স্বাধীনতাৰ লাভ কৰাৰ পিছত ভাৰতবৰ্ষত এক নতুন যুগৰ সূচনা হৈছিল। দেশৰ চৰকাৰে দেশৰ শাসনভাৰ হাতত লৈ জণতাৰ উন্নতিৰ হকে কাম কৰিছিল। মুলতঃ ব্ৰিটিছ শাসনৰ কালৰ পৰাই দেশখনে ভোগ কৰি কৰি অহা নানান অৰ্থনৈতিক সমস্যাৰ ক্ষেত্রত দেশৰ চৰকাৰে বিশেষ ভাবে মনোনিবেশ কৰে। যদিও দেশৰ অৰ্থনীতি উন্নতিৰ হকে দেশৰ চৰকাৰে অহৰহ প্ৰচেষ্টা চলাই আছে। যদিও ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থা বৰ্তমানলৈ টনকিয়াল হোৱা নাই। বৰ্তমান সময়ত ভাৰতীয় অৰ্থনীতিৰ দেখা দিয়া প্ৰধান বৈশিষ্ট্য সমূহ হ'ল (১) নিম্ন জনমূৰি আয়। (২) জনমূৰি আয়ৰ মন্হ বৃদ্ধি। (৩) অত্যাধিক জনসংখ্যাৰ চাপ। (৪) দৰিদ্ৰতা। (৫) কৃষি নিৰ্ভৰশীলতা। (৬) বৰ্ধিত নিবনুৱা সমস্যা। (৭) পৰিকল্পনা ভিত্তিত উন্নয়ন।
ছয় দশকতকৈ অধিক সামৰি লোৱা ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ ব্যাখ্যা দুটা ভাগত আগবঢ়াব পাৰি। প্ৰথমে ১৯৫০-৫১ ৰ পৰা ১৯৯০-৯১ চনলৈ। দ্বিতীয় ১৯৯১-৯২ ৰ পৰা বৰ্তমানলৈ।
১৯৫০-৫১ চনৰ পৰা ১৯৯০-৯১ চনৰ সময়ছোৱাত অৰ্থনীতিৰ উন্নয়নৰ গুৰিবঠা ধৰিছিল ৰাজহুৱা খণ্ডই ; ব্যক্তিগত খণ্ডৰ ভূমিকা আছিল গৌণ । উল্লেখযোগ্য যে গুৰিৰে পৰা ভাৰতীয় অৰ্থনৈতিক ব্যৱস্থা হৈছে মিশ্ৰিত আৰ্থিক ব্যৱস্থা। যি আৰ্থিক ব্যবস্থাত ৰাজহুৱা খণ্ড বা চৰকাৰী খণ্ডৰ আৰু ব্যক্তিগতক সহাবস্থান হয়, সেই আৰ্থিক ব্যবস্থাই হ'ল মিশ্ৰিত আৰ্থিক ব্যৱস্থা। ভাৰতীয় পৰিকল্পনাৰ সময়ছোৱাত প্ৰথমছোৱা সময়ত ৰাজহুৱা খণ্ডৰ তুলনাত ব্যক্তিগত খণ্ডৰ গুৰুত্ব কম আছিল। ভাৰতবৰ্ষৰ ঔদ্যোগিক নীতিয়ে সমাজবাদী সমাজ প্ৰতিষ্ঠাকৰাত গুৰুত্ব আৰোপ কৰিছিল। স্বাভাৱিকতেই অৰ্থনৈতিক উন্নয়নত প্ৰাধান্য লাভ কৰিছিল।
এই সময়ছোৱাত ভাৰতীয় অৰ্থনীতিৰ মূল লক্ষ্য আছিল ১) অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষীপ্ৰ কৰি তোলা, ২) আধুনিক প্ৰযুক্তি বিদ্যা প্ৰয়োগৰ ওপৰত গুৰুত্ব প্ৰদান। ৩) আত্মনিৰ্ভৰশীলত অৰ্জন কৰা আৰু ৪) সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা। দুবাৰকৈ সীমান্তত সংঘটিত হোৱা যুদ্ধত, সময়ে সময়ে দেখা দিয়া আনা বৃষ্টি আৰু ৰাজনৈতিক দৃশ্যপটৰ পৰিৱৰ্তনৰ ফলত অৰ্থনীতিৰ উন্নয়ন সম্ভৱ নহল। সেই সময়ত ঘৰুৱা জাতীয় আয় বৃদ্ধি ৩.৫ শতাংশহে আছিল। ষাঠি দশকৰ মাজত সেউজ বিপ্লৱৰ সুচনা হয়। আধুনিক প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ কৰি কৃষিখণ্ডৰ পৰিমাণ বৃদ্ধিয়েই হ'ল সেউজ বিপ্লৱ।
ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ দ্বিতীয়ছোৱাই ১৯৯১-১৯৯২চনৰ পৰী বৰ্তমানলৈ সামৰি লৈছে। এই সময়ছোৱাত অৰ্থনীতিৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সাধিত হ'ল। উদাৰীকৰণ, ব্যক্তিগত কৰণ আৰু গোলকীকৰণ বা বিশিবায়নৰ গুৰুত্ব বৃদ্ধি পালে আৰু ৰাজহুৱা খণ্ডৰ গুৰুত্ব হ্ৰাস পালে। এই পৰিৱৰ্তনৰ তিনিটা মূল কাৰণ হ'ল, প্ৰথমতে, চৰকাৰী ব্যয় বৃদ্ধি হাতকে চৰকাৰী আয় বৃদ্ধি কমহোৱা বাবে বৃহৎ বৃত্তীয় ঘটিয়ে দেখা দিছিল। ৰাজহুৱা খণ্ডৰ উদ্যোগ সমূহত চৰকাৰী নিয়োগৰ পৰিমাণ বৃদ্ধি কৰা হৈছিল যদিও তেনে ভালেমান উদ্যোগে লোকচান ভৰিব লগা হৈছিল। ১৯৯০ চনৰ মাৰ্চ মাহত ২৪৪টা ৰাজহুৱা খণ্ডৰ লোকে লোকচান ভৰা উদ্যোগৰ ভিতৰত ৫৮টাই ৰুগ্ন হৈ পৰিছিল।
