অসম ৰাজ্যৰ কামৰূপ জিলাৰ উত্তৰ-পশ্চিম দিশত অৱস্থিত এখনি ঐতিহাসিক চহৰ হ'ল হাজো । ইয়াৰে পাহাৰ- পৰ্বত সমূহত অৱস্থিত পৌৰাণিক মন্দিৰ-মছজিদ সমূহৰ বাবেই এই ঠাইখন দেশৰ ভিতৰতে বিখ্যাত । হিন্দু , মুছলমান আৰু বৌদ্ধ ধৰ্মৰ তীৰ্থস্থানসমূহৰ সমাহাৰেৰে হাজোত বাস কৰা বিভিন্ন ধৰ্মাৱলম্বী লোকসকলৰ বাবে এই ঠাইখন এক প্ৰকাৰৰ সভাস্থলী । ইয়াৰ উপৰিও হয়গ্ৰীৱ মাধৱ মন্দিৰ , কেদাৰ , পোৱামক্কা , কামেশ্বৰী তথা গণেশ মন্দিৰ এই পাঁচখন তীৰ্থৰ উপস্থিতিয়ে হাজোক তীৰ্থনগৰী হিচাপে নামাকৰণ কৰিছে । কেইবাটাও মন্দিৰ , মছজিদ আৰু দৰগাহৰ ক্ষেত্ৰফল হোৱাৰ বাবে হাজো নগৰীখন সম্পূৰ্ণ বছৰজোৰা এক উৎসৱমুখৰ পৰিৱেশে আৱৰি থাকে । ইয়াৰে ভিতৰত হাজোৰ মণিকূট উৎসৱো অন্যতম ।
১৯৯২ চনত অযোধ্যাত বাবৰি মছজিদ ধ্বংসৰ পৰিক্ৰমত হিন্দু আৰু ইছলাম ধৰ্মাৱলম্বী😊 লোকসকলৰ মাজত হিন্দু-মুছলমান উভয়ে মিলাপ্ৰীতিৰ বাসস্থান হাজো তীৰ্থনগৰীৰ লগতে সমগ্ৰ ভাৰতবৰ্ষতে বহুতো সংঘাট-সংঘৰ্ষৰ মাজেৰে কিছু পৰিমাণে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল । তেনে সময়তে দুয়োটা ধৰ্মৰ লোকসকলৰ মাজৰ এই সংঘৰ্ষসমূহ দূৰ কৰাৰ উদ্দেশ্যৰে তেওঁলোকৰ মাজত একতা আৰু ভাতৃত্ববোধৰ এনাজৰীডাল শক্তিশালী কৰিবলৈ পোৱামক্কা দৰগাহৰ পৰা হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ সমন্বয়ৰ শোভাযাত্ৰা কাৰ্যকলাপেৰে হাজোৰ বিখ্যাত মণিকূট উৎসৱ উদ্যাপন কৰা হয় । পোৱামক্কা দৰগাহৰ পৰা ভাহি অহা মুছলমানৰ 'আজান'ৰ ধ্বনি, হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পৰা ভাহি অহা হিন্দুৰ 'শংখ'ধ্বনিৰে সৈতে বিলীন হৈ পৰা মহাক্ষণত হাজোবাসী ৰাইজৰ নৱপ্ৰভাত আৰম্ভ হয় । ১৯৯২ চনৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে প্ৰত্যেক বছৰে পহিলা মাঘৰ দিনা এই ঐতিহাসিক উৎসৱ পালন কৰা হয় । ধৰ্মীয় সংকীৰ্ণতাৰ ঊৰ্ধত শান্তি-সম্প্ৰীতি আৰু সমন্বয়ৰ মহান আদৰ্শ মানৱ সমাজত বিলাই দিবলৈ মাঘ মাহৰ প্ৰথম দিনটোৰ পৰা তীৰ্থনগৰী হাজোৰ ঐতিহাসিক পোৱামক্কা দৰগাহ আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰত আৰম্ভ হয় এমাহ জোৰা মহামিলনৰ পৰম্পৰাগত উৎসৱ ক্ৰমে "উৰুচ মেলা" আৰু "মাঘী মেলা" তথা "মণিকূট" উৎসৱ। খুব জাক জমকতা আৰু উলহ মালহৰ মাজেৰে হাজোবাসীয়ে এই উৎসৱ সম্প্ৰীতিৰে সৈতে পালন কৰে । দূৰ দূৰণিৰ পৰা অহা পৰ্য্যটক -তীৰ্থযাত্ৰী অথবা প্ৰতিজন ভক্তপ্ৰাণ ৰাইজৰ ব্যাপক সমাগমেৰে হাজো নগৰীৰ চৌদিশ উদুলি মুদুলি হৈ পৰে । কথিত আছে যে অতীজত পোৱামক্কাৰ 'খাদিম'গৰাকীয়ে সতীৰ্থসহ মাঘ বিহুৰ পহিলা দিনা মাধৱ মন্দিৰলৈ গৈ মন্দিৰৰ' দলৈ'ক লগ ধৰি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সদৌটি ৰাইজৰ কুশল মংগল কামনাৰে দোৱা প্রাৰ্থনা কৰিছিল। মন্দিৰৰ' দলৈ'গৰাকীয়েও বিহুৰ পিঠা-পনাৰে খাদিম আৰু তেওঁৰ সতীৰ্থসকলক আপ্যায়ন কৰাৰ পিছত মন্দিৰ দর্শন কৰাইছিল। প্ৰেম, ভ্ৰাতৃত্ববোধ আৰু সমন্বয়ৰ মহান বাণীৰ সংকল্প লৈ দুষ্কৃতি- জাতি, ধৰ্ম , অপৰাধৰ ৰ নামত আঁহফলা , দূৰ্নীতি আৰু ৰাজনীতিৰ পোহাৰ মেলা অপশক্তিক মানৱ সমাজৰ পৰা হুৰাই দিবলৈ আয়োজিত কৰা বৰ্ণিল 'সমন্বয় শোভাযাত্ৰা'ত হেজাৰ হেজাৰ লোকেতঅংশগ্ৰহণ কৰি ধমৰ ভেদাভেদ ৰোধ কৰাৰ নিদৰ্শন ডাঙি ধৰে । এই শোভাযাত্ৰাত
