বন্ধুত্বৰ আব্দাৰত সন্ধিয়াৰ মায়াৰে মাতাল হৈ পৰা দীঘলীপুখুৰীৰ পাৰৰ দলঙৰ ৰেলিঙত ধৰি , মহানগৰীৰ কৃত্ৰিমতাৰ মাদকতাক ম্লান পেলাই কৈ গৈছিল এদিন সি অনৰ্গলভাৱে তাৰ জীৱনৰ সেই দুখলগা অধ্যায়টো। এনে লাগিছিল কোনোবাই যেন অভিনয় কৰি দেখাই গৈছে এখন জীৱিত নাটক । আৰু মই থৰ লাগি শ্ৰৱণ ও দৰ্শন কৰা এজন শ্ৰোতা ও দৰ্শক।
অ' চিনাকীটো দিব পাহৰিয়ে গৈছিলো । মই অৰ্ণৱ , অৰ্ণৱ বৰা। এজন অভিযন্ত্ৰা। আৰু আৰম্ভণিৰে পৰা "সি" বুলি কৈ থকাজন হ'ল মোৰ প্ৰিয়বন্ধু মৃন্ময় কাশ্যপ। কলেজৰ শ্ৰেষ্ঠ সাহিত্যিক তথা শ্ৰেষ্ঠ ব্যক্তিত্বৰ খিতাপেৰে উচ্চতৰ মাধ্যমিকৰ দুটা বছৰত সকলোৰে মনজয় কৰি পেলোৱা ল'ৰাটোৰ লগত খুউব কমসময়তে আপোনতাৰ জৰীডাল বান্ধখাই উঠিছিল। হোষ্টেলৰ কঠোৰ শাসনৰ মাজতো আমাৰ দুষ্টামিবোৰত অমায়িক ল'ৰাটোৱে সৰু কথাতে ৰস উলিয়াই হাঁহি-ফুৰ্টিৰ মাজত আপোনপাহৰা হৈ পৰিছিল । আজি বহুত দিনৰ পাছত তাক লগপালো। কৰ্মব্যস্ততাই হয়তু আমাক বহুত দূৰ কৰি ৰাখিছিল। তিনিবছৰীয়া সেই যাত্ৰাৰ শেষত আমাৰ ৰাস্তা সলনি কৰি আমি আমাৰ জীৱন গঢ়াৰ পথত আগবাঢ়িলো।
জন্মৰ কেইটামান মুহুৰ্ত্বৰ পাছতে মাকক হেৰুৱা মৃন্ময়ক বৰ কষ্টেৰে ডাঙৰ কৰিছিল দেউতাকে। সৰু ঘৰখনত দুটাই মানুহ । বিহুৱে পূজাই আমিবোৰ যেতিয়া হোষ্টেলৰ পৰা ঘৰলৈ যাঁও বৰ উদাশীন ভাৱেৰেই সিও ঘৰলৈ ৰাওনা হয়।
আনহাতে, সি ঘৰলৈ অহাৰ দিনকেইটা আঙুলিৰ মূৰত লেখি লেখি দেউতাকে আশাৰে বাট চাই ৰয় তাৰ বাবে। সি আহিলেহে যেন ঘৰখনে প্ৰাণ পায় উঠে। এইসকলোবোৰ কথা প্ৰতিবাৰেই বন্ধৰ শেষত হোষ্টেললৈ যোৱাৰ পাছত শেষনিশালৈকে মোক কৈ গৈছিল। খেতিৰ মাটিকেইডৰাৰ বাহিৰে বাপেকৰ উপাৰ্জন বুলিবলৈ আছিল সৰু দোকান এখন ।বৰ কষ্টৰে তাক পঢ়ুৱাইছিল দেউতাকে। কিন্তু হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আমি দুয়ো দুখন পৃথক পৃথক যুদ্ধত নামি পৰিলো। মই এজন অভিযন্ত্ৰা হোৱাৰ সপোন পূৰণ কৰিবৰ বাবে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত আৱদ্ধ হৈ পৰো। আৰু মৃন্ময়েও যথেষ্ট কষ্টৰ মাজেৰে ব্যক্তিগতভাৱে সাংবাদিকতাৰ শিক্ষা সমাপ্ত কৰে। প্ৰতিভাৱান মৃন্ময়ে খুউব সোনকালে নিজৰ নিষ্ঠা আৰু কৰ্মৰ বাবে ৰাজ্যৰ এটা নামজ্বলা নিউজ চেনেলৰ এজন নিষ্ঠাবান সংবাদকৰ্মী হিচাপে নিজক গঢ়ি তোলে।
