লোকগীত ! অসমীয়া সংস্কৃতিৰ আন এক অনুপম উপাদান || Folk Songs ! Another unique element of Assamese culture.

অসমীয়া মৌখিক সাহিত্যৰ আৰম্ভণি হিচাপে প্ৰাচীন লোকগীতবোৰকে ধৰিব পাৰি। অসমীয়া ভাষাৰ লোকগীতবোৰৰ এটা বিশেষত্ব আছে যে, এইবোৰক গীত নুবুলি "নাম" বোলা হয়। অসমীয়া লোকগীতসমূহৰ ভিতৰত আছে বিয়ানাম, আইনাম, গোঁসাইনাম, ভেকুলী বিয়াৰ নাম, ধাই নাম আদি। অন্যান্য লোকগীতৰ ভিতৰত ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত, নাহৰৰ গীত,বদন বৰফুকনৰ গীত, জিকিৰ আৰু জাৰি,দেহবিচাৰ গীত, টোকাৰি গীত, ঐনিতম, মহোহো গীত, জনা গাভৰুৰ গীত, শান্তি বাৰমাহীৰ গীত, বনঘোষা, মণিৰাম দেৱানৰ গীত, জয়মতী  কুঁৱৰীৰ গীত আদি উল্লেখযোগ্য। বুৰঞ্জীবিদসকলে অনুমান অনুসৰী এইসমূহ লোকগীতৰ ৰচনাকাল ষষ্ঠ শতিকাৰ পৰা অষ্টম-নৱম শতিকা বুলি অভিহিত কৰা হৈছে। 
     লোকগীতসমূহ তাত্ত্বিক বা দাৰ্শনিক ভাব প্ৰধান গীত। এই গীতসমূহৰ ভিতৰত টোকাৰী, মৈষাল, দেহ বিচাৰ, জিকিৰ আৰু গোপী-কৃষ্ণৰ গীতসমূহেই প্ৰধান।  লোকগীত সমূহ মৌখিক বা অলিখিত সাহিত্যৰ এক অন্যতম ভাগ। লোক-সাহিত্যৰ ইতিহাসত লোকগীতসমূহে এক বিশেষ স্থান লাভ কৰি আহিছে। ইয়াক লোক-কবিতা বুলিও কোৱা হয়। সাধাৰণতে বেছিভাগ লোকগীতৰ ৰচকৰ নাম পোৱা নাযায়। উল্লেখযোগ্য যে, লোকগীত, দেহবিচাৰ গীত আদিত লিখকৰ নাম পোৱা নাযায় যদিও জিকিৰ সমূহত আজান ফকীৰৰ নামৰ উল্লেখ পোৱা যায়। অসমীয়া লোকগীতবোৰক আঞ্চলিক শ্ৰেণীবিভাজনৰ আধাৰত কামৰূপীয়া আৰু গোৱালপৰীয়া- এই দুটা প্ৰধান ভাগত ভাগ কৰা হৈছে।
  ১/  গোৱালপৰীয়া লোকগীত : 
গোৱালপৰীয়া লোকগীতসমূহে অসমীয়া লোক-সাহিত্যৰ এক সুকীয়া স্থান দখল কৰি আহিছে। অসমীয়া লোক-সাহিত্যৰ ই এক প্ৰধান অঙ্গ। ইয়াৰ পৰিধি ব্যাপক আৰু বৈচিত্ৰপূৰ্ণ। গোৱালপৰীয়া লোক-সমাজৰ সৌন্দৰ্য্য চেতনা আৰু আনন্দ অভিলাসৰ ধাৰক আৰু বাহক স্বৰূপে এই গীতসমূহৰ ভূমিকা অবিস্মৰণীয়। গোৱালপৰীয়া লোকগীতসমূহৰ ভিতৰত (১) পূজা-পাৰ্বণৰ গীত আৰু (২) প্ৰেমমূলক গীতেই প্ৰধান। (ক) পূজা-পাৰ্বণৰ গীত-
মদন কামৰ গীত, কাতি পূজাৰ গীত, যকা গীত আদিৰ লগত জড়িত গীতসমূহক পূজা-পাৰ্বনৰ লগত জড়িত গীত বুলি কোৱা হয়।
 ২/ কামৰূপীয়া লোকগীত : 
            অসমীয়া লোকগীতৰ ভিতৰত কামৰূপী লোকগীত অন্যতম। বিষয়বস্তুৰ উপস্থাপন কৌশল, পৰিৱেশনশৈলী আৰু ভাষিক পাৰ্থক্য আদি দিশৰ পৰা কামৰূপী লোকগীতসমূহ বৈচিত্ৰ্যময়। কামৰূপী লোকগীতত পূৰ্ব আৰু পশ্চিম অঞ্চলৰ সুৰ-লয়ৰ বৈশিষ্ট্য মিহলি হৈ আছে। তাৰোপৰি সত্ৰীয়া সংগীত আৰু থলুৱা ওজাপালিৰ সুৰ আৰু আৰু কিছুমান উপাদান মিহলি হৈ আছে।             