দ্বিতীয়তে, প্ৰধানকৈ সীমিত উৎপাদনৰ ফলত সৃষ্টিহোৱা মুদ্ৰাস্ফীতু বা সামগ্রীৰ নেৰানেপেৰা বৃদ্ধিয়ে বিশেষকৈ সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকক বাৰুকৈ জুৰুলা কৰে। তৃতীয়তে, ১৯৯০ -৯১ চনত ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ছবিখন বাৰুকৈ জুৰুলা কৰিলে। নিম্নগামী ভাৰতীয় অৰ্থনীতিলা বিদেশৰ মুলধন অহাটো কম হৈ পৰিছিল। আনহাতে, ভাৰতীয় অৰ্থনীতিৰ পৰা মূলধন বহিগৰ্মন হোৱাত বৈদেশিক বাণিজ্যক ঘাটিৰ পৰিমাণ উদ্বেগজনক হৈ পৰিছিল। এনে দুৰ্যোগপূৰ্ণ সময়তে বিশ্ব বেংকেও পৰামৰ্শ আগবঢ়াই যে ভাৰতীয় অৰ্থনীতিৰ গাঁথনিমূলক পৰিবৰ্তন হ'ব লাগে।
চতুৰ্থতে ২০১৯ -২০২১ চনৰ সময়চোৱাত দেশত যি কৰ'ণা মহামাৰীৰ বাবে পৰিস্থিতিৰ হৈছিল। তাতো ভাৰতবৰ্ষৰ অৰ্থনীতি যথেষ্ট হ্ৰাস হোৱা দেখা গৈছে। বাণিজ্যৰ ক্ষেত্রত তেতিয়া বহু সংখ্যক লোকচানৰ সন্মুখীনহোৱাৰ পৰিলক্ষিত হৈছিল।
অৰ্থনৈতিক সংস্কাৰৰ বাবে চৰকাৰে যি কাৰ্য্যসূচী হাতত লৈছে সেইবোৰৰ পৰা কিছু সুফল নাইপোৱা বুলি ক'লে ভুল হ'ব। প্ৰথম, অৰ্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি হৈছে।
দ্বিতীয়তে, পাইকাৰী মূল্যসূচী পূৰ্বৰ তুলনাত হ্ৰাস হৈছে।
তৃতীয়তে, ভাৰতবৰ্ষৰ কেন্দ্রীয় বেংক ৰিজাৰ্ভ বেংকত জমা হোৱা বৈদেশিক বিনিময় যোগ্য মুদ্রাৰ পৰিমাণ বৃদ্ধি হৈছে।
শেষত, অৰ্থনৈতিক সংস্কাৰৰ বাবে লোৱা কাৰ্য্যসুচীয়ে সমস্যাৰ সৃষ্টি কৰিছে। এই নীতিয়ে প্ৰতিযোগিতাৰ প্ৰসাৰ আৰু তীব্ৰতা বৃদ্ধি কৰাৰ লগতে, পণ্যৰ প্ৰতি অত্যাধিক আসত্তীয়ে ভোগবাদী অৰ্থনীতিৰ সৃষ্টি কৰে।
লগতে গোলকীকৰণৰ ফলত দেশখনে নিজৰ পৰিচয় হেৰুৱাইছে।
বজাৰকেন্দ্ৰিক অৰ্থনীতিয়ে যাতে দৰিদ্ৰসতলক বঞ্চিত কৰা পৰিলক্ষিত হয়।
ইয়াৰ পৰা সুফলৰ লগতে কুফল পোৱা দেখা যায় যদিও। সকলো সাঙুৰি দেশৰ অৰ্থনীতি সুস্থ ৰখাতো চৰকাৰৰ মূল লক্ষ্য।
After independence, a new era began in India. The government of the country took over the governance of the country and worked for the betterment of the people. The government of the country pays special attention to the various economic problems that the country has been suffering from since the British rule. However, the government of the country is constantly making efforts to improve the economy of the country. However, the economy of India has not yet recovered. The main characteristics of the Indian economy at present are (1) Low per capita income. (2) Increase in per capita income. (3) Excessive population pressure. (4) Poverty. (5) Agricultural dependence. (6) Increased unemployment. (7) Development on a planned basis.
The planned economic development of India, covering more than six decades, can be explained in two parts. First from 1950-51 to 1990-9 Second 1991-92 to the present.
The public sector was at the forefront of economic growth during the period 1950-51 to 1990-91; The role of the private sector was secondary. It is worth mentioning that the Indian economy is a mixed economy from its roots. A mixed economy is an economy in which the public sector or the public sector and the private sector coexist. In the early days of the Indian planning period, the private sector was less important than the public sector. The industrial policy of India emphasized the establishment of a socialist society. Naturally, it gained prominence in economic development.