হায়াৰ ছেকেণ্ডৰীৰ পাছত আজি প্ৰায় দহটা বছৰৰ পাছত তাক লগপালো। এতিয়া আমি দুয়ো সেই কৈশোৰৰ পৰা বহু দূৰ আতৰি ভৰ যৌৱন প্ৰাপ্ত দুজন চফল ডেকা। কিন্তু হাঁহিমুখীয়া ,সদা সতেজ ল'ৰাটো আৰু আজিৰ এই চফল ডেকাজনৰ মুখমণ্ডলৰ যি চাপ, সঁচাই ভাৱিলেই আচৰিত লাগে। বন্ধুত্বৰ নিৰৰ্থক অৰ্থৰ আব্দাৰত সি বন্দী হ'ল। কৈ গ'ল সি তাৰ জীৱনত ঘটি যোৱা সেই ধুমুহাজাকৰ বিষয়ে। প্ৰতিটো শাৰীতে সি যেন সলনি হৈছিল। কোনোবা এটা কথাত তাৰ ক'লা দাগ বহা চকুৰ তলেৰে চকুলো নিগৰিছিল আৰু ক'ৰবাত সি যেন স্মৃতিৰ টুকুৰাবোৰ সঁজাই হাঁহি দিছিল। অনৰ্গলভাৱে কৈ গ'ল সি কথাবোৰ।
চাকৰিটো পোৱাৰ পাছতে বৰ দুখেৰে মই পিতাইক গাঁৱৰ ঘৰখনত থৈ মোৰ জীৱনযাত্ৰাৰ আন এখন যুদ্ধলৈ আগবাঢ়িছিলো। মোৰ কৰ্মক্ষেত্ৰ হিচাপে পাইছিলো মহানগৰী গুৱাহাটী। কংক্ৰিতৰ মহানগৰীত খুউব সোনকালে বান্ধখাই পৰিলো।
চাকৰিটো পোৱাৰ পাছত ছুটীৰ অভাৱত পিতাইৰ ওচৰলৈ যোৱাটো একেবাৰে কমি গৈছিল। মাহেকৰ মূৰত দুৰাতিৰ বাবে যাব পাৰিছিলো। আকৌ বহুদিনলৈ দেখাদেখি হোৱা নাছিল আমাৰ। মোৰ খা-খবৰ দদাইদেউৰ সৰুটো ল'ৰাৰ পৰাই পায় থাকে পিতাইয়ে। কেতিয়াবা তাৰ ফোনৰ পৰাই কথা পাতো। প্ৰতিবাৰতেই মাথো মোৰেই চিন্তা। এবাৰো কিন্তু পিতাইৰ সুবিধা অসুবিধাৰ ভূ ল'বলৈও মোক সুবিধা নিদিয়ে। চাকৰিটো পোৱাৰ দুবছৰৰ পাছত ঘৰটো বনাই সম্পূৰ্ণ কৰিলো । এতিয়া আকাশৰ তৰা দেখা টিনপাতৰ ঘৰটোৰ পৰিৱৰ্তে , চাদ্ ঢালি এটা প্ৰকাণ্ড ঘৰ(পিতাইৰ দৃষ্টিৰে) বনালো। মোৰ সুবিধাৰ কাৰণে এখন বিলাসী গাড়ীও কিনিলো। পিতাইৰ যে কি ফূৰ্টি সিদিনা,সঁচাই বহুত সুখী হৈছিলো মই।
কথাবোৰ কৈ কৈ সি আৱেগিক হৈ গৈছিল ।মই মাথো নিৰৱ দৰ্শক হৈ শুনি গৈছিলো। চকুলো টুকি থকা তাক সান্তনা দিবলৈও মোৰ ভাষা নাছিল। নিৰৱতা ভঙ্গ কৰি আকৌ সি সহজ ভাৱেই কৈ গৈছিল।
আজিৰ পৰা প্ৰায় ছমাহ আগতে পিতাইক এটা মোবাইল কিনি দিছিলো। পিতাইৰ বহুদিনীয়া সপোন এটাক জীৱন দিয়াৰ চেষ্টা কৰিছিলো। হেঁপাহেৰে মোবাইলটো লৈ পিতাইৰ মুখত এটা সন্তুষ্টিপূৰ্ণ হাঁহি ফূটি উঠিছিল। সঁচাই পিতাইৰ মনটো ভালদেখি মোৰো বহুত ভাল লাগিছিল।
পিতাইক মোবাইলটো দি মই ওভতি আহিছিলো মোৰ গাঁৱৰ পৰা তিনিশ কিঃমিঃ আতৰৰ মোৰ কৰ্মস্থলীলৈ। পিতাইৰ মোবাইলটোত এটাই মোবাইল নম্বৰ আছিল ,"পোনাকণ"।
ঘৰৰ পৰা ওভতাৰ এই দীঘলীয়া সময়ছোৱালৈকে প্ৰায় পোন্ধৰবাৰতকৈ অধিকবাৰ পিতাইয়ে মোলৈ ফোন কৰিছিল। ৰুমত সোমায়ে মই পিতাইক ফোন কৰি জনালো যে মই পালোহি। পিতাইয়ো দুআষাৰ কথা কয় ফোনটো থ'লে।
