দেশৰ প্ৰথম গৰাকী নাগৰিক হৈছে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি । ৰাষ্ট্ৰপতি গৰাকীৰ পদ মৰ্য্যাদা দেশৰ প্ৰত্যেক গৰাকী নাগৰিকৰ ভিতৰতে সৰ্বোচ্চ স্তৰত আছে । ভাৰতবৰ্ষৰ দৰে এখন বিশাল গণতান্ত্ৰিক দেশৰ পৰিচালনা ৰাষ্ট্ৰপতি গৰাকীৰ দ্বাৰাই সম্পন্ন হয় । ৰাষ্ট্ৰপতি গৰাকীয়ে দেশৰ প্ৰধানমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সহায় সহযোগিতা আৰু পৰামৰ্শ অনুযায়ী ৰাষ্ট্ৰ এখন পৰিচালনা কৰে । দেশৰ নৌ সেনা , স্থল সেনা আৰু বায়ু সেনাকে ধৰি প্ৰত্যেক সেনাবাহিনীৰ মুৰব্বী । তাৰোপৰি দেশখনৰ সকলো ধৰণৰ প্ৰশাসনীয় কাৰ্যসূচীৰ পৰিচালনা ৰাষ্ট্ৰপতিয়ে কৰে । ভাৰতত সংসদীয় চৰকাৰ প্ৰৱৰ্তন কৰা হৈছে। সেয়েহে ৰাষ্ট্ৰপতিয়ে নিয়মাতান্ত্ৰিক প্ৰধানৰ ভূমিকা পালন কৰে। দেশৰ জনসাধাৰণৰ দ্বাৰা নিৰ্বাচনিত ভাৰতবৰ্ষৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বিধায়ক , লোকসভা আৰু ৰাজ্যসভাৰ নিৰ্বাচিত সাংসদৰ প্ৰত্যক্ষ ভোটৰ দ্বাৰা ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকীক নিৰ্বাচিত কৰা হয় । সকলো বিধায়ক আৰু নিৰ্বাচিত সাংসদসকলৰ ভোটৰ মূল্য বেলেগ বেলেগ হয়।
দেশৰ ৰাষ্ট্ৰপতি গৰাকীৰ কাৰ্যকাল পাঁচ বছৰ হয় ( দুবাৰ পৰ্য্যন্ত ) । একেৰাহে দুবাৰকৈ দেশৰ শাসনভাৰৰ পালন কৰাৰ পাছত ৰাষ্ট্ৰপতি গৰাকীয়ে এই পদৰ বাবে ইচ্ছা অনুযায়ী পুনৰ প্ৰতিদ্বন্দ্ব্ব্বিতা কৰিব লাগে । ৰাষ্ট্ৰপতিয়ে নিজৰ কাৰ্যকাল শেষ হোৱাৰ আগতেও পদত্যাগ কৰিব পাৰে। কোনো ডাঙৰ অভিযোগ দি লোকসভাৰ দুই-তৃতীয়াংশ সদস্যৰ সন্মতিত ৰাষ্ট্ৰপতিক অপসাৰণ কৰিব পাৰে। ৰাষ্ট্ৰপতিৰ পদ শূন্য হ'লে তেওঁৰ দায়িত্ব উপ-ৰাষ্ট্ৰপতিয়ে পালন কৰে। ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি উভয়ৰে পদ একেলগে শূন্য হ'লে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰধান বিচাৰপতি বা তেওঁৰ অনুপস্থিতিত এই আদালতৰ জ্যেষ্ঠ বিচাৰপতিজনে ৰাষ্ট্ৰপতি হিচাপে সাময়িকভাৱে দায়িত্ব পালন কৰে। স্বাধীন ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি আছিল ডা: ৰাজেন্দ্ৰ প্ৰসাদ । তেখেতক ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে দেশৰ ৰাষ্ট্ৰপতি হিচাপে মনোনিত কৰা হয় । আৰু ১৯৬২ চনৰ ১৩ মে' তাৰিখলৈ তেখেতে ৰাষ্ট্ৰপতি পদৰ আসন অধিকাৰ কৰি ৰাখে ।
