"যৌনতাৰ শিক্ষা"-জৰুৰী নে! || "Sex education"-is it necessary!

অভিভাৱক হিচাপে আমি আমাৰ লৰা ছোৱালীৰ বাবে সকলোবিলাক কৰো, কিন্তু যৌনতাৰ বেলিকা?
কোনোবাই কব, "এইটো মোবাইল internet ৰ যুগ, গতিকে লৰা ছোৱালীক  বিশেষভাৱে sex Education দিয়াৰ কোনো প্ৰয়োজন নাই।"

আন কোনোবাই আকৌ ক'ব "যিমানেই যি হলেও নিজৰ লৰা ছোৱালীৰ সৈতে যৌনতা বিষয়ক আলোচনা কৰাটো অশুভনীয়। পৰিস্থিতি সাপেক্ষে, সময় সাপেক্ষে সিহঁতে নিজেই জানিব সকলো। " কিন্তু প্ৰকৃততে কথাটো তেনেকুৱা হয় জানো?
সাম্প্ৰতিক সময়ত বাঢ়ি অহা যৌন অপৰাধসমূহৰ প্ৰতি লক্ষ্য কৰি দেখা যায় যে উঠি অহা প্ৰজন্মক সঠিক sex Education দিয়াটো অতিশয় জৰুৰী। আৰু সেই শিক্ষা দিব লাগিব অভিভাৱক সকলে নিজে, অথাৎ মাক-দেউতাকসকলে। কিন্তু কিয়?

Why sex education considered being essential?
Sex বা যৌনতা কি হয়? আমাৰ শৰীৰ আৰু মনত কেনেকৈ ক্ৰিয়া কৰে? সুস্থ জীৱন-যাপনৰ বাবে যৌনতা কিমান গুৰুত্বপূৰ্ণ সেই কথা আমি মুখেৰে নকলেও আমি প্ৰত্যেকেই বুজি পাও। নহয় জানো?

যৌনতা হ'ল আমাৰ শৰীৰ আৰু মনৰ এক অনুভূতি, যি অনুভূতিয়ে যেনেকৈ আমাক আত্মসন্তুষ্টিৰে তৃপ্ত কৰে তেনেকৈ অনিয়ন্ত্ৰিত যৌনতাই আমাৰ জীৱন ধ্বংসও কৰিব পাৰে।
ইতিহাসে কয়, যৌনতা এক বিশেষধৰণৰ অস্ত্ৰও যি অস্ত্ৰৰ সন্মুখত আন সকলো অস্ত্ৰই কেতিয়াবা হাৰ মানিবলগীয়া হয়। আনহাতে, যৌনতা হ'ল এক বিশেষ ধৰণৰ আসক্তিও যি আসক্তিয়ে কেতিয়াবা আমাক তৃপ্ত কৰাৰ সলনি অস্থিৰো কৰিব পাৰে।

কিন্তু সত্যটো হ'ল যৌনতা কেৱল আসক্তি বা তৃপ্তিৰ পূৰ্নতা নহয়। যৌনতা হ'ল নতুন সৃষ্টিৰ প্ৰাথমিক ক্ৰিয়া, যি প্ৰাকৃতিক আৰু সাৰ্বজনীন।
কিন্তু আচল কথাটো হ'ল আজিৰ প্ৰজন্মই যৌনতাক নিয়ন্ত্ৰণত ৰাখিব পাৰিব তেতিয়াহে, যেতিয়া সিহঁতে যৌনতা কি হয় ভালকৈ হৃদয়ংগম কৰিব পাৰিব বা বুজিব পাৰিব। আৰু সেই কথাখিনি নিজৰ লৰা ছোৱালীৰ আগত মুকলিকৈ কোৱাটো হ'ল অভিভাৱকসকলৰ দায়িত্ব।
অভিভাৱকসকলে নিজৰ ল'ৰা ছোৱালীৰ বাবে সকলোবিলাক কৰে। কেনেকৈ খোজ কাঢ়িব লাগিব, কেনেকৈ খাব লাগে, কেনেকৈ কাৰোবাৰ লগত মিলা প্ৰীতিৰে থাকিব লাগিব, কেনেকৈ টকা পইচা উপাৰ্জন কৰিব লাগিব বা কেনেকৈ কাজিয়া কৰিব লাগিব সেই কথাও তেওঁলোকে শিকায়।
কিন্তু যৌনতাৰ বেলিকা তেওঁলোক সঁচাকৈয়ে নিমাত হৈ থাকে।

