আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰীড়াৰ গুৰুত্ব || The importance of sport at the international level

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰীড়াৰ গুৰুত্ব

ক্ৰীড়া হৈছে এজন লোকক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ-সৱল কৰি ৰখাৰ এক উত্তম উপায়। দৌৰ, সাঁতোৰ, জাপ, চাইক্লিঙ আদিবোৰ সকলো ক্ৰীড়াৰ ক্ষেত্রখনতে পৰে। ক্ৰীড়াই এটা জাতিৰ বা সমাজৰ সাংস্কৃতিক ক্ষেত্রখন আগবঢ়াই নিয়াতো বহু অৰিহণা যোগায়। বহু সংখ্যক জাতিত বহু পৰম্পৰাগত খেলো খেলোৱা হয়। পুৰণি দিনৰে পৰা ক্ৰীড়াই মানৱ সমাজখনত এক গুৰুত্বপূৰ্ণ ভূমিকা অৱদান কৰি আছে। ৰজা-মহাৰজাৰ দিনত ঘোঁৰা দৌৰ, ডবা খেল, হেতালি, পাশা খেল, ধনুষ-বাণ, মল্লযুঁজ আদি দৰে খেলবোৰ খেলা হৈছিল। অতীতত খেল- ধেমালিবোৰ মনোৰঞ্জনৰ বাবে খেলা হৈছিল। আজিৰ দিনত বহুতে ক্ৰীড়াক নিজৰ বৃত্তি হিচাপেও বাচি লৈছে। 

বিশ্বৰ প্ৰায় সংখ্যক দেশে ক্ৰীড়া ক্ষেত্ৰখনক গুৰুত্ব দি প্ৰতি বছৰে বিশ্ব ক্ৰীড়া দিৱস হিচাপেও পালন কৰা হয়। আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰীড়াক গুৰুত্ব দি ফিফা ফুটবল বিশ্বকাপ, ক্ৰিকেট বিশ্বকাপ, অলিম্পিক,এছিয়ান গেমছ আদি ক্ৰীড়া অনুষ্ঠানবোৰ অনুষ্ঠিত কৰা হয়। এই ক্ৰীড়া অনুষ্ঠানবোৰত প্ৰায় প্ৰত্যেকখন দেশেই অংশগ্রহণ কৰে। ফলত দেশবোৰৰ মাজত আন্তৰাষ্ট্ৰীয় সম্পর্কবোৰ অটুট হৈ থাকে। ক্ৰীড়াৰ ক্ষেত্রখনত নিজৰ প্ৰতিভাৰ দ্বাৰা বহু খেলুৱৈ বিশ্বত নাম উজ্জ্বলাবলৈ সক্ষম হৈছে। ৰনাল্ডো, মেছি, নেইমাৰ, মাৰাডোনা আদিবোৰ বিখ্যাত ফুটবল খেলুৱৈ। পেলেক ফুটবলৰ ভগৱান বুলিও আখ্যা দিয়া হৈছে। ঠিক তেনেদৰে ক্ৰিকেটত শচীন টেন্ডুলকাৰ, বিৰাট কোহলি আদিবোৰ বিখ্যাত খেলুৱৈ। বিশ্বৰ আটাইতকৈ পুৰণি আৰু ডাঙৰ ক্ৰীড়া অনুষ্ঠান হৈছে অলিম্পিক য'ত বাহ্যিক ক্ৰীড়া আৰু আন্তঃ ক্ৰীড়া এই দুই ধৰণৰ ক্ৰীড়া অনুষ্ঠিত কৰা হয়। অলিম্পিকত বেডমিণ্টন, দৌৰ, হাই জাম্প, লং জাম্প, টেনিছ, সাঁতোৰ, ফুটবল, হকী, কাৰাটে, টাইকোৱাণ্ডো, মল্লযুঁজ আদি সকলো ধৰণৰ খেল অনুস্থিত কৰা হয়। 
বৰ্তমান ক্ৰীড়া ক্ষেত্রখনক ওপৰত গুৰুত্ব ৰাখি বহুতো ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্রবোৰ গঢ় লৈ উঠা দেখা পোৱা গৈছে। এই ক্ষেত্ৰত দেশৰ চৰকাৰেও গুৰুত্ব প্ৰদান কৰা দেখা গৈছে। চৰকাৰে পঢ়া শুনাৰ লগতে ক্ৰীড়া ক্ষেত্ৰখনতো বহু উন্নতমানৰ আন্তঃগাঁঠনি প্ৰস্তুত কৰিছে। ক্ৰীড়াই এখন দেশৰ ৰাজনৈতিক, অৰ্থনৈতিক আদি গুৰুত্বপূৰ্ণ দিশবোৰতো প্ৰভাৱ পেলায়। 

No comments:

Post a Comment