অসমৰ উৎসৱ || Festivals of Assam


অসমৰ উৎসৱ

"অসম আমাৰ ৰূপহী 
 গুণৰো নাই শেষ, 
ভাৰতৰে পূৰ্ব দিশত 
সূৰ্য উঠা দেশ.........। " 

ৰূপহ, গুণেৰে ভৰ পূৰ আমাৰ সোণৰ অসম খনি বিভিন্ন ধৰ্ম, জনজাতি, জনগোষ্ঠীৰ সংস্কৃতিৰে ভৰপূৰ। ধৰ্ম,জাতি আৰু জনজাতি উপলক্ষে বিভিন্ন ধৰণৰ উৎসৱ পালন কৰা হয়।নৈ -জান জুৰি, পাহাৰ ভৈয়াম ইত্যাদিৰে ভৰপূৰ অসমখন অসমীয়া লোকসকলৰ একতা আৰু অতিথিপৰায়ন বেছি গুৰুত্ব দিয়া দেখা যায়। এই সমূহৰ উপৰিও অসমখনিৰ বিভিন্ন জনগোষ্ঠীৰ উৎসৱ সমূহৰ বাবে জনাজাত হোৱা দেখা যায়।অসমৰ জাতীয় উৎসৱ হৈছে বিহু। জাতি ধৰ্ম বৰ্ণ নিবিশেষে এই বিহু পালন কৰা দেখা যায়। ইয়াৰ উপৰিও অসমত বড়ো সকলৰ বৈশাগু, মিচিং সকলৰ আলি আয়ে লৃগাং, আদিবাসী সকলৰ পূজা আদি বহুতো জনগোষ্ঠীৰ উৎসৱ পালন কৰা দেখা যায়।বিহু 
অসমৰ জাতীয় উৎসৱ হৈছে বিহু। বিহু তিনি প্ৰকাৰৰ , ৰঙালী বিহু, কঙালী বিহু আৰু বহাগ বিহু। বিহু হৈছে কৃষিৰ লগত জড়িত উৎসৱ। বহাগ মাহত অৰ্থাৎ খেতিৰ আৰম্ভণিতে বহাগ বিহু অৰ্থাৎ ৰঙালী বিহু, আঘোণৰ আৰম্ভণিত কাতি বিহু অৰ্থাৎ কঙালী বিহু আৰু, খেতি শেষ কৰি মাঘ বিহু বা ভোগালী বিহু পালন কৰা হয়। এই বিহু উৎসৱটোৱে অসমীয়া সমাজৰ লগতে অন্যজাতি সমূহৰ লগতো একতা বৰ্তাই ৰখা দেখা যায়।মে :ডাম : মেফি 

আহোম সম্ৰদায়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ হৈছে মে:ডাম: মেফি। এই উৎসৱত আহোম সকলে পূৰ্ব পুৰুষক স্মৰণ কৰে। এই উৎসৱৰ জৰিয়তে আহোম সম্প্ৰদায়ৰ লোক সকলক একগোট কৰি বান্ধি ৰখা দেখা যায়।জোনবিল মেলা 

জোন বিল মেলা মাঘবিহুৰ পিছৰ সপ্তাহত পালন কৰা হয়। অসমৰ এক জনপ্ৰিয় উৎসৱ হৈছে জোনবিল মেলা।এই উৎসৱত মূলত বিনিময় প্ৰথা প্ৰয়োগ কৰা দেখা পোৱা যায়।আলি আঃয়ে লৃগাং

মিচিং সকলৰ এক জনপ্ৰিয় উৎসৱ হ'ল আলি আঃয়ে লৃগাং। এই উৎসৱ হৈছে কৃষিভিত্তিক। এই উৎসৱ ফাগুন মাহৰ প্ৰথমটো বুঘবাৰত পালন কৰা হয়।ৰাস

এই উৎসৱ অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হয়। এই উৎসৱ মূলত ধৰ্মীয় উৎসৱ। এই উৎসৱ শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ লগত সংগতি ৰাখি উদযাপন কৰা হয়। 


ইয়াৰ উপৰিও অসমত বহু ধৰণৰ উৎসৱ পালন কৰা দেখা যায়। সকলোৰে একোটা নিদিষ্ট উদ্দেশ্য লৈ পালন কৰে।সেয়ে অসম খনি বিভিন্ন দিশৰ পৰা চহকী বুলি কোৱা হয়।

No comments:

Post a Comment