ভাৰতৰ স্বাধীনতা আন্দোলনত ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু গান্ধীৰ ভূমিকা || The role of the Indian National Congress and Gandhi in the Indian Independence Movement

             ১৯১৭  চনত  গান্ধীজীয়ে ভাৰতবৰ্ষৰ ৰাজনীতিত সক্ৰিয়ভাৱে  প্ৰৱেশ কৰিছিল । সেই সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছত বালগংগাধৰ তিলকৰ সবল নেতৃত্বৰ চৰমপন্থীৰ প্ৰাধান্য অব্যাহত থকাৰ বাবে গান্ধীয়ে প্ৰথমাৱস্থাত  বিশেষ প্ৰাধান্য লাভ কৰিব পৰা নাছিল । কিন্তু তেনে সময়তে বালগংগাধৰ  তিলকদেৱৰ মৃত্যুয়ে গান্ধীজীক নেতৃত্বৰ বাবে সন্মুখৰ আসনত বহুৱালেহি । জাতীয় কংগ্ৰেছৰ এগৰাকী সুদক্ষ নেতা হিচাপে গান্ধীজীৰ প্ৰথম পদক্ষেপ আছিল খিলাফৎ আন্দোলনত কংগ্ৰেছৰ দ্বাৰা মৰ্থন প্ৰদান । চাকৰিৰ ভিত্তিত বৃটিছে ভাৰতীয়ৰ প্ৰতি কৰা বিশ্বাসঘাতকতাৰ প্ৰতিবাদত তুৰস্কাৰ চুলতান তথা খলিফাৰ মৰ্য্যাদা ৰক্ষা আৰু তুৰস্কৰ অখণ্ডতাৰ দাবীত ভাৰতীয় জাতীয় কংগ্ৰেছে সমৰ্থন প্ৰদান কৰে । গান্ধীজীৰ এই পদক্ষেপ অতি দূৰদৰ্শী তথা ফলপ্ৰসূ আছিল । বিগত দিনসমূহত সাম্ৰাজ্যবাদী বৃটিছে যি বিভেদকামী নীতিৰে হিন্দু-মুছলমান উভয়ে সম্প্ৰদায়কতাক পৃথক কৰি ৰখাৰ যি সংঘৰ্ষমূলক প্ৰচেষ্টা অবাহত ৰাখিছিল , গান্ধীজীৰ এই পদক্ষেপে সম্পূৰ্ণ পৰিস্থিতি ইতিবাচকৰূপত সলনি কৰি পেলাইছিল । ভাৰতীয় জাতীয় আন্দোলনে হিন্দু-মুছলমান উভয়ৰে সমৰ্থন লাভ কৰি এক নতুন ৰূপ লৈছিল আৰু এনে অনুকূল পৰিস্থিতিৰ বাবে ১৯২০ 'চনত কলিকতাত বহা কংগ্ৰেছ অধিবেশনত "অসহযোগ" আৰু "আইন অমান্য আন্দোলনৰ " প্ৰস্তাৱ গৃহীত হৈছিল । 

        ১৯২০ চনত মহাত্মা গান্ধীৰ নেতৃত্বতে অসহযোগ আন্দোলনৰ আৰম্ভণি হয় । অসহযোগ আন্দোলনৰ মূল উদ্দেশ্য আছিল অহিংস উপায়েৰে কৰা এক নিৰ্কীন প্ৰতিশোধ । গান্ধীজীৰ যুক্তি অনুযায়ী শাসন - শাসিতৰ অভাৱত কেতিয়াও এখন চৰকাৰ তিষ্ঠি থাকিব নোৱাৰে । ভাৰতীয়সকলে চাকৰি-বাকৰি , ব্যৱসায়-বাণিজ্য আদি সকলো দিশতে যদি অসহযোগৰ পথ গ্ৰহণ কৰে তেন্তে বিদেশী বৃটিছ চৰকাৰো ধাৰাশায়ী হ'বলৈ বাধ্য হ'ব । গান্ধীজী আছিল  সত্য আৰু অহিংসাৰ পূজাৰী । তেখেতৰ যুক্তি মতে হিংসাৰ আশ্ৰয় লৈ বৃটিছৰ দৰে বিশ্বৰ অন্যতম এবিধ সামৰিক শক্তি পৰাজিত কৰিব নোৱাৰি । এনে ধৰণৰ শক্তিক বলেৰেহে নিৰস্ত্ৰ কৰাব লাগিব । ভাৰতীয়সকলে নিজস্ব স্বাৱলম্বীতাৰে স্বদেশী আৰ্থিক সংগঠন গঢ়ি উলিয়াব লাগিব আৰু লগতে অস্পৃশ্যতা দূৰ কৰি বৃটিছৰ বিভেদকামী নীতিৰ বিৰুদ্ধে যুঁজ দিব লাগিব । গান্ধীজীৰ এনে ধৰণৰ প্ৰতিটো আহ্বানেই আছিল বাস্তৱমূখী আৰু কাৰ্য্যকৰী । যাৰ বাবেই সকলোৱে সহায় - সহযোগিতা আগবঢ়াই জৱাহৰলাল নেহৰু প্ৰমূখ্যে হাজাৰ হাজাৰ ভাৰতীয় নাগৰিকে চৰকাৰী  ক'ৰ্ট - কাছাৰী , দপ্তৰ , ফেক্টৰী ইত্যাদি  বৰ্জন কৰি আটাইয়ে একেলগে অসহযোগ আন্দোলনত জপিয়াই পৰে । নেতৃবৰ্গক কাৰাৰুদ্ধ কৰাৰ উপৰিও অন্যান্য বিভিন্ন ধৰণৰ  কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি বৃটিছে ইয়াকো দমন কৰাৰ চেষ্টা  চলাইছিল যদিও আন্দোলনৰ তীব্ৰতা ক্ৰমান্বয়ে বাঢ়িহে গৈছিল । অৱশেষত চৌৰিচৌৰাত সত্যাগ্ৰহীসকলে হিংসাত্মক কাৰ্য্যত লিপ্ত হৈ পৰাৰ বাবে গান্ধীজীয়ে এই আন্দোলন বন্ধ কৰে । যাৰ বাবদ বহুতো কংগ্ৰেছী নেতা অসন্তুষ্ট হয় । যাৰ ফলত গান্ধীজীৰ জনপ্ৰিয়তা কিছু পৰিমাণে  হ্ৰাস পায় আৰু এই সুযোগৰ বলতেই ইংৰাজে গান্ধীজীক আতক কৰি কাৰাৰুদ্ধ কৰিবলৈ সক্ষম হয় । 
