ভালপোৱাৰ বাতৰি......
মৰমৰ
মৰমী
প্ৰথমতে মোৰ হিয়াভৰা মৰম যাঁচিলো।আশাকৰো তুমি কুশলে আছা।
মৰমী,যোৱা দুটা মাহত তোমাৰ চিঠি দুখন পালো। কিন্তু উত্তৰ দিবলৈহে সময়পোৱা নাছিলো। বৰ্ডাৰত থকা ব্যস্ততাৰ বাবে লিখিব পৰা নাছিলো। কি কৰিবা সৈনিকৰ জীৱন যে, কেতিয়া কি হয় কোনে জানে ।
পিছে তোমাৰ গা ভালে আছেনে ?
তোমাৰ গা বেয়া বুলি শুনি বুকুখন কপি গৈছিল। শত্ৰুৰ গুলিত জাহ যোৱা হলেও সেইদিনা একো খবৰ নৰ'ল হয় চাগে। এইবাৰ তোমাৰ ঘৰলৈ যাম , তোমাক আমাৰ ঘৰলৈ খুজিবলৈ । এই দুটা বছৰে সামৰি থোৱা বিহুৱান খনি কিমান দিনৰ মূৰত যে তোমাৰ হাতেৰে ল'ম। তোমাৰ উকা শিৰ ৰঙীণ কৰিহে আহিম এইবাৰ। আইতাক ক'বা জুহালৰ সাজৰ টেকেলিটো উলিয়াই থবলৈ। পুখুৰীৰ মাছকেইটা আৰু মাৰ বাকচত তোমালৈ বুলি সাঁচি থোৱা সাঁজ কাপোৰ কেইজোৰেই চাগে মোলৈ অপেক্ষা কৰিয়েই আছে। মায়ে লিখা চিঠিখনত পালো মাক বোলে ডাঙৰ বোৱাৰী লাগে। ভাইটিও কৈছে বোলে এইবাৰ বহাগত বৌয়েৰাকক চাবই চাব।
এইবাৰ বহাগত তোমাক নিজৰ কৰি আনিম। তুমি ৰৈ থাকিবা দেই মৰমী। পাহাৰৰ কপৌফুল খোপাত গুজি, উকা কপালত সেন্দুৰ পিন্ধাই নিজৰ কৰিম। তুমি এইবাৰ বহাগত হ'ব মাৰ বোৱাৰী।
বাৰু আজিলৈ সামৰো। শত্ৰু আহি দুৱাৰ দলিত। যদিহে আকৌ উত্তৰ নোপোৱা মোলৈ আৰু অপেক্ষা নকৰিবা।
শেষত মোৰ মৰমৰ আৰু শুভাষা পথালো ।
ইতি
তোমাৰ মৰমৰ ৰঞ্জন (সোন)
Love news.
dear
Lovely
First of all, my heartfelt love.I hope you are doing well.
I received two letters from you in the last two months. But I didn't have time to answer. I couldn't write because of my busy schedule at the border. What will you do with the life of a soldier that, who knows when what happens.
But are you all right?
I was shocked to hear that you were sick. There is no doubt that the enemy's bullets would have left no news that day. This time I'll go to your house , to ask you to our house. I'm not sure if I'm going to be able to do that, but I'm sure I'm going to be able to do that. I'll just paint your bare head this time. Tell Grandma to take out the stove dish jar. The fish in the pond and the dinner clothes my mother has saved for you in the box are probably waiting for me. I found in the letter that my mother wrote that she wanted an older daughter-in-law. There are many ways to get away from these things. There are many ways to get away from these things.
I'll make you my own this spring. You'll be waiting, honey. I will wrap the mountain doves in my hat and put a sendu on my bare forehead. You will be my mother's daughter-in-law this spring.
Well, let's finish today. The enemy comes and knocks on the door. If you don't get an answer again, don't wait for me anymore.
Finally, I send you my love and best wishes.
It's
Your beloved Ranjan (gold)








No comments:
Post a Comment