আকৌ ব্যস্ত হৈ পৰিলো কৰ্মময় জীৱনত। কিন্তু সেইসময়ত পুৱা , আবেলি আৰু ৰাতি পিতাইৰ ফোন অহাটো নিত্যনৈমিত্তিক কাৰ্য্যত পৰিণত হৈছিল। পিতাইয়ে ফোনটো লগাই আবেগ বিহ্বল কণ্ঠেৰে তেঁওৰ মৰম, ভালপোৱা, খঙ , অভিমান সকলো মোৰ আগত কৈ যায়। মই মাথো নিৰৱ হৈ শুনি যাঁও। হাঁহি উঠে কেতিয়াবা পিতাইৰ সেই শিশুসুলভ স্বভাৱটোৰ বাবে।
"পোনাকণ!! যোৱাকালি আমাৰ এই নৰেণৰ ছোৱালীজনীৰ বিয়াখন হৈ গ'ল নহয়। হেৰৌ, সেইজনী ছোৱালীক মই নিজৰ ছোৱালী দৰেই ভাৱিছিলো অ'। বাপেকটোৱে ঘোটোলোঙ টুপি খাই খাই কমখন অশান্তি কৰিছিলনে। পঢ়াৰ বস্তু কেইপদে যোগাৰ কৰিব পৰা নাছিল। তই চলিবলৈ দিয়া পইছা কেইটাই মই তাইকো দুপদ এপদ বস্তুৰ যোগাৰ কৰি দিছিলো। চা ছোন আজি দুটকা চুবলৈ পায় মোক পাহৰিয়ে গ'ল। বিয়াখনলৈ মতাটো দূৰৰ কথা খবৰ এটাও নোলোৱা হ'ল। । পোনাকণ, তই কিন্তু এনেকুৱা অকৃতজ্ঞ নহ'বি দেই। তই মোৰ ল'ৰা। মানুহ হ'বি বুজিছ। মানুহ হ'বি।
বৰ কষ্টৰে থোকাথোকি মাতেৰে কৈ গ'ল পিতাই কথাবোৰ। উজাৰি দিলে আগ্নেয়গিৰিৰ উদগিৰিত লাভা হিচাপে বুকুত খুন্দিয়াই থকা দুখবোৰ।
" পিতাই তই চিনাই দিয়া বাটেৰেই আগবাঢ়ি আহি জীৱনত সফলতাৰ উচ্চচূড়া পাইছোহি। তথাপিও তই নাই বাবেই কাষত দেউতা নামৰ চালিখন মূৰৰ ওপৰৰ পৰা খহি পৰাৰ দৰেই লাগিছে।"
কথাকেইটা কৈ সি ৰুমালখন উলিয়াই চকুহাল মোহাৰিলে। দীঘলীপুখুৰীৰ পাৰৰ নিয়ণ লাইটৰ প'ষ্ট কেইটাৰ তীক্ষ্ণ পোহৰত জিলিকি উঠিল পুৰুষত্বৰ পূৰ্ণপ্ৰাপ্তি তাৰ চকুহালত বিষাদ আৰু বিষণ্ণতাৰ তীব্ৰ চাপ।
আপোনালোকৰো মনত পৰেনে শৈশৱৰ সেই বাৰিষাসিক্ত দুপৰীয়াবোৰ। আমাৰ দেউতা বা মাৰ মুখৰ পৰা ওলোৱা তামোলৰ সুগন্ধিত আমোলমোলাই তোলা ঘৰখনত কি যে সুগন্ধি বিলাই যায়।
আকৌ আৰম্ভ কৰিলে সি।
কিছুদিনৰ পাছত বিশেষ কামত মই ঘৰলৈ যাব লগা হ'ল । এসপ্তাহ ছুটীও ল'লো। সেইকেইদিন ঘৰখনত উখল মাখল পৰিৱেশ। পিতাইৰ কি যে আনন্দ । একেবাৰে পুখুৰীৰ মাছৰ পৰা গঁৰালৰ হাঁহৰলৈকে। কিমান যে কি আয়োজন। ঘৰলৈ যোৱাৰ দ্বিতীয় দিনটোতে গাঁৱৰ ফালে ওলাই গ'লো। বৰুৱাপুখুৰীৰ পাৰতে শৈশৱৰ বন্ধু নৰেনক পালো । বৰ দুখেৰে সি মোক কৈ গৈছিল তাৰ দেউতাকৰ কথা।
" পিতাইয়ে বৰ কষ্ট পালে অ'। মই তাতকৈও বেছি কষ্ট খাঁও ওচৰত থাকিও মই আনৰ হাতলৈ মুখলৈ চোৱাৰ বাহিৰে মই একোৱে কৰিব নোৱাৰিলো। যুঁজি যুঁজি পিতাই গ'লগৈ "
কথাকেইটাৰ শেষলৈ তাৰ মাতটো থোকাথোকি হৈ ওলাল । মোৰো বুজাবলৈ ভাষা নাইকিয়া হ'ল।
