মিছিং জনগোষ্ঠীৰ অন্যতম উৎসৱ আলি আঃয়ে লৃগাং
ঐতিহ্যময় বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰে চহকী, সম্প্রীতি আৰু ভ্ৰাতৃত্ববোধেৰে নিজৰ পৰিচয় বহন কৰা, অসমৰ ভৈয়ামৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী হৈছে মিছিং জনগোষ্ঠী। সংস্কৃতিত চহকী মিছিং জনগোষ্ঠীৰ অন্যতম উপাদান হ'ল তেওঁলোকৰ বাৰেৰহণীয়া উৎসৱ তথা তেওঁলোকৰ পৰম্পৰা সমূহ।
মিচিং জনগোষ্ঠীয়ে উৎসৱ দুই ধৰণৰ কৃষিভিত্তিক উৎসৱ পালন কৰা দেখা যায়। আলি -আঃয়ে লৃগাং আৰু পৰাগ। খেতিৰ আৰম্ভণিতে আৰু শস্যৰোপণৰ আগত আলি -আঃয়ে লৃগাং পালন কৰে আৰু খেতিৰ সফল সমাপ্তিৰ পাছত পঃৰাগ পালন কৰে। দুয়োটা উৎসৱতেই সকলোৰে মঙ্গল কামনাৰে মিচিং সমাজৰ ইষ্টদেৱতাক প্ৰাৰ্থনা জনোৱা দেখা পোৱা যায়। তাৰ ভিতৰতেই মিচিং সমাজৰ অন্যতম উৎসৱ হ'ল আলি আঃয়ে লৃগাং।
মিচিং জনগোষ্ঠীৰ এক অন্যতম জনপ্রিয় উৎসৱ হৈছে আলি আঃয়ে লৃগাং। কৃষিভিত্তিত গঢ় লৈ উঠা এই উৎসৱটো প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰা হয়। এই উৎসৱত লোকসকলে শস্য সিঁচাৰ পৰা আৰম্ভণি কৰি সকলোৱে একগোট হৈ মিলিজুলি ভোজ -ভাত খাই নৃত্য- গীত পৰিবেশন কৰা দেখা যায়। এই উৎসৱ মূল অৰ্থ হ'ল 'আলি'ৰ অৰ্থ হৈছে 'বীজ,' 'আয়ে 'ৰ অৰ্থ হৈছে 'ফল' , আৰু 'লৃগাং 'ৰ অৰ্থ হৈছে 'সিঁচা'। এই উৎসৱত ঘৰৰ গৃহিণীয়ে পঃৰ আপং (ছাইমদ) আৰু নাগিন আপং (বগামদ) তৈয়াৰ আৰু লিগাংত ব্যৱহাৰ হোৱা পুৰাং আপিন (টোপোলা ভাত) প্ৰস্তুত কৰে। লৃগাংৰ আগত গাভৰু সকলে তেওঁলোকৰ পৰম্পৰাগত সাজপাৰ সমূহত বিভিন্ন ধৰণৰ চিত্রৰে তৈয়াৰ কৰে। তেওঁলোকে লিগাংত তৈয়াৰ কৰা সাজপাৰ সমূহ হ'ল মচাং, আগে, ৰিঃবি গাচেম, গেৰঃ দুমৰি বা প্ৰিয়জনক উপহাৰ দিবলৈ মিবু গালক তৈয়াৰ কৰে। সন্ধিয়া ডেকা গাভৰু সকলে ঘৰে ঘৰে গুমৰাগ চঃমেন নৃত্য পৰিবেশন কৰে। এই লৃগাং উৎসৱ পাঁচদিনীয়াকৈ পালন কৰে। এই উৎসৱৰ লগত মিচিং সমাজৰ লোকবিশ্বাসও প্ৰচলিত থকা দেখা যায়। লিগাংত গাঁৱৰ মুখিয়ালৰ নেতৃত্বত আহুধান সিচিঁ কাৰ্য্যৰ শুভাৰম্ভ কৰে। আৰু গুটি সিঁচা মাটিডৰাত চাৰিটা চুকত চাৰিডাল পীঃৰ (মেডেলা) গছৰ আগলি কাটি আনি গুজে। পীঃৰৰ আলিফ পাতবোৰ একলগে মেৰিয়াই বগা সূতাৰে বান্ধি ৰাখে আৰু পূৱেদি গুজি পীঃৰ গছৰ ডালৰ গুৰিত সচল লৈ দুয়োবিধ আপং দি পূজা বা প্ৰাৰ্থনা আৰম্ভ কৰা দেখা যায়। এই অনুষ্ঠান গাৱঁৰ সকলো অঞ্চলত কৰা হয়। লিগাংত ডেকা গাভৰুৰ মাজত প্ৰেমৰ সম্পর্ক গঢ় লৈ উঠা দেখা যায়। ডেকাৰ বাহিৰ সুৰত কনেং মতলীয়া হৈ নৃত্য কৰে।
এনেদৰেই মিচিং সমাজত আজিও আলি আঃয়ে লৃগাং উৎসৱ পালন কৰি অহা দেখা যায়।
চুমি আহোম








No comments:
Post a Comment