আধুনিক বিজ্ঞানৰ দিশে এখোজ || A step towards modern science

আধুনিক বিজ্ঞানৰ দিশে এখোজ

          বিজ্ঞান হৈছে এক নিয়মিত আধুনিক শিক্ষা আৰু প্ৰযুক্তিবিদ্যা হৈছে এই শিক্ষাৰ পৰা নিৰ্গত হোৱা উপযুক্ত ফলাফল ।  বৰ্তমান সময়ত   বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়েৰে   এখন দেশৰ  সামাজিক আৰু অৰ্থনৈতিক বিকাশেৰে মানুহৰ দৈনন্দিন  জীৱন প্ৰণালী অতি সৰল হৈ পৰিছে । বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মানৱ জীৱনৰ চূড়ান্ত প্ৰয়োজনসমূহ পূৰণ কৰি জীৱনৰ প্ৰতি থকা মানুহৰ সামগ্ৰিক দৃষ্টিভংগী সলনি কৰিব ধৰিছে । নতুন নতুন আৱিষ্কাৰৰ ভিত্তিত সমাজখন  আধুনিকীকৰণত সহায় হৈছে । আজিৰ দিনত দূৰ দূৰণিত বাস কৰা পৰিয়ালবৰ্গ , বন্ধু বান্ধৱৰ সৈতে মূহুৰ্ত্ততে সংযোগ স্থাপন কৰাকে আদি কৰি , ডিজিটেল সামগ্ৰী ব্যৱহাৰ কৰালৈ  সকলোবোৰতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা জড়িত হৈ আছে ।  অৰ্থাৎ , ই মানৱ জীৱন অতি সহজ আৰু সৰল কৰি তুলিছে । বৰ্তমান সময়ত শিক্ষা , চিকিৎসা , কৃষি ,  ৰাজনীতি , উৎপাদন আৰু অন্যান্য ক্ষেত্ৰতো  বিভিন্ন ধৰণৰ নতুন নতুন সজুঁলিৰ আৱিষ্কাৰেৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিস্তৃত অৱদানে পোখা মেলিছে ।  তদুপৰি আজিকালি এইসমূহ সজুঁলিৰ ব্যৱহাৰে চহৰ নগৰৰ পৰিসীমা ভেদি গ্ৰাম্যঞ্চলতো খোজ দিছে  । প্ৰতিদিনে এনেধৰণৰ নতুন প্ৰযুক্তিয়ে আহি মানৱ জীৱন সহজ আৰু আৰামদায়ক কৰি তুলিছে । সেয়েহে মানুহে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত বাস কৰি আমোদ লাভ কৰিছে । 

