কবি হৃদয়-নিহিত ভাৱৰ ছন্দোবদ্ধ আৰু শিল্পিত প্ৰকাশৰ নামাকৰণেই হৈছে কবিতা। কবিতা হ'ল ধ্বনি সুষমা আৰু ভাৱৰ সংমিশ্ৰিত প্ৰকাশ।জীৱনৰ বৈচিত্ৰ্যময় আৰু জটিল সৃষ্টিৰ অন্যতম হৈছে কবিতা। কবি হৃদয়ৰ ভাবানুভূতিৰ কল্পনাৰে মণ্ডিত,ভাষাৰ ছন্দ লহৰত অভিব্যক্ত কলাত্মক সৃষ্টি।
প্ৰাচ্যৰ পণ্ডিতসকলে আগবঢ়োৱা সংজ্ঞাঃ প্ৰাচ্যৰ পণ্ডিতসকলৰ সৰহভাগেই কবিতাৰ আত্মা বিচাৰি বহু সিদ্ধান্তত উপনীত হৈ বস্তুধৰ্মী সংক্ষিপ্ত সংজ্ঞা নিৰ্দেশৰ কথা পাহৰিয়েই গৈছে। প্ৰাচ্যৰ কেৱল দুজন আলংকৰিকৰ লেখাতহে কবিতাৰ সংজ্ঞাক সূত্ৰৰ আকাৰত পোৱা যায়। সেই দুজন হ'ল- ভামহ আৰু বিশ্বনাথ কবিৰাজ।
" কাব্যলংকাৰ " প্ৰণেতা ভামহৰ মতে,"শব্দাৰ্থৌ সহিতৌ কাব্যম"- অৰ্থাত্ শব্দ আৰু অৰ্থৰ যুগল বসতিয়েই কবিতা।বিশ্বনাথ কবিৰাজে তেওঁৰ "সাহিত্য দৰ্পণ" নামৰ গ্ৰন্থত কবিতাৰ সংজ্ঞা এইদৰে আগবঢ়াইছে-"বাক্যং ৰসাত্মকং কাব্যম"-অৰ্থাত্ ৰসময় বাক্যই কবিতা। পাশ্চাত্যৰ পণ্ডিতসকলে আগবঢ়োৱা সংজ্ঞাঃ জনচনৰ মতে,"কবিতা হ'ল ছন্দোবদ্ধ ৰচনা।" ৱৰ্ডচৱৰ্থৰ মতে, "নিৰলাত সোঁৱৰা হিয়াৰ আৱেগেই কবিতা। অন্য এটা সংজ্ঞাত তেওঁ আকৌ কৈছে, "উপচি উঠি আপোনা-আপুনি পাৰ বাগৰি যোৱা আৱেগৰ ঢলেই কবিতা।মেথিউ আৰ্নল্ডৰ মতে,"কবিতা হ'ল জীৱন-বীক্ষা। ক'লেৰিজৰ মতে,"উত্কৃষ্টতম শব্দপুঞ্জৰ উত্কৃষ্টতম বিন্যাসেই কবিতা।অডেনৰ মতে," কবিতা হ'ল স্মৰণীয় বাক্য " কাৰ্লাইলৰ মতে, "কবিতা হ'ল সংগীতময় চিন্তা।" থিয়োডৰ ৱাট্ছ-ডাণ্টনৰ মতে, কবিতা হ'ল আৱেগময় আৰু ছন্দোস্পন্দিত ভাষাৰ মাধ্যমত মানৱীয় মনৰ মূৰ্তিমান আৰু শিল্পিত অভিব্যক্তি। "
অসমীয়া কবিতাই লিখিত ৰূপ লাভ কৰাৰে পৰা অসমীয়া কবিতাক কেইবাটাও স্তৰত ভাগ কৰিব পাৰি –
(১) আদি স্তৰৰ কবিতা - চৰ্যাপদ সমূহ।
২) মধ্য যুগ - (ক) প্ৰাক্-শংকৰী স্তৰ।
(খ) শংকৰী স্তৰ।
(গ) শংকৰোত্তৰ স্তৰ