শান্তনা দিয়াৰ বিথা চেষ্টাৰে ক'লো, " নৰেন, দুখ নকৰ । পিতাইৰ ওচৰত তই ঋণি হৈ ৰোৱা নাই। টকাৰ অভাৱে জুৰুলা কৰিলেও তই কেতিয়াও পিতাইক অকলশৰীয়া নকৰিলি। মৃত্যুৰ আগমুহুৰ্ত্বলৈকে সুশ্ৰষা কৰিলি। তই বেজাৰ নকৰ"।
" তই ঘৰলৈ অহাৰ কথা মই গমপাইছিলো । গৈছিলো তোৰ ওচৰলৈ।তই কিন্তু গ'লিগৈ । তোৰ কথা পিতাই বৰকৈ কৈছিল অ' "
নৰেনৰ কথাকেইটাৰ উত্তৰ দিব নোৱাৰিলো মই। সি বহুত কথাই কৈ গ'ল। মোৰ কাণত একো নোসোমাল আৰু। কিয় মোৰ একালৰ সেই লগৰীয়াটোক এবাৰ তাৰ বিপদৰ সময়ত লগ নকৰিলো তাকে ভাৱি মনটো মোৰ সেমেকি উঠিল। মূৰত মাৰি অহা গামোচাখনেৰে চকুকেইটা মোহাৰি মোহাৰি সি গ'লগৈ। গামোচাখন আতৰাই দিঁওতে দেখিলো তাৰ চুলি নাইকিয়া উকা মূৰটো। বুকুখন চিৰিঙকৈ মাৰিছিল। চিধাই পিতাইৰ ওচৰলৈ ঢাপলি মেলিছিলো।
আকৌ সময়ৰ আহ্বানত ওভতিছিলো কৰ্মভূমিলৈ। এইবাৰ বৰ বিষাদ গধুৰ মনেৰে মই যাব ওলাইছিলো। পিতাইৰ দুচকুতো দুফোট চকুলো। কিবা এক শক্তিয়ে যেন আমাক দুভাগ কৰিছিল। গাড়ীৰ ষ্টেৰিঙত হাতখন থৈ আকৌ এবাৰ পিতাইলৈ চালো হাত জোকাৰি মোক বিদায় জনালে। এবাৰলৈও অনুভৱ নকৰিলো, পিতা-পুত্ৰৰ এইয়াই শেষ দেখা।
আকৌ কিছু কথাই মনটো মোৰো খেলি মেলি কৰিলে। কি কথা আছে। যি কথাই তাক শান্তি দিয়া নাই। পিতা-পুত্ৰৰ শেষ দেখা,কি হ'ল । সকলো কথাই মোক খেলি মেলি লগালে। মই মাথো ৰৈ গ'লো অধীৰ আগ্ৰহেৰে তাৰ কথাবোৰ শুনিবলৈ।
দীঘলীয়া হুমুনিয়াহ কাঢ়ি সি আৰম্ভ কৰিছিল।
কেতিয়াবা ভুলবশতঃ পিতাইৰ মোবাইলটো টিপা খাই মোলৈ ফোন লাগি গৈছিল। প্ৰথমে মই ভয় খাইছিলো । এক অজান ভয়ে মোক সিঁহৰিত কৰি তুলিছিল। কিন্তু পাছমুহুৰ্ত্বতে পিতাইৰ ঘন ঘন উশাহ, বুকুৰ ধপধপনিত মই সেই সৰুকালৰ পোনাকণটো হৈ পিতাইৰ উমাল বুকুৰ মাজত কুচিমুচি শুই টোপনি যাবলৈ চেষ্টা কৰিছিলো।
সময়বোৰ ক্ৰমাৎ বাগৰি গৈছিল । পিতাইৰ বৃদ্ধ উপত্যকাত যেন মৃত্যুৱে কিৰিলি পাৰিছিল। উক্ত ৰক্তচাপে যেন পিতাইক কোঙা কৰি পেলাইছিল। ৬৫ বছৰ বয়সতে বয়সৰ সাঁচে পিতাইক ৮৫ বছৰীয়া বৃদ্ধ কৰি তুলিছিল। বৰ অসহনীয় হৈ পৰিছিল মোৰ বাবে।
তিনিমাহৰ আগতে শেষবাৰৰ বাবে ভুলক্ৰমত পিতাইৰ ফোনটো আহিছিল মোলৈ, মাজনিশা প্ৰায় ২বজাত। ৰিচিভ কৰি কেইবাবাৰো মাতি মাত নাপালো। কিন্তু তোৰ ঘন ঘন উশাহৰ শব্দ শুনি স্বস্তিৰে ৰাতিটো পাৰ কৰিলো। কিন্তু পুৱা ন মান বজাত সম্বন্ধীয় ভাই এটাই ফোন কৰি কঁপা কঁপা কণ্ঠেৰে ক'লে,
: "হেল্ল'। মইনা ককাই।"
: ক বাবু ৰাতিপুৱাই ফোন কৰিলি যে সকলো থিকেই আছেটো।
: একো ঠিক নাই মইনা ককাই। চব শেষ হৈ গ'ল।
: আৰে কি হ'ল নকৱ কিয়?
