খেল - ধেমালিয়ে মানৱ জাতিৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । খেল-ধেমালিয়ে মানুহক শাৰীৰিকভাৱে সুস্থ ৰখাৰ লগতে মানসিকভাবেও সুস্থ কৰি ৰাখে । খেল-ধেমালি মানুহৰ মনোৰঞ্জনৰো এক বিশেষ যোগাৰ। খেল- ধেমালিয়ে কেৱল মানুহক সুস্থ কৰি ৰখাই নহয়, খেল- ধেমালিয়ে মানৱ সমাজখনকো বহুকেইটা বিষয়ত সৱল কৰি ৰাখে। খেল- ধেমালিৰ জৰিয়তে দূৰ দূৰণিৰ ঠাইবোৰৰ মাজতো যোগাযোগ বৃদ্ধি হয় আৰু মানুহৰ মাজত নতুন নতুন সম্পর্ক গঢ়ি উঠে। পুৰণি যুগৰপৰা মানৱ সমাজত বহুতো খেল- ধেমালি হৈ আহিছে, যিবোৰ খেল- ধেমালিক বৰ্তমান যুগত পৰম্পৰাগত খেল- ধেমালি হিচাপে গণ্য কৰা হয় ।
সাধাৰণতে খেল-ধেমালিবোৰক দুটা ভাগত ভাগ কৰি খেলা হয়। এটা হ'ল অন্তগৃহ ক্ৰীড়া আৰু আনটো হ'ল বহিঃ ক্ৰীড়া । ডবা, লুডু, কেৰম, টেবুল টেনি্ছ ইত্যাদি বোৰ অন্তগৃহ ক্ৰীড়া। ফুটবল, ক্ৰিকেট, ভলীবল, বাস্কেট বল ইত্যাদি বো়ৰ বহিঃ ক্ৰীড়া। আন্তর্জাতিক পৰ্যায়তে হওক বা ৰাষ্ট্ৰীয় পৰ্যায়তে হওক বা জিলাভিত্তি পৰ্যায়তে হওক খেল- ধেমালিৰ প্ৰতিযোগিতাসমূহ শৃঙ্খলাবদ্ধভাৱে পৰিচালনা কৰিবলৈ এইদৰে দুটা ভাগত ভগাই লোৱা হৈছে। আজিকালি প্ৰায় প্ৰত্যেকখন গাঁও-চহৰতে বাৰ্ষিক ক্ৰীড়া সমাৰোহসমূহ পালন কৰা হয় ফলস্বৰূপে খেল- ধেমালিৰ প্ৰতি আগ্ৰহী লৰা-ছোৱালী সকলে ক্ৰীড়া ক্ষেত্ৰত আগবাঢ়ি যাবলৈ বহু সুবিধা হয়। ক্ৰীড়া ক্ষেত্ৰত জড়িত বহু ব্যক্তিয়ে সমাজত নিজৰ নাম উজ্জ্বলাবলৈ সক্ষম হৈছে। বহু
দল-সংগঠনে নানা পৰ্য়ায়ত খেল- ধেমালিসমূহ অনুষ্ঠিত কৰি লৰা-ছোৱালীবোৰক নিজৰ প্ৰতিভাসমূহ প্ৰকাশ কৰিবলৈ সুবিধা কৰি দিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্য়ায়তো বহু ক্ৰীড়া সংগঠনে খেল- ধেমালিসমূহ অনুষ্ঠিত কৰে। ফিফা ফুটবল বিশ্বকাপ, আইচিচি ক্ৰিকেট বিশ্বকাপ, অলিম্পিক, এছিয়ান গেমছ ইত্যাদি। ফলস্বৰূপে এখন দেশৰ আন এখন দেশৰ লগত আন্তর্জাতিক সম্পর্কবোৰ সফলভাবে গঢ় লৈ উঠে আৰু দেশখনৰ অৰ্থনৈতিক, ৰাজনৈতিক আদি দিশবোৰত যথেষ্টখিনি ভাল প্ৰভাৱ পৰে। আজিকালি বহু সংখ্যক লোকে খেল- ধেমালিক নিজৰ বৃত্তি হিচাপেও বাচি লৈছে। সেইবাবে খেল- ধেমালিৰ প্ৰশিক্ষণৰ বাবে বহুতো প্ৰশিক্ষণ কেন্দ্র গঢ় লৈ উঠিছে। আজিৰ ইন্টাৰনেটৰ যুগত ইন্টাৰনেটতো বহু ইলেকট্রনিক খেল উপলব্ধ যিবোৰক ই-স্পৰ্টছ বুলি কোৱা হয়। কিন্তু এই ধৰণৰ খেলত এজন লোকৰ শাৰীৰিকভাৱে কোনো ফল নাপায় । এই ধৰণৰ খেলবিলাক কেৱল মনোৰঞ্জনৰ বাবেহে । কিন্তু ই-স্পৰ্টছক বহু সংখ্যক লোকে নিজৰ বৃত্তি হিচাপেও বাচি লৈছে।
খেল- ধেমালিৰ লগত জড়িত হৈ এচাম মানুহে বহু সুবিধা লাভ কৰিছে কিন্তু আন এচাম লোকে ভাল আন্তঃগাঁঠনিৰ অভাৱৰ বাবে বহু পিছপৰি আছে। ফলত বহু প্ৰতিভাশালী লৰা-ছোৱালীয়েও ক্ৰীড়া ক্ষেত্ৰখনৰপৰা বঞ্চিত হৈ আছে। এইক্ষেত্ৰত আমি সকলোৱে একত্রিত হৈ সঠিক ব্যবস্থা গ্রহণ কৰি এইসকল লৰা-ছোৱালীক আগবঢ়াই অনাত অৰিহণা আগবঢ়াব লাগে।








No comments:
Post a Comment