পৰিকলনযন্ত্ৰৰ ব্যৱহাৰে পৃথিৱীলৈ অনা পৰিৱৰ্তন || The changes brought about by the use of calculators in the world


                পৰিকলনযন্ত্ৰ হৈছে এবিধ বৈদ্যূতিক যন্ত্ৰ যিয়ে প্ৰাথমিক তথ্য সমূহৰ ভিত্তিত যিকোনো ক্ৰিয়া সম্পন্ন কৰি আমাক ইয়াৰ অন্তিম পৰ্য্যায়লৈ লৈ গৈ  উপযুক্ত ফলাফল  প্ৰদান কৰে । অৰ্থাৎ যি যন্ত্ৰৰে আমি বিদ্যূৎৰ  সহায়ত যিকোনো তথ্য  প্ৰৱেশ কৰোৱাই  যান্ত্ৰিক পদ্ধতিৰেই কাৰ্যটো সম্পন্ন কৰি  তাৰ উৎকৃষ্ট ফলাফল লাভ কৰিব পাৰো তাকেই পৰিকলনযন্ত্ৰ অথবা কম্পিউটাৰ বুলি কোৱা হয় । ই হৈছে  গণনা কৰিব পৰা এবিধ বৈদ্যুতিন আহিলা। এই বৈদ্যুতিন আহিলাৰ সহায়ৰে গাণিতিক আৰু যৌক্তিক কাৰ্য্যপ্ৰণালী ক্ষিপ্ৰতাৰে কৰিব পাৰি অথবা যিয়ে তথ্য  সংসাধন কৰিব অথবা সাঁচি থ'ব পাৰে। কম্পিউটাৰ ব্যৱহাৰ কৰিবলৈ যিহেতু বৈদ্যূতিক শক্তিৰ প্ৰয়োজন হয় , সেয়েহে ইয়াক বৈদ্যূতিক যন্ত্ৰ বুলি কোৱা হয় । কম্পিউটাৰ আভ্যন্তৰীণ ভাগত এখন কাৰ্ড থাকে য'ত সকলো ধৰণৰ চিত্ৰ , ভিডিঅ' আৰু তথ্যসমূহ  সংৰক্ষণ কৰি ৰাখিব পাৰি । কম্পিউটাৰ বা কলনযন্ত্ৰই দ্ৰুত গতিত সফলতাৰে কোনো ভুল ভ্ৰান্তি অবিহনে  ক্ৰিয়া সম্পন্ন কৰিব পাৰে ।  কিন্তু কম্পিউটাৰে কোনো  কাৰ্য নিজে সম্পন্ন কৰিব নোৱাৰে ,  ব্যৱহাৰকাৰীৰ নিৰ্দ্দেশনা অনুযায়ীহে কৰিব পাৰে । 

                এঠাইতে বহি পৃথিৱীৰ আন যিকোনো ঠাইত হৈ থকা অসুবিধা সমূহৰ সমাধান কম্পিউটাৰৰ জড়িয়তে কৰিব পাৰে । বিদ্যালয় - মহাবিদ্যালয় অথবা দপ্তৰ কাছাৰীসমূহৰ বিভিন্ন ধৰণৰ দীঘলীয়া অংকীয়া গণনা আৰু সমস্যাসমূহ মূহুৰ্ত্ততে সমাধান কৰিব পাৰি । লগতে কম্পিউটাৰৰ দ্বাৰা সম্পন্ন কৰা এনেধৰণৰ গণনাসমূহত কোনো ধৰণৰ ভুল ক্ৰতি হোৱাৰ শংকা নাথাকে । কম্পিউটাৰ  অতি বৃহৎ পৰিমাণৰ তথ্য সংগ্ৰহ কৰি ৰাখিব পাৰে । আৰু প্ৰয়োজনৰ সময়ত যোগান ধৰিব পাৰে । একে সময়তে কেইবা ধৰণৰো কাম কম্পিউতাৰে একেলগে সম্পন্ন কৰিব পাৰে । লগতে ই বহু সময় একৰাহে অলপো নাভাগৰাকৈ কাম কৰি থাকিব পাৰে । বৰ্তমান সময়ৰ আধুনিক শিক্ষাখণ্ডত  বিভিন্ন ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীক জ্ঞান বিতৰণৰ বাবে শিক্ষণ আহিলা হিচাপেও কম্পিউটাৰ অথবা পৰিকলনযন্ত্ৰ ব্যৱহাৰ কৰে । যাৰ দ্বাৰা বিদ্যাৰ্থীয়ে  কঠিনতকৈ কঠিন  বিষয় সমূহৰ ওপৰতো সহজে পৰ্য্যাপ্ত জ্ঞান আহৰণ কৰিব পাৰে । ঠিক তেনেদৰে   স্বাস্থ্য আৰু চিকিৎসা ক্ষেত্ৰতো  কম্পিউটাৰৰ ব্যৱহাৰ অতি প্ৰয়োজনীয় হৈ পৰিছে ।  শৰীৰৰ যিকোনো অংশৰ পৰীক্ষা নিৰীক্ষা কৰিবলৈ , শৰীৰত বাহ লোৱা যিকোনো ধৰণৰ সৰু বৰ বেমাৰৰ চিকিৎসা আৰু যিকোনো ৰোগৰ ভিত্তিত কৰিবলগীয়া অস্ত্ৰোপ্ৰচাৰৰ বাবে কম্পিউটাৰৰ প্ৰয়োজন হয় । এঠাইত বহি সুদূৰ কেইবা কিলোমিটাৰ আঁতৰৰ মানুহৰ সৈতে যোগাযোগ স্থাপন কৰিবৰ বাবেও কিছু পৰিমাণে  কম্পিউটাৰে সহায় কৰে । 
