সংস্কৃতি
মানৱ জাতিৰ বাহ্যিক আচৰণ অথবা সামাজিক আচাৰ- ব্যৱহাৰেই হৈছে সংস্কৃতিৰ মূল স্বৰূপ । কোনো জাতি বা প্ৰজাতিৰ পৰিচয়ৰ চিহ্নই হৈছে তেওঁলোকৰ জাতীয় সংস্কৃতি । ঠাইভেদে ভৌগোলিক অথবা পৰিৱেশিক অস্তিত্বৰ আৱিষ্কাৰৰ মূলতো সংস্কৃতিৰ অমূল্য অৱদান আছে । সংস্কৃতিয়ে এটা জাতিক , এটা অঞ্চলক , এখন ৰাজ্য বা এখন দেশক একতাৰ এনাজৰীৰে বান্ধি ৰাখে । জাতি-ধৰ্ম নিৰ্বিশেষে বিভিন্ন বিৰ্তকক পৰিহাৰ কৰি একোটা অঞ্চলত ভাতৃত্ববোধ বিয়পাই শান্তি শৃঙ্খলা বজাই ৰখাত সংস্কৃতিয়েই অপৰিসীম দায়িত্ব পালন কৰে । হিন্দু কিম্বা মুছলমান , বিহুয়েই হওঁক বা ঈদ , এনেধৰণৰ ধাৰ্মিক উৎসৱ পাৰ্ৱনবোৰৰ মাধ্যমেৰে সংস্কৃতিয়ে বিভিন্ন ধৰ্মাৱলম্বীৰ লোকসকলৰ মাজত মৰম - ভালপোৱাৰ আদান প্ৰদান সম্পন্ন কৰে । এটা জাতি বা উপজাতি দীৰ্ঘদিনলৈ জীয়াই থকাৰ মূলতেই আছে সংস্কৃতি , গতিকে সংস্কৃতি অবিহনে কোনো জাতিয়েই পৰিপূৰ্ণতা নাপায় । সংস্কৃতি মানৱ সমাজৰেই সৃষ্ট এক অপৰিহাৰ্য অংশ । অঞ্চলভেদে ভিন্ন জনগোষ্ঠীৰ লোকে নিজস্ব কলা-কৃষ্টি অনুসৰি বিভিন্ন ধৰণৰ সংস্কৃতি গঢ় দিয়ে । একেখন পৃথিৱীৰে বিভিন্ন প্ৰান্তৰ লোকসকলৰ আচাৰ-ব্যৱহাৰ , কলা-কৌশল , কৃষ্টি , জীৱন প্ৰণালীয়ে হৈছে নিৰ্দ্দিষ্ট অঞ্চলটোত বসবাস কৰা ব্যক্তিসকলৰ নিজস্ব সংস্কৃতি । সেয়েহে ঠাইভেদে ভূ-গৰ্ভৰ বিভিন্ন প্ৰান্তৰ সংস্কৃতিৰো ভিন ভিন ৰূপ দেখিবলৈ পোৱা যায় ।
সংস্কৃতিয়ে একোটা অঞ্চলৰ সামাজিক অস্তিত্ব অটুট ৰাখে । অসম ৰাজ্যখন ভিন্ন সম্প্ৰদায়ৰ লোকৰ সমাহাৰেৰে স্থিত ভিন্ন সংস্কৃতিৰে একত্ৰিত মনোমোহা সাংস্কৃতিক মিলনভূমি । আৰু এই ভিন্ন প্ৰজাতিৰ লোকসকলে একেলগ হৈ ৰাজ্যখনত বৃহত্তৰ অসমীয়া সংস্কৃতিক জন্ম দিছে । অসমত আহোম , কছাৰী , বড়ো , কাৰ্বি , মিচিং , তিৱা ইত্যাদি বিভিন্ন জনগোষ্ঠীৰ মানুহে বসবাস কৰে । জাতি ভেদে অঞ্চল ভেদে তেওঁলোকৰ সংস্কৃতিও ভিন্ন ধৰণৰ । এই ভিন্ন উপজাতিৰ লোকসকলে অসমীয়া সংস্কৃতিক সমূহীয়াকৈ উপভোগ কৰাৰ প্ৰমূখ্য অৱতাৰ বিহু । বিহু অসমীয়াৰ জাতীয় উৎসৱ । বিহু উদ্যাপনেৰে অসমীয়াই সমগ্ৰ বিশ্বৰ সন্মুখত অসমীয়া সংস্কৃতিক প্ৰতিনিধিত্ত্ব কৰে । কপৌফুল , গামোচা , জাপি , শৰাই ইত্যাদি হৈছে অসমীয়া সংস্কৃতিৰ কিছু অন্যতম অংগ । বিহুৰ সময়ত অসমীয়া ডেকা গাভৰুসকলে লগ হৈ ঢোল-পেপা , গগণা,বিহু গীত ইত্যাদিৰে সৈতে বিহু নৃত্য পৰিৱেশন কৰে । পিন্ধনত জাতীয় সাজপোছাক হিচাপে যুৱতীসকলক মূগাৰ মেখেলা চাদৰৰ লগতে ঢোলবিৰি , জোনবিৰি ইত্যাদি অসমীয়া গহণা আৰু যুৱকসকলে গামোচা , চুৰীয়া , টঙালী ইত্যাদি পৰিধান কৰে । বিহুনৃত্যৰ উপৰিও সত্ৰীয়া নৃত্য , বৰপেটীয়া ভোৰতাল নৃত্য , চাহজনগোষ্ঠীৰ লোকনৃত্য ঝুমুৰ , বড়ো জনগোষ্ঠীৰ বাগৰুম্বা , দেওঁধনী নৃত্য , নাগাৰা নাম ইত্যাদি আটাইবোৰেই অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনত অংশীদাৰ হিচাপে ভূমিকা পালন কৰিছে ।
ইয়াৰ উপৰিও অসম ৰাজ্যৰ অঞ্চলভেদে আহোম জনগোষ্ঠীয় লোকসকলে অতি আনন্দ উল্লাসৰ মাজেৰে তেওঁলোকৰ এটি পৰম্পৰাগত উৎসৱ " মে ডাম মে ফি " উদ্যাপন কৰে । এই উৎসৱ আহোমসকলে নিজৰ পূৰ্বপুৰুষসকলক স্মৰণ কৰাৰ উপৰিও বিশ্ব শান্তিৰ কামনাৰে পালন কৰে । অসমৰ কিছু অঞ্চলত মিচিং সকলেও তেওঁলোকৰ জাতীয় সংস্কৃতিৰ অস্তিত্ব বজাই ৰাখি আলি আই লৃগাং উৎসৱ উদ্যাপন কৰে । মিচিং জনগোষ্ঠীয় লোকসকলে প্ৰত্যেক বছৰে ফাগুণ মাহৰ প্ৰথমটো বুধবাৰে এই উৎসৱ পালন কৰে । কৃষি ভিত্তিক এই উৎসৱটি মিচিং জাতিৰ লোকসকলে গীত-মাত , বাদ্য - নৃত্যৰ সমাহাৰেৰে খুব উলহ মালহেৰে উদ্যাপন কৰে । ঠিক তেনেদৰে অসমৰ বড়ো জনগোষ্ঠীৰ লোকসকলে প্ৰধানকৈ বাথৌ পূজা উদ্যাপনত গুৰুত্ব প্ৰদান কৰে । বড়ো মহিলা বা কিশোৰীসকল তাঁতশালৰ কামত আগৰণুৱা । তেওঁলোকে নিজৰ পৰম্পৰাগত সাজপাৰ যেনে দখনা, আৰনাই, ফালি, চাদ্ৰি ইত্যাদি তাঁতশালত নিজ হাতে বয় । আনহাতে অসম ৰাজ্যৰ কাৰ্বি জনজাতীয় লোকসকলে প্ৰধানকৈ চমাংকান উৎসৱ পালন কৰে । মৃতকৰ শান্তি কামনা কৰি এই উৎসৱ পালন কৰা হয় । কাৰ্বি বিশ্বাস অনুসৰি চমাংকান অৱিহনে মৃতকৰ আত্মাই এই জগতৰ পৰা সম্পূৰ্ণৰূপে