         মূলত: বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়তে মানুহৰ আধুনিক সভ্যতা স্থাপনৰ সৈতে পৰিচয় হৈছে । বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশে মানুহৰ দৈনন্দিন জীৱনৰ প্ৰায় প্ৰতিটো দিশতেই  যথেষ্ট অৰিহণা যোগাই আহিছে । যাৰ ফলাফল স্বৰূপে মানুহে এটি  আৰামদায়ক তথা আনন্দময় জীৱন উপভোগ কৰাৰ সুযোগ লাভ  কৰিছে । পৰিৱেশ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশতো বিজ্ঞান ও প্ৰযুক্তিবিদ্যাই গৃহিণীসকলৰ পৰিশ্ৰম হ্ৰাস কৰিব পৰাকৈ বিভিন্ন ধৰণৰ আধুনিক সা-সজুঁলি নিৰ্মাণ কৰি উলিয়াইছে ।  কম সময়ৰ ভিতৰতে বহু দূৰণীবটীয়া ৰাস্তা অতিক্ৰমৰ বাবে যান বাহনৰ  ক্ষেত্ৰতো বিজ্ঞান ও প্ৰযুক্তিদ্যাই নিজকে সমগ্ৰ দিশতে বিয়পি পৰিছে । 
         কৃষিৰ ক্ষেত্ৰতখনত বিজ্ঞানৰ ব্যৱহাৰ : অসম যিহেতু এখন কৃষিপ্ৰধান ৰাজ্য , বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়েৰে অসমক বিশ্বৰ দৰবাৰত জিলিকাই তুলিবলৈ সক্ষম হৈছে । বিশেষকৈ চাহপাতৰ  বাবে  বিখ্যাত অসম ৰাজ্যত প্ৰযুক্তিবিদ্যাৰ সহায়েৰে  ৰাজ্যখনক সোণালী  জগত  হিচাপে পৰিচয় ডাঙি ধৰিছে  ।   কৃষিজগতত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰে  যথোপযুক্ত শস্য উৎপাদনেৰে খেতি পথাৰ ভৰাই তুলিছে । কম বেছি পৰিমাণে পথাৰত ৰাসায়নিক দ্ৰব্য , ট্ৰেক্টৰ ইত্যাদিৰ ব্যৱহাৰে  কৃষিজগতক পোহৰ কৰি তুলিছে । 
             শিক্ষা জগতত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উপস্থিতি :  বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা অবিহনে বৰ্তমান সময়ৰ  শিক্ষাৰ  পৰিস্থিতি অচল অটল হৈ পৰিব । বিদ্যালয় , মহাবিদ্যালয়সমূহত আৰম্ভণিৰে পৰা শেষলৈকে বিজ্ঞানৰ আৰুপ্ৰযুক্তিবিদ্যাৰ  ব্যৱহাৰ বাধ্যতামূলক । বিদ্যালয়সমূহত প্ৰাথমিক পৰ্য্যায়ৰ  পঢ়া-শুনাৰ পৰা মহাবিদ্যালয় , বিশ্ববিদ্যালয়সমূহৰ ৰাসায়নিক বিজ্ঞান অথবা পদাৰ্থবিজ্ঞানৰ ব্যৱহাৰিক কালাংশলৈ সকলোবোৰতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োজন ।   বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ওপৰতো  আজিৰ যুগত বিশেষ পাঠ্যক্ৰমৰ ভিত্তিত অভিযান্ত্ৰিক    মহাবিদ্যালয় , উদ্যোগিক প্ৰতিষ্ঠানসমূহৰ স্থাপনাৰে ছাত্ৰ - ছাত্ৰীৰ জীৱনতো গভীৰ প্ৰভাৱ পেলাইছে ।  লগতে বিদ্যাৰ্থীৰ উজ্জ্বল ভৱিষ্যত নিৰ্ধাৰণত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অপৰিসীম অৱদান আছে । 
               স্বাস্থ্য আৰু চিকিৎসাৰ দিশত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ভূমিকা অতি মহত্ত্বপূৰ্ণ । শৰীৰৰ কোনো ধৰণৰ পৰীক্ষা নিৰীক্ষা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা অবিহনে সম্ভৱ নহয় । সৰু ডাঙৰ সকলো ধৰণৰ বেমাৰ আজাৰৰ চিকিৎসা আৰু তাৰ সৈতে জড়িত সকলো ধৰণৰ ঔষধেই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জড়িয়তে আৱিষ্কৃত । শৰীৰৰ অস্ত্ৰো-প্ৰচাৰ  অথবা যিকোনো ধৰণৰ চিকিৎসাৰ বাবে চিকিৎসকৰ লাগতিয়াল সকলো ধৰণৰ সা-সজুঁলি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়তে সাজি উলিওৱা হৈছে । 
            আজিৰ   আধুনিক জগতখনত জীৱন যাপন কৰা ব্যস্ত নাগৰিকসকলৰ দৈনন্দিন ব্যৱহাৰৰ অত্যাৱশ্যকীয় আহিলা যেনে - দূৰদৰ্শন , ঘৰুৱা শীত তাপ নিয়ন্ত্ৰিত যন্ত্ৰ ,  মোবাইলফোন , ইত্যাদিও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ আৱিষ্কাৰ । মূলত: বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই হৈছে এখন দেশৰ আৰু দেশখনৰ নাগৰিকসকলৰ উন্নতি সাধনৰ প্ৰধান উৎস । নতুন আৱিষ্কাৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰে । বিজ্ঞানৰ বিকাশ আৰু প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰেৰে মানুহৰ জীৱন প্ৰণালীক আদিম যুগতৰ মানুহৰ তুলনাত সফলতাৰে জীৱন বাটত আগুৱাই যাবলৈ অধিক সহজ কৰি তুলিছে ।  বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰধান আৱিষ্কাৰ অৰ্থাৎ কম্পিউটাৰৰ ব্যৱহাৰে মানুহৰ জীৱন গতানুগতিকভাৱে অধিক সৰল কৰি তুলিলে ।  সকলোধৰণৰ সৰু ডাঙৰ গণনা ,  যিকোনো ফলাফল মূহুৰ্ত্ততে কৰা , ইণ্টাৰনেট অথবা সামাজিক মাধ্যমৰ ব্যৱহাৰেৰে নতুন মানুহৰ সৈতে চিনাকী হোৱা আৰু বন্ধুত্ব গঢ়ি তোলা  আৰু জীৱনৰ প্ৰায়বোৰ সমস্যাৰ সমাধানকে আদি কৰি এই সকলোবোৰ কাৰ্য্য বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বাবে সম্ভৱ হৈ পৰিছে ।  আজিৰ যুগত  বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহযোগত সৌৰজগত , গ্ৰহ , ইত্যাদিৰ ভ্ৰমণো সম্ভৱ হৈ পৰিছে ।
             সেয়েহে , বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে কৈছে যে, ৰচনাত্মক নবীকৰণেৰে পুষ্ট বিজ্ঞানে জনসাধাৰণৰ জীৱনৰ মানদণ্ড সহজ কৰি তোলে । ভাৰতত বিজ্ঞান কেৱল গৱেষণাৰ বিষয় নহয়, ই এক উৎসৱো। 
            
         

No comments:

Post a Comment