সঁচাকৈয়ে আমাৰ দাঁতত পোক থাকেনে? || Do we really have worms in our teeth?


সাধাৰণতে সৰু লৰা ছোৱালীবিলাকৰ দাত পোকে খোৱাৰ কথা আপুনি নিশ্চয় শুনিছে। সঁচাকৈ বাৰু আমাৰ দাঁত পোকে খাইনে? বা আমি ভবাৰ দৰে আমাৰ দাঁতত পোক থাকেনে? যদি থাকে তেনে সেই পোকবিলাক দেখিবলৈ কেনেকুৱা? আৰু যদি নাথাকে তেন্তে বেজে জৰা ফুকা কৰি আমাৰ দাতৰ পৰা কেনেকৈ পোক উলিয়াই দেখুৱায়?
এই কথাবিলাক আৰু বহলকৈ বুজোৱাৰ আগতে আমাৰ গাঁৱলীয়া সমাজত দেখা পোৱা এটা সাধাৰণ ঘটনাৰ কথা কবলৈ বিচাৰিছোঁ। ঘটনাটো এনেধৰণৰ - আপোনাৰ প্ৰচণ্ড দাতৰ বিষ। না ভালকৈ কিবা খাব পাৰিছে না আন কিবা কামত মন বহুৱাব পাৰিছে। এনেকুৱা সময়তে আপোনাৰ কোনোবা এজন আত্মীয়ৰ পৰামৰ্শমতে আপুনি কোনোবা এজন তেওঁৰে চিনাকি বেজৰ ওচৰলৈ গল যিজন ইতিমধ্যে সেই কামৰ বাবে গাঁৱৰ মানুহৰ মাজত খ্যাত। বেজজনে আপোনাৰ মূখত এডাল গছৰ ঠাৰিৰে সুৰসুৰাই দিলে আৰু আপোনাৰ মুখৰ পৰা দুই তিনিটা লেও লেও কৰি থকা সৰু সৰু পোক সৰি পৰিল। যদিও আপুনি এইবিলাক কথা বিশ্ৱাস নকৰে কিন্তু এই ঘটনাতো দেখি আপুনি পতিয়ন গল যে সঁচাকৈয়ে এনেকুৱা হব পাৰে। যদিও আপুনি পতিয়ন গল আপুনি কথাটো মানি লবলৈ কোনো বিজ্ঞানসন্মত কাৰণ বিচাৰি পোৱা নাই। গতিকে আঁহক আজি আপোনাক বুজাম এই ঘটনাৰ কিবা বৈজ্ঞানিক ভিত্তি আছেনে নাই?
 আজিৰ লেখনিটোৰ পৰা এই কথাখিনি জানিব পাৰিব-
  • কেনেকৈ দাত পোকে খায়?
  • দাতৰ পোক মৰাৰ উপায়
  • দাত পোকে খোৱাৰ দৰব
  • দাত পোকে খালে কি কৰণীয়?
  • দাত পোকে খালে কি কৰা উচিত?