                কম্পিউটাৰৰ যেনেদৰে  বিভিন্ন ধৰণৰ সুবিধা আছে , ঠিক তেনেদৰেই বহুতো দিশত থকা ইয়াৰ অসুবিধাসমূহকো নুই কৰিব নোৱাৰি । কম্পিউটাৰ হৈছে এটি ব্যয়বহুল যন্ত্ৰ । অৰ্থাৎ কম্পিউটাৰ এটা  ক্ৰয় কৰাৰে পৰা আৰম্ভ কৰি যাতায়তকে ধৰি  মেৰামতিলৈ বহু ধন খৰচ কৰিবলগীয়া হয় । সময় বাগৰাৰ লগতে  কম্পিউটাৰৰ আকাৰ দিনে দিনে সৰু হৈ অহাৰ বাবে  আৰু ইয়াৰ  নিত্য নতুন উদ্ভাৱনে কম্পিউটাৰৰ মেৰামতিত অধিক  জটিলতা আনিছে। কম্পিউটাৰৰ নিজা কোনো জ্ঞান নাথাকে। অৰ্থাৎ ই হৈছে এক নিৰ্বোধ যন্ত্ৰ। ই নিজাকৈ কোনো কাম সমাধান কৰিব নোৱাৰে । তথ্য সংগ্ৰহ কৰোঁতা আৰু কম্পিউটাৰ ব্যৱহাৰকাৰীৰ নিৰ্দ্দেশ মৰ্মেহে কম্পিউটাৰ চলনা হয় । বৰ্তমান সময়ত ল'ৰা-ছোৱালীৰ বাবে কম্পিউটাৰ একপ্ৰকাৰৰ নিচাহ হৈ পৰিছে । খেলা-ধূলা , পঢ়া-শুনা , খোৱা-শুৱা সকলোবোৰ আওকাণ কৰি  কম্পিউটাৰৰ ভিতৰত সুমাই থকাতো সিহঁতৰ লক্ষণ হৈ পৰিছে  । যাৰ ফলত সিহঁতৰ প্ৰধানকৈ চকুৰ ৰশ্মি হ্ৰাস পোৱাৰ দৰে অন্যান্য বিভিন্ন ৰোগে স্বাস্থ্যৰ অৱনতি ঘটাইছে । লগতে সমনীয়াৰ সৈতে খেলপথাৰলৈ গৈ কৰা খেল-ধেমালি , ককা আইতাৰ পৰা গল্প শুনাৰ লগতে বাহিৰৰ জগতৰ ধূলি-বালিৰ কংক্ৰিটে শৰীৰ চোৱা ধৰণৰ সোণালী শৈশৱৰ পৰাও বিৰত থাকিব লগীয়া হৈছে । ইয়াৰ উপৰিও কম্পিউটাৰৰ এটি প্ৰধান অসুবিধা হ'ল - কম্পিউটাৰত থকা  চফ্‌ট্‌ৱেৰ সমূহৰ এক শ্ৰেণীৰ কম্পিউটাৰৰ বাবে প্ৰস্তুত কৰা চফ্‌ট্‌ৱেৰ আন শ্ৰেণীৰ কম্পিউটাৰত কাম নকৰিবও পাৰে । 
                কম্পিউটাৰৰ আৱিষ্কাৰে পৃথিৱীলৈ অনা পৰিৱৰ্তনত এভূমুকি - 
* আগৰ যুগত এঠাইৰ মানুহে আন এঠাইৰ মানুহৰ সৈতে যোগাযোগ অথবা খবৰ-বাৰ্তা পঠিয়াবলৈ চিঠিৰ আদান প্ৰদান কৰিছিল । আৰু সেই চিঠিখন নিৰ্দ্দিষ্ট গন্তব্য স্থানলৈ গৈ পোৱাত দীৰ্ঘ সময়ৰ প্ৰয়োজন হৈছিল । আজিৰ সময়ত কেইবা হাজাৰ কিলোমিটাৰ দূৰত বাস কৰা ব্যক্তিৰ সৈতেও কম্পিউটাৰত ইণ্টাৰনেটৰ সহায় লৈ সংযোগ স্থাপন কৰিব পাৰি ,  মুখামুখিকৈ কথা পাতিবও পাৰি । 
* পূৰ্বতে মানুহে দেশ বিদেশৰ সকলো খবৰ ৰখাত ব্যৰ্থ হৈছিল , বৰ্তমানে মানুহে কম্পিউটাৰৰ সহায়ত ঘৰতে বহি  দূৰ দূৰণিৰ পৰিস্থিতিৰো গম ল'ব পাৰে । *আগৰ দিনত মানুহে যিকোনো ধৰণৰ ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নিযুক্তি প্ৰকাৰৰ পৰীক্ষাত অৱতীৰ্ণ বহু দূৰ বাট অতিক্ৰম কৰি নিৰ্দ্দিষ্ট পৰীক্ষাকেন্দ্ৰ নিৰ্ধাৰিত সময়ৰ আগত গৈ উপস্থিত হ'বলগীয়া হৈছিল ।  আজিকালি  ঘৰৰ কাষৰ নিকটৱৰ্তী কম্পিউটাৰত পৰীক্ষা অনুষ্ঠিত হোৱা কেন্দ্ৰত গৈ যিকোনো পৰীক্ষাতে প্ৰতিদ্বন্দিতা আগবঢ়াব পাৰে । 
*পূৰ্বতে শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত গুৰু , শিষ্য আৰু বিদ্যালয় অবিহনে শিক্ষা প্ৰদান কৰা অসম্ভৱ হৈ পৰিছিল । আজিকালি কম্পিউটাৰত ইণ্টাৰণেটৰ সহায়ৰে বিদ্যালয় অবিহনেও গুৰু-শিষ্যৰ মাজত সংযোগ স্থাপন কৰি জ্ঞান প্ৰদান বা আহৰণ কৰাৰ ব্যৱস্থা আছে । পৰৱৰ্তী সময়ত দেখা গল যে' গুৰু আৰু বিদ্যালয় দুয়োটাৰে অবিহনে শিষ্যই ঘৰতে বহি ইণ্টাৰণেটৰ সহায়েৰে কম্পিউাৰত উপলব্ধ তথ্যৰ দ্বাৰা জ্ঞান আহৰণ কৰিব পাৰে । 
*পূৰ্বতে মানুহৰ  অফিচ কাছাৰীসমূহৰ লাগতিয়াল নথি পত্ৰ আপদাল আৰু টকা-পইচাৰ দীঘলীয়া গণনা সমিধান সংক্ৰান্তত বহু সময় ধৰি কেইবাজনো মানুহে কাগজ কলম লৈ দীৰ্ঘ সময় ব্যস্ত হৈ পৰিব লগা হৈছিল । আজিকালি সকলোবোৰ লাগতিয়াল নথি পত্ৰ এবাৰতে বহুদিনলৈ কম্পিউটাৰত সংৰক্ষণ কৰি ৰাখিব পাৰি আৰু টকা-পইচাৰ সৈতে জড়িত অথবা অন্য যিকোনো দীঘলীয়া গণনা কম্পিউটাৰৰ সহায়েৰে নিৰ্দ্দিষ্ট গাণিতিক সূত্ৰ ব্যৱহাৰ কৰি মূহুৰ্ত্ততে ফলাফল উলিয়াব পাৰি । 



