অসমীয়াৰ স্বাভীমান গামোচা || The Assamese dignified Gamocha

অসমত অসমীয়াৰ স্বাভিমানস্বৰূপ গামোচাৰ ইতিহাস প্ৰাচীনতম।পুৰণি কামৰূপ ৰাজ্যৰ ৰজা ভগদত্তৰ ৰাজশাসনতেই অসমীয়া শিপিনীয়ে বুতা বচা গামোচা তৈয়াৰ কৰি উলিওৱাৰ পৰা ধৰি বৰ্তমান GI টেগ অৰ্থাৎ ভৌগোলিক পৰিচয় লাভ কৰা পৰ্যন্ত গামোচাৰ এক গৌৰৱময় অধ্যায় আছে।যি অধ্যায় অক্ষুন্ন।লাহে লাহে গামোচাৰ ব্যৱহাৰ অসমীয়া সমাজত পৰম্পৰাগত ভাবে চলি আহিব লয়।অসমীয়াৰ স্বাভীমান ৰূপে খ্যাত হৈ পৰা এই গামোচা অসমৰ শিপিনীৰ হাতত আটক ধুনীয়াকৈ গঢ়ি উঠিবলৈ লয়।

     গামোচা অসমীয়াৰ স্বাভীমানৰ লগতে মৰমৰ প্ৰতীক ৰূপেও অধিক মৰ্যদা লাভ কৰে।বহা'গ বিহুত অসমীয়া গাভৰুৱে মৰমেৰে-চেনেহেৰে ফুলাম গামোচা তথা বিহুৱান বৈ আনে নেদেখাকৈ নিজৰ চেনাইক উপহাৰ দিয়ে,ই এক মৰমৰ সৰ্বোত্তম উপহাৰ।এনেকৈয়ে গামোচা অসমীয়া ডেকা-গাভৰুৰ মৰম আদান-প্ৰদানৰ আহিলা হিচাপেও ব্যৱহৃত হ'বলৈ ধৰে।

    সচৰাচৰ অসমীয়া মানুহে গা ধোৱাৰ পাছত গা মচিবলৈ গামোচা ব্যৱহাৰ কৰে যদিও গামোচাৰ ব্যৱহাৰৰ পাৰ্থক্য অনুযায়ী গামোচাও বেলেগ বেলেগ হোৱা দেখা যায়।যেনে -তিয়নী,বিহুৱান,কমৰ বন্ধ গামোচা,আনকটা গামোচা,উঁকা গামোচা,গোঁসাই থাপনাৰ গামোচা ইত্যাদি।
      তিয়নী:এই গামোচা মজলীয়া কেঁচা সূতাৰে তৈয়াৰ কৰা হয়।মুটা সুতা প্ৰয়োগ কৰা আৰু আঠুৰ ওপৰত পৰা এই গামোচাখন সাধাৰণতে নামনি অসমত বহুল ভাবে প্ৰচলিত। 
     বিহুৱান:এই বিহুৱানখন সবাতোকৈ আদৰৰ আৰু চেনেহৰ।বিহু দিনা জ্যেষ্ঠ জনক শ্ৰদ্ধা জনাবলৈ এই গামোচা ব্যৱহাৰ কৰা হয়,প্ৰেমিকাই বা চেনেহীয়ে চেনাইক দিয়া সৰ্বোত্তম আৰু শ্ৰেষ্ঠতম উপহাৰ এই বিহুৱান বা ফুলাম গামোচাখন।এই গামোচাখনত মৰম আছে,চেনেহ আছে আৰু আন্তৰিকতা আছে।
  কমৰ বন্ধ গামোচা: এই গামোচাক খেতিয়কে কঁকালত বন্ধা টঙালি বা কঁকালত পিন্ধা কাপোৰ হিচাপেও ব্যৱহাৰ কৰে।আনকি এই গামোচা কৃষক সকলে মূৰত বান্ধি কৃষি কৰ্মত নিয়োজিত হোৱা দেখা যায়।
  আনকটা গামোচা:এই গামোচাখন বিশেষকৈ নামনি অসমতে অত্যাধিক প্ৰচলিত হোৱা দেখা যায়। এই গামোচা বিয়াৰ দিনা ধৰ্মীয় কাম কৰোঁতে দৰাই গাত লৈ থাকিলে বিবাহ কাৰ্য্যত কোনো ধৰণৰ অপায় অমঙ্গলৰ নহয় বুলি ধাৰণা কৰা হয়।
    উঁকা গামোচা:কেঁচা সূতাৰে বোৱা আৰু দুয়োপাৰিত ৰঙা,সেউজীয়া সূতা ব্যৱহাৰ কৰি তৈয়াৰ কৰা এই গামোচা বিশেষকৈ অসমীয়া সমাজত গা ধোৱাৰ পিছত গা মচিবলৈ ব্যৱহাৰ 
   গোঁসাই থাপনাৰ গামোচা:ৰঙা সূতা,সেউজীয়া সূতাৰে আৰু ধৰ্মীয় নানা চিহ্ন-প্ৰতীকেৰে থাপনাত ব্যৱহাৰ কৰাৰ বাবে বিশেষ ভাবে এই গামোচা তৈয়াৰ কৰি তুলা হয়। 