      কামৰূপী লোকগীতসমূহ ভক্তিমূলক, ধৰ্মনিৰপেক্ষ, বুৰঞ্জীমূলক, কিংবদন্তিমূলক আদি ধাৰাৰে সমৃদ্ধ যদিও বেছিভাগ কামৰূপী লোকগীত বৈষ্ণৱ ধৰ্মৰ গীত-মাতৰ ওচৰ চপা। গীতবোৰ সুৰধৰ্মী আৰু লৌকিক ৰস সম্পৃক্ত হৈ আকৰ্ষণীয় হৈ পৰিছে।‌ এই গীতবোৰ লোক-জীৱনৰ চিত্ৰ, নৈসৰ্গিক চিত্ৰ আৰু আলংকৰিকপ্ৰয়োগেৰে সমৃদ্ধিশালী। কামৰূপী লোকগীতসমূহ বিভিন্ন শাখা-উপশাখাত ভাগ কৰি আলোচনা কৰা হয়। এনে এটি শ্ৰেণী বিভাজন হ'ল "গোপী-কৃষ্ণৰ নাম"। গোপী-কৃষ্ণৰ নাম গীতসমূহ ভগৱান শ্ৰীকৃষ্ণই বৃন্দাবনত প্ৰদৰ্শন কৰা লীলা আৰু গোপীসকলৰ লগত কৃষ্ণৰ অকৃত্ৰিম সম্পৰ্কৰ আধাৰত ৰচিত।
হেমন্ত কুমাৰ শৰ্মাই "গোপী-কৃষ্ণৰ নাম" গীতৰ বিষয়বস্তু অনুসৰি কামৰূপী লোকগীত সমূহৰ বিষয়বস্তু অনুসৰি দুটা ভাগত বিভক্ত কৰিছে। সেই ভাগ দুটা হ'ল -
ক/  শিশু লীলাৰ গীত আৰু
খ/ গোপী-বিলাপৰ গীত। 
৩/ জিকিৰ : 
      জিকিৰসমূহে অসমীয়া লোক-সাহিত্যৰ অসমীয়া লোকগীতত এক সুকীয়া স্থান দখল কৰি আহিছে। সপ্তদশ শতিকাৰ আদিভাগতেই ছাহমিৰান নামৰ ব্যক্তি এজনে ভায়েক নবীজানক লগত লৈ আৰৱ দেশৰ বাগদাদৰ পৰা অসমলৈ আহিছিল। প্ৰথমাৱস্থাত কামৰূপ জিলাৰ হাজোত থিতাপি লয় যদিও পৰৱৰ্তী কালত ভায়েকৰ সৈতে নাৱেৰে উজাই গৈ শিৱসাগৰৰ গড়গাওঁ পায়। তাতে তেখেতে অসমীয়া ভাষা শিকি, অসমীয়া কলা কৃষ্টি কৰি, হাড়ে-হিমজুৱে এজন অসমীয়া হৈ পৰে।
ছাহমিৰাণ অসমলৈ অহাৰ আগতেও অসমত মুছলমান মানুহ বাস কৰিছিল যদিও ইছলাম ধৰ্মৰ নীতি নিয়ম সঠিকভাৱে মানি চলা নাছিল। তাৰ পৰিৱৰ্তে থলুৱা কিছুমান আচাৰ নীতিহে অনুসৰণ কৰিছিল। ছাহমিৰাণে এনে মুছলমান সকলক একত্ৰিত কৰি নামাজ পঢ়িবলৈ আহ্বান জনাই আজান দিছিল। তেতিয়াৰে পৰা ছাহমিৰাণৰ নাম "আজান ফকীৰ" নামে জনাজাত হয়। তেওঁ ছুফি সাধক আৰু ধৰ্মপ্ৰাণ ব্যক্তি কাৰণে "পীৰ" উপাধি লাভ কৰিছিল। আজান ফকীৰে হ'ল অসমীয়া জিকিৰৰ ৰচক। তেখেতে কোৰান আৰু হাদীছৰ পৰা বিষয়বস্তু অধ্যয়ন কৰি জিকিৰ সমূহ ৰচনা কৰে। 
৪/ দেহ বিচাৰৰ গীত : 
           অসমীয়া লোকগীতৰ আন এটা উল্লেখযোগ্য ভাগ হ'ল দেহবিচাৰৰ গীত। ই হ'ল আধ্যাত্মিক ভাৱযুক্ত এক শ্ৰেণীৰ তত্ত্বগধুৰ গীত। বুঢ়া ভকত, বয়সিয়াল মগনীয়া, সংসাৰ বিৰাগী, খোৰা,অন্ধ লোকৰ মুখত দেহবিচাৰৰ গীত শুনা যায়। মায়া-মোহ, বেদনা, জ্বালা-যন্ত্ৰনাৰে ভৰা সংসাৰৰ পৰা হাত সাৰিবলৈ ৰচনা কৰা এনেধৰণৰ গীতত বৈৰাগ্য ভাব প্ৰকাশ হোৱা দেখা যায়। এনেবোৰ গীতে কোনো এটা বিশেষ ধৰ্মক প্ৰতিনিধিত্ব নকৰে, ই সকলো ধৰ্মকে প্ৰতিনিধিত্ব কৰে। গীত পৰিৱেশন কৰা সময়ত তাল, খঞ্জৰী, দোঁতৰা, টোকাৰী আদি বাদ্যযন্ত্ৰ বজাই গীত গায় বাবে দেহবিচাৰৰ গীতক টোকাৰী গীত বুলিও কোৱা হয়। গীতবোৰ শৰীৰ, আত্মা, পৰমাত্মা, সংসাৰ, গুৰু, ভকত সম্পৰ্কীয় তত্ত্ব কথাৰে পৰিপূৰ্ণ।