A calculator is an electrical device that performs any action based on the initial data and takes us to its final stage and gives us the appropriate result. A computer is a device that allows us to enter any information electrically and perform the task mechanically to achieve excellent results. It is an electronic device that can be calculated. These electronic devices can be used to perform mathematical and logical operations quickly or to process or store data. Computers are called electrical devices because they require electrical power to operate. Inside a computer is a card that can store all kinds of images, videos and data. Computers or calculators can perform operations quickly and successfully without any errors. However, the computer cannot perform any task itself , only according to the user's instructions.


                 They can sit in one place and solve problems anywhere else in the world through computers. Various long mathematical calculations and problems in schools, colleges or offices can be solved instantly. There is also no risk of error in such calculations performed by computers. Computers can store very large amounts of data. and can be supplied when needed. Computers can perform several types of tasks simultaneously. It can also work for a long time without tiring. Computers or calculators are also used as teaching tools to impart knowledge to students in various fields in modern education. This allows students to easily acquire sufficient knowledge on even the most difficult subjects. Similarly, the use of computers in health and medicine has become essential. Computers are needed to examine any part of the body , treat any kind of minor and major diseases that nest in the body and perform surgeries on the basis of any disease. Computers also help to some extent to communicate with people several kilometers away from one place.
                 Just as computers have various advantages , they also have disadvantages in many ways. Computers are expensive devices. This means that you have to spend a lot of money from buying a computer to repairing it including transportation. With the passage of time, the size of computers is getting smaller and smaller and its ever-new innovations have brought more complexity to the repair of computers. Computers