৰ্দ্দিষ্ট নিৰ্বাচনীৰ দিনটোত জনসাধাৰণে নিজৰ বিবেক বিবেচনাৰ সহিতে সিদ্ধান্ত লৈ উপযুক্ত দলটিক ভোট দান কৰে । ভাৰতবৰ্ষৰ নাগৰিকে ১৮ বছৰ বয়সৰ পাছৰে পৰা নিৰ্বাচনী ভোট দান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰে । এই নিৰ্বাচনী প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছতেই নিৰ্দ্দিষ্ট দিন এটাত ভোট গণনা কৰা হয় । ভোট গণনাই কোনটো দলে কিমান ভোট লাভ কৰিবলৈ সক্ষম হৈছে সেইয়া নিৰ্ধাৰণ কৰে । সৰ্বাধিক ভোট লাভ কৰি নিৰ্বাচনত জয়যুক্ত হোৱা দলটিয়ে দেশৰ চৰকাৰ গঠন কৰে । নিৰ্বাচনী জয়লাভৰ পাছত চৰকাৰ গঠন কৰা ৰাজনৈতিক দলটিৰ দেশৰ শজয়লাভ কৰা ৰাজনৈতিক দলটিৰ প্ৰমূখ গৰাকীয়ে চৰকাৰৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত হয় । পিছলৈ সেই সংখ্যাগৰিষ্ঠ দলটিৰ মূখ্য প্ৰতিনিধিজনক ৰাষ্ট্ৰপতিৰ অনুমতিক্ৰমে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয় । প্ৰধানমন্ত্ৰীয়ে হৈছে দেশখনৰ প্ৰকৃত কাৰ্য্যবাহী শাসনকৰ্তা । পধানমন্ত্ৰী হিচাপে দেশৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত তেখেতৰ প্ৰথম কাম হৈছে মন্ত্ৰী পৰিষদ গঠন কৰা। দ্বিতীয়তে, মন্ত্ৰী পৰিষদৰ দপ্তৰ বিতৰণ কৰা। তৃতীয়তে শাসনাধিষ্ট দলৰ নেতা হোৱাৰ লগতে লোকসভাৰ নেতা হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰি দেশৰ শাসন কাৰ্য পৰিচালনা কৰা। প্ৰধানমন্ত্ৰীয়ে সদায় দলৰ নীতিক সমৰ্থন কৰি বিৰোধী পক্ষৰ সমালোচনাৰ উত্তৰ দিয়ে। ইয়াৰ উপৰিও দেশৰ প্ৰধান হিচাপে প্ৰধানমন্ত্ৰীয়ে বৈদেশিক নীতি গ্ৰহণ আৰু পৰিচালনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
প্ৰকৃতাৰ্থত ৰাজনীতি অবিহনে এখন অথবা দেশৰ কাৰ্য্যাৱলী অচল হৈ পৰিব । নীতি- নিয়ম , ন্যায় , প্ৰশাসন অবিহনে দেশত অনাতনেৰে ভৰপূৰ হৈ পৰিব । ১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰ পাছৰে দেশৰ শাসনভাৰৰ দায়িত্ব গ্ৰহণ কৰিবলেৈ , দেশখন সুচাৰুৰূপে চলাই নিবলৈ ৰাজনীতিৰ প্ৰয়োজন বৃদ্ধি পাইছে । তাৰ পূৰ্বেও ইংৰাজৰ শাসনকালতো বৃটিছে তেওঁলোকৰ নিজা ৰাজনীতিৰে ভাৰতবৰ্ষক শাসন কৰিছিল ।
এখন দেশত শান্তি-শৃঙ্খলা বজাই ৰাখিবৰ বাবে ৰাজনীতিৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ যদিও ইয়াৰ দূৰ্গুণৰো কোনো সীমা নাই । কিছুমানৰ মতে ৰাজনীতিয়ে দেশত অপৰাধৰ মাত্ৰা বৃদ্ধি কৰে । শাসনকৰ্তা দলৰ বহু নেতাই চৰকাৰী ক্ষমতাৰ অপব্যৱহাৰ কৰি দেশত উচ্ছৃঙ্খলতাৰ সৃষ্টি কৰে । নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাৰ প্ৰেক্ষাপটত প্ৰতিযোগী দলসমূহৰ মাজত দলীয় সংঘাটৰ সৃষ্টিৰে পিছলৈ ভয়ংকৰ অঘটনৰ সম্ভাৱনা থাকে । ৰাজনীতিয়ে জনসাধাৰণৰ মাজত ধৰ্মীয় মতভেদৰ সৃষ্টি কৰে । ৰাজনীতিৰ ভিন্নতাই সমাজত পৰস্পৰৰ মাজত থকা স্নেহ , একতা, ভাতৃত্ববোধৰ ভাৱ কম কৰি শত্ৰুতা বৃদ্ধি কৰে । ক্ষমতা সাধনৰ পাছতো বহু নেতাই নিজ প্ৰতিশ্ৰুতিৰ পৰা পৰিত্ৰাণ পাব বিচাৰে ।
আজিকালি বিদ্যালয় , মহাবিদ্যালয় , বিশ্ববিদ্যালয় অথবা অন্য শিক্ষানুষ্ঠানসমূহতো প্ৰতিষ্ঠানটি সুচাৰৰূপে চলাই নিবৰ বাবে ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ নামত ছাত্ৰ ৰাজনীতিৰ প্ৰাৰাম্ভণি দেখা গৈছে । যি প্ৰক্ৰিয়াই শিক্ষানুষ্ঠানখনত আৰম্ভণিৰে পৰা চলি অহা দূৰ্নীতিবোৰ দূৰ কৰিবলৈ চেষ্টা কৰে যদিও ছাত্ৰ ৰাজনীতিৰ জৰিয়তে বহু বিদ্যাৰ্থী শাৰিৰিক আৰু মানসিকভাৱে বিপদৰো সন্মুখীন হয় । লগতে ছাত্ৰ ৰাজনীতিৰ দ্বাৰা বিদ্যাৰ্থী সকলৰ পঢ়া - শুনাৰ দিশতো প্ৰভাৱ পৰে । ছাত্ৰ ৰাজনীতিৰ ফলত বিদ্যাৰ্থী সকলৰ ধাউতি শিক্ষানুষ্ঠান , শ্ৰেণীকোঠা , পাঠ্যক্ৰমৰ পৰিৱৰ্তে ছাত্ৰ আন্দোলন , সাংস্কৃতিক অনুষ্ঠান , সামূহিক ভ্ৰমণ ইত্যাদিৰ ফালে ঢাল খায় ।
অৱশেষত ওপৰত উল্লেখিত তথ্য সমূহৰ পৰা বুজা গৈছে ৰাজনীতিত উপকাৰিতাৰ সমসাময়িকভাৱে অপকাৰিতাও আছে যদিও দেশৰ প্ৰত্যেকজন নাগৰিকেই অনিচ্ছাসত্ত্বেও ৰাজনীতিৰ মেৰপাকত বান্ধ খাই থাকে ।








No comments:
Post a Comment