ভাৰতীয় সংবিধানৰ ৩৫২ নং অনুচ্ছেদ অনুযায়ী সমগ্ৰ ভাৰতবৰ্ষৰ যিকোনো এটা অংশ যুদ্ধৰ ফলস্বৰূপে বিপদাপন্ন হোৱাৰ সম্ভাৱনা হাতত আহি পৰিলে ৰাষ্ট্ৰপতি গৰাকীয়ে জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিব পাৰে । ঠিক তেনেদৰে দেশত সাংবিধানিক সংকটে দেখা দিলে , ভাৰতবৰ্ষৰ যিকোনো অংশত বিত্তীয় সংকটে দেখা দিয়া বুলি নিশ্চিত হ'লে , কোনো এখন ৰাজ্যৰ চৰকাৰ সংবিধান অনুসৰি কাৰ্য পৰিচালনাত ব্যৰ্থ হোৱা বুলি জানিব পাৰিলে অথবা দেশত বৈদেশিক আক্ৰমণ অথবা যুদ্ধ হ'লেও ৰাষ্ট্ৰপতি গৰাকীৰ হাতত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰাৰ অধিকাৰ থাকে । আৰু এনেধৰণৰ জৰুৰীকালীন অৱস্থাৰ ফলত ভাৰতত কেন্দ্ৰ-ৰাজ্যৰ সম্পৰ্ক পৰিৱৰ্তন হয় , লগতে যুক্তৰাষ্ট্ৰীয় চৰকাৰ এককেন্দ্ৰিক চৰকাৰলৈ ৰূপান্তৰিত হয় । এনে পৰিস্থিতিত সংসদীয় অধিৱেশন বহোৱাত অসুবিধা হ'লে ৰাষ্ট্ৰপতিয়ে সঞ্চিত ধনৰ ৰাশিৰ পৰা ধন খৰচ কৰিবলৈ অনুমতি দিব পাৰে । ইয়াৰ উপৰিও বিধানসভা নিষ্ক্ৰীয় কৰি ৰাখিব পাৰে , লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যকাল বৃদ্ধি পায় , মৌলিক অধিকাৰসমূহত প্ৰভাৱ পৰে , চৰকাৰী কৰ্মচাৰী সকলৰ দৰমহা হ্ৰাস পাব পাৰে , নাগৰিক মৌলিক অধিকাৰ প্ৰয়োগত বাধা প্ৰদান কৰিব পাৰে ।
ভাৰতীয় সংসদৰ কাৰ্য কলাপৰ সৈতে বিশেষভাৱে জড়িত থকা বাবে ৰাষ্ট্ৰপতি গৰাকীক ভাৰতৰ সংসদৰ অবিচ্ছেদ্য অংগ বুলিও কোৱা হয় । ৰাষ্ট্ৰপতিয়ে সংসদলৈ সদস্য মনোনিত কৰিব পাৰে । সংসদৰ অধিৱেশন আহ্বান কৰা ও স্থগিত ৰাখিবও পাৰে । তেওঁ সংসদৰ যুটীয়া অধিৱেশনো আহ্বান কৰিব পাৰে । সাধাৰণতে নিৰ্বাচনৰ পাছতেই ৰাষ্ট্ৰপতিয়ে সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক প্ৰধানমন্ত্ৰী ৰূপে নিযুক্তি দিয়ে । আৰু যেতিয়া কোনো দলেই সংখ্যাগৰিষ্ঠতা লাভ নকৰে তেতিয়া ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী নিয়োগৰ ক্ষেত্ৰত নিজ ক্ষমতা প্ৰয়োগ কৰিব পাৰে । উচ্চতম ন্যায়ালয়ত মূখ্য ন্যায়ধীশ আৰু অন্যান্য বিচাৰপতি সকলক , ভাৰতৰ লোকসেৱা আয়োগৰ সভাপতি আৰু সদস্যসকলক , ৰাজ্যৰ ৰাজপাল আৰু উচ্চ পদবীধাৰী লোকসকলক দেশৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে । প্ৰত্যেক আৰ্থিক বছৰৰ প্ৰাৰাম্ভণিতে ৰাষ্ট্ৰপতিয়ে দেশৰ আয়-ব্যয়ৰ বাজেট সংসদৰ ওচৰত দাখিল কৰে । মন্ত্ৰীসভাৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতিয়ে বিদেশী ৰাষ্ট্ৰৰ লগত চুক্তি সম্পাদন কৰিব পাৰে । কূটনৈতিক সম্পৰ্ক ৰক্ষাৰ বাবে ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰদূত , হাই কমিচনাৰ নিয়োগ কৰিব পাৰে । বিদেশৰ পৰা অহা কূটনৈতিক বিষয়াসকলৰ পৰিচয় পত্ৰ তেওঁ গ্ৰহণ কৰে । ভাৰতৰ ৰাষ্ট্ৰপতিয়ে সৈন্য সঞ্চালনৰ আদেশ দিব পাৰে আৰু যুদ্ধও ঘোষণা কৰিব পাৰে । ভাৰতৰ ৰাষ্ট্ৰপতিয়ে দেশৰ তিনিও প্ৰতিৰক্ষা বাহিনীৰ মূৰব্বীসকলক নিযুক্তি দিয়ে আৰু প্ৰয়োজন অনুসৰি অপসাৰণ কৰিব পাৰে । দোষী সাব্যস্ত হৈ মৃত্যুদণ্ডৰ আদেশ পোৱা লোককো ব্যক্তিগতভাৱে বা সমূহীয়াভাৱে ক্ষমা প্ৰদান কৰিব পাৰে , শাস্তি