বৰ্ণিল শোভাযাত্ৰাত উত্তৰ-পূৰ্বাঞ্চলৰ কেবাটাও বাৰেৰহনীয়া সাংস্কৃতিক গোষ্ঠীৰ উপৰি হাজো অঞ্চলৰ ভালেমান সাংস্কৃতিক গোষ্ঠীয়ে মূলপথৰ দুয়োকাষে দুশাৰী হৈ জিকিৰ-জাৰী পৰিৱেশন কৰি, গায়নে-বায়নে খোল-তাল লৈ আয়তী সকলে নাম-কীৰ্তন কৰি, বিহুৱা দলে নাচি-বাগি, চাহ জনগোষ্ঠীয় ঝুমুৰ নৃত্য,বড়ো জনগোষ্ঠীয় বাগৰুমবা-খেৰাই নৃত্য, জয়ৰাম দাসৰ' সতী জয়মতী আৰু জেৰেঙা পথাৰ' নামৰ বাহনত উপবিষ্ট জীৱন্ত প্ৰতিকৃতি, একাংশ যুৱতীয়ে পাত-মুগাৰ সাজ পৰিধান কৰি পিতলৰ কলহ লৈ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে । শোভাযাত্ৰাৰ এই মনোৰম দৃশ্যই পথৰ দুয়ো কাষে অধীৰ আগ্ৰহেৰে ৰৈ থকা সদৌটি ৰাইজৰ মন মোহিত কৰে। অংশগ্ৰহণকাৰীসকলক হাজো অঞ্চলৰ প্ৰতিটো পৰিয়ালে পদূলিমুখত ৰৈ দুহাত জোকাৰি আদৰণি জনায় । হিন্দুয়ে হওঁক বা মুছলমান , ধৰ্মৰ নামত হাজোবাসীৰ মাজত কোনো ভেদাভেদ নাই, সেয়া হাজোৰ সমন্বয় শোভাযাত্ৰাই দৃষ্টান্ত দেখুৱাই আহিছে। তীৰ্থ নগৰী হাজোৰ সম্প্ৰীতি-সমন্বয়ে যুগে যুগে বিশ্বৰ বুকুত বিৰল নিদৰ্শন দাঙি ধৰি আহিছে। বিশ্ব ভাতৃত্ববোধৰ এক উৎকৃষ্ট নিদৰ্শন হ'ল হাজোৰ সমন্বয় শোভাযাত্ৰা। অসমৰ মানুহৰ ধৰ্মীয় মেৰুকৰণ নাই । অসমৰ স্বাভিমান তীৰ্থ নগৰী 'হাজো', অসমীয়া সমাজ জীৱনৰ সত্বা ।
আটাইতকৈ গৌৰৱৰ কথা এইয়ে যে' ১৯৯২ চনৰ পৰা আৰম্ভ কৰি আজি পৰ্য্যন্ত হাজোবাসীয়ে হিন্দু-মুছলমান উভয়ে একতাৰ দোলেৰে সফলপূৰ্বক অতি উৎসাহেৰে এই ঐতিহাসিক উৎসৱটি অবিৰতভাৱে পালন কৰি আহিছে ।
Hajo is a historical town in the northwestern part of Kamrup district in the state of Assam. The place is famous in the country for its ancient temples and mosques located in the mountains. Hajo is a gathering place for people of different religions living in Hajo with a combination of Hindu, Muslim and Buddhist pilgrimage sites. In addition, the presence of five pilgrimage sites like Hoygriva Madhav Temple , Kedar , Powamka , Kameshwari and Ganesh Temple has made Hajo a pilgrimage city. The city of Hajo is home to several temples, mosques and dargahs. These include the Manikut Festival in Hajo.
The destruction of the Babri Masjid in Ayodhya in 1992 caused some heated situation in Hajo, a pilgrimage city where both Hindus and Muslims live in harmony between Hindus and Muslims😊. Therefore, it is important to take into consideration the fact that the present situation of the country is very different from the previous situation. Therefore, it is important to take into consideration the fact that the present situation of the country is very different. There