বিজ্ঞান আৰু ধৰ্ম || Science and Religion

          পৃথিৱীত বিজ্ঞান আৰু ধৰ্মৰ মাজত এক সম্বন্ধ আছে যিয়ে দুয়োকে নিজৰ মাজতে ওত:প্ৰোতভাৱে জড়িত কৰি ৰাখিছে । এই দুয়োটা শব্দকে এক বৃহৎ অন্তৰালে  সমূলি পৃথক কৰি ৰাখিছে । প্ৰাকৃতিক পৃথিৱী , ইতিহাস , ধৰ্মতত্ত্ব আৰু ইয়াৰ দৰ্শন সম্পৰ্কীয় বিষয় সমূহৰ অধ্যয়নমূলক আলোচনাসমূহেই ধৰ্ম আৰু বিজ্ঞান উভয়ে সৃষ্টি হোৱা ক্ষেত্ৰখনত অৰ্ন্তভূক্ত  হৈ আছে । বিজ্ঞান আৰু ধৰ্মৰ মাজত থকা এক প্ৰভাৱশালী সম্বন্ধটোয়ে পৃথিৱীৰ জনসাধাৰণৰ মাজত বিভিন্ন ধৰণৰ ধৰ্মীয়-অধৰ্মীয় সংঘৰ্ষ , দুই পক্ষৰ মাজত বিভাজন সম্পৰ্কীয় জটিলতা , পাৰস্পৰিক পৰাধীনতাৰ অপচেষ্টা , সাম্প্ৰদায়িক বিভ্ৰান্তি ইত্যাদিৰ সৃষ্টি কৰে ।  গভীৰ প্ৰয়াসৰ পাছতো সময়ৰ তীব্ৰ পৰিৱৰ্তনৰ লগত খাপ খুৱাকৈ ধৰ্ম আৰু বিজ্ঞানে এই সময়লৈকে বৰ্তমানৰ সামাজিক ও সাংস্কৃতিক জগতখনত সফলতাৰে কোনো ধৰণৰ এক সুকীয়া লক্ষ্যত  উপনীত  হোৱাত ব্যৰ্থ হৈছে । 

          পূৰ্বৰে পৰা ভাৰতবৰ্ষৰ ইতিহাসত ধৰ্ম আৰু বিজ্ঞানৰ মাজত কিছু প্ৰতিদ্বন্দিতামূলক পৰিস্থিতি আৰু পাৰস্পৰিক নিৰ্ভৰশীলতা পৰিলক্ষ্যিত হোৱা বুলি বহু কেইজন খ্যাতনামা বৈজ্ঞানিক, দাৰ্শনিক তথা  ধৰ্মতত্ত্ববিদৰ ভাষ্য অনুযায়ী জানিব পৰা গৈছে । জীৱবিজ্ঞানৰ বৈজ্ঞানিক সকলৰ মতে ধৰ্ম আৰু বিজ্ঞান হৈছে পৰস্পৰৰ মাজত কোনো সংগতি নথকা আৰু জ্ঞান আহৰণমূলক দুটা পৃথক তথা মৌলিক বিষয়হে মাথো । ঐতিহাসিক যুগৰ কিছু বিশেষ বৈজ্ঞানিক  আৰু গণিতজ্ঞৰ মতে বিজ্ঞান আৰু ধৰ্মৰ মাজত স্বাভাৱিকতে কিছু পৰিমাণে সম্পৰ্ক নিশ্চয়কৈ আছে আৰু আন কিছুমানৰ মতে আকৌ দুয়োটা বিষয়ৰ মাজতে কিছু সমান্তৰাল বৈশিষ্ট্যও আছে । কিছুমান বৈজ্ঞানিকৰ মতে আকৌ বিজ্ঞানৰ প্ৰমাণমূলক ক্ৰমবিকাশৰ ধাৰাৰ তুলনাত ধৰ্মীয় বাণী সমূহৰ কোনো আৱশ্যকতা নাই ।   ধৰ্ম আৰু বিজ্ঞানৰ ভিত্তিত আজিৰ প্ৰজন্মৰ বাবে সঘনে  সৃষ্টি হোৱা এটা প্ৰধান সমস্যা হৈছে - নৱপ্ৰজন্মই  যদিও বিজ্ঞানৰ উক্তিসমূহকেই প্ৰাধান্য দিয়ে , তথাপিও কিছুমান সময়ত , বিশেষকৈ নিজৰ বিপদ-আপদৰ ক্ষণত তেওঁলোকক ধৰ্মীয় প্ৰত্যয়ৰ প্ৰতি আসক্ত হোৱা দেখা যায় । পিছে বিভিন্নজনে দিয়া এনেধৰণৰ বহুতো যুক্তিৰ পাছতো   পৃথিৱীত এনে বহু ব্যক্তি আছে যিসকলে ক্ৰমান্বয়ে বৃদ্ধি হোৱা বিজ্ঞানৰ বিকাশকো পৰিহাৰ কৰি ধৰ্মীয়  ভাৱধাৰাকেই সমৰ্থন কৰি আহিছে । 
          ধৰ্ম হৈছে ১৭ শতিকাতেই প্ৰতিষ্ঠিত  বছৰ বছৰ ধৰি বহু বিৰোধী বিতৰ্কৰ মাজেৰে বিশ্বজুৰি  প্ৰচলিত উপনিষদ ভিত্তিক সাম্প্ৰদায়িক আলাপ-আলোচনা । আনহাতে বিজ্ঞান হৈছে ১৯ শতিকাত প্ৰতিষ্ঠিত প্ৰাকৃতিক অথবা চৌদিশৰ প্ৰমাণিত তথ্য আৰু জ্ঞানভিত্তিক অধ্যয়ন । বিজ্ঞানৰ প্ৰতিষ্ঠাপনৰ লগতে সেই সময়ত বিজ্ঞানে নতুন নতুন পদ্ধতিৰে সৈতে আধুনিকতাৰ ৰূপ লয় । লগতে " জীৱবিজ্ঞান আৰু জীৱবিজ্ঞনী " , " পদাৰ্থবিজ্ঞান আৰু পদাৰ্থবিজ্ঞানী " , "ৰাসায়নিক বিজ্ঞান আৰু ৰাসায়নিক বিজ্ঞানী" ইত্যাদি এনেধৰণৰ বিভাগেৰে বিজ্ঞানক সৰল কৰি এক নতুন সৃষ্টি কৰা হৈছিল । ইয়াৰ উপৰিও একে সময়তে বিজ্ঞানৰ সৈতে জড়িত  বিভিন্ন ধৰণৰ অনুষ্ঠান - প্ৰতিষ্ঠান তথা প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰসমূহ আৰু প্ৰযুক্তিবিদ্যা