:বৰদেউতা আৰু নাই।
: কি??
: ৰাতিপুৱা দুৱাৰ দেৰিলৈকে বন্ধ দেখি চিঞৰি চিঞৰি মাত নোপোৱাত দুৱাৰ ভাঙি শুমাই গৈ দেখো বৰদেউতা … আমাক এৰি গুছি গ'ল অ'। হেল্ল' ,হেল্ল' ,তই সোনকালে আহ মইনা ককাই। বৰদেউতাক বিদায় দিব লাগে নহয়। তই শুনিছ নাই হেল্ল', হেল্ল'",__
হঠাতে ক'ত কি হৈ গ'ল নাজানিছিলো। উফ্! হঠাত যেন এজাক প্ৰচণ্ড ধুমুহা আহি মোৰ জীৱনৰ সকলো কাঢ়ি নিলে। মহাশূণ্যত উপঙি ৰোৱা এটা ক্ষুদ্ৰ ধূলিকণা হৈ মই যেন ওলমি ৰ'লো। ৰাতিৰ প্ৰহৰত মোক শান্তি নিদিয়া সেই স্বপ্নৰাণীৰ দুঃস্বপ্নই , মোক যেন দিঠকতে উপহাস কৰি গ'ল। কি হৈ গ'ল হঠাতে নাজানো। ৬-৭ ঘণ্টীয়া সেই দুৰত্ব এটি সৰু মুহুৰ্ত্ব হ'লনে এটি যুগেই হ'ল নাজানো। নিজকে মাথো উদ্ধাৰ কৰিলো গাঁৱৰ ঘৰখনৰ চোতালত। পিতাই সেই কপাহ কোমল সদৃশ বিচনাৰ পৰিৱৰ্তে শুই আছে চোতালৰ মূৰত পিতাইয়ে ৰুই যোৱা তুলসীজোপাৰ ওচৰত মৃত্যুৰূপী চিৰশান্তিৰ বুকুত। পিতাইৰ নাকৰ পাহি দুটা চিৰদিনৰ বাবে ৰূদ্ধ হৈ গৈছে, উঠা নমা নকৰাকে। কিন্তু চকুৰ তলত দেখিলো চকুলোৰে কঁৰাল বন্ধা। বহুত চেষ্টা কৰিছিল চাগে এবাৰ মোক কিবা ক'বলে। ভুলক্ৰমে লগা বুলি ভৱা ফোনকলটো নিশ্চয় পিতাইয়ে মৃত্যুযান্ত্ৰণাত ককবকাইহে কৰিছিল। উষ্। বৰ হৃদয়বিদাৰক, বৰ কষ্টকৰ। শেষ মুহুৰ্ত্বত এবাৰ নাপালো পিতাইক। বুকুখনত বিষ এটাৰ উপস্থিতি অনুভৱ কৰিলো, বৰ বিষাইছে। খুউব ইচ্ছা হৈছিল, পিতাইক এবাৰ জোৰেৰে সাৱটি ধৰিবলৈ। কিন্তু শেষবাৰৰ বাবে পিতাইৰ মুখখনো চাব নোৱাৰিলো। থৰক বৰক খোজেৰে আগবাঢ়িলো পিতাইৰ অন্তিম যাত্ৰাৰ কিছুদুৰ লগৰী হৈ। শ্মশানত পিতাইৰ অন্তিম বিচনা তৈয়াৰ কৰা হৈছিল। ৰৈ আছিল যেন দিব্যৰথ পিতাইক নিবলৈ। নিজহাতেৰে সৰুৰ পৰা মানুহ হোৱালৈকে হাতত ধৰি ধৰি জীৱনযুদ্ধত যোদ্ধা হিচাপে থিয় কৰোৱা , পিতাইৰ চিতাত জুই দিয়াৰ সাহসকণ ক'ৰ পৰা আহিল নাজানো। কিন্তু অলপ পাছতে পিতাইৰ নশ্বৰদেহ জুইৰ লেলিহান শিখাৰ মাজত বিলীন হৈ গ'ল।
কথাবোৰে নতুন মোৰ ল'লে। মৃন্ময়ৰ জীৱনৰ এই কাহিনীটো ইমান গোপনে সি বুকুত ৰাখিছে । হয়তু গোপনে ৰখা নহয়। ক'বলৈ কোনো নাই তাৰ। জীৱনটোতটো নিজৰ বুলিবলৈ দেউতাকেই আছিল,তেঁওৱো যে গুছি গ'ল। ল'ৰাটো সঁচাই বহুত সলনি হৈ গ'ল। আমিবোৰো কম স্বাৰ্থপৰ নহয়। অতবছৰে এবাৰোটো তাৰ খবৰ ল'ব নাহিলো।অথচ এদিন সিয়েইটো মোৰ প্ৰতিটো সুখ দুখৰ অংশ হিচাপে বন্ধুত্বৰ জৰীডাল ধৰি ৰাখিছিল।
