অলিম্পিকৰ গৌৰৱময় যাত্ৰাত অসম
বিশ্বৰ এক জনপ্ৰিয় ক্ৰীড়া অনুষ্ঠান হৈছে অলিম্পিক। দা গ্ৰেটেষ্ট শ্ব' অন আৰ্থ" হিচাপে সৰ্বজন পৰিচিত বিশ্ব ক্ৰীড়া ক্ষেত্ৰৰ প্ৰতিযোগিতা অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰাটো প্ৰতিগৰাকী খেলুৱৈৰ বাবে এক সফল প্ৰাপ্তি হোৱাৰ লগতে অলিম্পিকৰ পদক আজুৰি অনাটো এক ডাঙৰ স্বপ্ন। বিশ্বৰ বিভিন্ন প্ৰান্তৰ ক্ৰীড়া ক্ষেত্ৰৰ শক্তিশালী দেশসমূহৰ সৈতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই সফলতাৰ উচ্চ শিখৰ আৰোহণ কৰাটো যথেষ্ট ডাঙৰ প্ৰত্যাহ্বান। এই প্ৰত্যাহ্বানক নেওচি নিজৰ লগতে দেশৰ নাম ইতিহাসৰ পাতত সোণালী আখৰেৰে লিপিবদ্ধ কৰিবলৈ প্ৰতিজন খেলুৱৈয়ে নিজৰ ক্ৰীড়া জীৱনৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াবলৈ সদায় চেষ্টা অব্যাহত ৰাখিছে।
এই গৌৰৱময় যাত্ৰাত অসমৰ পৰা অংশগ্ৰহণ কৰি বহুকেইজন খেলুৱৈ নিজৰ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। আন ৰাজ্যৰ তুলনাত বহু পিছপৰা অসমৰ দৰে ৰাজ্য এখনৰ পৰা গৈ অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰাটো কিমান গৌৰৱৰ কথা সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। বৰ্তমানলৈকে অসমৰ পৰা গৈ দেশক অলিম্পিকত প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ অৰ্জন কৰা খেলুৱৈ আঙুলিৰ মূৰত লেখিব পৰাকৈ মাত্ৰ কেইজনমান। ফুটবলত ডাঃ টালিমেৰণ আও, বেডমিণ্টনত দীপাংকৰ ভট্টাচাৰ্য, আৰ্চাৰীত জয়ন্ত তালুকদাৰ, বক্সিঙত শিৱ থাপাই ইতিমধ্যে অলিম্পিকত অংশগ্ৰহণ কৰি গৌৰৱ অৰ্জন কৰিছে। আনহাতে টকিঅ' অলিম্পিকলৈ বক্সিংৰ ৬৯ কেজি শাখাত যোগ্যতা অৰ্জন কৰি লাভলীনা বৰগোঁহাইয়ে ইতিহাস সৃষ্টি কৰিছে। টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰি লাভলীনা হৈ পৰিলে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ।
পূৰ্বৰ তুলনাত বৰ্তমান সময়ত ক্ৰীড়া ক্ষেত্ৰখনত অসমে যথেষ্ট অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। এই ধাৰা অক্ষুন্ন ৰাখিলে এদিন ভাৰতবৰ্ষক প্ৰতিনিধিত্ব আমাৰ সোণালী অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ আমাৰ খেলুৱৈ সকল নিশ্চয় সক্ষম হ'ব লাগিব। সেইয়েহে আনুষ্ঠানিক শিক্ষাৰ লগতে ক্ৰীড়া ক্ষেত্ৰখনতো আমাৰ উঠি অহা প্ৰজন্মক আগুৱাই লৈ যোৱাত অভিভাৱক সকলে গুৰুত্ব প্ৰদান কৰিব লাগে। এই ক্ষেত্ৰত চৰকাৰেও বিভিন্ন ধৰণৰ ক্ৰীড়া আচনিৰ জড়িয়তে বোকাৰ পদুম হৈ থকা সুপ্ত প্ৰতিভাসমূহক জাগ্ৰত কৰি তুলিব লাগে। এনে কৰিলে এদিন অসমেও ক্ৰীড়াক্ষেত্ৰত উচ্চ স্থান দখল কৰিবলৈ সক্ষম হ'ব।








No comments:
Post a Comment