ভঠেলি উৎসৱ || Bhatheli Festival

ভঠেলি হ'ল হিন্দু ধৰ্মত প্ৰচলিত বাঁহ গছক দেৱতা জ্ঞান কৰি কৰা এক ধৰণৰ পূজা। প্ৰধানকৈ নামনি অসমত এই পূজাৰ প্ৰচলন দেখা যায়। 
   প্ৰাচীন কালৰ পৰাই ভাৰতৰ বিভিন্ন সংস্কৃতিত বিভিন্ন গছ পূজাৰ প্ৰচলন আছে। বিশ্বাস অনুসৰি ঠাই ভেদে মানুহে বিভিন্ন গছক পূজা কৰে। ভাৰতৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলে বছৰটোৰ বিভিন্ন সময়ত বিভিন্ন গছ-গছনিক দেৱ-দেৱীৰ প্ৰতীক হিচাপে লৈ পূজা কৰে। বহাগ বিহুক কেন্দ্ৰ কৰি অসমত বাঁহ গছক কৰা পূজাকেই ভঠেলি উৎসৱ বুলি জনা যায়। বিশেষকৈ নামনি অসমৰ কামৰূপ , নলবাৰী আৰু বাক্সা জিলাত বহাগ মাহত এই উৎসৱ ধুমধামেৰে পালন কৰা হয়।
     অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা কেইখনমান উল্লেখযোগ্য ভঠেলি উৎসৱ হ'ল,
১/কামৰূপ জিলাৰ ৰামদিয়াৰ কুৰিদিনীয়া ভঠেলি উৎসৱ।