সম্বন্ধীয় বিভিন্ন আধুনিক প্ৰণালীৰো প্ৰতিষ্ঠা কৰা হৈছিল । মুঠতে বিজ্ঞসকলৰ মুখত প্ৰচলিত তথ্য অনুসৰি  প্ৰাচীন কালৰে পৰা বিজ্ঞান আৰু ধৰ্মৰ মাজৰ এই বিবাদ অতীজৰে পৰা অব্যাহত আছে । পোনপ্ৰথমে এই বিবাদ আৰম্ভ হৈছিল চন্দ্ৰগ্ৰহণৰ পৰা । পূৰ্বতে ধৰ্মীয় পণ্ডিতসকলে মুখে মুখে মানুহক দিয়া জ্ঞানমতে ঈশ্বৰৰ অস্থিৰতাৰ বাবেহে চন্দ্ৰগ্ৰহণ সংঘটিত হয় আৰু এইটো পৃথিৱীৰ বাবে এটা সাংঘাটিক কুলক্ষণ । আনহাতে বেবিলিনৰ  স্থানীয় জ্যোৰ্তিবিদ এগৰাকীয়ে গণনা আৰু নীৰিক্ষণৰ জড়িয়তে জগতৰ সন্মুখত প্ৰমাণ কৰি দেখুৱালে যে' চন্দ্ৰগ্ৰহণ হৈছে এক প্ৰাকৃতিক পৰিঘটনা আৰু ইয়াৰ ফলত চিন্তা কৰিবলগীয়া কোনোধৰণৰ নীতিবাচক প্ৰভাৱ মানৱ জাতিৰ ওপৰত নপৰে । এই সত্য প্ৰমাণসহ উন্মোচনৰ পাছতো পুৰোহিতসকলে এই বৈজ্ঞানিক সত্যক মানি ল'ব বিচৰা নাছিল ফলস্বৰূপে ধৰ্ম আৰু বিজ্ঞানৰ বিভেদেৰে সংঘাটৰ  সৃষ্টি হৈছিল । ইয়াৰ উপৰিও ধৰ্ম আৰু বিজ্ঞানৰ তুলনামূলক বিতৰ্কৰ আন এটি অন্যতম উদাহৰণ হৈছে গেলিলিঅ' আৰু গিৰ্জাৰ সংঘৰ্ষ । পূৰ্বতে বাইবেলত উল্লেখিত বিবৃতিকেই সম্পূৰ্ণ শুদ্ধ বুলি মানি প্ৰচাৰ কৰা হৈছিল যে' - পৃথিৱীয়েই সম্পূৰ্ণ বিশ্ব ব্ৰহ্মাণ্ডৰ কেন্দ্ৰ আৰু অন্য সকলো গ্ৰহ - নক্ষত্ৰইহে পৃথিৱীৰ চাৰিওফালে পৰিভ্ৰমণ কৰে । কিন্তু গেলিলিঅ'ই বাইবেলত উল্লেখিত এই উক্তিক ভুল  বুলি আৰু সূৰ্য্যকেন্দ্ৰিক সৌৰজগতৰ আৰ্হিহে শুদ্ধ বুলি  দাবী কৰে । ইয়াৰ ফলশ্ৰুতিত গেলিলিঅ'ক ইনকুইজিশ্বনত  দোষী সাব্যস্ত কৰি গৃহ-বন্দীৰ শাস্তি প্ৰদান কৰা হয় । 
          ওপৰত উল্লেখিত ধৰ্ম আৰু বিজ্ঞান সম্বন্ধীয় পৌৰাণিক বিবাদসমূহৰ তুলনাত বৰ্তমানৰ বিভেদসমূহ ঠিক এনেধৰণৰ - ধৰ্মীয় পুৰোহিত অথবা পণ্ডিত সকলৰ মতামত অনুযায়ী জীৱ-জগত সম্পূৰ্ণৰূপে ঈশ্বৰৰ আৱিষ্কাৰ আৰু এক নিৰ্দ্দিষ্ট সময়সীমাৰ ভিতৰত ঈশ্বৰে জীৱকুলৰ আৱিষ্কাৰ কৰিছিল । আনহাতে বিজ্ঞানে পোনপটীয়াকৈ এই মত প্ৰত্যাখ্যান কৰে আৰু বিভিন্ন পৰ্য্যাবেক্ষণ আৰু পৰীক্ষা-নিৰীক্ষাৰ মাধ্যমেৰে " প্ৰাকৃতিক নিৰ্বাচনৰ তত্ত্ব " আগবঢ়ায় । ইয়াৰ উপৰিও মানৱীয় যৌনতা গৱেষক আৰু থেৰাপিষ্টসকলৰ মতে সমকামিতা অথবা তৃতীয় লিঙ্গ অন্য সৰল যৌনকামিতাৰ দৰেই সম্পূৰ্ণ প্ৰাকৃতিক আৰু জিনৰ প্ৰভাৱতে এনে হয় বুলি মতামত ডাঙি ধৰে ,  ব্যক্তি বিশেষৰ নিজস্ব ৰুচি বা নিৰ্বাচনৰ ওপৰত নিৰ্ভৰ নকৰে । কিন্তু ধৰ্মীয় গুৰুসকলৰ মতে তৃতীয় লিঙ্গ অথবা সমকামিতা বিকৃত যৌন-মানসিকতাৰ ফলতেই হয় আৰু এইয়া সম্পূৰ্ণৰূপে ব্যক্তিবিশেষ নিজস্ব নিৰ্বাচন বা ৰুচিৰ ওপৰত নিৰ্ভৰ কৰে । 
          সেয়েহে এনেধৰণৰ সংঘাট বা বিতৰ্ক সমূহৰ পৰা  বিৰত থাকিবলৈ মানুহে  " বিশ্বাস " আৰু " আস্থা"ৰ মাজৰ প্ৰাৰ্থক্য জনা আৰু তাক গ্ৰহণ কৰা উচিত । যেনে-  বিজ্ঞানে আৱিষ্কাৰ কৰা উৰাজাহাজখনৰ প্ৰযুক্তিবিদ্যাৰ ওপৰত মানুহৰ আস্থা আছে বাবেই নিৰ্ভীক মনেৰে আকাশ মাৰ্গেৰে উৰাযাহাজখনত আস্থা ৰাখি আমি যাত্ৰা কৰো কিন্তু প্ৰত্যেক বছৰে পূজা কৰি অহাৰ  পাছতো কিন্তু গৰাখহনীয়া ৰোধ হোৱা নাই । এনেবোৰ ধাৰণাৰ ফলতেই  ধৰ্মৰ ওপৰত থকা আস্থা হেৰুৱাব ধৰিছে  ।  বিজ্ঞানে যেনেদৰে নিজস্ব সফল পদ্ধতিৰে আমাৰ আস্থা জয়ী কৰিবলৈ সক্ষম হৈছে , ঠিক তেনেদৰেই ধৰ্মৰ বিভিন্ন বিফল পদক্ষেপেৰে মানুহৰ মনত ধৰ্মৰ প্ৰতি থকা আস্থা হ্ৰাস কৰি আহিছে । 



