প্ৰাচীন ঋষি -মুনিসকলে কৈ গৈছে -শৰীৰম্ আদ্যম , খলু ধৰ্ম সাধনম্'।
আনন্দৰ মিশ্ৰণতেই সুস্থতাৰ সাধনা উপভোগ্য আৰু ৰমণীয় হৈ উঠে।
পিয়েৰ কুৰ্তিবানে যেনেকৈ শতাব্দী কাল আগত আধুনিক অলিম্পিকৰ প্ৰতিযোগিতাৰ প্ৰৱৰ্তন কৰি এফালে খেল ধেমালিক বৈঞ্জানিক উন্নতিৰ বাটদেখুৱাইছিল। তেনেকৈ তাক কেন্দ্র কৰিয়েই বিশ্ব ভ্ৰাতৃত্ববোধ আৰু আন্তর্জাতিক মৈত্ৰীৰ পথ সুগম কৰে।
স্বাধীন ভাৰতৰ দশকলৈ ক্ৰীড়াপ্ৰেমিক প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে এছিয়া ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰি ভাৰতক আধুনিক খেল ধেমালিৰ লগত পৰিচয় কৰায়। দূৰ্ভাগ্যৰ বিষয় এইয়াই যে বৰ্তমান সময়ত এই বিষয়ত ভাৰত ক্ৰমশ পিছুৱাই গৈ আছে। চীন, কোৰিয়া, জাপান আদি প্ৰভৃতি দেশে আধুনিক ক্ৰীড়া বিজ্ঞান অনুসৰণ কৰি এছিয়াৰ সীমনা চেৰ পেলাই বিশ্ব মানচিত্রত নিজৰ স্হান দখল কৰা পৰিলক্ষিত হয়।কিন্তু ভাৰত এতিয়াও পিছপৰি আছে। হকিৰ যাদুকৰ ধ্যানচান্দৰ ভাৰত ষাঠি দশকলৈ অলিম্পিক চেম্পিয়ন হৈছিল। কিন্তু বৰ্তমান ভাৰত যদিও কিছু ক্ষেত্রত আগুৱাই আছে বৰ্তমানে বহুত ক্ষেত্রত পিছ পৰি ৰোৱা দেখা যায়।
প্ৰায় এশকোটিৰ মানুহৰ দেশৰো দলগত ক্ৰীড়াত এতিয়াও বিশ্বমানত উপনীত হ'ব পৰা নাই। যদিও এতিয়াও দুই এজনে নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। বৰ্তমান সময়ত অলিম্পিকৰ দৰে খেলত দুই এজন খেলুৱৈয়ে সফলত অৰ্জন কৰিছে।
ভাৰতবৰ্ষত ফুটবল আতাইতকৈ জনপ্ৰিয় খেল, কিন্তু ভাৰতে এতিয়াও এছীয় চেম্পিয়ন হ'ব পৰা নাই। চাফ আৰু চাৰ্ক গেমচত ভাৰতীয় ফুটবলৰ বীৰত্ব কেতিয়াবাই শেষ হৈছে। ১৯৮৩ চনত ক্রিকেট ভাৰত বিশ্ব চেম্পিয়ন হৈছিল। তাৰ পিছত ক্রিকেটতো আৰু ধাৰাবাহিকতা নাই। অৱশ্যে টি-২০ বিশ্বকাপত প্ৰথমবাৰলৈ বিশ্বকাপত বিশ্বজয় কৰাৰ আনন্দ লাভ কৰিবলৈ সক্ষম হৈছে।
ভাৰতৰ প্ৰতিভাৰ অভাব নাই। কেবল দীর্ঘম্যাদী পৰিকল্পনা আৰু উপযুক্ত সাংগঠনিক পৰিকাঠমোৰ। ক্ৰীড়া জগতৰ বহুল প্রচলিত এটা কথা হ'ল catch Them Young । শৈশৱৰ পৰাই পৰাই উপযুক্ত ক্ৰীড়া প্ৰশিক্ষণৰ ব্যবস্থা কৰা প্ৰয়োজন । NSII আৰু SAI ৰ পৰা প্ৰতি বছৰে প্ৰশিক্ষক আৰু ল'ৰা -ছোৱালীবোৰে প্ৰশিক্ষণ লৈ ওলায়। এনেকুৱা আৰু বহুতো প্ৰশিক্ষণ প্ৰতিষ্ঠান ভাৰতত আছে। ৰাজনৈতিক নেতা আৰু পুঁজিপতি ব্যৱসায়ীসকলে সৰ্বভাৰতীয় আৰু ৰাজ্যৰ ক্ৰীড়া সংগঠন পৰিচালনা কৰে। জনসংখ্যা বৃদ্ধি কৰাৰ কাৰণে ক্ৰীড়া সংগঠনৰ গুৰুত্বপূৰ্ণ পদবোৰ তেওঁলোকে বিগত বছৰ ধৰি অধিকাৰ কৰি ৰাখে। ৰাজনৈতিক কুফলবোৰে ক্ৰীড়া সংগঠনেও দুৰ্নীতি আৰু স্বজন পোষণক প্ৰশ্ৰয় দিয়ে।
বিশ্বৰ বৃহত্তম গণতান্ত্রিক দেশে ভাৰতৰ কাৰণে বিশ্বৰ ক্ৰীড়া মানচিত্রত গৌৰোৱোজ্বল স্থান অধিকাৰ কৰা অলিক কল্পনা নহয়। সুচিন্তিত পৰিকল্পনা, চৰকাৰ কৰ্তৃক প্ৰভূত অৰ্থ সংৰক্ষিত কৰা হয় আৰু দক্ষ সংগঠনৰ সাফল্য ত্বাৰান্বিত হ'ব পাৰে। দেশৰ বিভিন্ন প্ৰান্তত প্ৰকাশ পোৱা তৰুণ প্ৰতিভা সমূহ বাহিৰলৈ আহে।
