অসমীয়া ভাষা - সাহিত্য
সাহিত্য হ'ল সমাজ আৰু জাতিৰ দাপোন স্বৰূপ। সমাজ আৰু জাতি বৰ্তি থকা আবেগ-অনুভূতি, বিদ্ৰোহ-আকাংক্ষা, মৰম-অত্যাচাৰ আদি বিভিন্ন দিশক সাহিত্যৰ যোগেদি প্ৰতিফলিত কৰা হয়। সামাজিক জনজীৱনৰ প্ৰতিটো দশকে ভাষাৰ সহায়ত সাহিত্যৰ যোগেদি প্ৰকাশ কৰিব পাৰি। সাহিত্য অবিহনে এটা ভাষা বা জাতি জীয়াই থাকিব নোৱাৰে।।
ৰবীন্দ্ৰ নাথ ঠাকুৰদেৱে সাহিত্য সংজ্ঞা এনেদৰে দিছিলে -- " ধাতুগত অৰ্থ ধৰিলে সাহিত্য শব্দটোৰ মাজত এটি মিলনৰ ভাৱ দেখা যায়। সি যে' কেৱল ভাৱে - ভাৱে,ভাষাই - ভাষাই মিল ,তেনে নহয় ,মানুহৰ লগত মানুহৰ,অতীতৰ লগত বৰ্তমানৰ, দূৰৰ লগত ওচৰৰ মিলন " ।
একোখন কিতাপৰ উপস্থিতিয়ে সাহিত্যৰ পৃথিৱীখনক আৰু ইয়াৰ সদস্যসকলক এক অনাবিল সুখ প্ৰদান কৰে । একো-একোটা শব্দৰ সমাহাৰেৰে এখিলা বগা কাগজত চিয়াহীৰে বুটা বচা হয় । আৰু তেনে বহু কাগজৰ দলে একোখন কিতাপক জন্ম দিয়ে । একো একোখন গ্ৰন্থই সাহিত্যৰ সম্ভাৰত স্থানীয়ভাৱে নিজৰ পদ দখল কৰিবলৈ সক্ষম হৈছে । পাঠকৰ বাবে আৰু লেখকৰ বাবে কিতাপেই তেওঁলোকৰ পৃথিৱী স্বৰূপ । কোনো বাধ্য বাধকতাৰে মানুহে কিতাপৰ কাষ চাপিব নোৱাৰে । কিতাপক আকোঁৱালি ল'বৰ বাবে থাকিব লাগিব সাহিত্য , ভাষা আৰু শব্দৰ প্ৰতি অগাধ প্ৰেম আৰু ভক্তি । এখন গ্ৰন্থই বা এটি কাহিনীয়ে পাঠকৰ জীৱন সলনি কৰিব পাৰে । এগৰাকী লেখক অথবা এগৰাকী সাহিত্যিক হিচাপে নিজকে প্ৰস্তুত কৰিবলৈ বা এখন কিতাপৰ জন্ম দিবলৈ কঠোৰ পৰিশ্ৰম আৰু এসাগৰ সাধনাৰ প্ৰয়োজন । প্ৰতিজন লেখকেই সাহিত্যৰ পথাৰত শব্দৰে নিজৰ সপোন শিচিব বিচাৰে । নিজস্ব অভিজ্ঞতাৰে দিঠক অথবা কল্পনাৰ ভিত্তিত এটি নতুন কাহিনী এখন শব্দৰ পৃথিৱী গঢ়ি তোলে । আৰু প্ৰত্যেকজন লেখককৰে প্ৰতিটো শব্দই সাহিত্যৰ বিকাশ আৰু প্ৰকাশত বিশেষ অৰিহণা যোগায় । এগৰাকী সাহিত্যিক অথবা লেখকে একেটি মাথো শব্দৰ বিশ্লেষণীয় প্ৰতিভাৰে শব্দৰ ভড়াল গঢ়ি তুলিব পাৰে । অসমীয়া সাহিত্যৰ জগতখনত অতুলনীয় অৱদানেৰে নিজৰ নাম টুকি থৈ যোৱা কেইগৰাকীমান বিশিষ্ট সাহিত্যিকৰ সাহিত্য কৃতিৰ বিষয়ে জানো আহক ।
