অসমৰ লোক উৎসৱ
উৎসৱ হৈছে এখন অঞ্চলক , এটা জাতিক , এখন সমাজক প্ৰীতি-স্নেহৰ জৰীৰে , আনন্দ উল্লাসৰ মাজেৰে একতাৰ বান্ধোনত বান্ধি ৰখা এপদ সাংস্কৃতিক আহিলা । বিভিন্ন ধৰণৰ জাতি , ধৰ্ম , বৰ্ণ , ভাষা নিৰ্বিশেষে কোনো ভেদাভেদ , বাদ বিবাদ নোহোৱাকৈ অসমৰ জনসাধাৰণে সকলো উৎসৱ-পাৰ্বন জনজাতীয় মিলাপ্ৰীতি আৰু ধৰ্মীয় সহানুভূতিৰে সৈতে খুব উলহ মালহেৰে উদ্যাপন কৰে । এই উৎসৱসমূহে অসমত বাস কৰি ভিন্ন জাতিৰ লোকসকলৰ মাজত মৰম-চেনেহ বজাই ৰাখে । উৎসৱ পাৰ্বনসমূহে ব্যক্তিৰ ব্যস্ত জীৱনৰ জটিলতাসমূহক সৰল কৰি সুখী জীৱন যাপন কৰাত সহযোগ কৰে । মানুহক সংসাৰৰ প্ৰতি মোহ মায়াৰ ওজন বঢ়াই সম্পৰ্কবোৰ সবল কৰাত উৎসৱ পাৰ্বনসমূহে সহায় কৰে । কলা- কৃষ্টি , সাহিত্য-সংস্কৃতি , উৎসৱ-পাৰ্বন উপভোগৰ ক্ষেত্ৰত অসমৰ স্থান সদায় শিখৰত । বিহু অসমীয়াৰ জাতীয় উৎসৱ । বহাগ অথবা ৰঙালী , কাতি অথবা কঙালী আৰু মাঘ অথা ভোগালীৰে বছৰেকত তিনিটাকৈ বিহু অসমবাসীয়ে উদ্যাপন কৰে । অসমীয়াৰ আৱেগৰ উৎসৱ বিহু সম্পৰ্কে আটাইয়ে জ্ঞাত ।
অসমত ঐতিহ্যৰে পৰা প্ৰচলিত কিছুমান লোক উংসৱে আধুনিক যুগতো সমাজত গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে । যদিও আজিৰ প্ৰজন্ম এইসমূহৰ বিষয়ে অজ্ঞাত , এইখন অসমৰে কিছু কিছু অঞ্চলত এই লোকউৎসৱসমূহক এতিয়াও বিশেষ মহত্ত্ব প্ৰদান কৰা হয় । এনেধৰণৰ কিছু লুপ্তপ্ৰায় লোক উৎসৱসমূহৰ সৈতে নৱপ্ৰজন্মক পৰিচয় কৰোৱাৰ হেতু উদাহৰণ সহিত কিছু তথ্য উল্লেখ কৰা হৈছে ।
ভাওনা : অসমীয়া সংস্কৃতিক বিশ্বৰ দৰবাৰত গৌৰৱান্বিত কৰি অসমক প্ৰতিনিধিত্ব কৰা এটি বিশাল উৎসৱ , " ভাওনা " ।প্ৰাক্ শংকৰী যুগত গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে অংকীয়া নাটৰ সৃষ্টি কৰিছিল । এই অংকীয়া নাটসমূহক অভিনয়ৰ ভঙ্গিৰে দৰ্শকৰ আগত পৰিচয় দিয়া অনুষ্ঠানকে ভাওনা বুলি কোৱা হয় । ভাওনা হ'ল গীত , মাত , শ্লোক, বচন , নাট , নৃট্যৰ সমাহাৰ । সহজ অৰ্থত ভাও দি দেখুওৱা কাৰ্যকে ভাওনা বোলে । নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰত ভাওনাৰ বিস্তৃত অৱদান আছে । ভাওনা সমূহৰ প্ৰধান উদ্দেশ্যই হৈছে নৱপ্ৰজন্মৰ হৃদয়ত অগাধ শ্ৰদ্ধা আৰু ভক্তি জন্মোৱা , তেওঁলোকক সত্য-অসত্য , ধৰ্ম-অধৰ্মৰ বিচাৰ কৰিবলৈ শিকোৱা , গীত - ৰাগ , নৃত্য - বাদ্যৰ প্ৰতি আগ্ৰহী কৰোৱা , তেওঁলোকৰ মাজত অভিনয়ৰ প্ৰতিভা বিকাশ কৰোৱা , সমাজত আনন্দ উল্লাসৰ পৰিৱেশ গঢ়ি তোলা , সামাজিক জাগৰণ আৰু পৰস্পৰৰ মাজত ভাতৃত্ববোধৰ মনোভাৱ গঢ়ি তোলা আৰু প্ৰভূৰ অপাৰ মহিমা জনসাধাৰণৰ সন্মুখত ডাঙি ধৰা । ভাওনাত খোল , তাল , ডবা , কাঁহ , ভোৰতাল , খুটিতাল আদিৰ ব্যৱহাৰেৰে গায়ন বায়ন , সুত্ৰধাৰী নৃত্য , প্ৰৱেশ পস্থানৰ চেও , সত্ৰীয়া নৃত্য , যুদ্ধৰ চেও , গীতৰ চেও আদি বজোৱা হয় ।
মহোহো : মহোহো হ'ল নামনি অসমৰ ঠাইভেদে কিছু কিছু অঞ্চলত উদ্যাপন কৰা এটি উৎসৱ । অসমীয়া ভাষাৰ "মহ" আৰু বড়ো ভাষাৰ "হো" শব্দৰ সংমিশ্ৰণেৰে মহোহো শব্দৰ গঠিত হৈছে । বিশেষকৈ অসমৰ কামৰূপ , নলবাৰী , বৰপেটা , বাক্সা , গোৱালপাৰা , দৰং জিলাত এই উৎসৱৰ প্ৰচলন দেখা যায় । লোকবিশ্বাসমতে নিজ নিজ অঞ্চলত মহৰ প্ৰকোপ হ্ৰাস কৰা এই উৎসৱৰ মূল উদ্দেশ্য । আঘোণ মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয় । এই দিনটোত গধূলি গাঁৱৰ চেমনীয়া ল'ৰা আৰু ডেকাই কেইবাটাও দলত বিভক্ত হৈ হাতত টোকোন বা লাঠি লৈ মানুহৰ চোতালে চোতালে গৈ ঘূৰি ঘূৰি কিছুমান গীত গায়। এই গীতবোৰক মহোহো গীত বোলে। এই গীতবোৰ গোৱাৰ পাছৰ পৰাই মহৰ পৰিমাণ ক্ৰমান্বয়ে কমি যায় বুলি কোৱা হয় । গৃহস্থৰ চোতালত এই গীতবোৰ পৰিৱেশন কৰাৰ বিনিময়ত ল'ৰাজাঁকৰ দলটিয়ে গৃহস্থৰ হাতৰ ধন , চাউল , দাইল ইত্যাদি মাননি হিচাপে লৈ আৰ্শীবাদ দি গুচি যায় । ঘৰে ঘৰে মহোহো গীত গাই সংগ্ৰহ কৰা টকা-পইচা , চাউল- পাত আদিৰে ডেকাহঁতে মিলিজুলি ভোজ ভাত খায় । গাঁৱৰ গৰখীয়া আৰু চেমনীয়া ল'ৰাবোৰৰ বাবে মহোহো এক আনন্দময় উৎসৱ ।