হ্ৰাস কৰিব পাৰে বা সাময়িকভাৱে স্থগিত কৰিব পাৰে । প্ৰত্যেক বছৰৰ আৰম্ভণিত ৰাষ্ট্ৰপতিয়ে উভয় সদনৰ যুটীয়া অধিৱেশনত ভাষণ দিয়ে । সংসদত ভাষণ দিয়াৰ উপৰি সংসদত উপস্থিত নাথাকিলেও ৰাষ্ট্ৰপতি গৰাকীয়ে সংসদলৈ বাণী পঠিয়াব পাৰে । সংসদত গৃহীত হোৱা বিল ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ নোহোৱালেকে আইনত পৰিণত হ'ব নোৱাৰে । বিত্তীয় বিলৰ বাহিৰে অন্যান্য বিলত ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ নকৰাকৈ পুনৰ বিবেচনাৰ বাবে ঘূৰাই পঠাব পাৰে । অৱশ্যে দ্বিতীয়বাৰ সংসদে পঠিওৱা বিলত ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিবলৈ বাধ্য । বিত্ত বিধেয়ক , কোনো নতুন ৰাজ্য গঠন বিষয়ত , সঞ্চিত ৰাশিৰ পৰা খৰচ কৰিবলগীয়া বিল উত্থাপনৰ আগতে ৰাষ্ট্ৰপতিৰ অনুমোদন ল'ব লাগে । সংসদীয় অধিৱেশন নবহাৰ কালছোৱাত ৰাষ্ট্ৰপতিয়ে প্ৰয়োজনবোধ কৰিলে অধ্যাদেশ জাৰি কৰিব পাৰে ।
ৰামনাথ কোবিন্দৰ পাছতেই বৰ্তমান ভাৰতবৰ্ষৰ ১৫ তম তথা মহিলা ৰাষ্ট্ৰপতি হিচাপে দ্ৰোপদী মূৰ্মুক নিযুক্তি দিয়া হৈছে । ২০১৫ চনত তদানীন্তন ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিছিল। ৰাজ্যপাল পদত নিযুক্তি লাভ কৰা তেওঁ প্ৰথম গৰাকী জনজাতীয় মহিলা আছিল । ইয়াৰ লগতে তেওঁ ঝাৰখণ্ডৰ প্ৰথম গৰাকী মহিলা ৰাজ্যপাল আছিল। তেওঁ ওড়িশা বিধানসভাৰ ৰায়ৰংপুৰ বিধানসভা সমষ্টিৰ সদস্য আছিল। ভাৰতীয় জনতা পাৰ্টি আৰু বিজু জনতা দলৰ সংমিলিত চৰকাৰত তেওঁ বাণিজ্য আৰু পৰিবহন বিভাগৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী আৰু মীন,পশুধন উন্নয়ন বিভাগৰ মন্ত্ৰী পদতো কাৰ্যনিৰ্বাহ কৰিছিল।
The first citizen of the country is the President of India. The President has the highest status among every citizen of the country. A vast democratic country like India is run by the President. The President runs a country with the assistance and advice of the Prime Minister and the Union Council of Ministers. He is the head of every army in the country including the Navy , Army and Air Force. The President also directs all administrative functions of the country. Parliamentary government has been introduced in India. Therefore, the President plays the role of the legislative head. The President of India is elected by the direct vote of the MLAs of the States and Union Territories of India, the Lok Sabha and the Rajya Sabha elected by the people of the country. All legislators and elected MPs have different values for their votes.