সাহিত্যৰ ক্ষেত্ৰখনত অসমীয়া ভাষাৰ ওজা পণ্ডিত হিচাপে জনাজাত ভাষাবিদ তথা অসমীয়া সাহিত্যিক হেমচন্দ্ৰ বৰুৱা । অসমীয়া ভাষা প্ৰতিষ্ঠা আৰু প্ৰগতিৰ দিশত হেমচন্দ্ৰ বৰুৱাদেৱৰ আছে অন্যতম অৱদান । অসমীয়া ভাষা ও সাহিত্যই নিজৰ মৰ্য্যাদা হেৰুৱাৰ সময়তে সক্ৰিয় অসমীয়া সাহিত্যিকৰ দায়িত্বভাৰ গ্ৰহণ কৰি বৰুৱাদেৱে গৌৰেৱেৰে ভাষা আৰু সাহিত্যক আগুৱাই নিবলৈ অসমীয়া ভাষাত পোনপ্ৰথমবাৰৰ বাবে ব্যাকৰণ আৰু অভিধান ৰচনা কৰি উলিয়াইছিল । বৃটিছ শাসনকালত ইংৰাজে অসমতে অসমীয়া ভাষা পৰিহাৰ অসমীয়াৰ পৰিৱৰ্তে বাংলা ভাষা ব্যৱহাৰ কৰিবলৈ নিৰ্দ্দেশ দিছিল । সেই সময়ত হেমচন্দ্ৰ বৰুৱাদেৱে নিজ মাতৃভাষা আৰু শব্দৰ উন্মতিৰ হকে নেতৃত্ব প্ৰদান কৰি আগবাঢ়ি আহিছিল । অসমৰ ল'ৰা ছোৱালীয়ে অসমীয়া ভাষা শুদ্ধকৈ ক'ব আৰু লিখিবলৈ শিকাৰ সুবিধাৰ্থে অসমীয়া সাহিত্যৰ পাঠ্যপুথি , ব্যাকৰণ আৰু অভিধান প্ৰকাশ কৰিছিল । হেমচন্দ্ৰ বৰুৱাদেৱেই আছিল অসমীয়া ভাষাৰ সৰ্বশ্ৰেষ্ঠ তথা সৰ্বমান্য বিখ্যাত অভিধ্যান " হেমকোষ"ৰ প্ৰণেতা । সাতটা বছৰ কঠোৰ পৰিশ্ৰমৰ অন্তত আজিৰ পৰা প্ৰায় ডৰশ বছৰৰ পূৰ্বে বৰুৱাদেৱৰ প্ৰায় ৪০হাজাৰ শব্দযুক্ত হেমকোষ ৰচনা সম্পূৰ্ণ হৈছিল , যিখন তেখেতৰ মৃত্যুৰ ৪বছৰ পাছতহে প্ৰকাশ পাইছিল । ইয়াৰ উপৰিও তেখেতে " পঢ়াশালিয়া অভিধান " আৰু " সংক্ষিপ্ত হেমকোষ নামেৰে " আন দুখন অভিধানো প্ৰকাশ কৰিছিল ।
আনহাতে আধুনিক অসমীয়া সাহিত্যৰ পথ প্ৰদৰ্শক হিচাপে জনাজাত সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা । গল্প, উপন্যাস, প্ৰবন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, উপন্যাস , কবিতা, নাটক ইত্যাদি ৰচনা সাহিত্যক্ষেত্ৰখনত বজবৰুৱাদেৱৰ অমূল্য অৱদান আছে । অসমৰ জাতীয় সংগীত 'অ' মোৰ আপোনাৰ দেশ' লক্ষ্মীনাথ বেজবৰুৱাৰদেৱৰ দ্বাৰাই ৰচিত । লক্ষ্মীনাথ বেজবৰুৱাদেৱেই হ'ল প্ৰথম অসমীয়া চুটী গল্পৰ লেখক । তেখেতৰ হাস্যৰত্মক ৰসাল ৰচনাৱলীৰ বাবেই তেখেতক ৰসৰাজ উপাধি প্ৰদান কৰা হৈছিল । তাৰোপৰি বেজবৰুৱাদেৱৰ সাহিত্য কৃতিৰ বিশাল অৱদানৰ বাবে তেখেতক সাহিত্যৰথী , কৃপাবৰ বৰুৱা ইত্যাদি উপাধিও প্ৰদান কৰা হয় । জোনাকী , বাঁহীৰ লগতে আন কেইবাখনো আলোচনীৰ প্ৰকাশ আৰু সম্পাদনাৰে বৃজবৰুৱাদেৱে অসমীয়া সাহিত্যক অধিক জাকত জিলিকা কৰি থৈ গৈছে । লক্ষ্মীনাথ বেজবৰুৱাই শিশু-কিশোৰৰ উপযোগী হোৱাকৈও বহুতো সাধু একগোট কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাদেৱে শিশসকলৰ উপযোগীকৈয়ো তিনিখন সাধুকথাৰ পুথি ৰচনা কৰিছিল সেইকেইখন হ'ল 'বুঢ়ী আইৰ সাধু', 'ককাদেউতা আৰু নাতি ল'ৰা ' আৰু 'জুনুকা'। বুঢ়ী আইৰ সাধুত একত্ৰিশটা, ককাদেউতা আৰু নাতিল'ৰাত ঊনত্ৰিশটা আৰু জুনুকাত দহটাকৈ সাধু