অসম যিহেতু এখন জাতি-ধৰ্ম নিৰপক্ষীয় ৰাজ্য সেয়েহে অসমীয়া জাতীয় উৎসৱৰ উপৰিও অন্য ধাৰ্মিক অথবা আন জনজাতীয় লোকসকলৰ জাতীয় উৎসৱসমূহো সমূহীয়াকৈ আনন্দ উল্লাসেৰে উপভোগ কৰে । এইখন অসমৰে এটি বৃহৎ জনজাতি মিচিং সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকৰ জাতীয় উৎসৱ হিচাপে " আলি আই লৃগাং " উৎসৱটি পালন কৰে । মিচিং জনগোষ্ঠীৰ লোকসকলৰ বাবে আলি আই লৃগাং হ'ল এক বসন্ত উৎসৱ । ই এক কৃষিভিত্তিক উৎসৱ । শস্য বা কঠিয়া সিঁচাৰ আৰম্ভণি হিচাপে এই উৎসৱ পালন কৰা হয় ।
মিচিং ভাষাত "আলি" মানে শস্যৰ বীজ, "আঃয়ে" মানে ফল আৰু "লৃগাং" মানে সিঁচিবলৈ আৰম্ভ কৰা; অৰ্থাৎ আলি আঃয়ে লৃগাং মানে হৈছে শস্য সিঁচাৰ প্ৰথম দিন। ফাগুন মাহৰ প্ৰথম বুধবাৰে মিচিংসকলে এই উৎসৱ উদ্যাপন কৰে । সাধাৰণতে এই উৎসৱত শস্য সিঁচাৰ লগতে মিচিং ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলে সমূহীয়াভাৱে ভোজভাত খাই নানান নৃত্য-গীত কৰে।
অসমৰ অন্য জনগোষ্ঠীৰ লোকসকলৰ দৰেই বড়ো জনজাতিৰ লোকসকলে জাতীয় উৎসৱ হিচাপে বাথৌ পূজা পালন কৰে । এই উৎসৱত বড়োসকলে সিজু গছ আৰু তুলসী গছৰ দুটা ডালক একেলগ কৰি তাৰ বেদী ৰূপণ কৰে আৰু সেই বেদীটোকে দেৱতা জ্ঞান কৰি তেওঁলোক পূজা অৰ্চনা কৰে । এই পূজাত বাথৌ দেৱতা সন্তুষ্ট কৰিবলৈ খেৰাই নৃত্য কৰাৰ লগতে মদ-মাংস অৰ্পণ কৰে ।
অসমৰ এটি অন্যতম জনগোষ্ঠী , কাৰ্বি লোকসকলৰ এটি পৰম্পৰাগত উৎসৱ "চমাংকান " । কাৰ্বি জনজাতিৰ লোকসকলে এই উৎসৱ মৃতকৰ আত্মাৰ সদ্গতিৰ কামনাৰে পালন কৰিছিল । তেওঁলোকৰ বিশ্বাস যে' চমাংকান অবিহনে মৃতকৰ আত্মাই এই জগতৰ মোহ মায়াৰ পৰা সম্পূৰ্ণৰূপে পৰিত্ৰাণ নাপায় । কাৰ্বি সমাজত কোনো ব্যক্তিৰ মৃত্যু ঘটিলে তেওঁলোকো মৃতদেহ তেওঁৰ আত্মীয় সকল আহি নোপোৱালৈকে ৰাখি থয়। আত্মীয় সকল অহাৰ পিছত আনুষ্ঠানিকতা ৰক্ষা কৰি শৱ সৎকাৰ কৰা হয় আৰু হাড়বোৰ পুতি থোৱা হয়। তাৰ পিছত চমাংকান পতা বাধ্যতামূলক।
উৎসৱ-পাৰ্বনসমূহৰ উদ্যাপনে জাতীয় পৰম্পৰা ৰক্ষা কৰাৰ উপৰিও সমাজত আনন্দ , সুখ , শান্তি - শৃঙ্খলা বজাই ৰাখে ।








No comments:
Post a Comment