অসমীয়া সাহিত্যৰ চানেকি
" কাগজৰ পৃষ্ঠা আৰু কলমৰ চিয়াহীৰে সপোন ৰচা , জগত জিনা আৰু নিজৰ পৰিচয় গঢ়াৰ ক্ষমতা মাথো সাহিত্যৰহে আছে " ।
" সপোন " এক অবুজ শিহৰণ । সমাজত প্ৰত্যেকজন ব্যক্তিৰে নিজস্ব কিছু সপোন থাকে । প্ৰাৰ্থক্য মাথো এটাই যে' কোনোৱে যদি চকু মুদি সপোন দেখে আন কোনোবাই আকৌ সাৰে থাকিয়ে সপোন দেখে । এগৰাকী সফল ব্যক্তিৰ জীৱনৰ সফলতাৰ মূলমন্ত্ৰই হৈছে তেখেতৰ সেই বিশেষ সপোনজাঁক । সপোনক কেন্দ্ৰ কৰিয়েই একোজন ব্যক্তিৰ জীৱনৰ যাত্ৰা আৰম্ভ হয় , আৰু এই যাত্ৰাৰ লক্ষ্যস্থানত থাকে সপোনৰ বাস্তৱ ৰূপ । জীৱনৰ পোৱা নোপোৱা হাবিয়াসবোৰৰ মাজতে এমুঠি সপোন সকলোৰে থাকে ।
পৃথিৱীৰ যান্ত্ৰিকতাৰ পৰা বহু নিলগত ভাৱনাৰ সাগৰত শব্দৰে এখনি মায়াময় জগত ৰচাৰো সপোন বহুজনে দেখে । আৰু সেই শব্দৰে মায়াৰে গঢ় লৈ উঠা নগৰীখনৰ নামেই সাহিত্য । কলমৰ নীলা চিয়াহীৰে যাদু প্ৰদৰ্শন কৰা প্ৰকট ইচ্ছা থাকে । কাৰোবাৰ আকৌ নিজৰ শব্দৰে অথবা এশাৰী বাণীৰে প্ৰত্যেকৰে হৃদয়ৰ পৰশ লোৱা সপোন থাকে । অসমীয়া সাহিত্যৰ জগতখনৰ বৰ্তমানৰ ঠুনুকা পৰিস্থিতি দূৰ কৰি পুনৰ শক্তিশালী ৰূপত গঢ় দিবলৈ তেনে কিছু ব্যক্তিৰ প্ৰয়োজন হৈছে । বহু পুৰণি সাহিত্যিকৰ মনত উদ্ভৱ হোৱা ভাষাই , লেখকৰ কলমেৰে নিগৰা শব্দই হতাশাত ভূগি থকাজনৰো মনোবল বৃদ্ধি কৰিব পাৰিছিল । লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যৰ চুক্তিয়ে , হীৰুদাৰ কবিতাৰ ছন্দে জীৱন সংগ্ৰামত পৰাজয় স্বীকাৰ কৰাজনৰো সফলতাৰ বাট মুকলাব পাৰিছিল । আজিৰ কলমত তেনে প্ৰতিভাৰ অভাৱ দেখা যায় । কম্পিউটাৰ বা মোবাইলৰ পৰ্দাত অথবা সামাজিক মাধ্যমতেই ব্যস্ত থকা আজিৰ প্ৰজন্মক শব্দৰ মায়ানগৰীলৈ আসক্ত কৰিব নোৱাৰিলে অতি শীঘ্ৰেই অসমীয়া সাহিত্যৰ বিলুপ্তি ঘটিব । স্তব্ধ হৈ ৰ'ব কলমডাল । শব্দবোৰৰো সমাধি গঢ় লৈ উঠিব । জীৱনৰ অনুভূতিবোৰ , তিতা - মিঠা অভিজ্ঞতাবোৰ প্ৰকাশ কৰিবলৈ শব্দৰ অভাৱ হ'ব । চিকিৎসক , অভিযন্তা , শিক্ষকৰ মাজত নুই পৰি যাব সাহিত্যিক অথবা লেখকৰ । ভৱিষ্যত প্ৰজন্মৰ বাবে হেৰাই যাব নৱকান্ত বৰুৱা , জ্যোতি