ভাৱনাৰ সাগৰখনৰ পৰা তাৰ মাতত সম্বিত ঘূৰাই পালো। আকৌ কৈ গ'ল সি মহাশূণ্যত তাৰ নিঃসঙ্গতাৰ কিৰিলীৰ বিষয়ে।
সময়বোৰ পাৰ হৈ গ'ল। শ্ৰাদ্ধ, কৰ্ম সমাপ্ত কৰি পুনৰ কৰ্মস্থলীলৈ যাবলৈ ওলাইছিলো। পিতাইৰ মোবাইলটো চকুত পৰিছিল। ক'তো অকণো দাগ এটাও নলগাকে বৰ আলফুলে ৰাখিছিল।শোকটোৱে খুন্দা মাৰি ধৰিছিল বুকুত। আকৌ সযতনে সামৰি ল'ব বিচাৰিছিলো। ওভতিব খুজোতেই হাতৰ টিপা খাই কেনেবাকৈ ফোনটো ৰিং হৈছিল। মোৰ মোবাইলৰ স্ক্ৰীণত জিলিকি উঠিছিল," পিতাই"।
স্থিৰ মনটো অস্থিৰ হৈ পৰিছিল। আৰু স্থিৰেৰে থাকিব নোৱাৰিছিলো। পিতাইৰ মৃত্যুৰ পৰা এই পোন্ধৰ দিনৰ পাছত প্ৰথমবাৰলৈ মই চিঞৰি চিঞৰি কান্দিছিলো। দেউতা নামৰ চালিখন মূৰৰ ওপৰৰ পৰা খহি পৰাৰ বেদনাত মই কোঙা হৈ পৰিলো। বুকুৰ হা হুমুনিয়াহ বাহি আহিছিল। পুনৰ থৰক বৰক খোজেৰে জাৰকালি পিতাইয়ে জুই ফুৱাবলৈ দিয়া চালিখনৰ খুটাটোতে আঁউজি হুকহুকাই কান্দি কান্দি কৈছিলো,'' পিতাই অ'! তোলৈ বৰকৈ মনত পৰিছে।"
আৰু একো ক'ব নোৱাৰিলে সি। একো সোধাৰ সাহসো মোৰ ন'হলে। কি ক'ম, কেনেদৰে শান্তনা দিম বন্ধুক। আজি ইমান বছৰৰ পাছত এনেদৰে লগপায় তাৰ কথাবোৰ জানি মোৰ বহুত দুখ লাগিল। সুদামা-কৃষ্ণৰ মিলনৰ দৰে আজি আমি লগ হ'লো। বুকুত এটুকুৰা জীয়া শিল লৈ ফুৰিছে, আৰু মই লৈ ফুৰিছো ব্যস্ততাৰ ভাৰ। দেউতাকৰ শেষ উশাহ কেইটাৰ সময়ত কাষত থাকিব নোৱাৰাৰ দুখে, কোনোদিন অলপো শুস্ৰষা কৰিব নোৱাৰাৰ বেদনাই, আৰু দেউতাকক অলপ সময় দিব নোৱাৰাৰ কষ্টই তাক একেবাৰে কোঙা কৰি পেলালে। এতিয়া সি মোৰ দৃষ্টিত এটি মৰিশালী।
শান্তনা দিয়াৰ পুনৰ বিথা চেষ্টাৰে তাক ক'লো, "দুখ নকৰিবি । পিতাইৰ আত্মাই কষ্ট পাব।"
মিছা হাঁহি এটা দেখাই সি বিদায় ল'লে। আৰু মইও ওভতিলো বিষণ্ণ মনেৰে। হঠাতে সকলো ব্যস্ততা, কৃত্ৰিমতা, কংক্ৰীতৰ মহানগৰীৰ হুলস্থুলক চেৰ পেলাই মোৰ মোবাইলটো বাজি উঠিল। এটি বিশেষ ফোনকল। স্ক্ৰীণত জিলিকি উঠিল, "দেউতা"।
হঠাতে আবেগিক হৈ গ'লো। থোকাথোকি মাতেৰে ক'লো," হেল্ল' দেতা(দেউতা) ! আপুনি ঠিকেই আছেটো????"
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
There are many ways to get a job, but the most important thing is to get a job that is worth your time and effort. It was like someone was acting out a living play. And I am a listener and a spectator who hears and sees in awe.