        চাইমন কমিছনৰ প্ৰতিবেদনে ভাৰতীয়সকলৰ আশা - আকাঙ্খা সমূহ পূৰ কৰাত ব্যৰ্থ হোৱাৰ বাবে ১৯৩০ চনৰ ৬ এপ্ৰিল তাৰিখে মহাত্মা গান্ধীৰ নেতৃত্বতেই  " আইন অমান্য আন্দোলনে " পাতনি মেলে । সতীৰ্থ বৰ্গৰ সৈতে নিজেও দাণ্ডিলৈ গৈ " লোণ আইন "  ভঙ্গ কৰে । এইবাৰৰ এই আন্দোলনে  ১৯২১ চনৰ অসহযোগ আন্দোলনতকৈও তুলনামূলকভাৱে তীব্ৰ ৰূপ ধাৰণ কৰিছিল । অগণন কংগ্ৰেছী লোকৰে জেলখানাও উভৈনদী হৈ পৰিল ।  পৰিস্থিতি  নিয়ন্ত্ৰণ কৰিবৰ বাবে বৃটিছ চৰকাৰে ঘূৰণীয়া মেজ - মেলৰো আয়োজন কৰিছিল ।  কিন্তু ভাৰতীয় জাতীয় কংগ্ৰেছ দলে এই মেলত যোগদান নকৰিলে । অৱশেষত " গান্ধী আৰউইন চুক্তি " অনুসৰি গান্ধীজীয়ে এই আন্দোলন বন্ধ কৰি দিয়ে আৰু বৃটিছ চৰকাৰেও কাৰাগাৰত আবদ্ধ হৈ থকা সকলো ৰাজনৈতিক  বন্দীকে  মুকলি কৰি দিয়ে । ১৯৩২ চনত বৃটিছ চৰকাৰৰ কুখ্যাত সাম্প্ৰদায়িক বিভাজনৰ গান্ধীজীয়ে পুনৰ আন্দোলন আৰম্ভ কৰে । আৰু অৱশেষত সেইবাৰো আগৰ দৰেই চুক্তি অনুসৰি গান্ধীজীয়ে পুনৰ কংগ্ৰেছী আন্দোলন বন্ধ কৰিব লগা হয় ।  ' ক্ৰিপ্‌ছ্‌ মিছন'ৰ ব্যৰ্থতাৰ পাছত মহাত্মা গান্ধীয়ে ১৯৪২ চনৰ ১০ মে তাৰিখে তেওঁৰ হৰিজন কাকতত " কুইট ইণ্ডিয়া " অৰ্থাৎ বৃটিছৰ ভাৰত ত্যাগৰ দাবী উত্থাপন কৰে । আৰু ১৯৪২ চনৰে ৮ আগষ্ট তাৰিখে বোম্বাইত বহা অধিৱেশনত এই প্ৰস্তাৱ গৃহীত হয় । এই খবৰ প্ৰচাৰৰ লগে লগেই বৃটিছ চৰকাৰে কঠোৰ ব্যৱস্থা হাতত লয় ।  কংগ্ৰেছী নেতাসকলক আতক কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে আৰু ইয়াৰ ফলতেই পৰিস্থিতি অধিক বেয়াৰ ফালে গতি কৰে । অৱশেষত এই আন্দোলনে অহিংস ৰূপ ধাৰণ কৰিলে । আন্দোলনৰ এই তীব্ৰ পৰিস্থিতি পৰিলক্ষিত কৰাৰ পাছত ভাৰতবৰ্ষৰ স্বাধীনতা যে' আসন্ন সেইয়া বৃটিছ চৰকাৰৰ বুজিবলৈ বাকী  নাথাকিল ।
        গান্ধীজীয়ে কেৱল ৰাজনৈতিক দিশতেই তেওঁৰ দৃষ্টি নিবন্ধ ৰখা নাছিল । বৃটিছ আৰু মুছলিম লীগৰ পৰোচনাত সংগঠিত হোৱা বিভিন্ন সাম্প্ৰদায়িক অশান্তিকৰ পৰিস্থিতিক  তেওঁ নিজে গৈ নিয়ন্ত্ৰণ কৰাৰ প্ৰয়াস কৰিছিল । এখন অখণ্ড সাম্প্ৰদায়িক  আৰু অস্পৃশ্যতাহীন ভাৰত গঢ়াই গান্ধীজীৰ মূল উদ্দেশ্য আছিল । কিন্তু ৰাজনৈতিক মেৰপাকত  তেওঁৰ এই মহান মানৱতাবাদ শিমলু তুলাৰ দৰে উৰি গৈছিল । অৱশেষত গান্ধীজীৰ নেতৃত্বৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰচেষ্টাত  ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে  'ভাৰত' আৰু 'পাকিস্তান' নামৰ নামাকৰণেৰে দুখন পৃথক ৰাষ্ট্ৰৰ সৃষ্ট হয় আৰু ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰে । 
