এখন দেশ অথবা একোটা নিৰ্দ্দিষ্ট অঞ্চলৰ স্থানীয় সম্পদসমূহৰ ভিত্তিত সৃষ্টি হোৱা উৎপাদন আৰু তাৰ প্ৰয়োগ , উপভোগ , বিতৰণ নাইবা বিনিময়ৰ প্ৰক্ৰিয়াকে দেশখনৰ বা নিৰ্দ্দষ্ট অঞ্চলটোৰ অৰ্থনীতি বুলি কোৱা হয় । অৰ্থনীতিৰ কোনো নিৰ্দ্দিষ্ট পৰিভাষা দিয়াটো বহুত কঠিন । অৰ্থনীতি শব্দটো ইংৰাজী 'Economics' শব্দৰ প্ৰতিশব্দ । প্ৰকৃততে 'Economics' শব্দটো গ্ৰীক শব্দ 'Oikos' অৰ্থাৎ পৰিয়াল আৰু 'Nomos' অৰ্থাৎ পৰিচালনা কৰা শব্দ দুটাৰ মিলনৰ পৰা উদ্ভৱ হোৱা 'Oekonomos'-অৰ পৰা উদ্ধৃত , যাৰ অৰ্থ ঘৰ এখন পৰিচালনা কৰা। অৰ্থাৎ সীমিত আয়ৰে ঘৰ এখন পৰিচালিত কৰা ধাৰণাটোৰ পৰাই 'অৰ্থনীতি' বা অৰ্থবিজ্ঞানৰ উৎপত্তি। বৰ্তমানে ভাৰতবৰ্ষৰ অৰ্থনীতি বা কাৰিকৰী দিশসমূহ অনগ্ৰসৰ অৱস্থাৰ পৰা উন্নয়নৰ দিশে গতি কৰা বা উন্নয়নৰ ফালে আগবাঢ়ি যাব ধৰিছে । আমাৰ দেশ ভাৰতবৰ্ষৰ অৰ্থনীতিত এটি গুৰুত্বপূৰ্ণ মতামত হৈছে যে' ভাৰতবৰ্ষৰ সম্পদ সীমিত কিন্তু অভাৱ অপৰিসীম । আৰু মানৱ সমাজৰ এই সীমাহীন অভাৱসমূহ পূৰণ কৰিবৰ বাবে মানুহে যি প্ৰচেষ্টা হাতত লয় সেই প্ৰচেষ্টা প্ৰয়োগৰ ক্ষমতা সীমাবদ্ধ । এখন দেশ অথবা নিৰ্দ্দিষ্ট একোটা অঞ্চলৰ অৰ্থনীতিৰ মূল উদ্দেশ্যই হৈছে সীমিত সম্পদসমূহৰ সুব্যৱহাৰৰ দ্বাৰাই সৰ্বোত্বম অভাৱ পূৰণ কৰা ।
এটা বস্তু উৎপাদন কৰিবলৈ বা আন ধৰণে ক'লে যিকোনো এটা সামগ্ৰী এটাৰ উপযোগিতা বৃদ্ধি কৰিবলৈ প্ৰধানকৈ চাৰিবিধ উপাদানৰ প্ৰয়োজন হয়। সেইসমূহ হৈছে:
১)ভূমি
২)শ্ৰম
৩)মূলধন
৪)সংগঠন
এইবোৰক অৰ্থবিজ্ঞানৰ ভাষাত উৎপাদনৰ উপাদান বোলা হয়। যিহেতু এই উপাদান সমূহ মুক্ত সামগ্ৰী নহয় সেয়েহে বিনামূলীয়াকৈ এই উপাদানসমূহ লাভ কৰাতো অসম্ভৱ ।আৰু সেয়েহে উৎপাদনকাৰীয়ে উৎপাদন কৰোঁতে এই উপাদান বোৰৰ বাবে এটি বৃহৎ পৰিমাণৰ খৰচ বা ব্যয় বহন কৰিব লগা হয়। এই ব্যয়কে উৎপাদন ব্যয় বোলা হয়।
সাধাৰণতে 'অৰ্থনৈতিক বৃদ্ধি' আৰু 'অৰ্থনৈতিক বিকাশ' একেই অৰ্থত ব্যৱহাৰ কৰা দেখা যায় যদিও এই দুই ধাৰণাৰ মাজত কিছুমান মৌলিক পাৰ্থক্য আছে। অৰ্থনৈতিক বিকাশৰ সমস্যাটো হৈছে অনুন্নত দেশ সমূহৰ লগত জড়িত আৰু অৰ্থনৈতিক সমৃদ্ধিটো উন্নত দেশ সমূহৰ ক্ষেত্ৰত সম্পৰ্কিত। মানৱ উন্নতিকৰণৰ আৰ্হি হিচাপে প্ৰকাশিত হোৱা ৰাষ্ট্ৰসংঘৰ বিকাশ আঁচনি অনুযায়ী, 'অৰ্থনৈতিক সমৃদ্ধি হৈছে 'মানব সম্পদ বিকাশ' অৰ্জনৰ মাধ্যম আৰু সেই বাবে সমৃদ্ধিৰ উদ্দেশ্যয়েই হৈছে মানৱ জীৱনৰ মান উন্নত কৰা।
যদিও ভাৰতবৰ্ষ এখন প্ৰগতিশীল দেশ , তথাপিও কিন্তু সমগ্ৰ বিশ্বৰ ভিতৰতে আন দেশৰ তুলনাত ভাৰত দেশৰ অৰ্থনীতি বহু বেছি দুৰ্বল । দেশৰ অৰ্থনীতিক সবল কৰি তুলাত বাধা দিয়া কাৰণসমূহ হৈছে -
১) ভাৰতবৰ্ষৰ বেছিভাগ মানুহৰে ধন-সম্পত্তিৰ দিশে দুৰ্বলতা আছে ।
২) সম্পত্তিৰ বিভাজনত অসমতা ।
৩) অধাক পৰিমাণে জনসংখাা বৃদ্ধিৰ প্ৰভাৱ ।
৪) জনসাধাৰণৰ সকলো অভাৱ-অনাতন দূৰ কৰিব পৰাকৈ উপযুক্ত উদ্যোগ কাৰখানা ব্যৱস্থাৰ অভাৱ
৫) উঠি অহা প্ৰজন্মৰ মাজত সংস্থাপনৰ অভাৱ ।
৬) কিছু ক্ষেত্ৰত প্ৰযুক্তিবিদ্যাৰ অসফলতা ।
৭) প্ৰাকৃতিক সম্পদৰ অনুপযুক্ত ব্যৱহাৰ ।
৮)ভাৰতৰ জনসংখ্যাৰ অৰ্ধশতাংশতকৈয়ো অধিক লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল ।