এতিয়া কথাটো হল সঁচাকৈ আমাৰ দাঁতত পোক থাকেনে? যদি নাথাকে তেনে এই দাঁতত পোকে ধৰা বেমাৰটোনো কি হয়? আৰু সেই লোকসকলে যে জৰা ফুকা কৰি যে আমাৰ দাতৰ পৰা পোক উলিয়াই দেখুৱাই সেই ঘটনাটোনো কি হয়?
বিজ্ঞানসন্মতভাবে, সঁচা কথা কবলৈ হলে আমাৰ দাঁতত তেনেধৰণৰ পোক থকাটো অসম্ভৱ কথা। চিকিৎসা বিজ্ঞানেও সেই কথা মানি লব নোৱাৰে। জৰা ফুকা কৰি আমাৰ দাতৰ পৰা পোক উলিয়াই দেখুওৱা ঘটনাতো আভুৱা ভুৱাৰ বাদে আন একো হব নোৱাৰে।
দাতৰ এটা সাধাৰণ সমস্যা বা বেমাৰ হল Dental Cavities বা দন্তক্ষয় আৰু এই dental cavities শিশুসকলৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায়। বিশেষ কাৰণবশতঃ দাতৰ দাতি আৰু মাজভাগ ক্ৰমে ক্ষয় যাবলৈ আৰম্ভ কৰে, আলু ওখহি উঠে, কেতিয়াবা মুখৰ পৰা দুৰ্গন্ধ ওলায়, কেতিয়াবা বিষ অনুভৱ হয় আৰু পিছলৈ যেতিয়া dental cavities হয় তেতিয়া কিবা এটা খালেই সাধাৰণতে প্ৰচণ্ড বিষ অনুভৱ হয়।এই সমস্যাৰ মূল কাৰণ হল আমাৰ দাঁতত এক বিশেষ শ্ৰেণীৰ বেক্টেৰিয়াৰ উপস্থিতি বৃদ্ধি হয় আৰু সেই শ্ৰেণী বেক্টেৰিয়াক কোৱা হয় spherical cocci bacteria. এই শ্ৰেণীৰ বেক্টেৰিয়াত আচলতে কেইবাটাও শ্ৰেণীৰ বেক্টেৰিয়া থাকে যেনেকৈ Streptococci, Staphylococci, Monococci, Diplococci, Sarina, Tetrads ইত্যাদি। আৰু এই শ্ৰেণীৰ বেক্টেৰিয়া বৃদ্ধি হলেই আমাৰ দন্তক্ষয় হয় বুলি জনা যায়। তাৰ উপৰিও এই শ্ৰেণীৰ বেক্টেৰিয়াৰ উপস্থিতি বৃদ্ধি হলে আমাৰ pneumonia (নিউমোনিয়া), pharyngitis (ফেৰেনজাইটিচ), মেনিনজাইটিছ, চাইনা ছাইটিছ ইত্যাদিও কম বেছি পৰিমানে হয় বুলি জনা যায়। যেতিয়া আমি মিঠাযুক্ত বা কাৰ্বহাইড্ৰেট থকা বস্তু বেছিকৈ খোৱাৰ পিছত আমি দাঁতকেইটা চাফা কৰি নাৰাখো আমাৰ দাঁতত এই শ্ৰেণীৰ বেক্টেৰিয়াৰ শ্ৰীবৃদ্ধি হয়। যিহেতু শিশুৱে মিঠাযুক্ত খাদ্য খাই ভাল পাই আৰু তাৰোপৰি সিহঁতৰ দাত চাফা কৰি ৰখাটো বৰ সহজ নহয়। গতিকে শিশুৰ ক্ষেত্ৰত Dental Cavities বেছিকৈ হোৱা দেখা যায়।
  আচলতে তাত ঘটনাতো বাৰু কি হয়? আমি যেতিয়া মিঠাযুক্ত বা কাৰ্বহাইড্ৰেট থকা বস্তু খোৱাৰ পিছত দাঁতকেইটা ভালকৈ পৰিষ্কাৰ কৰি নাৰাখো তেতিয়া সেই মিঠাযুক্ত পদাৰ্থবোৰ কিছু পৰিমাণে আমাৰ দাঁততে লাগি থাকে। আৰু মিঠাযুক্ত পদাৰ্থবোৰ এই শ্ৰেণীৰ বেক্টেৰিয়াবোৰৰ বাবে এক উৎকৃষ্ট খাদ্য। এই খাদ্যখিনি হজম কৰিবৰ বাবে সিহঁতে এক বিশেষ ধৰণৰ এচিড উৎপন্ন কৰে আৰু সেই এচিডেই আমাৰ দাতবিলাক ক্ৰমান্বয়ে ক্ষয় নিয়াত সহায় কৰে। কেতিয়াবা ক্ষয় নিয়াৰ ফলত দাঁতবিলাকৰ মাজত ফুটা পৰ্যন্ত হয় আৰু নতুনকৈ খোৱা খাদ্য সেই ফুটাত সোমাই ধৰি তাৰ চাৰিওফালে থকা মাংসবিলাকত যথেষ্ট অপকাৰ কৰে আৰু তাৰ কাৰণে আমাৰ প্ৰচণ্ড বিষ অনুভৱ হয়।
  এইধৰণৰ বেক্টেৰিয়াবিলাকৰ আঁকাৰ 0.5 মাইক্ৰনৰ পৰা 1.5 মাইক্ৰন পৰ্যন্ত হব পাৰে আৰু এই আকাৰৰ বেক্টেৰিয়াক খালী চকুৰে দেখা পোৱা নাযায়, ইয়াক চাবৰ বাবে আমাক আণুবীক্ষণিক যন্ত্ৰৰ প্ৰয়োজন হব। আৰু সেই সৰু আকাৰৰ বেক্টেৰিয়াৰ পৰা আমাৰ মুখত জৰা ফুকা কৰি 2 মিলিমিটাৰ জোখৰ লেও লেও কৰি থকা পোক উলিয়াই দেখুওৱাটো আমাৰ মুৰ্খ সজোৱাৰ বাদে আন একো নহয়।
এনেধৰণৰ পোক আমাৰ মুখৰ পৰা ওলাবলৈ হলে আমাৰ মুখত মহ মাখিৰ দৰে পতঙ্গই কণী পাৰিব লাগিব আৰু দাঁতৰ সেই আলুবিলাক গেলিব লাগিব, পছিব লাগিব। যদি সঁচাকৈয়ে আপোনাৰ আলু গেলি যায় তাক নিৰাময় কৰিবলৈ antiseptic medicines বা antibiotic লোৱাৰ বাদে আন একো উপায় নাই। গতিকে, দাঁতৰ পৰা ইমান ডাঙৰ পোক উলিয়াই আকৌ গেলি পচি যোৱা আলুটো নিমিষতে শুকুৱাই দিয়াটো এটা অসম্ভৱ কথা।
যিকি নহওঁক অসম্ভৱ কথা এটাক আমি বিশ্ৱাস কৰিম নে নকৰো ভাবি থাকি লাভ নাই। গতিকে, আপোনাৰ বা আপোনাৰ শিশুটিৰ যদি dental cavities হৈছে তেন্তে ততালিকে ডাক্তৰৰ ওচৰলৈ যাওঁক। সাম্প্ৰতিক সময়ত এইধৰণৰ সমস্যা দূৰ কৰিবলৈ বিভিন্নধৰণৰ চিকিৎসা পদ্ধতি আছে। 

