উৎসৱ-অনুষ্ঠান
উৎসৱক সাধাৰণ শব্দত আনন্দ অনুষ্ঠানক বুজায়। উৎসৱ সাধাৰণতে ধাৰ্মিক, সামাজিক আৰু ঐতিহ্যগত প্ৰেক্ষাপটত পালন কৰা হয়। সমাজত উৎসৱ সাধাৰণতে অতীতৰে পৰা পৰম্পৰাগতভাৱে চলি আহিছে। বিভিন্ন অঞ্চলৰ লোকসকলৰ মাজত সমন্বয় গঢ়ি তোলাৰ ক্ষেত্ৰত উৎসৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উৎসৱৰ উৎপন্ন সমাজত ঘটা নানান ধৰণৰ ঘটনা ওপৰত আধাৰিত। সামৰিক বিজয়, নতুন দেশ গঠন, বছৰৰ আৰম্ভণি আদিৰ দৰে বিভিন্ন ঘটনাত উৎসৱ পালন কৰা হয় । বহুতো পুৰণি ঐতিহাসিক তাৎপর্যপূর্ণ ঘটনাৰ আধাৰতো উৎসৱ পালন কৰা হয়। উৎসৱ এটা জাতিৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ এক গুৰুত্বপূৰ্ণ অংশ। বহু জাতিয়ে খেতিৰ আধাৰতো উৎসৱ পালন কৰা দেখা যায়। উৎসৱ পালনৰ সময় বছৰৰ নানা ঋতুৰ লগত সম্বন্ধ ৰাখিও পালন কৰা হয়।উদাহৰণস্বৰূপে অসমত খেতি পথাৰত খেতিয়কসকলে ধান দাই আনি মৰণা মাৰি ভঁৰালত সোমোৱাৰ পাছত গাঁৱৰ সকলো ৰাইজে মিলি ভোগালী বিহু পালন কৰে। আৰু ধান খেতিৰ মাজ ভাগত অৰ্থাৎ ধান পকিবলৈ লোৱাৰ সময়ত ধানত পোক নালাগিবলৈ তুলসীৰ তলত আৰু নেদেখা জনৰ ওচৰত চাকি জ্বলাই প্ৰাৰ্থনা কৰে, এই অনুষ্ঠানক কাতি বিহু বুলি কোৱা হয়।
অতীতৰে পৰা চলি অহা এই পৰম্পৰাগত উৎসৱ অনুষ্ঠানক দুটা ভাগত ভাগ কৰা হৈছে। এটা হ'ল সামাজিক আৰু আনটো হ'ল ধৰ্মীয়।
সামাজিক উৎসৱবোৰ সমাজিক ক্ৰিয়া-কলাপ বা ঘটনাৰ ওপৰত আধাৰিত হয়। উদাহৰণস্বৰূপে খেতি বাতি, নতুন বছৰৰ আৰম্ভণি আদি। বিহু ,ভঠেলি ,আলি-আই-লৃগাং, বাথৌ পূজা, মহহো, কৰম পূজা, টুচু পূজা ইত্যাদি। বিহু হৈছে অসমৰ জাতীয় উৎসৱ যাক নতুন বছৰৰ আৰম্ভণিত পালন কৰা হয়। ঠিক সেইদৰে আলি-আই-লৃগাং মিছিং জনজাতি লোকসকলৰ পৰম্পৰাগত উৎসৱ। সামাজিক উৎসৱবোৰ সাধাৰণতে ঋতু, দিন, মাহ আদি সময় পৰিস্থিতি লগতো সম্পর্ক থাকে। বতৰৰ নানান ধৰণৰ পৰিৱৰ্তন ওপৰতো সম্বন্ধ ৰাখি সামাজিক উৎসৱবোৰ পালন কৰা হয়।
ধৰ্মীয় উৎসৱ অনুষ্ঠানবোৰ সাধাৰণতে ইশ্বৰৰ কোনো মহত্বপূৰ্ণ ঘটনা বা ধাৰ্মিক আখ্যানৰ ওপৰত ভিত্তি কৰি পালন কৰা হয়। শিৱৰাত্ৰি, দুৰ্গা পূজা , সৰস্বতী পূজা, বিশ্বকৰ্মা পূজা, লক্ষ্মী পূজা, ফাকুৱা, ৰাস পূৰ্ণিমা, ঈদ, বুদ্ধ পূৰ্ণিমা আদিবোৰ ধৰ্মীয় উৎসৱ। এই উৎসৱ বোৰত ইশ্বৰৰ মহত্ব প্ৰকাশ কৰি পূজা-অৰ্চনা বা ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰা হয়। উদাহৰণস্বৰূপে বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাতা গৌতম বুদ্ধক স্মৰণ কৰি বুদ্ধ পূর্ণিমা পালন কৰা হয়।
উৎসৱ যিহেতু মানৱ সমাজৰ এক গুৰুত্বপূৰ্ণ অংশ। আৰু কোনো এটা জাতিৰ সাংস্কৃতিক ক্ষেত্রখন আগবঢ়াই নিয়াতো উৎসৱে এক গুৰুত্বপূৰ্ণ ভূমিকা অৱদান কৰি আহিছে। সেইকাৰণে আমি উৎসৱবোৰ আমাৰ অতীতৰ পৰম্পৰাবোৰ ৰক্ষা কৰি পালন কৰিব লাগে । আজিকালি বহুসংখ্যক জাতিয়ে পৰম্পৰা ভংগ কৰি ফিচিঙালি দেখুৱাই উৎসৱ পালন কৰা দেখা গৈছে। যাৰ ফলত জাতিবোৰৰ মাজত ভাতৃত্ববোধৰ ভাৱবোৰ কমি অহা দেখা গৈছে আৰু সামাজিক সম্পৰ্কবোৰৰ মাজত অন্তৰাল আহি পৰিছে।








No comments:
Post a Comment