৮) আন্ত:গাথনি নিৰ্মাণ যেনে বাট-পথ, ৰেল-আলি, দলং, যোগাযোগৰ যোগান আদিৰ দৰে উন্নতিৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাসমূহৰ অভাৱ ইত্যাদি ৷
ভাৰতবৰ্ষৰ অৰ্থনীতি বিকাশৰ প্ৰাথমিক পদক্ষেপ হিচাপে মানুহে নিজৰ জীৱন প্ৰণালী আৰু শিক্ষাৰ দিশত উন্নতিকৰণ বাধ্যতামূলক । যাৰ ফলত বহু শিক্ষিতই বিদেশলৈ গৈ উন্নতমানৰ আাধুনিক প্ৰযুক্তিবিদ্যা সম্পৰ্কে জ্ঞান লৈ স্বদেশলৈ ঘূৰি অহাৰ সুযোগ পাব । দেশৰ অৰ্থনীতিক এই সময়লৈকে দুৰ্বল কৰি ৰখা কাৰণ সমূহৰ যথোপযুক্ত সমিধান বৰ্তমানলৈকে ওলোৱা নাই বাবেই ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থা এতিয়াও শক্তিশালী হৈ উঠিব পৰা নাই । ভাৰতবৰ্ষৰ প্ৰত্যেকজন সমসাময়িকভাৱে উচ্চ পৰ্য্যায়লৈ শিক্ষাগত অধিকাৰ প্ৰদানৰ ব্যৱস্থা কৰিলে দেশৰ অৰ্থনীতি কিছু পৰিমাণে হ'লেও সবল হৈ উঠিব । আধুনিক প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ আৰু শস্য উৎপাদন বৃদ্ধিয়েও দেশৰ অৰ্থনীতিক শক্তিশালী কৰি তোলাত সহযোগ কৰিব । বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণ প্ৰদানেও দেশৰ অৰ্থনীতি পূৰঠ কৰাত সহায় কৰে । অধিক পৰিমাণত কৰ্মী নিযুক্তিকৰণ আৰু হাজিৰা বৃদ্ধিয়েও ভাৰতবৰ্ষৰ অৰ্থনীতিত ইতিবাচক প্ৰভাৱ পেলাব । নতুন প্ৰযুক্তিবিদ্যাৰ আৱিষ্কাৰ আৰু উদ্যোগ কাৰখানা সমূহ স্থাপনৰ ব্যৱস্থাই দেশৰ অৰ্থনীতি সবল কৰি তুলিব পাৰে ।ইয়াৰ উপৰিও বিভাগীয় কতৃপক্ষৰ তৰফৰ পৰাও দেশৰ অৰ্থনীতি সবল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰে ।
The economy of a country or region is the process of production based on local resources and their use, consumption, distribution or exchange. It is very difficult to give a specific definition of economics. The word economy is synonymous with the English word 'Economics' In fact, the word 'Economics' is derived from the Greek words 'Oikos' meaning family and 'Nomos' meaning managing, which means managing a household. In other words, 'economics' or economics originates from the concept of managing a household with a limited income. Currently, the economy or technical aspects of India are moving from underdevelopment to development. There is an important view in the economy of our country India that India's resources are limited but its shortages are immense. And the ability to apply the efforts that humans make to fill these infinite needs of human society is limited. The main objective of the economy of a country or a particular region is to make the best use of limited resources to meet the needs.
There are four main ingredients required to produce an item or, in other words, to increase the utility of any product. They are:
1) Land
2) Labour
3) Capital
4) Organization
