"আল ৰিহলা"! কাটাৰ বিশ্বকাপৰ এক আশ্চৰ্য্য
চমক আৰু নতুনত্বৰ সমাহাৰ ঘটিছে কাটাৰ বিশ্বকাপত । শুভংকৰৰ পৰা ষ্টেডিয়াম, ৰেফাৰীৰ পৰা খেল পৰিচালনাৰ প্ৰযুক্তি- সকলোতে নতুনত্বৰ সংযোজন ঘটিছে ফিফা বিশ্বকাপপ ২০২২-ত । তাতোকৈ গুৰুত্বপূৰ্ণ সংযোজন ঘটিছে এইবাৰৰ বিশ্বকাপত ব্যৱহৃত ফুটবলটোত ।
এইবাৰৰ বিশ্বকাপৰ ফুটবলটোৰ নাম হৈছে 'আল ৰিহলা' । এই বলটো প্ৰস্তুত কৰিছে আমেৰিকাৰ এটা কোম্পানীয়ে । উক্ত বলটোৰ এটা অংশ খুলি তাত চার্জ দিয়া কথাটোৱে এইবাৰ আশ্চৰ্য্যৰ বিষয়বস্তু হিচাপে ঠাই পাইছে সমগ্ৰ ক্ৰীড়াপ্ৰেমীৰ মাজত ।যেনেদৰে মোবাইল বা লেপটপত চাৰ্জ দিয়া হয় তেনেদৰেই,বলটোতো চাৰ্জ দিয়া হয়।।ইয়াৰ ব্যাখ্যা আগবঢ়াইছে বল নির্মাতা কোম্পানীটোৱে । প্ৰকৃততে এইবাৰ বিশ্বকাপত ব্যৱহৃত বলবোৰ বাকী পূৰ্বতে ব্যৱহৃতবোৰতকৈ পৃথক । বলৰ ভিতৰত লগোৱা হৈছে ছেন্সৰ। মেচ চলি থকা সময়ত উক্ত ছেন্সৰবোৰে প্রতিমুহূর্তে ছাৰ্ভাৰলৈ তথ্য প্ৰেৰণ কৰি থাকে । ছেকেণ্ডত ৫০০ বাৰকৈ তথ্য প্ৰেৰণ কৰে । প্রতিবাৰেই বলৰ সৈতে কিবা কিছু স্পর্শ হ'লেই তাৰ নির্ভুল তথ্য গুচি যায় ছার্ভাৰলৈ । উক্ত ছেন্সৰৰ সৈতে সংযুক্ত হৈ আছে এটি বেটাৰী । ইয়াৰ ওজন হৈছে ১৪ গ্রাম । উক্ত বেটাৰীকেই মেচৰ পূৰ্বে চার্জ দিব লাগে । এবাৰ চার্জ দিলে বেটাৰীৰ আয়ুস ছয়ঘণ্টা ধৰি থাকে । সেয়ে নির্ভুল তথ্য লাভ কৰিবলৈ প্রতিখন মেচৰ পূৰ্বে বলবোৰ চার্জ দিয়াটো জৰুৰী।
উল্লেখ্য, আল ৰিহলা বলৰ গুৰুত্ব বুজি পোৱা গৈছে পর্তুগাল আৰু উৰুগুৱেৰ মাজৰ মেচখনত । উক্ত মেচখনত ক্রিষ্টিয়ানো ৰোণাল্ডোৰ (Ronaldo) এটি গ'ল সন্দৰ্ভত বিতর্কৰ সৃষ্টি হৈছিল । বলৰ নির্মাতাসকলে ছেন্সৰৰ পৰা লাভ তথ্যৰ দ্বাৰাই জনাই দিয়ে যে ৰোণাল্ডোৰ সৈতে বলৰ কোনো স্পর্শয়ে হোৱা নাই । ফলত উক্ত গ'লটো দিয়া হয় ব্রুনো ফের্নাণ্ডেছক । বল প্রস্তুতকাৰী কোম্পানীটোৱে জনাইছে, "আমাৰ যি প্রযুক্তি আছে তাকে কৈছোঁ । ৰোণাল্ডোৰ কোনো স্পর্শ উক্ত সময়ত বলত লগা নাছিল । বল গ'লৰ ফালে যোৱাৰ সময়ত আমি যি স্পন্দন দেখিছোঁ, তাৰ পৰা এইটো স্পষ্ট যে কোনো ধৰণৰ সংস্পৰ্শ হোৱা নাই । এইবাৰৰ বিশ্বকাপত আল ৰিহলা নামৰ যি বল ব্যৱহাৰ কৰা হৈছে, তাৰ ভিতৰত ছেন্সৰ লগোৱা আছে । তাৰেই সহায়ত আমি ক'ব পাৰোঁ যে বল ৰোণাল্ডোৰ মূৰত লগা নাই ।"
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°








No comments:
Post a Comment