        স্বাধীন ভাৰতৰ মাটিত এবছৰ সম্পূৰ্ণ নহওঁতেই এগৰাকী ভাৰতীয় আততায়ীৰ গুলীত এইগৰাকী  মহান নেতাই প্ৰাণ আহুতি দিব লগীয়া হয় । এইগৰাকী মহান মানৱৰ অকস্মাৎ বিয়োগত সমগ্ৰ ভাৰতবৰ্ষতে শোকৰ ছাঁ পৰে । স্বাধীনতাৰ সুদীৰ্ঘ ৩০ বছৰৰ পাছত মহাত্মা গান্ধী ভাৰতীয় জাতীয় কংগ্ৰেছৰ অবিসম্বাদী নেতা তথা ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰেৰণা আৰু প্ৰাণ স্বৰূপ হৈ চিৰদিন জিলিকি ৰয় ।


In 1917, Gandhiji actively entered Indian politics. Gandhi initially did not gain much prominence in the Indian National Congress as the extremists led by Bal Gangadhar Tilak continued to dominate. But the death of Balgangadhar Tilak put Gandhiji at the forefront of the leadership. As an efficient leader of the National Congress, Gandhiji's first step was to support the Khilafat movement by the Congress. The Indian National Congress supported the demands of the Sultan and Caliph of Turkey and the integrity of Turkey in protest against the British betrayal of Indians on the basis of jobs. Gandhiji's initiative was very visionary and effective. Gandhiji's move changed the whole situation positively in the confrontational attempts of the imperialist British to separate both Hindu and Muslim communities with their discriminatory policies in the past. The Indian national movement took on a new form with the support of both Hindus and Muslims and the Congress session in Calcutta in 1920 passed the resolutions of "Non-Cooperation" and "Lawless Movement"


         In 1920, Mahatma Gandhi led the Non-Cooperation Movement. The main objective of the Non-Cooperation Movement was non-violent revenge. According to Gandhiji, a government can never survive without governance. If Indians take the path of non-cooperation in all aspects of jobs , trade and commerce, the foreign British government will also be forced to collapse. Gandhiji was a priest of truth and non-violence. He argued that one of the world's largest military powers, the British, could not be defeated by violence. Such forces must be disarmed by force. Indians must develop indigenous economic organizations on their own and also fight against the discriminatory policies of the British by eliminating untouchability. Every such call of Gandhiji was realistic and practical. Therefore, thousands of Indian citizens, including Jawaharlal Nehru, boycotted government courts, offices, factories, etc. and jumped into the Non-Cooperation Movement. The British tried to suppress the movement by imprisonment of its leaders and other harsh measures, but the intensity of the movement gradually increased. Finally, Gandhiji stopped the movement after the satyagrahis became violent in Chourichaura. There are many Congress leaders who are unhappy with this. Therefore, the British used this opportunity to arrest and imprison Gandhiji.