have no knowledge of their own. In other words, it is a stupid machine. It cannot solve any task on its own. Computers are run only at the instructions of the data collector and the computer user. Computers have become an addiction for children nowadays. They are characterized by ignoring playing , studying , eating and sleeping and getting into the computer. As a result, their health has deteriorated mainly due to various diseases such as reduced vision. They also have to avoid the golden childhood of going to the playground with their peers , listening to stories from their grandparents and watching the dust and concrete of the outside world. In addition, a major disadvantage of computers is that software designed for one class of computer may not work on another class of computer.
                 An introduction to the changes brought about by the invention of computers -
* In earlier times, people from one place exchanged letters to communicate or send news to people from another place. And it took a long time for the letter to reach its destination. Today, computers can connect to people thousands of kilometers away with the help of the Internet, and you can talk face to face.
* Earlier people failed to keep all the news at home and abroad , now people can know the situation even far away from home with the help of computers. *In the past, people had to travel long distances to sit for any kind of national and international recruitment type examination and arrive at the designated examination center before the scheduled time. Nowadays, you can contest any examination by going to the examination center on the computer nearest to your home.
*In the past, it was impossible to provide education without teachers , disciples and schools. Nowadays, computers can connect teachers and students without schools with the help of the Internet to impart or acquire knowledge. Later it was seen that without both the teacher and the school, the disciple could acquire knowledge from the information available on computers with the help of the Internet at home.
*In the past, several people had to spend a long time with paper and pen to update the necessary documents and solve the long calculations of money in the offices of the people. Nowadays, all the necessary documents can be stored in a computer for a long time at once and the results can be obtained instantly using specific mathematical formulas with the help of computers related to money or any other long calculation.

3 comments: