ঋতুস্রাবঃ অন্ধবিশ্বাস আৰু বৈজ্ঞানিক দৃষ্টিভংগী || Menstruation: Superstitions and scientific perspectives


ঋতুস্রাব মানে হৈছে উচ্চতৰ প্ৰাইমেট বৰ্গৰ স্তন্যপায়ী প্ৰাণীৰ প্ৰজননৰ সৈতে জড়িত এক শৰীৰৰ বৃত্তীয় এক প্ৰক্ৰিয়া। ইয়াৰ ইংৰাজী অৰ্থ হৈছে Menstruation । ই নাৰীৰ দেহত প্ৰতিমাহেই হয়, সেইবাবে ইয়াক অসমীয়া লোকে মাহেকীয়া বুলিও কয়। 
এই প্ৰক্ৰিয়া তিনিৰ পৰা চাৰিদিনলৈ সংঘটিত হয়। সাধাৰণতে এগৰাকী যুৱতীৰ মাহেকীয়া ১০-১৫ বছৰ বয়সত ঋতুস্রাব হোৱা পৰিলক্ষিত হয়। ১৪ বছৰ বয়সৰ পৰা নিয়মীয়া মাহেকীয়া আৰম্ভ হয়। ১০-১৪ বয়সৰ পৰা ৪০-৪৫ বয়সলৈ প্ৰতিমাহে এই ঋতুস্রাব প্ৰক্ৰিয়া সংঘটিত হৈ থাকে। ঋতুস্রাব প্ৰক্ৰিয়া প্ৰথম সংঘটিত হোৱা সময় menarche বুলি কোৱা হয় আৰু শেষৰ সময়খিনিক menopausal বোলে। এগৰাকী মহিলাৰ ঋতুস্রাব ২৮-৩০ দিনৰ মূৰে মূৰে সংঘটিত হয়।

মহিলাৰ ঋতুস্রাবৰ সময়ত চাফ চিকুণতা নিতান্তই প্ৰয়োজন। কিন্তু কিছু লোকৰ সেই অজ্ঞানতাৰ বাবেই বা সমাজত প্ৰচলিত কিছুমান অন্ধবিশ্বাসৰ বাবে উক্ত দিন কেইটাত মহিলা সুলতানা অপ্ৰিৱত্ৰ আৰু অপৃশ্য জ্ঞান কৰা হয় বিশেষকৈ গাওঁৰ অঞ্চলবোৰত। ঋতুস্রাবৰ সময়ত লোকসকলে বিভিন্ন ধৰণৰ নীতি নিয়ম পালন কৰা দেখা যায়। বিভিন্ন ধৰণৰ অন্ধবিশ্বাসৰ মাজত থকা পৰিলক্ষিত হৈছে। যেতিয়া ছোৱালী এজনী মাহেকীয়া হয় তেতিয়া সেই ছোৱালীজনী চুৱা হৈছে বুলি ধৰি লোৱা হয় আৰু সেই ছোৱালীজনীক সমাজৰ বিভিন্ন কৰ্মৰ পৰা বিৰত ৰখা হয় লগতে ছোৱালীজনীক মাটিত শুব দিয়ে, অকলশৰীয়াকৈ খাবলৈ দিয়ে, এটা ৰুমত আৱদ্ধ কৰি থয়। তেনেকুৱা ধৰণৰ অন্ধবিশ্বাস সমাজখনত দেখিবলৈ পোৱা যায়। কিন্তু এই সকলোৰে আঁৰত বিজ্ঞান সন্মত কাৰণ আছে। ঋতুস্রাব হৈছে এটা সাধাৰণ প্ৰক্ৰিয়া যিটো সকলো মহিলাৰে হয় । ঋতুস্রাবৰ সময়ত মানি চলা নিয়ম কিছুমান হ'ল পেড লোকোৱাই ৰাখিব লাগে, ইয়াৰ বিষয়ে কথা হ'ব নালাগেনালাগে , ঘৰত মাটিত শুব লাগে আৰু বহুতো। এই নাপায় শব্দৰ আঁৰতো বহুতো বিজ্ঞান সন্মত কাৰণ লুকাই আছে। যেনেকৈ চাফ চিকুণতা বৰ্তাই ৰাখিবৰ বাবে খাদ্য ৰন্ধাৰ পৰা বিৰত ৰখা। নিজৰ চাফ চিকুণতা বজাই ৰাখিবলৈ চেণ্ডেল পিন্ধি ৰখা, নিজৰ কাপোৰ চফাকৈ ধুই লোৱা এই সমূহ।ইয়াৰ উপৰিও অন্ধবিশ্বাস পালন কৰি মাহেকীয়াৰ সময়ত নাৰীক তলত ধাৰি পাৰি শুবলৈ দিয়া এই সমূহ কাৰণত তেওঁলোকৰ বিভিন্ন ধৰণৰ ৰোগে দেখা দিব পাৰে। পৰা পক্ষত এই সমূহ কাৰণৰ পৰা আঁতৰি থকা উচিত।
বৰ্তমান সময়ত মহিলাসকলৰ বিভিন্ন ধৰণৰ সমস্যা সমুহ বৃদ্ধি হোৱা পৰিলক্ষিত হয়, যেনে মাহেকীয়াৰ সময়ত পেটৰ বিষ, বগাস্ৰাব ইত্যাদিৰ সমস্যা এই অন্ধবিশ্বাসৰ বাবেই ঘটা পৰিলক্ষিত হয়।সেইদিনকেইটাত মহিলাসকলৰ শৰীৰৰ চাফ চিকুণতাৰ লগতে, পেডৰ ব্যৱহাৰ, সৰ্তকতা জিৰণি প্ৰয়োজন। সেই সমূহকে গুৰুত্ব নিদি ঘৰ দুৱাৰ চোৱামুক্তকৰাত গুৰুত্ব দিয়া পৰিলক্ষিত হয়। মহিলাৰ ঋতুচক্রক অপবিত্র জ্ঞান নকৰি চাফ চিকুণতা অৱলম্বন কৰি মহিলাসকলক সুস্থ ৰখাই মুল হ'ব লাগে। ঋতুস্রাবক লৈ পুহি ৰখা ধাৰণাবোৰ আঁতৰ কৰি বিজ্ঞান সন্মত কাৰণ সমূহ গুৰুত্ব দি সকলোকে সুস্থ ৰাখিব লাগে। বিজ্ঞান সন্মত কাৰণ বোৰৰ পৰাই পৰিবেশটো সুস্হ থাকে বুলি বৈজ্ঞানিক সকলে মত প্ৰকাশ কৰিছে।