সন্নিৱিষ্ট হৈ আছে। শিশুসকলৰ মাজত 'বুঢ়ী আইৰ সাধু' আজিৰ তাৰিখতো খুবেই জনপ্ৰিয় । লক্ষ্মীনাথ বেজবৰুৱাদেৱ এগৰাকী বিখ্যাত কবিও আছিল । কাব্যিকক্ষেত্ৰখনক তেখেতে বহুতো দেশপ্ৰেমমূলক , খুহুতীয়া , আধ্যাত্মিক , ৰোমাণ্টিক কবিতাৰে উপচাই তুলিছিল । ১৯১৩ চনত আঠচল্লিশটা কবিতাৰে সন্নিবিষ্ট বেজবৰুৱাদেৱৰ কদমকলি নামেৰে এখনি কাব্যপুথি প্ৰকাশ পায় । ১৯৬৮ চনত তেখেতৰ মৃত্যুৰ পাছত ২৮টা কবিতাৰে সন্নিবিষ্ট "পদুমকলি" নামেৰে তেখেতৰ দ্বিতীয়খন কবিতাপুথি প্ৰকাশ পায় । ড° মহেশ্বৰ নেওগদেৱে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বিৰচিত কবিতাসমূহক "সোণ-পানীৰে চপাই-বন্ধাই থ'ব পাৰি '' বুলি কৈছে ।
অসমৰ এগৰাকী প্ৰসিদ্ধ সাহিত্যিক , লেখক , কবি , নাট্যকাৰ তথা প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা , ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা । কবিতা, নাটক, প্ৰবন্ধ, সমালোচনা, শিশুসাহিত্য আদি ৰচনাৰে আগৰৱালাদেৱে অসমীয়া ভাষা-সাহিত্যৰ দিশত এক বৃহৎ বৰঙণি আগবঢ়াইছে । তেখেতেই প্ৰথম অসমীয়া বোলছবি " জয়মতী " নিৰ্মাণ কৰিছিল । লভিতা , কাৰেঙৰ লিগিৰী , শোণিত কুঁৱৰীৰ দৰে কেইবাখনো গ্ৰন্থ ৰচনাৰ উপৰিও চন্দ্ৰকুমাৰ আগৰাৱালাৰ জীৱনী শীৰ্ষক এখনি জীৱনগ্ৰন্থও তেখেতে ৰচনা কৰিছিল । প্ৰায় তিনিশৰো অধিক গীতো তেখেতে ৰচনা কৰিছে ।
অসমীয়া সাহিত্যৰ জগতখন টনকিয়াল কৰা এগৰাকী অন্যতম পুৰোধা হৈছে ড° ভবেন্দ্ৰ নাথ শইকীয়া । খুব সৰু কালৰে পৰা পদ্য আৰু গদ্য ৰচনাৰে শইকীয়াদেৱে অসমীয়া সাহিত্যৰ মজিয়াত খোজ পেলাইছিল । বৃন্দাবন , গহ্বৰ , সেন্দুৰ , শৃংখল , ড° ভবেন্দ্ৰনাথ শইকীয়াৰ শ্ৰেষ্ঠ গল্প ( গল্প সংগ্ৰহ ) , তৰংগ , আকাশ , এই বন্দৰৰ আবেলি , উপকন্ঠ আৰু সান্ধ্য ভ্ৰমণ ' ইত্যাদি কেইবাখনো গল্প সংকলন প্ৰকাশ কৰিছে । 'মৰমৰ দেউতা ', 'তোমালোকৰ ভাল হওঁক', 'শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্ট', মহাদূষ্টৰ দূষ্ট বুদ্ধি ইত্যাদি হৈছে লক্ষ্মীনাথ শইকীয়াদেৱৰ শিশু তথা কিশোৰ উপযোগী ৰচনাৱলী । তেখেতৰ ৰচিত জনপ্ৰিয় শিশু আলোচনী " সঁফুৰা " আজিও শিশুসকলৰ মাজত বিখ্যাত ।
অসমীয়া সাহিত্যৰ জগতখনত এইসকল ব্যক্তিৰ উল্লেখনীয় অৱদান আছে । বৰ্তমানৰ ব্যস্ত জটিল সমাজখনতো ভাষা-সাহিত্যক জীয়াই ৰখাত এইসকল সাহিত্যিকৰ ৰচনাৱলীয়ে সম্পূৰ্ণ সহযোগ কৰিছে ।








No comments:
Post a Comment