অসমীয়া সংস্কৃতিৰ বিভিন্ন প্ৰতীকসমূহ
কোনো এটা জাতিৰ বৈশিষ্টসূচক শিল্প-সাহিত্য, বিশ্বাস, সমাজনীতি, ধৰ্মীয় ৰীতি-নীতি, কৃষি, কৰ্ম্ম, শিক্ষা , চৰ্চ্চা, কলা, ৰুচি আদিৰ সমাৱেশক একেলগে সংস্কৃতি বা কৃষ্টি বুলিব পাৰি। বিভিন্ন ভাষা-ভাষী, জাতি-জনজাতিৰে গঠিত অসমীয়া সংস্কৃতিৰ পৰিসৰ অতি বিশাল।
বিভিন্ন প্ৰতীক আৰু বস্তুৱে সংস্কৃতি এটাৰ পৰিচয় বহন কৰে। অসমীয়া সংস্কৃতিৰ মাজত দেখা এনে কিছুমান সম্পদ হ'ল-
২/ জাপি : জাপি, অসমীয়া সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংগ। অসমৰ লোককলাৰ এক সুন্দৰ নিদৰ্শন জাপি, অসমীয়াৰ বাবে যেন এক গৌৰৱৰ প্ৰতীক। বিহু উৎসৱৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰ্য্যসূচীত জাপিৰ ব্যৱহাৰ আজিও প্ৰচলিত। বহু পুৰণি কালৰে পৰা অসমত জাপি ব্যৱহৃত হৈ আহিছে। মূলতঃ আগৰ দিনত ৰ'দ বৰষুণ আদিৰ পৰা ৰক্ষা পৰিবলৈকে জাপি ব্যৱহৃত হৈছিল। জাপি কেইবাপ্ৰকাৰৰো আছে, তাৰে ভিতৰত কিছুমান হ'ল বৰ জাপি, গৰখীয়া জাপি, পানী জাপি, বনুৱা জাপি, হালোৱা জাপি, সৰুদৈয়া জাপি ইত্যাদি। ইয়াৰে কিছুমান উকা আৰু কিছুমান ফুলাম। উকা বৰজাপিবোৰ সাধাৰণতে ৰ'দ বৰষুণৰ পৰা ৰক্ষা পাবলৈ কৃষক বনুৱা সকলে ব্যৱহাৰ কৰিছিল। আনহাতে ফুলাম জাপিবোৰ ব্যৱহাৰ কৰিছিল সম্ভ্ৰান্ত ঘৰৰ মানুহে। পুৰণি বিহু গীতত জাপি শব্দটোৰ প্ৰয়োগ ঘটিছিল বহুলভাৱে। আগৰ দিনত বিভিন্ন উৎসৱ পাৰ্বনতো সম্ভ্ৰান্ত ঘৰৰ মানুহে আৰু সত্ৰাধিকাৰ সকলে বৰজাপি ব্যৱহাৰ কৰিছিল। নাম প্ৰসংগ আদিত খুটা এটা পুতি তাত ফুলাম বৰজাপি এটা থৈ তাৰ তলত মাহ প্ৰসাদ এক নিয়ম আছিল। জাপি অসমত কামৰূপ ৰাজ্যৰ দিনৰ পৰা সন্মানীয় সম্পদ হিচাপে ব্যৱহাৰ হৈ আহিছে। হিউৱেন চাঙক ৰজা ভাস্কৰ বৰ্মনে হালিলি নামৰ জাপি এটা উপহাৰ দিছিল।
৩/তামোল পাণ : তামোল-পাণৰ ব্যৱহাৰ অসমীয়া সংস্কৃতিৰ এটা প্ৰধান অংগ। ইয়াৰ ব্যৱহাৰ অসমৰ ঘাইকৈ গাঁৱৰ বাসিন্দাসকলৰ বাবে এক অপৰিহাৰ্য আৰু এক সন্মানীয় বস্তু। তেওঁলোকে সাধাৰণতে ভোজনৰ পিছত তামোল-পাণ খাই মুখ শুদ্ধি কৰে। গুৰু-গোঁসাই, ভকত বৈষ্ণৱ, সন্মানীয় সকলক, বন্ধু-বান্ধৱ, মিতিৰ-কুটুমক প্ৰথমেই তামোল-পাণ আগবঢ়াই সন্মান কৰে। সকাম আদিতো তামোল-পাণ দি ঈশ্বৰক প্ৰাৰ্থনা জনায়। দোষী জনেও তামোল-পাণ আগবঢ়ায় ক্ষমা-ভিক্ষা মাগে। অসমৰ কিছুমান ঠাই বিশেষে ইয়াক ইয়াক গুৱা-পাণ বুলিও কোৱা হয়।
৪/ শৰাই : অসমীয়া লোক সংস্কৃতিৰ এক অনৱদ্য সম্পদ। ই একাধাৰে সন্মানৰ প্ৰতীক, থাপনাৰ আসন, নৈৱেদ্য-পাত্ৰ আৰু উপহাৰ তথা গৃহ-সজ্জাৰ কলাত্মক সামগ্ৰী। পিতল আৰু কাঁহ উভয়েৰে শৰাই নিৰ্মাণ কৰিলেও পিতলৰ শৰাইৰ প্ৰচলন অধিক। ৰূপ নতুবা তামেৰে সজা শৰাইৰো প্ৰচলন দেখা যায়। ঢাকনি থকা আৰু নথকা দুই ধৰণৰ শৰাই পোৱা যায়।
মধ্যযুগত সিংহাসনৰ সন্মুখত নৈৱেদ্য দিবলৈ আৰু সত্ৰাধিকাৰ সকলক সেই বিষ্ণু নৈৱেদ্য আগবঢ়াই দিবলৈ সন্মানাৰ্থে শৰাইৰ ব্যৱহাৰ কৰা হৈছিল। অসমীয়া সমাজত বৰ্ত্তমান সময়ত সামাজিক কৰ্মাদি যেনে পূজা-পাৰ্ৱন, সকাম, উৎসৱ আদিত নৈৱেদ্য বা প্ৰসাদ আদি সজাবৰ বাবে শৰাইৰ ব্যৱহাৰ বহুলভাৱে কৰা হয়। বাঁহ, বেত তথা কাঠেৰে সজা শৰাই উপহাৰ তথা গৃহ সজ্জাৰ বাবে ব্যৱহাৰ কৰা দেখা যায়। আহোম ৰাজত্ব কালত ৰজা, ডা-ডাঙৰীয়া আৰু গুৰুজনাক অসমীয়া লোকে শৰাই আগবঢ়াই সন্মান যাচিছিল। ব'হাগ বিহুৰ সময়ত হুঁচৰি গাবলৈ অহা ৰাইজক ফুলাম গামোচা এখনেৰে তামোল-পান সহ টকা এটি শৰাইত আগবঢ়োৱাটো পুণ্যৰ কাম হিচাপে গণ্য কৰা হয়।
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°








No comments:
Post a Comment