     অসমীয়াৰ এই আদৰৰ গামোচাই অসমীয়া সমাজত এক অভুতপূৰ্ব ভুমিকা গ্ৰহণ কৰি আহিছে।ইতিহাসবিদ ড॰ লীলা গগৈৰ মতে, আহোম সাম্ৰাজ্যৰ দিনতো অসমত গামোচাৰ প্ৰচলন আছিল। কিন্তু চুকাফাই অসমলৈ গোমোচা লৈ অহা ইতিহাস পঢ়িবলৈ পোৱা নাযায়।কিন্তু শংকৰদেৱৰ দিনত গামোচাৰ প্ৰচলনৰ কথা আমি দেখিছো আৰু শুনিছোও।এডোৱাৰ্ড গেইটৰ 'A History Assam' গ্ৰন্থত উল্লেখ কৰা মতে ১৮ শতিকাত এখন গামোচাৰ মূল্য ৫ পইচা আছিল।

        গামোচা খন কিন্তু কেৱল অসমীয়াই বা অসমতে ব্যৱহাৰ হয় তেনে নহয় অসমৰ বাহিৰত অনা-অসমীয়াইও ইয়াক আদৰি লৈছে।অসমৰ গামোচা ব্যৱসায়িক দিশটো অত্যাধিক লাভবান হোৱা দেখা যায়।বাহিৰৰ বজাৰতো ইয়াৰ প্ৰচুৰ দখল আছে।কিন্তু বহিৰাগত ঠাইত গামোচা মেচিনেৰে তৈয়াৰ কৰাৰ ফলত ইয়াৰ বিকৃত ৰূপো পৰিলক্ষিত হয়।যাৰ বাবে বহিৰাগত ৰাজ্যত অসমীয়া গামোচাৰ সঠিক ৰূপ দেখিবলৈ পোৱা নাযায়,যি আমাৰ বাবে দুৰ্ভাগ্যজনক কথায়েই।মেচিনত গামোচা বনোৱাৰ ফলত কষ্ট কম হয় আৰু তাৰ মূল্যও কম হয় কিন্তু শিপিনীৰ হাতৰ কষ্টৰ বনোৱা থলুৱা গামোচাৰ দাম বেছি হোৱাৰ বাবে মানুহে মেচিনত তৈয়াৰী গামোচাই কিনিব ধৰিছে যাৰ বাবে অসমৰ শিপিনীসকলৰ দোদুল্যমান অৱস্থা হোৱা দেখা গৈছে।ই অসমৰ স্বাভিমান গামোচাখনৰ বাবে সংকতৰ বিষয় হৈ পৰা পৰিলক্ষিত হৈছে।


The Assamese dignified Gamocha

There are many different types of dresses available in the market. These dresses are the most popular dresses in the country. They are the most popular dresses in the country. They are the most popular dresses in the country The gomocha, which is known as the dignity of the Assamese, is beautifully developed in the hands of the artisans of Assam.

      There are many ways to get a job in the field of architecture, but the most important thing is to get a job in the field of architecture. There are many ways to get a job in the field of architecture, but the most important thing is to get a job It also began to be used as a

     There are many different types of gomochas used to wipe the body after bathing, such as Tiyani, Bihuan, Kamar Bandh Gamocha, Ankata Gamocha, Uka Gamocha, Gosai Thapnar Gamocha, etc.
       Tiyani: This gamocha is made of medium raw yarn. This gamocha is made of coarse yarn and falls on the knees. It is widely used in South Assam.
      Bihuan: This Bihuan is the most affectionate and affectionate. This Gamocha is used to pay respect to the elderly on Bihu day. This Bihuan or flower Gamocha is the best gift given by the lover or lover to Chenai.
   Waist-closed gomocha: This gomocha is also used by farmers as a waistband or waist cloth. Farmers even wear this gomocha on their heads to engage in agricultural activities.
   Ankata Gamocha:This gamocha is very popular especially in South Assam. It is believed that if the groom wears this gomocha during religious activities on the wedding day, there will be no evil in the wedding ceremony.
     Uka Gamocha: Woven of raw yarn and made of red and green yarn on both sides, this gamocha is used especially in Assamese society to wipe the body after bathing
    Gosai Thapana Gamocha: This Gamocha is made of red yarn, green yarn and specially for use in Thapana with various religious symbols.

      There are many different types of fabrics available in the market. These fabrics are used in the Ahom Empire. There is no history of Chukapha bringing the gomocha to Assam. However, we have seen and heard of the introduction of the gomocha during the reign of Sankardev. According to Edward Gate's book 'A History Assam', the price of a gomocha was 5 paisa.

         The gomocha is used not only by Assamese or in Assam but also by non-Assamese outside Assam. The commercial aspect of gamocha in Assam is very profitable .Which is why the proper form of Assamese gamocha is not seen in foreign states,which is unfortunate for us.Machine making gamocha is less labor and less expensive but the price of local gamocha made by artisans is higher so people are buying machine made gamocha There are many reasons why you shouldn't buy these products. These are the reasons why you shouldn't buy these products.

No comments:

Post a Comment