Menstruation is a body cycle associated with reproduction in mammals of the higher primate class. Its English meaning is Menstruation. It occurs every month in a woman's body, hence it is also called menstruation in Assamese.
This process takes three to four days. Menstruation usually occurs at the age of 10-15 years. Regular menstruation starts at the age of The menstrual process occurs monthly from the age of 10-14 to the age of 40-4 The first period of menstruation is called menarche and the last period is called menopausal. A woman's menstrual period occurs every 28-30 days.

Hygiene is essential during menstruation in women. However, due to the ignorance of some people or some superstitions prevalent in the society, female sultanas are considered unclean and invisible during these days, especially in rural areas. People follow various rules and regulations during menstruation. There are various types of superstitions. When a girl is menstruating, she is considered to be pregnant and is excluded from various activities in society. She is allowed to sleep on the floor, eat alone and be confined to a room. Such superstitions are seen in the society. But there are scientific reasons behind all this. Menstruation is a common process that affects all women. Some of the rules to follow during menstruation are to hide the pad, not to talk about it, to sleep on the floor at home and many more. There are many scientific reasons behind this word. For example, refraining from cooking food to maintain hygiene. Wearing sandals to maintain their hygiene, washing their clothes cleanly. In addition, women are superstitiously allowed to sleep on their bottoms during their menstrual periods. These causes should be avoided if possible.
    Therefore, it is important to take into consideration the fact that women are suffering from various problems such as abdominal pain during menstruation, white discharge, etc. During these days, women need to keep their body clean, use pads, be careful and rest. They are ignored and the emphasis is on making the houses free of surveillance. Therefore, it is important to keep women healthy by practicing hygiene rather than considering their menstrual cycle as unholy. Therefore, it is important to remove the misconceptions about menstruation and emphasize the scientific causes to keep everyone healthy. Scientists believe that the environment is healthy for scientific reasons.

No comments:

Post a Comment