        There is a relationship between science and religion in the world that keeps the two closely intertwined. These two words are separated by a large gap. The field of study of the natural world, history, theology and its philosophy is included in the field created by both religion and science. An influential relationship between science and religion has led to various forms of religious-secular conflict among the peoples of the world, complexities of division between the two sides, attempts at mutual subjugation, communal confusion, etc. Despite deep efforts, religion and science have failed to achieve any distinct goal in the present social and cultural world in order to adapt to the rapid changes of time.


           There have been some competing situations and interdependence between religion and science in the history of India, according to many eminent scientists, philosophers and theologians. Biological scientists believe that religion and science are two separate and fundamental subjects that have nothing to do with each other and are the source of knowledge. Some scientists and mathematicians of historical times believe that there must be some natural relationship between science and religion, while others believe that there are some parallels between the two subjects. Some scientists believe that religious sayings are unnecessary compared to the evidential evolution of science. One of the major problems that frequently arises for today's generation on the basis of religion and science is that although the younger generation prefers the statements of science, they are sometimes addicted to religious beliefs, especially in their own moments of danger. However, despite the many arguments given by various people, there are many people in the world who have ignored the development of science and supported religious ideas.
           Religion is an Upanishadic communal discussion that has been going on around the world for years through many controversial debates, founded in the 17th century. Science, on the other hand, is the study of natural or environmentally proven facts and knowledge established in the 19th century. With the establishment of science, science took the form of modernity with new methods. Also, a new creation was created by simplifying science with such categories as " Biology and Biology " , " Physics and Physicists " , "Chemistry and Chemists" In addition, various institutions related to science and fields of technology and various modern systems of technology were established at