These are called components of production in the language of economics. Since these ingredients are not free products, it is impossible to obtain these ingredients for free. And therefore the manufacturer has to bear a large amount of cost or expense for these ingredients while producing. This cost is called production cost.
'Economic growth' and 'economic development' are generally used interchangeably, but there are some fundamental differences between the two concepts. The problem of economic development is related to the underdeveloped countries and economic prosperity is related to the developed countries. According to the United Nations Development Plan, which is published as a model for human development, 'Economic prosperity is the means of achieving 'human resource development' and therefore the purpose of prosperity is to improve the quality of human life.
Although India is a progressive country , but the economy of India is much weaker than other countries in the world. The reasons that prevent the country from strengthening its economy are -
1) Most people in India have wealth weaknesses.
2) Inequality in the distribution of property.
3) Effects of excessive population growth.
4. Lack of proper industrial system to meet all the needs of the people
5) Lack of employment among the rising generation.
6) Failure of technology in some areas.
7. Improper use of natural resources.
8. More than half of India's population depends on agriculture.
8. Lack of necessary measures for improvement of infrastructure construction like roads, railways, bridges, communication etc
As a primary step in the development of the economy of India, it is compulsory for people to improve their lifestyle and education. This will enable many educated people to go abroad and return home with knowledge of advanced modern technology. The economy of India has not yet recovered due to the lack of adequate solutions to the causes that have weakened the country's economy so far. The country's economy will be strengthened to some extent if everyone in India is given the right to education at the same time. The use of modern technology and increased crop production will also help in strengthening the country's economy. Vocational education and training also helps to mature the economy of the country. Higher recruitment and wage increases will also have a positive impact on the Indian economy. The invention of new technologies and the establishment of factories can strengthen the economy of the country. In addition, the departmental authorities also play an important role in strengthening the economy of the country.








No comments:
Post a Comment