         The Simon Commission report failed to meet the aspirations of the Indians and the "Lawless Movement" was launched on 6 April 1930 under the leadership of Mahatma Gandhi. He himself went to Dandi with his comrades and broke the " Loan Act This time the movement was relatively intense than the Non-Cooperation Movement of The jails of countless Congressmen were also overcrowded. The British government also organized round tables to control the situation. However, the Indian National Congress did not join the meeting. Finally, Gandhiji stopped the movement under the "Gandhi-Arwin Pact" and the British government released all the political prisoners. In 1932, Gandhiji resumed his agitation against the infamous communal division of the British government. And finally, as before, Gandhiji had to stop the Congress movement again as per the agreement. After the failure of the Cripps Mission, Mahatma Gandhi demanded "Quit India" in his Harijan newspaper on 10 May The resolution was passed at the session held in Bombay on 8 August The British government took strong action as soon as the news spread. They arrested the Congress leaders and sent them to jail and this made the situation worse. Eventually, the movement took on a non-violent form. The British Government realized that the independence of India was imminent.
         Gandhiji did not focus only on politics. He tried to control the communal unrest instigated by the British and the Muslim League. Gandhiji's main objective was to build an unbroken communal and untouchable India. But in the political turmoil, his great humanism was blown away like a bean sprout. Finally, on 15 August 1947, the Indian National Congress led by Gandhiji created two separate states under the names of 'India' and 'Pakistan' and India gained independence.
         This great leader was shot dead by an Indian assassin less than a year ago on the soil of independent India. The sudden passing away of this great man left a shadow of mourning all over India. After 30 years of independence, Mahatma Gandhi remained the inseparable leader of the Indian National Congress and the inspiration and lifeblood of the Indian independence movement.

No comments:

Post a Comment