প্ৰসাদ , বিষ্ণু ৰাভা . . . । নৱপ্ৰজন্মক সাহিত্যৰ জগতৰ সুবাস ল'বলৈ সুবিধা দিয়াটো অতি প্ৰয়োজনীয় হৈ পৰিছে । তেওঁলোকক পৰিচয় দিব লাগিব - বিহগী কবি , বনফুলৰ কবি , ৰসৰাজ , কবিতা-কানন , গল্প অনুগল্পৰ পৃথিৱী , মহৎ লোকৰ বাণী , প্ৰৱন্ধ ইত্যাদিৰ সৈতে । তেতিয়া হয়তো আজিৰ ল'ৰা ছোৱালীয়েও পাৰিব চিয়াহীৰে কেইবাহাজাৰো উকা কাগজৰ বৰণ সলাবলৈ । অসমীয়া ভাষাৰ জেউতিৰে সম্পূৰ্ণ জগতক পোহৰাই তুলিব । আগন্তুক প্ৰজন্মৰ মাজতো অসমীয়া সাহিত্য আৰু প্ৰত্যেকজন সাহিত্যিকক জীয়াই ৰাখিব লাগিব । সমাজৰ আগত উজাগৰে থাকিব অসমীয়া ভাষা , সাহিত্য , সংস্কৃতি ।
পদ্য , গদ্য আৰু নাটৰ লিখিত সমাহাৰেই হ'ল সাহিত্য । আনহাতে গল্প , প্ৰৱন্ধ , নিবন্ধ ইত্যাদি ভাগেৰে গদ্যক বিভক্ত কৰিব পাৰি । সাহিত্যৰ মাধ্যমেৰে চলিত জীৱনৰ প্ৰকৃত প্ৰতিচ্ছায়া লিখিত আকাৰে প্ৰকাশ কৰিব পাৰি । অসমীয়া ভাষা , সাহিত্য তথা সংস্কৃতিৰ ক্ষেত্ৰখনত এক অভূতপূৰ্ব অৱদান আছে অসম সাহিত্য সভাৰ । যাৰ জন্ম হৈছিল ১৯১৭ খ্ৰীষ্টাব্দত । অসমৰ আটাইতকৈ পুৰণি সাহিত্য আৰু সাংস্কৃতিক সংগঠনটৈৱেই হৈছে অসম সাহিত্য সভা । পোনপ্ৰথমে এই সভাৰ সভাপতি আৰু সম্পাদকৰ দায়িত্ব গ্ৰহণ অসমৰ দুগৰাকী বিশিষ্ট সাহিত্যিক ক্ৰমে -পদ্মনাথ গোহাঁইবৰুৱা আৰু শৰৎ চন্দ্ৰ গোস্বামীয়ে । অসম সাহিত্য সভা তথা অসমৰ ন-পুৰণি প্ৰতিভাৱান সাহিত্যিক সকলৰ অশেষ প্ৰচেষ্টাৰ বলতেই আজিও অসমীয়া সাহিত্যৰ জগতখন সমূলি নোহোৱা হৈ পৰাৰ পৰা বিৰত আছে । ইয়াৰ তেখেতে " উত্তৰাখণ্ড ৰামায়ণ " , " ৰুক্মিণীহৰণ " , " হৰিচন্দ্ৰৰ উপাখ্যান " ইত্যাদি কাব্যপুথিৰ লগতে বৰগীতো ৰচনা কৰিছিল ।
অসমীয়া সাহিত্যৰ বিকাশৰ দিশত অধিক বৰঙণি আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত প্ৰাক্ শংকৰী যুগৰ কবি শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ তথা মাধৱকন্দলি , অনন্তকন্দলিৰ দৰে কবি সকলৰ নাম অন্যতম । মহাপুৰুষ শংকৰদেৱ গুৰুজনাই ৰচনা কৰা " নামঘোষা " আৰু " কীৰ্ত্তনঘোষা " অসমীয়া সাহিত্যৰ জগতলৈ এক বৃহৎ অৱদান । ইয়াৰ উপৰিও