        দেহবিচাৰৰ গীতৰ মূল হ'ল দেহ আৰু মন। ইয়াত দেহক বিশ্ব-ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ ৰূপ বুলি বিশ্বাস কৰা হয়। সংসাৰ মায়া-মোহত বন্দী আৰু ই জীৱক নানান দুখ-যন্ত্ৰণা দিয়ে। 
লোকগীতৰ বৈশিষ্ট্য সমূহ হ'ল : 
১/ লোকগীতত জনসাধাৰণৰ বাস্তৱ অভিজ্ঞতা, প্ৰকৃতিৰ আৰু ব্যৱহাৰিক জীৱনৰ পৰা পোৱা বিভিন্ন অভিজ্ঞতাৰ আলম লৈ চহা কবিসকলে লোকগীতসমূহ ৰচনা কৰে। ফলস্বৰূপে লোকসমাজৰ এখন স্পষ্ট ছবি এই লোকগীতসমূহত প্ৰতিফলিত হয়।
২/ প্ৰায়ভাগ লোকগীতৰ ৰচনা কাল সম্পৰ্কে স্পষ্ট ধাৰণা পোৱা নাযায়। অৱশ্যে বুৰঞ্জী আৰু বৈষ্ণৱ ভাবসম্পন্ন গীতৰ ৰচনা কাল অনুমান কৰি ল'ব পৰা যায়।
৩/ লোকগীতসমূহ সমৃদ্ধিশালী আৰু বৈচিত্ৰ্যপূৰ্ণ। লোকমনৰ বিভিন্ন অনুভূতিবোৰক চহা কবিয়ে ছন্দোবদ্ধভাবে ৰচনা কৰিছে। সময়ৰ সোঁতত বিভিন্ন পৰিৱেশত মুখ বাগৰি বাগৰি ই পৰিমাৰ্জিত ৰূপ ধাৰণ কৰিছে।
৪/ লোকসমাজৰ আশা-আকাংক্ষা, আৱেগ-অনুভূতি, হাঁহি-কান্দোন, বিৰহ-বেদনা, আনন্দ, জীৱন চেতনা এই লোকগীতসমূহত প্ৰতিফলিত হয়।
৫/ অধিকাংশ লোকগীতেই শৃঙ্গাৰ, হাস্য আৰু কৰুণ ৰসৰে ভৰপূৰ। অৱশ্যে বিছুমান লোকগীতত ৰৌদ্ৰ, বীৰ আদি ৰসৰ প্ৰাধান্য লক্ষ্য কৰা যায়।
৬/ লোকগীতসমূহত ৰূপক, অপ্ৰস্তুত প্ৰসংসা অতিশয়োক্তি, উপমা আদি অলংকাৰ প্ৰয়োগ লক্ষ্য কৰা যায়। 
৭/ অধিকাংশ লোকগীতেই পদ, পয়াৰ, ছবি, দুলৰী আদি ছন্দত পোৱা যায়।
৮/ লোকগীতত ব্যৱহাৰ কৰা সংলাপসমূহে কেতিয়াবা কেতিয়াবা গীতবোৰক নাটকীয় মৰ্যাদা প্ৰদান কৰা দেখা যায়।
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°


The beginnings of Assamese oral literature can be considered as ancient folk songs. There is a characteristic of folk songs in the Assamese language that they are called "nams" rather than songs. There are many different types of songs in Assamese, including Bianam, Ainaam, Gosainaam, Vekuli Biar Naam, Dhai Naam, etc. Other folk songs include the songs of Phulkonwar-Manikwar, Nahar, Badan Barphukan, Jikir and Jari, Dehbichar, Tokari, Ainitam, Mahoho, Jana Gavru, Shanti Barmahi, Banghosha, Maniram Dewan, Jaymati Kunwari, etc. Historians estimate that these folk songs were composed in the sixth to eighth-ninth centuries.