২/নলবাৰী জিলাৰ বেলশৰৰ কুৰিদিনীয়া ভঠেলি উৎসৱ।
৩/বৰনৰ্দীৰ ষোল্লদিনীয়া ভঠেলি উৎসৱ।
৪/বাটসৰৰ চৈধ্যদিনীয়া ভঠেলি উৎসৱ।    
    ধৰ্মৰ সৈতে প্ৰত্যক্ষ সম্বন্ধ নথকা বহাগী লোক উৎসৱ ভঠেলি গঞা ৰাইজৰ অতিশয় জনপ্ৰিয় উৎসৱ। ঠাই বিশেষে ইয়াক স'ৰি বুলি জনা যায়। দৰং জিলাত আকৌ ইয়াক দেউল বুলি কোৱা হয়। ভঠেলি উৎসৱ অসমৰ কামৰূপ, দৰং আৰু গোৱালপাৰা জিলাৰ কিছুমান অঞ্চলতহে বহাগ মাহৰ যিকোনো এটা তাৰিখত পতা হয়।কোনো জাকজমকতা নকৰাকৈ উদ্‌যাপিত হৈ অহা এই ভঠেলি উৎসৱৰ দিনা পুৱাৰ ভাগতে গাঁৱৰ ডেকা-চেমনীয়া ল'ৰাহঁতে জাতি বাঁহ এডাল আগলি নকটাকৈ মূঢ়াৰ সৈতে উভালি আনি ভালদৰে চাঁচি-চুৰুকি ধুই পখালি লয়। তাৰ পিছত সেই বাঁহডাল ৰং-বিৰঙৰ কাপোৰেৰে মেৰিয়াই ফুলৰ মালা আৰু চোঁৱৰেৰে সজাই তোলে। এই সু-সজ্জিত বাঁহডালক পাউৰা বোলা হয়। মেৰিওৱা কাপোৰখিনিক 'পাউৰাৰ কাচ' বুলি কোৱা হয়। পাউৰা অনা মানুহজনে গা ধুই উপবাসে থাকি পবিত্ৰ সাজ পৰিধান কৰি পাউৰাটো কান্ধত তুলি ভঠেলি খোলালৈ আনে। পিছত শংখ,ঘণ্টা, বৰকাঁহ, ঢোল, খোল, তাল, আয়তীসকলৰ উৰুলি, হৰিধ্বনি আদি মাংগলিক ধ্বনিৰ মাজত ৰং-ৰহইচৰ মাজেৰে আটায়ে এই সু-সজ্জিত বাঁহডালক তুলি দি গুৰিটো পুতি দিয়ে। সাধাৰণতে গাঁৱৰ নামঘৰ বা থান আদিত উমৈহতীয়া ঠাইত থকা ভঠেলি উৎসৱ খোলাৰ ডাঙৰ গছত সু-সজ্জিত বাঁহডাল ওলোমাই ৰখা হয়।ভঠেলিৰ দিনা ৰাতিপুৱাই ডেকা ল'ৰাহঁতে ভঠেলি খোলাৰ একাষে এটি বাঁহৰ খুটি পুতি খুটিটোৰ মূৰত কলৰ ছটিয়াৰে এটি এঢলীয়া ঘৰ সাজে। এই ঘৰটোক ভঠেলি বোলা হয়। ঘৰটোৰ ভিতৰত এখন ডাঙৰ পীৰাৰ ওপৰত নতুন বিহুৱান এখন দি তাৰ ওপৰত একলহ চাউল, এথোক কল, এথোক তামোল, বিশ মুঠি পাণ, নাৰিকল, ফলমূল আদি ৰখা হয়। ধূপ-ধুনা জ্বলাই এই ঘৰটোত বাঁহদেৱতা অগ্নিলৈ এখন নৈবদ্য আগবঢ়াই তাতেই নাম-প্ৰসংগ কৰি নতুন বছৰটোত যাতে সকলো ভালে-কুশলে থাকিব পাৰে, তাৰ বাবে আশীষ বিচাৰে।সাতামপুৰুষীয়া ভঠেলি উৎসৱ চোৱাৰ বাবে ডেকা-বুঢ়া সকলোৱে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে বাটকুৰি বাই আহে। এই জাতীয় উৎসৱ ভঠেলিত লোকাচাৰ আৰু ৰং-ধেমালিৰ প্ৰাচুৰ্য্য আছে। কিন্তু ইয়াত তন্ত্ৰ-মন্ত্ৰৰ প্ৰচলন একেবাৰেই নাই। দুপৰীয়াৰ পৰা চলা ভঠেলি উৎসৱ সন্ধিয়াৰ লগে লগে সামৰণি পৰে। ভঠেলিৰ পৰা নিজ নিজ ঘৰলৈ ঘূৰি যাওঁতে প্ৰতিজন মানুহে 'পাউৰা'ৰ গুৰিৰ মাটি আনি নিজ ঘৰৰ হাঁহ-পাৰৰ বাঁহত থয়। বিশ্বাস অনুসৰি এই মাটি হাঁহ-পাৰৰ বাঁহত থ'লে হেনো কণী, পোৱালি আদিৰ একো অনিষ্ট নহয়। এই ভঠেলি উৎসৱত জিলাপী খোৱা আৰু ঘৰলৈ নিয়া আন এক আনন্দ।
গধূলি নামি অহাৰ লগে লগে ডেকা-ল'ৰাহঁতে ভঠেলি ঘৰটোৰ পৰা ভিতৰৰ বস্তুবোৰ আঁতৰাই আগতে সাজু কৰি থোৱা বাঁহৰ লাঠিৰে ঘৰটো কোবাই কোবাই ভাঙি আনন্দ কৰে। ইয়াক ভঠেলি ভগা বুলি কোৱা হয়। উৎসৱ শেষ হোৱাৰ লগে লগে গাঁৱৰ ডেকা ল'ৰাহঁতে 'পাউৰা' কান্ধত লৈ নামৰ পদ গাই গাই ঘৰে ঘৰে লৈ ফুৰায়। প্ৰতিঘৰ মানুহৰ জীয়ৰী-বোৱাৰীয়ে এই 'পাউৰা'ক ভক্তি সহকাৰে সেৱা কৰে। থাল এখনত ফাকু লৈ ডেকাহঁতে সেৱা কৰাসকলক ফাকুৰ ফোঁট দিয়ে আৰু পৰিয়ালৰ লোকসকলে সেই থালখনত কিছু টকা পইচা আগবঢ়ায়। এই 'পাউৰা'টো পিছত নামঘৰৰ কামত ব্যৱহাৰ কৰা হয়।
   ভঠেলি শব্দৰ আঁতিগুৰি সম্বন্ধে বহুজন পণ্ডিতে ভিন ভিন মত আগবঢ়াই গৈছে। বিহগী কবি ৰঘুনাথ চৌধাৰীৰ মতে ভঠেলি শব্দটো ভূঁইথলী শব্দৰপৰা আহিছে। আন কিছুমানে আকৌ ভাটিয়ালী শব্দৰপৰা এই শব্দটো অহা বুলি ক'ব খোজে। আনহাতে ড° বাণীকান্ত কাকতিয়ে 'ভঠেলি' শব্দটো আকাশ বুজোৱা ভস্থলিকা শব্দৰপৰা আহিব পাৰে বুলি অনুমান কৰে।
 