The main objectives of the Indian economy during this period were 1) to accelerate the rate of economic development and 2) to emphasize the application of modern technology. 3) achieve in self-reliant and 4) establish social justice. Twice border wars, periodic rains and changes in the political landscape prevented economic development. At that time, GDP growth was only 3.5 per cent. The Green Revolution began in the mid-1960s. The Green Revolution is the increase in the agricultural sector through the application of modern technology.
The second phase of planned economic development in India covers the period 1991-1992 to the present. During this period, the economy underwent significant changes. Liberalization, privatization and globalization increased in importance and the importance of the public sector decreased. There are three main reasons for this change: firstly, the increase in government expenditure was due to the low growth in government revenue. Government employment in public sector enterprises was increased but many of them suffered losses. In March 1990, 58 of the 244 loss-making public sector enterprises became sick.
Secondly, inflation or steady increase in commodities, mainly due to limited production, especially affects the weaker sections of the society. Thirdly, the foreign trade picture of India in 1990-91 was severely affected. The declining Indian economy reduced foreign capital inflows. On the other hand, the foreign trade deficit became worrying due to capital outflow from the Indian economy. The World Bank also recommended structural changes in the Indian economy.
Fourthly, the situation in the country during the period 2019 -2021 due to the coronavirus pandemic. There, too, the Indian economy has seen a significant slowdown. There were a number of losses in trade.
It would be a mistake to say that the government's programs for economic reforms have not yielded any results. First, the rate of economic growth has increased.
Secondly, wholesale prices have declined compared to the previous year.
Thirdly, the amount of foreign exchange deposited with the Reserve Bank of India has increased.
Finally, the agenda for economic reform has created problems. This policy increases the expansion and intensity of competition, and excessive attachment to products creates a consumerist economy.
The country has also lost its identity due to globalization.
The market-oriented economy should deprive the poor.
There are advantages as well as disadvantages to this though. The government's main objective is to keep the country's economy healthy.








No comments:
Post a Comment