      Folk songs are songs with theoretical or philosophical feelings. These songs include nokari, maishal, deha bichar, jikir and songs of Gopi-Krishna. Folk songs are one of the parts of oral or unwritten literature. Folk songs have occupied a special place in the history of folk literature. It is also called folk poetry. In general, the names of the composers of most folk songs are not available. It is noteworthy that the names of the authors of folk songs, body judgment songs, etc. are not mentioned, but the names of the Azan Fakir are mentioned in the zikirs. Assamese folk songs are divided into two main categories based on regional classification – Kamrupia and Goalparia.
   1. Goalpara Folk Songs :
There are many different types of folk songs in Goalpara. It is a major part of Assamese folk literature. Its scope is wide and varied. These songs play an unforgettable role as the bearers and carriers of the beauty consciousness and joy of the Goalpara folk society. There are many different types of folk songs in Goalpara: (1) Puja songs and (2) love songs. (a) Puja-festival songs-
Songs associated with Madan Kam songs, Kati Puja songs, Yaka songs etc. are called songs associated with Puja and festivals.
  2. Kamrupia Folk Songs:
             There are many different types of folk songs in Assam. Kamrupi folk songs are diverse in terms of presentation techniques, performance styles and linguistic differences. The Kamrupi folk songs are a mixture of eastern and western melodic characteristics. There is also a mixture of Satriya music and indigenous Ojapali tunes and other elements.
       The Kamarupi folk songs are rich in devotional, secular, historical and legendary genres, although most of the Kamarupi folk songs are close to Vaishnavism. The songs are rich in folklore, natural imagery and figurative use of melody and secular charm. There are many different types of folk songs. One such class division is "Gopi-Krishna names" The Gopi-Krishna name songs are based on the pastimes performed by Lord Krishna in Vrindavan and Krishna's unconditional relationship with the Gopis.
Hemant Kumar Sharma divides the Kamarupi folk songs into two categories according to the theme of the song "Gopi-Krishna's Name" Those two parts are -
A. Children's play songs and
B. Gopi-lamentation songs.
3. Zikir :
       There are many ways in which you can improve your self-confidence. There are many ways in which you can improve your self-confidence. In the early seventeenth century, a man named Shah Miran came to Assam from Baghdad in Arabia with his brother Nabizan. He initially settled in Hajo in Kamrup district but later went by boat with his brother to Garhwal in Shibsagar. There he learned the Assamese language, practiced Assamese arts and crafts, and became an Assamese in his bones and flesh.
Before Shah Miran came to Assam, Muslims lived in Assam but did not follow the rules of Islam properly. Instead, they followed some indigenous customs. Shah Miran gathered such Muslims and called them to pray. Shah Miran became known as "Azan Fakir" He received the title of "Pir" because he was a Sufi seeker and a pious man. Azan Fakir is the author of Assamese Zikir. He studied the subject matter from the Qur'an and Hadith and composed the zikrs.
4. The Song of Judgment of the Body:
            Another notable part of Assamese folk songs is the body judgment songs. It is a class of theoretical songs with a spiritual feeling. There are many ways in which you can improve your self-confidence. There are many ways in which you can improve your self-confidence. These songs are composed to escape from the world full of delusion, pain and suffering. Such songs do not represent any particular religion, they represent all religions. They are also called nokari songs because they are sung with instruments such as tal, khanjari, dotara, tokari etc. during the performance. The songs are full of doctrines about body, soul, spirit, world, guru and devotee.
         The roots of the song of body judgment are body and mind. It believes that the body is a microcosm of the universe. The world is captured by delusion and it causes various sufferings to the living being.
The characteristics of folk songs are:
1. In folk songs, farming poets compose folk songs based on the real experiences of the people, various experiences from nature and practical life. Consequently, these folk songs reflect a clear picture of folk society.
2. There is no clear idea about the date of composition of most folk songs. However, the date of composition of the historical and Vaishnava songs can be estimated.
3. Folk songs are rich and varied. The poet has rhymed the various feelings of the people's minds. It has been refined over time in various environments
4. These folk songs reflect the hopes, aspirations, emotions, laughter, tears, separation, pain, joy and consciousness of life of the people.
5. Most folk songs are full of charm, humor and tragedy. However, in some folk songs, the characters of Raudra, Bir and others are predominant.
6. Folk songs use metaphors, unprepared praise, exaggeration, metaphors, etc.
7. Most of the folk songs are found in rhythms like pad, payar, chitra, dulari etc.
8. The dialogues used in folk songs sometimes give the songs a dramatic status.

No comments:

Post a Comment