সংস্কৃতি
মানুহে সমাজ পাতি বসবাস কৰি লোৱাৰে পৰা জীয়াই থাকিবলৈ দৈনন্দিন জীৱন-ধাৰাত নিয়মিতভাৱে নানা ক্ৰিয়া-কলাপ কৰিবলৈ আৰম্ভ কৰে, যিবোৰ পাছলৈ গৈ পৰম্পৰাত পৰিণত হ'ল । আৰু এই পৰম্পৰাবোৰেই হৈছে সংস্কৃতি। সংস্কৃতি মানৱ সমাজে সৃষ্টি কৰা এক অমূল্য সম্পদ । কোনো এখন সমাজ বা দেশত অতীতৰেপৰা চলি অহা কিছুমান বিচাৰধাৰা, বিশ্বাস, নীতি- নিয়মবোৰকে সেই সমাজ বা দেশখনৰ সংস্কৃতি বুলি কোৱা হয়। এখন সমাজৰ মানুহবোৰৰ জীৱন-প্ৰণালী ,সাজপোছাক, খাদ্য সামগ্রী, আচাৰ - ব্যবহাৰবোৰকে আদি কৰি সমাজখনৰ সংস্কৃতিক দিশবোৰ চিহ্নিত কৰা হয়। বিশ্বৰ বেলেগ বেলেগ প্ৰান্তত সেই ঠাইডোখৰৰ ভৌগোলিক অথবা পাৰিৱেশিক দিশৰ ওপৰত নিৰ্ভৰ কৰি মানুহৰ জীৱন-প্ৰণালী, সাজ-পোছাক, খোৱা-লোৱা ইত্যাদিবোৰ নিৰ্ভৰ কৰে। সেইবাবেই পৃথিৱীৰ বেলেগ বেলেগ প্ৰান্তত সংস্কৃতিৰ ভিন ভিন ৰূপ দেখা যায়। সমাজ এখনক জাতি-ধৰ্ম নিৰ্বিশেষে মানুহৰ মাজত ভাতৃত্ববোধ বজাই ৰাখি জীৱন-জাপন কৰাত সংস্কৃতিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সংস্কৃতিয়ে ভিন ভিন জাতি জনজাতিৰ মাজত সমন্বয় আৰু ভাতৃত্ববোধৰ এনাজৰীডাল সৱলভাৱে ধৰি ৰাখে।
সংস্কৃতিৰ পৰিসৰ অতি ব্যাপক বাবে জ্ঞানীসকলে তাৰ গুণ-বৈশিষ্টসমূহলৈ লক্ষ্য কৰি বহুকেইটা ভাগত ভাগ কৰিছে। সেইকেইটা হ'ল :
(ক) অভিজাত সংস্কৃতি
(খ) লোক সংস্কৃতি
(গ) জনজাতীয় সংস্কৃতি
আনহাতে নৃত্বত্তবিদ তথা সমাজতাত্ত্বিক সকলে সংস্কৃতিৰ বিষয়বস্তুৰ ওপৰত বিশ্লেষণ কৰি সংস্কৃতিক দুটা ভাগত কৰিছে । সেইকেইটা হ'ল :
(ক) বস্তুবাদী সংস্কৃতি
(খ) অবস্তুবাদী সংস্কৃতি
(ক) অভিজাত সংস্কৃতি
ভাৰতবৰ্ষৰ ক্ষেত্ৰত, প্ৰায় ২৫০০ বছৰমানৰ পূৰ্বেই অভিজাত সংস্কৃতিৰ জন্মৰ হৈছিল। অভিজাত সংস্কৃতি অতি ৰীতিবদ্ধ , সুৰ্নিদিষ্ট আৰু আত্মসচেতন হয় । অভিজাত সংস্কৃতিক শাস্ত্ৰীয় বা মাৰ্গীয় সংস্কৃতিও বুলিব পাৰি।
(খ) লোক সংস্কৃতি
লোক সংস্কৃতিত সমাজ এখনৰ লোকসকলৰ জীৱন প্ৰক্ৰিয়াক সামৰি লোৱা হয়। য'ত সমাজখনৰ লোকসকলৰ গীত-মাত, আচাৰ-আচৰণ,অনুষ্ঠান-প্ৰতিষ্ঠানক বিবেচনা কৰা হয়। লোক সংস্কৃতিৰ উদ্ভৱ আৰু বিকাশৰ পটভূমি কৃষিভিত্তিক সমাজ অৰ্থাৎ লোক সমাজকে আখ্যা দিব পাৰি।
(গ) জনজাতীয় সংস্কৃতি
জনজাতীয় লোকসকলৰ জীৱন-ধাৰন প্ৰণালীৰ লগত জড়িত সংস্কৃতিয়ে হ'ল জনজাতীয় সংস্কৃতি । জনজাতীয় সংস্কৃতি সংযমশীল সংস্কৃতি। লোক সংস্কৃতি আৰু জনজাতীয় সংস্কৃতিৰ মাজত কিছু অন্তৰাল থাকে।
নৃত্বত্তবিদসকলৰ দ্বাৰা বিভক্ত কৰা সংস্কৃতিৰ ভাগকেইটা -
(ক) বস্তুবাদী সংস্কৃতি
মানুহৰ দ্বাৰা সৃষ্ট সকলোবিলাক বস্তু যিবোৰ হাতেৰে স্পৰ্শ কৰিব পৰা যায় সেইবোৰকে বস্তুবাদী সংস্কৃতি বুলি কোৱা হয়। যেনে - স্থাপত্য-ভাস্কৰ্য, চিত্ৰকলা, খাদ্য সামগ্রী, সাজ পোছাক, ঘৰ দুৱাৰ আদি।
(খ) অবস্তুবাদী সংস্কৃতি
অবস্তুবাদী সংস্কৃতিবোৰ স্পৰ্শ কৰিব পৰা নাযায়। এই সংস্কৃতিবোৰ মানুহৰ আচাৰ ব্যবহাৰ, চিন্তা-ধাৰা, নীতি-নিয়ম আদিৰ দ্বাৰা প্ৰকাশ কৰা হয়।
সংস্কৃতি হৈছে মানৱ সমাজৰ এক অবিচ্ছেদ্য অংশ। সমাজ এখনৰ লোক সকলৰ কলা কৃতিৰ মূলকেই সংস্কৃতি বুলি গণ্য কৰা হয়। মানুহৰ সংস্কাৰ আৰু কলা-কৃতিৰ মূলতঃ "সংস্কৃতি" শব্দটিৰ সৃষ্টি। কিন্তু আজিৰ যুগত কিছু সংখ্যক সমাজত সংস্কৃতিৰ নামত বহু অবিবেচক যোগ্য ক্রিয়া-কলাপ দেখা পোৱা যায়। যিবোৰ ক্ষেত্ৰত সমাজখনৰ লোকসকল সজাগ হোৱাতো অতি জৰুৰী। সংস্কৃতিত আঘাত পৰা মূল কাৰণ হৈছে সমাজে পৰম্পৰা ৰক্ষা নকৰি নিজৰ সংস্কৃতিক আগুৱাবলৈ চেষ্টা কৰা। সংস্কৃতিক লৈ বহু সমাজে আজিকালি প্ৰতিযোগিতাত নামিছে যাৰ ফলস্বৰূপে ভাতৃত্ববোধৰ এনাজৰীডাল ছিগি জাতিভেদ আহি পৰিছে।








No comments:
Post a Comment