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°


Bhatheli is a form of worship of the bamboo tree in Hinduism. This festival is mainly celebrated in southern Assam.
    Since ancient times, different tree worships have been practiced in different cultures of India. According to belief, people worship different trees in different places. Hindus in India worship various plants as symbols of gods and goddesses at different times of the year. The Bhatheli festival is the worship of bamboo trees in Assam around Bahag Bihu. The festival is celebrated in the month of Bahag, especially in the districts of Kamrup , Nalbari and Baxa in southern Assam.
      Some of the notable Bhatheli festivals held in different parts of Assam are,
1. The forty-day Bhatheli festival in Ramdia, Kamrup district.
2. Forty-day Bhatheli Festival in Belshar, Nalbari district.
3. The sixteen-day Bhatheli festival of Barnardi.
4. Fourteen-day Bhatheli Festival in Batsar.
     The Bahaghi folk festival, which has no direct connection with religion, is a very popular festival among the villagers of Bhatheli. In some places it is known as Sori. In Darang district it is also called Deul. The Bhatheli festival is celebrated in some parts of Kamrup, Darang and Goalpara districts of Assam on any of the days of the month of Bahag. They wash their hands and rinse them. Then they wrap the bamboo in colorful cloths and decorate it with garlands and flowers. This well-arranged bamboo is called paura. The wrapped cloth is called 'powder glass' The man who brings the powder bathes, fasts, puts on holy clothes, carries the powder on his shoulder and brings it to the Bhatheli Khola. Then, amidst the auspicious sounds of conches, bells, bamboos, drums, khols, rhythms, the Uruli of the Ayatis, Haridwani, etc., everyone lifts the well-decorated bamboo and buries the root. The bamboo is usually hung from a large tree in the common area of the village Namghar or Than. On the morning of Bhatheli, young men dig a bamboo pole next to the Bhatheli khola and build a sloping house with banana sprinkles on top of the pole. This house is called Bhatheli. Inside the house, a new bihuan is placed on a large pira on which a pot of rice, a bunch of bananas, a bunch of coconuts, twenty handfuls of pan, coconuts, fruits, etc. are placed. There are many different types of Bhatheli festivals, including the Bhatheli festival, which is celebrated in the city of Dhaka. The Bhatheli festival is celebrated in the city of Dhaka. The Bhatheli festival is celebrated in the city of Dhaka. This national festival Bhatheli is rich in folklore and entertainment. But there is no tantra at all. The Bhatheli festival starts in the afternoon and ends in the evening. When they return to their homes from Bhatheli, each person brings the soil of the roots of 'Paura' and places it on the bamboo of his house. It is believed that this soil will not harm the eggs and chicks if placed on the bamboo of the duck bed. Eating jelly and taking it home is another joy during this Bhatheli festival.
As evening falls, the young men and women remove the inside of the house and enjoy breaking it by beating it with bamboo sticks prepared in advance. This is called Bhatheli Bhaga. As soon as the festival ends, the young men of the village carry the 'paura' on their shoulders and carry it from house to house singing the names. The daughters-in-law of every household worship this 'Paura' with devotion. The young men take a plate of faku and give bouquets of faku to those who serve and the family members offer some money on the plate. This 'powder' was later used for the work of the temple.
    Many scholars have offered different opinions about the origin of the word Bhatheli. According to the bird poet Raghunath Chowdhury, the word Bhatheli comes from the word Bhuithali. Others say that the word comes from the word Bhatiali. Dr. Banikant Kakati suggests that the word 'Bhatheli' may come from the word Bhasthalika, which means sky.
 
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°

No comments:

Post a Comment