তেখেতে " উত্তৰাখণ্ড ৰামায়ণ " , " ৰুক্মিণীহৰণ " , " হৰিচন্দ্ৰৰ উপাখ্যান " ইত্যাদি কাব্যৰ লগতে বৰগীত আৰু পৌৰাণিক আখ্যানৰ ভিত্তিত ব্ৰজাৱলী ভাষাত অংকীয়া নাটো ৰচনা কৰিছিল । ৰুক্মিণীহৰণ', 'পাৰিজাতহৰণ', 'কেলিগোপাল', 'কালিদমন', 'ৰামবিজয়' আদি তেখেতে ৰচনা কৰা অঙ্কীয়া নাট । শংকৰদেৱে ৰচনা কৰা এখনি শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থ - " ভক্তিৰত্নাকৰ " । সংলাপবিহীন নাট 'চিহ্নযাত্ৰা' ৰে শংকৰদেৱে অসমীয়া নাট্য়বুৰঞ্জীৰ পাতনি মেলিছিল। শংকৰদেৱৰ দৰেই মাধৱদেৱেও অসমীয়া সাহিত্যৰ জগতখনক চহকী কৰিবলৈ অপাৰ সাধনা কৰিছিল । তেখেতেও বিভিন্ন ধৰণৰ আখ্যানমূলক সাহিত্য , তত্ত্বমূলক সাহিত্য , নাট , ঝুমুৰা , কাব্য , বৰগীত , ভটিমা ইত্যাদি ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁড়াল গধূৰ কৰি থৈ গৈছে । একেদৰে মাধৱকন্দলিও আছিল প্ৰাক্ শংকৰী যুগৰ এগৰাকী শ্ৰেষ্ঠ কবি । মাধৱকন্দলিয়ে বাল্মিকীৰ ৰচিত ৰামায়ণক " সপ্তকাণ্ড ৰামায়ণ " নামেৰে অসমীয়ালৈ অনুবাদ কৰিছিল । অনন্ত কন্দলিও আছিল সেইসময়ৰ এগৰাকী বিখ্যাত কবি । কুমাৰ হৰণ , কাব্য ভাগৱত , হৰি-হৰ যুদ্ধ ইত্যাদি কেইবাখনো কাব্যপুথি তেখেতে ৰচনা কৰি থৈ গৈছে ।
তেওঁলোকৰ উপৰিও অসমৰে বিশিষ্ট কবি , লেখক ও সাহিত্যিক ক্ৰমে - নৱকান্ত বৰুৱা , সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা , ভৱেন্দ্ৰ নাথ শইকীয়া , হিৰেণ ভট্টাচাৰ্য্য , এইসকল ব্যক্তিৰো ৰচিত কবিতা , গল্প , প্ৰৱন্ধ , উপন্যাসবোৰে অসমীয়া সাহিত্যক ভৰাই ৰাখিছে । বিখ্যাত অসমীয়া লেখকসকলৰ দ্বাৰা ৰচিত অসমীয়া বাৰে ৰহনীয়া উপন্যাসসমূহে অসমীয়া সাহিত্যক অধিক বছি অতুলীনয় কৰি তুলিছে । একোখন উপন্যাসত সন্নিবিষ্ট হৈ থাকে জীয়া হৃদয়ৰ প্ৰকৃত কাহিনীবোৰ । সাহিত্যক ৰসাল কৰি তোলাৰ এক অন্যতম আহিলা হ'ল উপন্যাস ।
সাহিত্য হৈছে এটি শিল্প বা কলা । যাক আহৰণ কৰিবলৈ বা আকোঁৱালি ল'বলৈ প্ৰয়োজন হয় অগাধ প্ৰেম , ভক্তি , হেঁপাহ , প্ৰচেষ্টা আৰু অবিৰত অভ্যাসৰ ।








No comments:
Post a Comment