যদি আপুনি সিহঁতক যৌনতাৰ সামগ্ৰিক জ্ঞানখিনি নিদিয়ে তেন্তে সিহঁতে কেনেকৈ জানিব। এজনী ছোৱালী যেতিয়া ঋতুমতী হয় সেই পৰিবৰ্তন কেনেকৈ হয় আৰু কিয় হয় সেই কথা যদি তাই বুজিব নোৱাৰে তেনে তাই কেনেকৈ বুজিব পাৰিব সেই সময়ত তাই কেনেধৰণৰ সাৱধানতা, কি লব লাগে আৰু কেনেদৰে লব লাগে? সেই সময়ত তাইৰ দেহত উত্তেজনা কৰ পৰা আহে, কিয় আহে, কৰ পৰা আৰু কেনেকৈ আহে সেই কথাতো যদি তাই বুজিব নোৱাৰে তেতিয়াহলে সেই উত্তেজনাৰ পৰা তাই নিজকে কেনেকৈ বচাই ৰাখিব পাৰিব? অভিভাৱকে যদি তাইক বুজাই নিদিয়ে সেই সময়ত তাইৰ বাহ্যিক আৰু আভ্যন্তৰীণ কি কি পৰিৱৰ্তন হয় তাই কেনেকৈ বুজিব পাৰিব? আৰু যদি তাই বুজিব নোৱাৰে তেন্তে বাহিৰৰ সমাজখনত কু-মনোবৃত্তিৰ মানুহবোৰৰ পৰা তাই নিজকে কেনেকৈ বচাই ৰাখিব পাৰিব?
যদি বন্ধুত্বসুলভভাৱেৰে অভিভাৱকে কথাবিলাক লৰা ছোৱালীক বুজাই নিদিয়ে তেনেহলে সিহঁতে কৈশোৰ কালত শাৰিৰীক আৰু মানসিক কি পৰিৱৰ্ত্তন হয়, উত্তেজনা কিয় হয় সেই কথাবিলাক কেনেকৈ বুজিব পাৰিব?
যৌনাংগ কি? যৌনাংগৰ শক্তি কি? যৌনাংগৰ ক্ৰিয়াকলাপ কি? এই কথাবোৰ সিহঁতে যদি বুজিব নোৱাৰে তেনে যৌনাংগক নিয়্ন্ত্ৰণ কৰাৰ কথা সিহঁতে কেনেকৈ চিন্তা কৰিব?
যেতিয়া সিহঁতে অভিভাৱকৰ পৰা শিকিব নোৱাৰিব তেতিয়াই সিহঁতে আনৰ পৰা শিকিবলে চেষ্টা কৰিব। আৰু সেই সময়ত সিহঁতৰ যৌনতা সম্পৰ্কীয় জ্ঞান অপৰিপক্ক হৈ থকাটোৱেই স্বাভাৱিক। কাৰণ আনৰ পৰা শিকা আৰু নিজৰ মাঁক দেউতাকৰ পৰা শিকাৰ মাজত বহু পাৰ্থক্য আছে।
যৌনতা কি তাক ভালকৈ অনুভৱ কৰিব নোৱাৰিলে তাক নিয়্ন্ত্ৰণ কৰাটো সহজ নহয় আৰু যৌনতা নিয়্ন্ত্ৰণ কৰিব নোৱাৰিলে কেতিয়া অপ্ৰীতিকৰ ঘটনা, অপ্ৰীতিকৰ পৰিস্থিতি হোৱাটো একেবাৰেই  স্বাভাৱিক। যি পৰিস্থিতি আৰু যি ঘটনাই সিহঁতক ক্ৰমে ক্ৰমে বিশৃঙ্খল জীৱন যাপনৰ ফালে লৈ যাব পাৰে। গতিকে, অভিভাৱক হিচাপে ঘৰুৱা পৰিবেশতে আমাৰ লৰা ছোৱালীক যৌনতা সম্পৰ্কীয় প্ৰয়োজনীয় শিক্ষাখিনি দিয়াটো সঁচাকৈ জৰুৰী। কাৰণ, parents is the best of the best teacher of the child.

Topics Covered in the article:
Why sex education is important?
Why sex education is necessary in school?
Why sex education have to learn in school?
Why sex education is important in India?
Why sex education needed
Why sex education important for teenagers?
Benefits of sex education in school


1. "Sex education"-is it necessary!

As parents, we do everything for our children, but when it comes to sex? Some parents thinks at the age of internet it's not needed to give any special sex education to their children. Parents thinks it's bad to discuss sex with your children anyway. Depending on the circumstances, they will know everything themselves in time." But is that really the case?

In view of the increasing number of sexual crimes in the present day, it is very important to provide proper sex education to the younger generation. And that teaching must be taught by the parents themselves, that is, by the parents. But why?

Why sex education considered to be essential?

What is Sex or sexuality? How does it have an effect on our our bodies and minds? We all understand how important sex is for a healthy lifestyle, even if we don't talk about it. Don't you know? Sex is a feeling of our body and mind, which satisfies us with self-satisfaction as well as uncontrolled sex can destroy our lives.

History tells us that sex is also a special weapon that all other weapons sometimes have to give up. On the other hand, sex is also a special kind of addiction that can sometimes upset us instead of satisfying us.

But the truth is that sex is not just addiction or satisfaction. Sex is the primary act of new creation, which is natural and universal. But the real thing is that today's generation can only control sex if they understand what sex is. And it is the responsibility of parents to tell their children that openly.

Parents do everything for their children. They also teach you how to walk, how to eat, how to get along with someone, how to make money or how to fight. But they are really quiet when it comes to sex.

If you don't give them the overall knowledge of sex, how will they know. If a girl cannot understand how and why the changes occur when she is menstruating, how can she understand what precautions, what to take and how to take them during menstruation? How can she protect herself from the excitement if she cannot understand where it comes from, why it comes from, where it comes from and how it comes from? How can she understand what changes she undergoes externally and internally if her parents do not explain it to her? And if she can't understand, how can she save herself from the malevolent people in the outside society?

If parents do not explain things to their children in a friendly manner, how can they understand the physical and mental changes and excitement that occur during adolescence? What is the sexual organ? What is the power of the genitalia? What is genital activity? If they cannot understand these things, how can they think of controlling their genitals?

When they cannot learn from their parents, they will try to learn from others. And it's only natural that their sense of sexuality is immature at that time. Because there is a big difference between learning from others and learning from your parents.

It is not easy to control sex if you do not understand what it is and if you do not control sex, it is natural to have unpleasant incidents and unpleasant situations. Circumstances and events that can gradually lead them to lead a chaotic life. Therefore, as parents, it is really important to teach our children the necessary education about sex in the home environment. Because, parents are the best of the best teachers of the child.

(বি দ্ৰ : bigyajyoti Facebook page ৰ আধাৰত প্ৰবন্ধটৰ তথ্যসমূহ সংকলিত) 

No comments:

Post a Comment