The term of office of the President of the country is five years (up to twice). After serving two consecutive terms in office, the President must contest again for the post at will. The President can also resign before the end of his term. The President can be removed on any serious charge with the consent of two-thirds of the members of the Lok Sabha. In the event of a vacancy in the office of President, the Vice-President takes over. The Chief Justice of the Supreme Court of India or, in his absence, the Senior Justice of this Court acts temporarily as President when the offices of both the President and the Vice-President become vacant simultaneously. The first Prime Minister of independent India was Dr. Rajendra Prasad. He was elected President of the country on 26 January He remained in office until 13 May
According to Article 352 of the Constitution of India, the President can exercise emergency powers if any part of the whole of India is likely to be endangered as a result of war. Similarly, to exercise emergency powers in the hands of the President in the event of a constitutional crisis in the country , a financial crisis in any part of India , a state government failure to function in accordance with the Constitution or a foreign invasion or war in the country There are rights. And such emergencies changed the Centre-State relationship in India , as well as the transformation of the federal government into a unitary government. In such circumstances, if it is difficult to hold a session of Parliament, the President may authorize expenditure from the reserves. It can also keep the Assembly inactive, extend the terms of the Lok Sabha and Rajya Sabha, affect fundamental rights, reduce the salaries of government employees, and hinder the exercise of citizens' fundamental rights.
The President is also considered an integral part of the Parliament of India as he is closely involved in the activities of the Parliament of India. The President may nominate members to Parliament. They can also convene and adjourn sessions of Parliament. He may also convene a joint session of Parliament. The President usually appoints the leader of the majority party as Prime Minister immediately after the elections. And when no party wins a majority, the President can exercise his powers to appoint the Prime Minister. The President appoints the Chief Justice and other judges of the Supreme Court, the President and members of the Public Service Commission of India, the Governors of States and other high ranking officials. At the beginning of each fiscal year, the President presents the country's income and expenditure budget to Parliament. The President may conclude treaties with foreign countries on the advice of the Cabinet. The President may appoint Ambassadors , High Commissioners to maintain diplomatic relations. He received the identity cards of diplomatic officials from abroad. The President of India can order the movement of troops and declare war. The President of India appoints and may remove the Heads of the three Defense Forces of the country as required. People convicted and sentenced to death can also be pardoned, commuted or suspended individually or collectively. At the beginning of each year, the President addresses the joint session of both Houses. In addition to addressing Parliament, the President can send messages to Parliament even if he is not present in Parliament. A bill passed in Parliament cannot become law unless it is signed by the President. Bills other than Finance Bills may be returned for reconsideration without being signed by the President. However, the President is obliged to sign the bill sent by Parliament a second time. Finance Bills , on the formation of any new state , require the approval of the President before introducing bills to be spent from the reserves. The President may issue ordinances during the absence of a session of Parliament if he deems it necessary.
Dropada Murmu is the 15th woman President of India after Ram Nath Kovind. In 2015, he was appointed Governor of Jharkhand by the then President of India. She was the first tribal woman to be appointed as Governor. He is also the first Garak of Jharkhand








No comments:
Post a Comment