Do we really have worms in our teeth?

 You have probably heard of insects eating the teeth of young children. Do insects really eat our teeth? Or do we have worms in our teeth like we think? If so, what do those insects look like? And if not, how does the witch doctor remove the insects from our teeth? You can learn this from today's article.
 The Topics covered here-
  • Does Tooth worm exist?
  • Is tooth worm real?
  • Teeth worm treatment
  • Ringworm on teeth
  • Can you get worms in your teeth?
  • Can teeth have worms?
  • How to get worms out of teeth?

Before explaining these things in more detail, I would like to talk about a common incident in our rural society. The incident goes like this - you have severe toothache. They can't eat well or concentrate on anything else. At such times, on the advice of one of your relatives, you went to an acquaintance of his who was already famous among the villagers for that work. The witch whispered in your mouth with a tree trunk, and a couple of tiny insects fell out of your mouth. Although you don't believe these things, this incident convinced you that this can really happen. Even if you are convinced you have not found any scientific reason to accept it. So let me explain to you today whether there is any scientific basis for this phenomenon.

Now the question is do we really have insects in our teeth? If not, what is this tooth decay? And what happens to those people who show that they pull insects out of our teeth by blowing them? Scientifically, to tell the truth, it is impossible to have such insects in our teeth. Medical science cannot accept that either. There is nothing wrong with the fact that insects are removed from our teeth by blowing them.

One of the most common dental problems or diseases is dental cavities or tooth decay and these dental cavities are more common in children. For special reasons, the teeth and middle of the teeth start to decay, the gums rise, sometimes bad breath comes out, sometimes there is pain and later when dental cavities are formed, there is usually severe pain when eating something The presence of a particular class of bacteria increases and that class of bacteria is called spherical cocci bacteria. This class of bacteria actually contains several classes of bacteria such as Streptococci, Staphylococci, Monococci, Diplococci, Sarina, Tetrads and so on. And it is known that the growth of this class of bacteria causes tooth decay. In addition, the presence of this class of bacteria increases the risk of pneumonia, pharyngitis, meningitis, sinusitis, etc. When we do not clean our teeth after eating too much sweetened or carbohydrate foods, this type of bacteria grows in our teeth.

Since children like to eat sweet foods and it is not easy to keep their teeth clean. Therefore, dental cavities are more common in children. What actually happens there? When we don't clean our teeth properly after eating foods that contain sweets or carbohydrates, some of the sweeteners stick to our teeth. And sweeteners are an excellent food for this class of bacteria.

They produce a special type of acid to digest this food and that acid helps in the gradual decay of our teeth. Sometimes decay even causes holes between the teeth and newly eaten food gets into the holes and causes serious damage to the surrounding muscles, causing us severe pain.
These types of bacteria can range in size from 0.5 microns to 1.5 microns and bacteria of this size are not visible to the naked eye, we will need a microscope to see them. And it is nothing but fooling us to blow 2 mm insects out of our mouths from those small bacteria.
In order for such insects to get out of our mouths, insects like mosquitoes must lay their eggs in our mouths and the gums must rot. If your gums are really rotten, there is no other way to cure them except to take antiseptic medicines or antibiotic. Therefore, it is impossible to remove such a large insect from the teeth and dry the rotten potato instantly.
However, there is no point in wondering whether we will believe something impossible. So find a doctor immediately, if you or your child has dental cavities. There are various treatments available to treat this problem.

(বি দ্ৰ : bigyajyoti Facebook page ৰ আধাৰত প্ৰবন্ধটোৰ তথ্যসমূহ সংকলিত)

No comments:

Post a Comment