are many reasons why you shouldn't buy these products. These are the reasons why you shouldn't buy these products. These are the reasons why you shouldn't buy these products. These are the reasons why you shouldn't buy these products. This historic festival is celebrated every year on the first day of Magh since The month-long traditional festivals of Urus Mela, Maghi Mela and Manikut begin at the historical Powamkka Dargah and Hoygriv Madhav Temple in Hajo from the first day of Magh to spread the great ideal of peace, harmony and harmony above religious narrowness . There are many different types of ceremonies and festivals in Hajo. The city of Hajo is bustling with tourists and pilgrims from far and wide. It is said that in the past, the 'Khadim' of Powamkka went to the Madhav Temple on the first day of Magh Bihu with his companions and met the 'Dalai' of the temple to wish him Bihu and pray for the welfare of all the people. The 'dalai' of the temple also treated the khadim and his companions with Bihu pitha-pana and then gave them a visit to the temple. The 2013 FIFA World Cup is a great opportunity to experience the thrill of the FIFA World Cup and the thrill of the FIFA World Cup. The FIFA World Cup is a great opportunity to experience the thrill of the FIFA World Cup . In this procession
There are many cultural groups from the North East and Hajo region who performed zikir-jari in two rows on both sides of the main road. The event featured Boro ethnic Bagrumba-Kherai dance, live portraits of Jairam Das's 'Sati Jaymati' and 'Jerenga Pathar', and some young women dressed in leaf and velvet costumes carrying brass jugs. The scenery of the procession captivated the people waiting on both sides of the road. The participants were welcomed by every family in the Hajo area waving at the front door. There is no discrimination between Hindus and Muslims , in the name of religion. The city of Hajo has been a rare example of harmony in the world throughout the ages. There are many reasons why you shouldn't go to the gym. There are many reasons why you shouldn't go to the gym. There is no religious polarization of the people of Assam. There are many ways to get a job in the country. There are many ways to get a job in the country.
The most proud thing is that since 1992, the people of Hajo have been celebrating this historical festival with great enthusiasm and unity of both Hindus and Muslims.








No comments:
Post a Comment