Oh, I forgot to give my introduction. I am Arnav , Arnav Bora. He is an engineer. And the one who has been saying "he" from the beginning is my dear friend Mrinmay Kashyap. Therefore, it is important to understand the importance of these issues in the development of the country. Therefore, it is important to understand the importance of these issues in the development of the country. There are many ways to get a job in the hostel, but the most important thing is to get a job in the hostel. There are many ways to get a job in the hostel, but the most important thing is to get a job in the hostel. I met him today after a long time. Busyness may have kept us too far apart. At the end of that three-year journey, we changed our path and moved on to build our lives.
Mrinmay, who lost his mother shortly after his birth, was raised by his father with great difficulty. There are two people in the small house. When we go home from the hostel after Bihu, he goes home very indifferently.
On the other hand, his father counts the days he comes home and waits for him with hope. It was only when he came that the house seemed to come to life. He told me all these things every time he went to the hostel at the end of the holidays until the last night. Apart from the farmland, his father's income was a small shop.His father worked hard to educate him. But after passing higher secondary, we both went to two separate wars. I was trapped in Jorhat College of Engineering to fulfill my dream of becoming an engineer. And Mrinmay also completed his journalism studies privately with great difficulty. The talented Mrinmay soon established himself as a dedicated journalist of a well-known news channel in the state due to his dedication and work.
I met him today after about ten years after higher secondary. Now we are both successful young men, far from that adolescence. But the smiling ,always fresh guy and the pressure on the face of this successful young man today, is really amazing to think about. He was trapped in the futile meaning of friendship. He told me about the storm that had happened in his life. He seemed to change with each line. Something made tears flow from under his dark eyes and somewhere he seemed to smile as he arranged the pieces of memories. He said things clumsily.
After getting the job, I left my father in the village house and moved on to another battle of my life. I found the city of Guwahati as my workplace. I was soon trapped in the concrete city.
After getting the job, I reduced my visits to my father due to lack of leave. I could go for two nights at the end of the month. We didn't see each other again for a long time. My father gets my news from my grandfather's youngest son. Sometimes I talk from his phone. Every time I'm just worried. But not once does he allow me to take advantage of my father's advantages and disadvantages. Two years after getting the job, I finished building the house. Now instead of the tin house with the stars in the sky , I poured a roof and built a huge house(from my grandfather’s point of view). I also bought a luxury car for my convenience. My father was so happy that day,I was really happy.
He was emotional as he said the words.I just listened as a silent spectator. I had no words to comfort him who was in tears. He broke the silence and spoke again simply.
I bought my father a mobile phone about six months ago. I was trying to give life to a long-standing dream of my father. There was a satisfied smile on my father's face. I was really happy to see my father's mind.
I gave my father the mobile and returned to my workplace, three hundred kilometers from my village. There was only one mobile number on my father's mobile ,"Ponakan"
My father called me more than fifteen times during this long period of returning from home. I called my father and told him that I had arrived. My father said a few words and hung up.
I was busy with my working life again. But at that time, it became routine to get my father’s calls in the morning , evening and at night. My father hangs up the phone and tells me his love, affection, anger , resentment in an emotional voice. I just listen in silence. I sometimes laugh at my father's childish nature.
"Ponakan!! Yesterday we got married to this Naren's daughter. Hey, I thought of that girl as my own daughter. Did her father make any trouble by eating ghotolong hats I'm not sure if I'm going to be able to do that, but I'm sure I'm going to be able to do that. You'll be a man, you know.
There is nothing wrong with that. There is nothing wrong with that. They poured out the sorrows that were pounding in their chests like lava erupting from a volcano.
"Dad, I've followed the path you showed me and reached the heights of success in my life. Yet, without you, it feels like the roof of my father's name has fallen off my head.
He took out his handkerchief and wiped his eyes. In the sharp light of the neon light posts on the banks of the long pond, the fullness of manhood shone in his eyes, the intense pressure of sadness and depression.
Do you remember those rainy afternoons of your childhood? What a fragrance spreads in the house that is enchanted by the scent of coconut coming out of our father or mother's mouth.
He started again.
After a few days I had to go home for some special work. I also took a week off. There was a lot of excitement in the house those days. What a joy for my father. From pond fish to barn ducks. What a wonderful arrangement. On the second day of my trip home, I went out to the village. I met my childhood friend Naren on the banks of the Baroa Pond. He told me about his father with great sadness.
"My father suffered so much. I suffer even more. Even though I was nearby, I couldn't do anything but look at other people's hands and faces. My father left fighting.
By the end of his words, his voice was hoarse. I don't have the words to explain.
I tried to comfort him, "Naren, don't be sad. You are not in debt to your father. You never left him alone even though he was suffering from lack of money. You took good care of him till the moment of death. Don't be sad.
"I heard you were coming home. I went to you. But you went. My father talked a lot about you.
