অসমৰ সংস্কৃতি
সোণৰ অসম ৰূপে খ্যাত, অসমখনি বাৰেৰহণীয়া সংস্কৃতিৰে চহকী, বৈচিত্র পূৰ্ণ লোক আৰু সংস্কৃতিৰে ভৰপূৰ এখন মিলন ভূমি হ'ল অসম। বিভিন্ন জাতি উপজাতিৰে ভৰপূৰ,বিভিন্ন জাতি, জনগোষ্ঠী সম্প্ৰদায়ৰ সংগম স্থলী অসমত মূলত আপ্যায়ন মঙ্গোলীয়, ইণ্ডো -বাৰ্মা ইত্যাদি বাস কৰা দেখা যায়। এই সকলোৰে পৰম্পৰাগত সাজপাৰ, সংস্কৃতি ,উৎসৱ , কলা -কৌশল ইত্যাদিৰ সংমিশ্রণত অসমৰ সংস্কৃতি গঢ় লৈ উঠে।
অসমত কাৰ্বি ,মিচিং , বড়ো কছাৰী ,ৰাভা আদি লগ হৈ সহবাস কৰা দেখা যায়। সকলো জনগোষ্ঠীয়ে নিজৰ নিজৰ কৃষ্টি সংস্কৃতিৰে জীৱন ধাৰা অব্যাহত বৰ্তাই ৰাখিছে। যদিও প্ৰতি জনগোষ্ঠীৰে ভাষা সমূহ পৃথক পৃথক তথাপিওঁ তেওঁলোকৰ মূল ভাষা অসমীয়া।
অসমৰ অধিকাংশ মানুহেই বৈষ্ণব ধৰ্ম বিশ্বাস কৰে। বৈষ্ণব সকলে ভগৱান বিষ্ণুৰ গুন গৰিমা নাম কীৰ্তন ৰ দ্বাৰা প্ৰকাশ কৰে। অসমীয়া বৈষ্ণব সমাজৰ মূল ধৰ্ম চৰ্চাৰ মূল কেন্দ্র বুলি ৪০০ বছৰ পুৰণি "সত্ৰ" সমূহ, দ্বিতীয়তে অসমীয়া সমাজে নামঘৰ, ইশ্বৰক স্মৰণ কীৰ্তন আৰু উপাসনা কৰা ধৰ্মীয় অনুষ্ঠান সমূহক বিশ্বাস কৰে। এই অসমৰ লোকসকল ইশ্বৰ বিশ্বাসী তেওঁলোকে ইশ্বৰৰ গুণ গৰিমা কৰিবলৈ নামঘৰত অন্তভূক্ত হয়।অসমৰ গাওঁ সমূহ যদিওবা বিভিন্ন জাতিৰ পৰিয়ালেৰে গঠিত, কিন্তু এই সকলো গাওঁৰ লোক সমূহৰ লগত একতা আৰু মিলা প্ৰীতি বহন কৰা দেখা যায়। অসমত আন ধৰ্মাৱলম্বী লোক বসবাস কৰাও পৰিলক্ষিত হয়। যেনে :- ইছলাম, বৌদ্ধ, খৃষ্টান ইত্যাদি।
অসমৰ মূল উৎসৱ বুলি বিহুক মনা যায়। বিহুটিক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে উলাহ - মালহেৰে বছৰটোত পালন কৰে । ইয়াৰ উপৰিও অসমৰ অন্য জনগোষ্ঠীৰ লোকসকলোৰো উৎসৱ সমূহ উলহ মালহেৰে উদযাপন কৰে। উদাহৰণস্বৰূপে :- মিচিং সমাজৰ আলি আঃয়ে লৃগাং, বড়োৰ বৈশাগুৰ লগতে আদিবাসী সকলৰ দূৰ্গা পূজাৰ কথা উল্লেখ কৰিব পাৰি। অতিথি আপ্যায়নৰ ক্ষেত্রতো অসমৰ নাম ল'ব পাৰি। অসম খন জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সামাজিক অনুষ্ঠান সমূহ অনুষ্ঠিত কৰা দেখা পোৱা যায়। ইয়াৰ উপৰিও অসমৰ মূল নৃত্য সত্ৰীয়া নৃত্যক ও অসমৰ লোকসকলে বৰ্তাই ৰাখিছে।
অসমৰ লোকসকলৰ যদিও বিভিন্ন ধৰ্মী, বা বিভিন্ন জনগোষ্ঠীৰ তথাপিওঁ লোকসকলৰ মাজত একতাৰ এনাজৰী বান্ধ খাই আছে। সকলো মিলি সৃষ্টি কৰা অসমৰ সংস্কৃতিবোৰ বৰ্তাই ৰখাত অসমৰ লোকসকল আজিও একগোট হৈ থকা দেখা যায়।








No comments:
Post a Comment