The ancient sages have said -shariram adyam , khalu dharma sadhanam'
It is in the mixture of joy that the pursuit of wellness becomes enjoyable and enjoyable.
Pierre Curtiban introduced the modern Olympics centuries ago and paved the way for the scientific advancement of sports. It thus paves the way for world brotherhood and international friendship around it.
For the decade of independent India, sports-loving Prime Minister Jawaharlal Nehru introduced modern sports to India by organizing the Asian Games. Unfortunately, India is lagging behind in this regard at present. China, Korea, Japan and other countries have crossed the borders of Asia and taken their place on the world map by following modern sports science. But India is still lagging behind. Hockey magician Dhyan Chand's India became Olympic champions in the 1960s. However, although India is ahead in some areas, it is lagging behind in many areas.
The country of nearly 100 million people has yet to reach world standards in team sports. However, there are still a few who have shown their skills. Nowadays, a few athletes have achieved success in sports like the Olympics.
Football is the most popular sport in India, but India has yet to become the Asian champion. Indian football's heroism in the CAF and Circus Games is over. In 1983, Cricket India became the World Champions. Then there is no continuity in cricket. However, he has won the Twenty20 World Cup for the first time.
India does not lack talent. Only long-term planning and proper organizational framework. One of the most common sayings in sports is catch Them Young. Appropriate sports training should be provided from childhood. Trainers and children leave NSII and SAI every year with training. There are many more such training institutes in India. Political leaders and capitalist businessmen run all-India and state sports organisations. They have held important positions in sports organizations for the past year to increase the population. Political consequences also condone corruption and nepotism in sports organizations.
It is no coincidence that the world's largest democracy has occupied a proud place on the world sports map for India. Well thought out planning, huge money is saved by the government and the success of efficient organizations can be accelerated. Young talents from different parts of the country come out.








No comments:
Post a Comment