I couldn't answer Naren's words. He said a lot of things. I couldn't hear anything anymore. I wondered why I didn't meet my once friend in his time of trouble. He wiped his eyes with the gomocha he had worn on his head and left. When I removed the gomocha, I saw his hairless head. There was a stirring in my chest. I ran straight to my father.
I returned to my workplace at the call of time. This time I was going to leave with a very sad heart. There were tears in my father's eyes. Some force seemed to divide us. I put my hand on the steering wheel and looked at my father again. He waved goodbye to me. I never felt that this was the last time the father and son would see each other.
Something else confused my mind. What's the matter? Which doesn't give him peace. Last sight of father and son,what happened. Everything confused me. I just stopped to listen to him with impatience.
He started with a long sigh.
Sometimes I would accidentally press my father's mobile phone and get a call. At first I was scared. An unknown fear shook me. But in the next moment, with my father's frequent breaths and chest beats, I became the little child and tried to fall asleep in his warm chest.
Time passed slowly. Death seemed to scream in my father's old valley. The blood pressure seemed to paralyze my father. At the age of 65, the age mold made my father 85 years old. It was very unbearable for me.
Three months ago, I last received my father's phone call by mistake, at about 2 pm. I received and called several times but couldn't get a word. But I spent the night comfortably listening to the sound of your frequent breathing. But at about nine o'clock in the morning, a relative called and said in a trembling voice,
: "Hello. Uncle Moina.
: A Babu you called in the morning to tell me that everything is fine.
: Nothing is right, Moina Kaka. It's all over.
: Hey, why don't you tell me what happened?
:My grandfather is no more.
: what??
: I'm not sure if I'm going to be able to do that, but I'm sure I'm going to be able to do that. Hello, hello, you come soon, Moina. I don't have to say goodbye to my grandfather. You don't hear hello, hello",__
I didn't know where it happened all of a sudden. Oops! Suddenly, it was as if a storm had come and taken away everything in my life. I felt like I was hanging like a tiny speck of dust floating in space. The nightmare of that dream queen who didn't give me peace in the night watches , seemed to actually mock me. I don't know what happened all of a sudden. I don't know if that 6-7 hour distance was a small moment or an era. I just found myself in the yard of the village house. Instead of that soft cotton bed, my father is sleeping in deathly peace near the basil tree he planted at the end of the yard. My father's nostrils are forever stuffy, without moving up or down. But under my eyes I saw a fence of tears. He must have tried a lot to tell me something once. The phone call, which I thought was accidental, must have been made by my father in agony. Ush. It's very heartbreaking, very painful. I didn't get my father at the last minute. I felt a pain in my chest, it hurt so much. I wanted to hug my father tightly. But I couldn't even see my father's face for the last time. I walked slowly to accompany my father on his final journey. My father's last bed was made in the cemetery. It was as if Divyarath was waiting to take his father. I don't know where the courage came from to stand as a warrior in the battle of life by holding hands from childhood to manhood , to set fire to my father's coffin. But after a while, my father's body disappeared into the flames.
.
Things took a new turn. He has kept this story of Mrinmay's life so secretly in his heart. Maybe it's not kept secret. He has no one to tell. There is nothing wrong with a smile, but it is also a smile that is not a smile. The boy has really changed a lot. We are no less selfish. I haven't come to see him once in all these years.Yet one day he was the one who held the bond of friendship as part of every happiness and sorrow of mine.
.I regained consciousness from the ocean of thoughts in his voice. He told me again about the screams of his loneliness in the void.
.
Times have passed. I was going to go back to work after finishing my shraddha and karma. I saw my father's mobile phone. There was not a slightest stain anywhere.The grief hit my chest. I wanted to cover it carefully again. I was about to go back when the phone rang. "Father" flashed on my mobile screen.
The steady mind was restless. I couldn't stay still anymore. For the first time in fifteen days since my father's death, I cried out loud. I was paralyzed by the pain of the roof of my father's name falling from my head. There was a sigh in my chest. There are many ways to get away from these things, but the most important thing is to get away from these things. There are many ways to get away from these things. I miss you so much."
He couldn't say anything else. I don't even have the courage to ask anything. What can I say, how can I comfort my friend? I was very sad to hear that he met me like this after so many years. We met today like the meeting of Sudama and Krishna. He carries a piece of living stone in his chest, and I carry the burden of busyness. The pain of not being able to be with his father during his last breaths, the pain of never being able to care for him, and the pain of not being able to give him some time made him completely paralyzed. Now he is a morgue in my eyes.
I tried to comfort him again, "Don't be sad. My father's soul will suffer.
He said goodbye with a false smile. And I went back depressed. Suddenly, overriding all the busyness, artificiality, and concrete metropolitan hustle and bustle, my cell phone rang. A special phone call. "Dad" flashed on the screen.
I suddenly became emotional. I said in a hoarse voice," Hello Dad(s) ! Are you okay????"
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°








No comments:
Post a Comment