ৰেগিং : ছাত্ৰ জীৱনৰ এক অভিশাপ
বৰ্তমান সময়ৰ প্ৰেক্ষাপটত বিভিন্ন মহলত চৰ্চিত বিষয়বস্তু হিচাপে ঠাই পাইছে দেশৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয় সমূহত ৰেগিঙৰ নামত সংঘটিত হৈ থকা বিক্ষিপ্ত ঘটনা সমূহে। ৰেগিং এক সামাজিক ব্যাধি। যি সময়ৰ পৰা এজন ছাত্ৰই দেশৰ এজন প্ৰাপ্তবয়স্ক নাগৰিক হিচাপে সমাজ উন্নতিৰ হকে কাম কৰিব লাগে, সেই সময়ত এচাম উদণ্ড ছাত্ৰ ছাত্ৰীয়ে গৰিমামণ্ডিত শিক্ষানুষ্ঠান সমূহত কলঙ্কৰ কালিমা সানিছে। নিজে গৈ থকা ধ্বংসৰ পথটিত আন দহজনকো আজুৰি লৈ গৈছে এচাম যুৱপ্ৰজন্মই। যাৰ বাবে সচেতন মহলৰ বহুলোকেই সমূহ যুৱপ্ৰজন্মকে দোষাৰোপ কৰিব ধৰিছে। এই কথা যুক্তিসঙ্গত নহয়। কাৰণ এচাম উদণ্ড মনোবৃত্তিৰ যুৱক যুৱতীয়ে সমূহ যুৱপ্ৰজন্মক প্ৰতিনিধিত্ব কৰা নাই যে তেঁওলোকৰ নৈতিক স্খলনৰ বাবে, সমূহ যুৱপ্ৰজন্ম ধ্বংসৰ দিশত গতি কৰিছে। হাঁহি ঠাট্টাৰ যোগেদি খন্তেকিয়া মনোৰঞ্জন কৰিবলৈ গৈ মনুষ্যত্বক চুড়ান্ত অৱমাননা কৰা এই ৰেগিং নামৰ বিষবাষ্পৰ ফলত সৃষ্টি হৈছে নৈতিক অৱক্ষয়, আদৰ্শহীনতা , ভ্ৰষ্টাচাৰ আৰু সৎ পথেৰে গৈ থকা বহুটো ছাত্ৰ ছাত্ৰীৰ সপোনৰ সমাধি। শাৰীৰিক -মানসিক অত্যাচাৰ, বিৰূপ মন্তব্য , নিৰাপত্তাহীনতা , প্ৰতিপক্ষক নিলজ্জতাৰে আক্ৰমণ কৰি পৈশাচিক আনন্দ লভাটো এক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত ৰেগিং সংস্কৃতি হিচাপে এতিয়াও যে সোমাই আছে, সচেতন মহলৰ সেইয়াও দৃষ্টি গোচৰ হৈছে। এই শ্ৰেণীয়ে বুজি নাপায় যে এনে পৈশাচিক আনন্দ লাভ কৰাটোও যে তেঁওলোকৰে পৰাজয়। আজিৰ এই আধুনিকতাৰ ধামখুমিয়াত উটি ভাঁহি নোযোৱাকৈ যুৱপ্ৰজন্মক এক সুন্দৰ পথেৰে আগুৱাই যোৱাত মাইলৰ খুটি হিচাপে অহৰ্নিশে অভিভাৱক সকল থিয় দিয়া সময় আহি পৰিছে। এক ৰেগিং মুক্ত পৰিৱেশ সৃষ্টি কৰি , কলিয়া ডাৱৰে আৱৰি ৰখা বহুতৰ জীৱনত পোহৰ হৈ থিয় দিবলৈ সকলোৱে এক বলিষ্ঠ পদক্ষেপ লোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ। আহক এখন ৰেগিং মুক্ত পৰিৱেশ গঢ়ি তুলিবলৈ আমি আজিৰ পৰাই আকৌ নতুনকৈ পণ লঁও।
----------------------------------------------------------------------








সুন্দৰ
ReplyDelete