৩) আধুনিক যুগ – (ক) প্ৰাক্-ৰোমাণ্টিক স্তৰ।
(খ) ৰোমাণ্টিক স্তৰ।
(গ) যুদ্ধোত্তৰ স্তৰ।
(ঘ) অতিসাম্প্ৰতিক স্তৰ।
°°°°°°°°°°°°°° °°°°°°°°°°°°° °°°°°°°°°°°°°°° °°°°°°°°°°°°°°°°°
শিৰোনাম :: বন্দুকৰ চকুলো ---------------------------------------------------------------------
ক্লান্ত শৰীৰতকৈ হৃদয়খন সহজে ভাগৰি পৰে,
কাশ্মীৰ সীমান্তৰ হাঁড় কঁপোৱা জাৰত
তোমালৈ যেতিয়া মনত পৰে।
বন্দুকটো হাতত তুলি লোৱাতকৈ
কলমটোৰ ওজন বেছি হৈ পৰে,
আইলৈ বুলি লিখিবলৈ উলিওৱা চিঠিখন
অশ্ৰুৰে যেতিয়া সেমেকি উঠে।
বন্দুক বাৰুদৰ গৰ্জনতকৈ
পিতাইৰ নিস্তব্ধতা
বেছি ভয়ংকৰ হৈ পৰে,
যেতিয়া মোৰ চিন্তাত তেঁও কোঙা হৈ পৰে।
হয়! মই এজন সীমান্তৰ সৈনিক ।
হীমগলা সীমান্তত,
কাৰোবাৰ উমাল হৃদয়ৰ উষ্ণ পৰশ সুঁৱৰি
আইমাতৃৰ বাবে নিজৰ জীৱন তুচ্ছ কৰা ,
মই এজন সাহসী সন্তান চেনেহী জননীৰ।
সৰু পাৰ্ছটিত পৰিয়ালটিক ৰাখি,
হৃদয়ত থাপিছো দেশমাতৃৰ গৌৰৱ।
চৌদিশে চানি ধৰিছে বাৰুদৰ ছাঁয়াই,
কৰ্ণমণ্ডলৰ নিচেই কাষৰে সঘনে পাৰ হৈছে,
এটাৰ পাছত আনটো অজানা শতৰুৰ গুলী।
নাজানো ? কোনজন নেদেখা শত্ৰুৰ উন্মত্ত বুলেটে,
শুৱাই থৈ যাব বৰফৰ শুভ্ৰ শীতল দলিচাত।
উশাহত উৰিছে এতিয়া প্ৰেয়সীৰ অনুভৱ,
হৃদয়ৰ স্পন্দনত বাজিছে ৰণদুণ্ডুভী।
অজান শত্ৰুৰ বন্দুকৰ এটি বুলেট,
এইমুহুৰ্ত্বত সৰকি গ'ল
মৰম আকলুৱা কলিজাখন ভেদি।
এইয়া সূৰ্য্যাস্তৰ লগে লগে
চিৰনিদ্ৰাত শুই পৰিল এজন বীৰজোৱান।
দিব্যৰথে স্বৰ্গাভিমুখী যাত্ৰা কৰিছে
এজন বীৰ সৈনিকৰ পৰমাত্মাই।
আকাশৰ নীলাই পৃথিৱীক সাৱটাৰ পৰিৱৰ্তে,
চিতাৰ দাবানলৰ লেলিহান শিখাই
ভ্ৰৰুণ কৰিছে অলিন্দ নিলয়।
সন্ধ্যাৰ লগে লগে এজাক বৰষুণে ,
বীৰ জোৱানক দিলেহি অন্তিম বিদায়।
জিলিকি উঠিল এটি সূৰুজ ,
সীমান্তৰ বৰফত নিৰৱে শুই।।
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°








No comments:
Post a Comment