the same time. In short, according to scholars, this conflict between science and religion has continued since ancient times. The controversy first started with the lunar eclipse. In the past, religious scholars believed that the lunar eclipse was caused by God's instability and was a terrible omen for the earth. A local astronomer from Babylon proved to the world through calculations and observations that a lunar eclipse is a natural phenomenon and does not have any positive effects on mankind. Despite the revelation of this truth with evidence, the priests refused to accept this scientific truth, resulting in conflict between religion and science. Another example of the comparative debate between religion and science is the conflict between Galileo and the Church. In the past, the Bible's statement that the Earth is the center of the entire universe and that all other planets and stars revolve around it was promoted as absolutely correct. However, Galileo claimed that this statement in the Bible was wrong and that the heliocentric model of the solar system was correct. Galileo was convicted by the Inquisition and sentenced to house arrest.
           Compared to the mythological disputes between religion and science mentioned above, the current differences are exactly this - according to religious priests or scholars, the universe is entirely the invention of God and that God invented the animal kingdom within a certain period of time. Science, on the other hand, directly rejects this view and proposes the "theory of natural selection" through various observations and experiments. In addition, human sexuality researchers and therapists argue that homosexuality or the third sex, like other simple sexualities, is entirely natural and genetic, not dependent on individual tastes or choices. However, according to religious teachers, third gender or homosexuality is the result of a perverted sexual mentality and this depends entirely on the individual's own choice or taste.
    Therefore, to avoid such conflicts or debates, people should know and accept the difference between "faith" and "trust" For example, people have confidence in the technology of the airplane invented by science and we travel by sky with confidence in the airplane but despite performing pujas every year, the floods have not been stopped. These perceptions are causing a loss of confidence in religion. Just as science has been able to win our trust with its own successful methods , so religion has been diminishing people’s trust in religion through various failed initiatives.

No comments:

Post a Comment