পৰিত্ৰাণ নাপায় । সাজপাৰৰ কথা ক'বলৈ গলে কাৰ্বি জনগোষ্ঠীৰ লোকসকলে পে-ছাৰপী, খন-জাৰী, পে-ছেলেং, দুকফিৰ্ছ , ৰিকং , চই ইত্যাদি ব্যৱহাৰ কৰে । ইয়াৰ উপৰিও কাৰ্বি মহিলাসকলে ডিঙিত লেক (মণি), কাণত ন'থেংপি (কাণ থুৰিয়া), হাতত ৰয় (খাৰু) আৰু আঙুলিত আৰনান (আঙুঠি) পিন্ধা দেখা যায় ।
এইবিলাকৰ উপৰিও ঠাইভেদে উৎসৱ অথবা সংস্কৃতিৰ ৰূপৰ ভিন্নতাৰ উদাহৰণস্বৰূপে নামনি অসমৰ এটি উল্লেখযোগ্য লোক উৎসৱ হ'ল মহোহো । প্ৰতি বছৰে আঘোণ মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ উলহ মালহেৰে পালন কৰা হয় । সেইদিনটোত চুবুৰীটোৰ চেমনীয়া ল'ৰাবোৰে দলে বলে আহি মানুহৰ ঘৰে ঘৰে গৈ মুখত মুখা পিন্ধি হাতত বাঁহৰ সৰু সৰু টাঙোন, ঠোৰকা আদি লৈ নাচি নাচি গীত গাই গাই মহোহো অথবা ম'হ খেদা উৎসৱ পালন কৰে । আৰু তাৰ বিনিময়ত গৃহস্থই মহোহো গোৱা দলটিক চাউল পাট , টকা পইচা মাননি হিচাপে দিয়ে ।
অসমীয়া সংস্কৃতিৰ জগতত সত্ৰৰ অৱদানো বহুমূলীয়া । পূৰ্বতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা ও শ্ৰী শ্ৰী মাধৱদেৱে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ বাবে সত্ৰৰ স্থাপনা কৰিছিল । ধৰ্মপ্ৰচাৰৰ লগতে এই সত্ৰসমূহত বৰগীত , সত্ৰীয়া নৃত্য , ঝুমুৰা নৃত্য , চালি নৃত্য , দশাৱতাৰ নৃত্য ইত্যাদি মহাপুৰুষীয়া সংস্কৃতিসমূহৰো প্ৰচাৰ আৰু বিকাশৰ প্ৰচেষ্টা চলোৱা হয় । নামঘৰ আৰু মণিকুট, গুৰু গৃহ , ভঁৰাল, বৈষ্ণৱ-গৃহ চাৰিহাটী, কৰাপাট, অতিথিশালা, নাট্যশালা , ভোগঘৰ ইত্যাদি হৈছে সমূহৰ কিছু মূল অংগ । নামঘোষা আৰু ভাগৱত গীতা হৈছে সত্ৰসমূহৰ কামিহাড় স্বৰূপ ।
এইসমূহৰ উপৰিও অসম যিহেতু এখন ধৰ্মীয় নিৰপক্ষীয় ৰাজ্য সেয়েহে অসমবাসীয়ে বিহু , লৃগাং ইত্যাদিৰ উপৰিও দূৰ্গা পূজা , দেৱালী , ফাকুৱা এই উৎসমূহো অতি নিষ্ঠা তথা ভক্তিৰে পালন কৰাৰ লগতে মুছলমানসকলৰ ঈদ্ , খ্ৰীষ্টানসকলৰ খ্ৰীষ্টমাছ এনেধৰণৰ অন্য ধৰ্মাৱলম্বীৰ উৎসৱ- পাৰ্ৱনসমূহতো অতি সন্মানেৰে আগভাগ লয় ।








No comments:
Post a Comment